Saturday, 27 May 2017

ৰূপোৱালী মেঘৰ ছায়া:মে,২০১৭ খণ্ড-১৭ණ মৌচুমী বৰি



ৰূপোৱালী মেঘৰ ছায়া:মে,২০১৭
খণ্ড-১৭
দ্বিতীয়বৰ্ষৰ ফাইনেল পৰীক্ষা শেষ হল৷পিছদিনা ঘৰলৈ যাম৷
ঘৰলৈ আহিলে মা-দেউতাৰ সুখী মুখ দুখনে মোক আনন্দিত কৰে লগতে ভন্টী আৰু ভাইটি দুটাৰ স্ফূৰ্তিৰ সীমা নাথাকে৷ মোৰ যমজ ভাই দুটাই প্ৰাপ্তি বা, জানানে আজি”, “প্ৰাপ্তি বা, জানানে কালিবুলি কথা কৈ তত নাপায়৷মায়ে মই ভাল পোৱা ধৰণে ৰান্ধি খুৱায়েই ব্যস্ত থাকে, হোষ্টেলৰ খাদ্য খাই ছোৱালীজনী খীনাই গৈছে বুলি দুখ কৰি থাকে৷মোৰ ঘৰত থকা দিনকেইটা ৰাজসুখত পাৰ হয়৷ সেইকেইদিনতে মই পুৰণি বান্ধৱীসকলক লগ কৰোঁ, মাহী,বৰমাহঁতৰ ঘৰলৈ ফুৰিবলৈ যাওঁ, আইতাহঁতৰ ঘৰতো দুদিনমান থাকি আহোঁগৈ৷ওচৰ-চুবুৰীয়া খুৰীহঁতে মোক দেখা পালে উচ্ছাসিত হৈ পৰে আৰু যেতিয়াই মই ঘৰলৈ আহোঁ তেতিয়াইসোধা পুৰণি প্ৰশ্নটোকে পুনৰ সোধে ---কিমান দিনৰ বাবে আহিছা?কেতিয়া যাবাগৈ?”
মা-দেউতা, ভনী-ভাইহঁতৰ পৰা দূৰত থকা মোৰ বাবে ঘৰত থকা সেইকেইদিনৰ প্ৰতিটো পল আপুৰুগীয়া যেন লাগে৷প্ৰতিটো ক্ষণ মই উপভোগ কৰিবলৈ যত্ন কৰোঁ৷ভন্টী-ভাইটিহঁতৰ পঢ়া-শুনা চাই দিওঁ আৰু সিহঁতক পঢ়িবলৈ উৎসাহিত কৰোঁ৷মা-দেউতাৰ লগত ঘৰৰ ডাঙৰ হিচাপে ঘৰুৱা আলোচনাত ভাগ লওঁ৷ঘৰৰ পুৰণি এলবাম চাই, নিজৰ পুৰণি ফাইল খুচৰি নষ্টালজিক হৈ পৰোঁ৷
হোষ্টেললৈ উভতি যাবলৈ আৰু এসপ্তাহ বাকী থাকোঁতে মোলৈ ৰূমমেট জেৰিনাৰ পৰা ফোন আহিল
:
প্ৰাপ্তি, ৰিজাল্ট ওলাল ৷কংগ্ৰেছুলেশ্যন! তই এ.চি (অল ক্লিয়েৰ) হৈছ
মই মেছিনত বেক পাম বুলি ভাবিছিলোঁ কাৰণ মোৰ সেইটো বিষয়ৰ পৰীক্ষা বৰ বেয়া হৈছিল পিছে গোটেইকেইটা বিষয়তে পাছ কৰাৰ বাবে ফূৰ্তিতে ফোনটো হাতত লৈয়েই দুজাপ মান মাৰিলোঁ৷
:
প্ৰাপ্তি বেয়া খবৰ এটা আছে জেৰিনাৰ মাতত দুখৰ আভাস ফুটি উঠা অনুভৱ কৰিলোঁ মই৷
:
কি বেয়া খবৰ, জেৰিনা? – মই কপাল থুপাই সুধিলোঁ
:
নীহাৰিকা আৰু প্ৰিয়মৰ ৰিজাল্ট বেয়া হল৷ সিঁহত দুজনীয়ে পাছ নকৰিলে জাননে!
:
কি ??
