আপোনাৰ ব্যৱহাৰেই
আপোনাৰ পৰিচয় ।
ভতিজাটোৰ বাবে T shirt এটা লওঁ বুলি চিনাকি দোকানখনলৈ সোমাই গ'লো । দোকানী জন বৰ মিঠা মুখৰ । দেখিয়েই একেবাৰে মাটিত থ'ম নে মূৰত থ'ম লগালে । টুল এখন আথেবেথে আগবঢ়াই দি ক'লে - "বহক বাইদেউ ।" মই ক'লো - "নাই , নালাগে হ'ব ।" দোকানীয়ে একেই আগ্ৰহেৰে টুলখন হাতেৰে মচি
দি ক'লে - "একো নহয়, বহি লওঁক ।" ইমান আগ্ৰহ কৰাৰ পাছত না কেনেকৈনো কৰো ? বহিলো । মই বহাৰ পাছত ক'লে - "কওঁক বাইদেউ, কি দিম ?" মই ক'লো - "১০
বছৰীয়া ল'ৰাৰ বাবে T shirt এটা লাগিছিল । পামনে ?" ক'লে - "অ', অ' আছে, আছে ।" কৈয়েই মোক লগা T shirt বিচাৰি দিলে এটা । মই কেইটামান দেখোৱাবলৈ ক'লো । দোকানীয়ে পলম নকৰিলে । এটাৰ পিছত এটা T shirt উলিয়াই দেখুৱালে । মই বাচি বাচি নিৰ্দিষ্ট এটা ল'ম বুলি দেখুৱালো । T shirt টোত ওলমি থকা কাৰ্ডখনত দামটো ওলমিয়েই
আছিল, তথাপি সুধিলো - "দাম ?" দোকানী - "বাইদেউ, এইটোৰ দাম ৫২৫ টকা । আপুনি ৫০০ টকা দিব, আপোনাৰ পৰানো আৰু কি বেছি ল'ম । আপুনি আমাৰ নিয়মীয়া গ্ৰাহক ।" মই - ''৫০০ টকা বেছি হ'ল দেখোন । ৪৫০ টকা দিম ।" দোকানীয়ে প্ৰথমে নাই বাইদেউ, বহুত কম হয় বুলি থেনথেনালে । মই ক'লো - "পাৰে যদি দিয়ক । মই আপুনি পৰা দামকেই কৈছো ।" দোকানীয়ে অলপ গহীনাই ক'লে - "হ'ব দিয়ক, আপুনি আহিয়েই থাকে । আপোনাক বুলি দিলো আৰু ।" সেইটো এজনক
পেকেটত ভৰাবলৈ কৈ মোৰ ফালে চাই ক'লে - "বাইদেউ, আপোনাৰ বাবে ধুনীয়া কুৰ্তি ৰাখি থৈছো ।" কৈ ৰৈ নাথাকিল
দোকানীজন । ছেল্ফ খুচৰি পেকেট এটা উলিয়াই আনিলেই ।
মই ক'লো - "নাই নালাগে । মোৰ বাবে পিছে পৰে কেতিয়াবা ল'ম । আজিকালি আপোনালোকে ladies itemsও ৰখা কৰিছে নেকি?" দোকানীয়ে মোৰ কথা শেষেই হ'বলৈ নিদিলে, ক'লে - "অ' ৰখা কৰিছোঁ । এবাৰ চাওঁকনা । আপোনাৰ বাবেই ৰাখিছো । আপোনাক ধুনীয়া শুৱাব
।" কথাখিনি কৈ কৈ দোকানীয়ে মোৰ
আগত কুৰ্তিটো মেলি ধৰিলে । মেলি ধৰিলে যেতিয়া নাচাইতো আৰু নোৱাৰি । চালো । সঁচাই ধুনীয়া । নীলা ৰঙৰ কুৰ্তিটোৰ
বৰ্ডাৰটোত বগা ৰঙেৰে বোলোৱা, তলত ধুনীয়া বগা পাৰি । ভাল লাগিল যদিও গুৰুত্ব দিয়া যেন নেদেখুৱাই, ক'লো - "আজি থাকক দিয়ক ।" দোকানীও নাচোৰবান্দা । নেৰিলে, ক'লে - "আৰে, বাইদেউ । চাওঁকনা, আপোনাক সঁচাই ভাল লাগিব । এইবাৰ লৈ যাওঁক, আপুনি কুৰ্তি বিচাৰি আকৌ আহিব" (মই এইখন দোকানলৈ T shirt ল'বলৈকে আহো)। ধুনীয়া সাজ দেখিলে লোভ লাগেই । কাপোৰ সাজ হাতত লৈ লিৰিকি বিদাৰি
চালো । তাৰ পাছত তাৰেই আন কিছুমান সাজ চাবলৈ বিচাৰিলো ।
দোকানীয়েও পলম নকৰিলে বিভিন্ন ৰঙৰ কুৰ্তি আনি মোৰ আগত মেলি ধৰিলে । কেইবাটাও চালো যদিও দোকানীয়ে দেখুওৱা প্ৰথমটোৱেই ভাল লাগিল । নোসোধো বুলিও সুধিলো - দাম কিমান ? কুৰ্তিটোত উলমি থকা দামটো দেখুৱাই দোকানীয়ে ক'লে - "চাওঁক বাইদেউ, এইটোৰ দাম ৭০০ টকা । আপুনি ৬৫০ টকা দিব যাওঁক ।" দাম শুনি ক'লো - "বাপৰে ! ইমান দাম ? হ'ব নালাগে, আজি থাকক । ল'ৰাটোৰ কাপোৰটোকে দিয়ক ।" "বাইদেউ, আপুনি লৈ যাওঁকনা, ইমান ভাল লাগিব নহয় আপোনাক । মই ক'লোতো আপোনাক, আপোনাৰ গাৰ ৰঙৰ সৈতে ৰঙটো ধুনীয়া শুৱাব" - দোকানীয়ে প্ৰায় অনুনয় বিনয় কৰা দি
