Saturday, 20 May 2017

চিলা




চিলা

----

কেতিয়াবা চিলাখন
বিশৃংখল ঢৌ এটা হৈ
দুলি থাকে বতাহত……
বতাহৰে বন্ধুত্ব ক্ষণিক চিলাৰ৷
ৰঙীণ চিলাখনৰ দেওধনি উঠে
বতাহে আঁৰলৈ হাঁহে৷
এটি দুটিকৈ পলবোৰ
বালিৰ ঘড়ীয়ে খহাই নিয়ে
চিলাৰ ধৰফৰণিত
কোঢ়াল বাঢ়ে৷
কেতিয়াবা জয়ৰ উল্লাস৷
কেতিয়াবা বিষাদ৷
:- ইন্দিৰা গোস্বামী
নলবাৰী

No comments:

Post a Comment