মোৰ বুকুখন ঢপঢপাই উঠিল৷নীহাৰিকাই সিদিনা আত্মহত্যাৰ কথা কৈছিল৷ৰিজাল্ট পাই তাই এনেকুৱা এটা কাম নকৰেতো?নীহাৰিকাৰ বাবে অস্থিৰ অনুভৱ কৰিলোঁ মই৷মোৰ অস্থিৰ মুখখন দেখা পাই মায়ে কিবা অঘটন ঘটিল বুলি ভাবি মোক কি হল সুধিলে৷ মই সকলোবোৰ কথা মাক ভাঙি পাতি কলোঁ আৰু নীহাৰিকা আৰু প্ৰিয়মৰ বাবে দুটোপাল চকুলো ওলাই আহিল৷
নিজৰ ফলাফলতকৈ নীহাৰিকাৰ চিন্তাত মোৰ ৰাতি টোপনি নাহিল৷ ইকাটি সিকাটি কৰি ৰাতিটো পাৰ কৰিলোঁ মই৷
অৱশেষত হোষ্টেললৈ যোৱা দিনটো আহিল৷বাছত উঠাই মা-দেউতা ভাইটি-ভনীহঁতে বিদায় দিলে মোক৷বাছত উঠি বিদায় দিবলৈ ৰৈ থকা মাৰ দুচকুত পানী দেখিলোঁ মই৷পৃথিৱীৰ সকলো মায়েই কিজানি এনেকুৱা, মমতাৰ প্ৰতিমূৰ্ত্তি৷সন্তানৰ বাবে চেনেহ-আৱেগত চকুলো তিয়াই৷
০০০০০০০০০০০০০০০০
এখন বিধ্বস্ত মুখ লৈ নীহাৰিকা হোষ্টেললৈ উভতি আহিল৷মই যেতিয়া নীহাৰিকাৰ খবৰ লবলৈ তাইৰ কোঠা পালোঁগৈ নীহাৰিকাই মোক সাৱটি ধৰি খুব কান্দিলে৷মোৰো চকুপানী ওলাল৷
:
মৰি মৰি জীয়াই থকাৰ সিদ্ধান্ত লৈ মই উভতি আহিলোঁ প্ৰাপ্তি৷
:
তেনেকৈ কিয় কৈছা? তুমি নিজৰ বিৰুদ্ধে যুঁজিব লাগিব নীহাৰিকা৷তোমাৰ এই বিফলতাক প্ৰত্যাহবান হিচাপে লব লাগিব৷
:
প্ৰাপ্তি,সকলোৰে আগত লাজত মুখ উলিয়াব নোৱাৰা অৱস্থা হৈছে মোৰ৷ভিতৰি ভিতৰি মই মানুহজনী মৰি গৈছো অপ্ৰাপ্তি৷জুনিয়ৰখিনিৰ লগত কেনেকৈ যে ক্লাছ কৰিম৷সকলোৱে হাঁহিব মোক৷
:
তেনেকৈ নাভাবিবা, তেনেকৈ ভাবিলে তুমি আগবাঢ়িবই নোৱাৰিবা৷নতুন উদ্যমেৰে আগবাঢ়িব লাগিব তুমি৷সাহসী হব লাগিব৷
:
প্ৰাপ্তি, তুমি মোক চাপৰ্ট দি থাকিবা,নহলে যে মই কি হৈ যাম সপোনতো ভাবিব নোৱাৰোঁ৷
: অস: নীহাৰিকা,মনৰ পৰা সকলো নিগেটিভ কথা আঁতৰাই পেলোৱা৷পাৰিম বুলি ভাবা৷মানুহে যদি এভাৰেষ্ট শৃংগ জয় কৰিব পাৰে, চন্দ্ৰত ভৰি থব পাৰে তুমি ইঞ্জিনীয়াৰিং পাছ কৰিব নোৱাৰিবানে?মানুহে কৰিব নোৱাৰা কাম একো নাই, সকলোবোৰ মনৰ শক্তিৰ ওপৰত নিৰ্ভৰ কৰে৷
নীহাৰিকাক কথাবোৰ কৈ মোৰ নিজকে মহান দাৰ্শনিকৰ দৰে অনুভৱ হল৷তেনেতে দুৱাৰ খুলি প্ৰিয়ম সোমাই আহিল৷