কৰিলে । মই অলপ নিৰ্লিপ্ততা দেখুৱাই ক'লো - "ইমানকে কৈছে যেতিয়া ল'ম, কিন্তু মই ৫০০ টকাহে দিম ।" "নহয় বাইদেউ, আপোনাক বেছি কোৱা নাইতো" -
দোকানীয়েও কথাত অলপ আবেগ সানিলে ।
"নোৱাৰে যদি নালাগে । মোক ল'ৰাটোৰ কাপোৰকে দিয়ক", এইবুলি কৈ টকা উলিয়াবলৈ বেগৰ চেইনটো খুলিলো । দোকানীয়ে তাত কাম কৰা ল'ৰাটোলৈ চাই ক'লে - "ঐ দে বাইদেউক কুৰ্তিটো পেকেটত একেলগে
ভৰাই দে ।" মই দুটা ৫০০ টকা উলিয়াই আগবঢ়াই দিলো । দোকানীয়ে টকাকেইটা লৈ সেৱা এটা কৰি ড্ৰয়াৰত ভৰাই তাৰ পৰা চকচকীয়া ৫০ টকা এটা উলিয়াই মোলৈ আগবঢ়াই
দি মিঠা হাঁহি চকুৱে মুখে সানি ক'লে - "ভাল বাইদেউ, আকৌ আহিব ।" ৫০ টকাটো বেগত ভৰাই
কাপোৰৰ পেকেটটো হাতত লৈ ওঁঠত হাঁহি ওলোমাই
"বাৰু" বুলি কৈ দোকানৰ পৰা সন্তোষেৰে ওলাই বাটত খোজ দিলো ।
মই ইমানবোৰ বকলা মেলাৰ কাৰণ নথকা নহয় । মিঠা কথা মিঠা ব্যৱহাৰ সকলোৱে বিচাৰে । ব্যৱসায়ত মিঠা কথা আৰু মিঠা ব্যৱহাৰৰ লগতে নিজা বিচাৰ বুদ্ধিও লাগে । আজি দোকান খনৰ পৰা ওলাই এই কথাখিনি বাৰুকৈয়ে উপলব্ধি কৰিলো । মই মাত্ৰ ভতিজাটোৰ বাবে কাপোৰ ল'বলৈ আহিছিলো । কিন্তু দোকানীজনৰ মিঠা ব্যৱহাৰে মোক মোৰ কাপোৰ ল'বলৈকো প্ৰায় বাধ্য কৰিলে । কেতিয়াবা কিছুমান দোকানত সোমাবলৈকে মন নাযায়, একমাত্ৰ দোকানীৰ ব্যৱহাৰৰ বাবে । বস্তু ল'বলৈ গৈ দোকানীৰ ব্যৱহাৰৰ বাবেই কেতিয়াবা বস্তু নোলোৱাকৈ ওলাই অহাৰ দৰে ঘটনা নঘটাকৈ নাথাকে । গ্ৰাহক আৰু বিক্ৰেতাৰ উভয়ৰে ব্যৱহাৰ উচিত হ'লে গ্ৰাহক আৰু বিক্ৰেতা দুয়োপক্ষই লাভান্বিত হয় । অৱশ্যে আজিকালি on line ব্যৱস্থাই গ্ৰাহক আৰু বিক্ৰেতাৰ মাজৰ দূৰত্ব ক্ৰমে বঢ়াই তুলিছে ।
মই ইমানবোৰ বকলা মেলাৰ কাৰণ নথকা নহয় । মিঠা কথা মিঠা ব্যৱহাৰ সকলোৱে বিচাৰে । ব্যৱসায়ত মিঠা কথা আৰু মিঠা ব্যৱহাৰৰ লগতে নিজা বিচাৰ বুদ্ধিও লাগে । আজি দোকান খনৰ পৰা ওলাই এই কথাখিনি বাৰুকৈয়ে উপলব্ধি কৰিলো । মই মাত্ৰ ভতিজাটোৰ বাবে কাপোৰ ল'বলৈ আহিছিলো । কিন্তু দোকানীজনৰ মিঠা ব্যৱহাৰে মোক মোৰ কাপোৰ ল'বলৈকো প্ৰায় বাধ্য কৰিলে । কেতিয়াবা কিছুমান দোকানত সোমাবলৈকে মন নাযায়, একমাত্ৰ দোকানীৰ ব্যৱহাৰৰ বাবে । বস্তু ল'বলৈ গৈ দোকানীৰ ব্যৱহাৰৰ বাবেই কেতিয়াবা বস্তু নোলোৱাকৈ ওলাই অহাৰ দৰে ঘটনা নঘটাকৈ নাথাকে । গ্ৰাহক আৰু বিক্ৰেতাৰ উভয়ৰে ব্যৱহাৰ উচিত হ'লে গ্ৰাহক আৰু বিক্ৰেতা দুয়োপক্ষই লাভান্বিত হয় । অৱশ্যে আজিকালি on line ব্যৱস্থাই গ্ৰাহক আৰু বিক্ৰেতাৰ মাজৰ দূৰত্ব ক্ৰমে বঢ়াই তুলিছে ।
কবি:-
ණ সাৰদা শ্ৰেষ্ঠ ।
No comments:
Post a Comment