প্ৰিয়মৰ মুখতো দুখৰ চাপ স্পষ্ট কিন্তু তাই নীহাৰিকাৰ দৰে ভাগি পৰা নাই৷এটা দীঘল হুমুনিয়াহ পেলাই প্ৰিয়ম নীহাৰিকাৰ কাষত বহি পৰিল আৰু মোৰ ফালে চাই লে ----
:
মই আচলতে এই বছৰটো ভালকৈ পঢ়াই নাছিলোঁ, পিছে ফেইল হম বুলি ভবা নাছিলো প্ৰাপ্তি৷নিজৰ গাতে দোষ, কি কম আৰু!নীহাৰিকা তই চিন্তা নকৰিবি, আমি দুজনী কম্বাইন ষ্টাডি কৰিম৷এতিয়া আমি ইজনীয়ে সিজনীৰ বাবে শক্তি ব লাগিব বুজিছ৷ ধৰি লতই মোৰ বাবে আৰু মই তোৰ বাবে থাকি গলো৷
প্ৰিয়মৰ কথাই মোক আচৰিত কৰি তোলাই নহয় নীহাৰিকাৰ হৈ প্ৰিয়মৰ প্ৰতি কৃতজ্ঞতাত গদ গদ হৈ পৰিলোঁ মই ৷এৰা, পৃথিৱীত আজিও মানৱীয়তা, বন্ধুত্ব, স্নেহ, মমতা আদিবোৰ বৰ্তি আছে আৰু এইবোৰ আছে বাবেই পৃথিৱীখন আজিও ধুনীয়া হৈ আছে ৷ এনেবোৰ কাৰণতে মোৰ হোষ্টেল জীৱন ভাল লাগে৷নীহাৰিকা আৰু প্ৰিয়ম মোৰ মৰমৰ বান্ধৱী৷ তেজৰ সম্পৰ্কৰ দৰেই অথবা তেজৰ সম্পৰ্কতকৈও যেন উৰ্ধত এই বন্ধুত্বৰ এনাজৰী, নহলেনো নীহাৰিকাৰ বাবে মই বিনীদ্ৰ ৰজনী কটাওঁনে, প্ৰিয়মে নিজৰ বিফলতাতো হতাশ নহয় বৰঞ্চ বিফলতাৰ মুখামুখি হোৱা আন এগৰাকী বান্ধৱীৰ বাবে প্ৰেৰণাৰ উৎস হবলৈ ইচ্ছা কৰেনে!
মই প্ৰিয়মৰ দুয়োখন হাত নিজৰ হাতৰ মাজত মৰমেৰে ৰাখি প্ৰিয়মৰ চকুলৈ চাই কলো---
:
আমাৰ নি:স্বাৰ্থ বন্ধুত্বৰ বাবে আজি মই খুব সুখী আৰু গৌৰৱ অনুভৱ কৰিছো প্ৰিয়ম৷
সজল চকুৰে প্ৰিয়মে মূৰ দুপিয়ালে আৰু কলে—“মইও…”
মই যেতিয়া হাইস্কুলত আছিলোঁ দুজনী ছোৱালীয়ে ফেইল কৰি কৰি এটা শ্ৰেণীতে কেইবাবছৰো পঢ়িছিল৷সিহঁত দুজনীয়ে নজনাকৈ বহুতে দুইজনীক গাধাবুলি কৈ হাঁহিছিল৷মইও ভাবিছিলোঁ পঢ়া-শুনা নকৰা বেয়া ছোৱালী সিহঁত৷কিন্তু এতিয়া মই উপলব্ধি কৰোঁ পৰীক্ষাত অসফলতাৰ আঁৰত বহুতো কাৰক থাকিব পাৰে --কাৰোবাৰ পঢ়া কৰ্ছটোৰ ওপৰত থকা সীমাবদ্ধতা, কাৰোবাৰ পঢ়াৰ প্ৰতি অৱহেলা, কাৰোবাৰ আৰ্থিক দুৰৱস্থা ইত্যাদি ইত্যাদি৷সেয়ে কাকো হাঁহিব নাপায়৷জীৱনে কোন সময়ত কালৈ সৌভাগ্যৰ দুৱাৰ খুলি দিয়ে সেই কথা কোনেও নাজানে৷ (আগলৈ)
কবি:-
মৌচুমী বৰি

No comments:

Post a Comment