Wednesday, 17 May 2017

সম্ভাৱনা



সম্ভাৱনা
=============
সম্ভাৱনা -
এটি প্রস্তাব
অভিব্যক্তিৰ অনুশীলনও হব পাৰে
ডোখৰীয়া হলেও এটি ছবি
আধৰুৱা লিপিতো লিপিট খাই থাকে
অনন্তৰ কুহেলিকা
মন্থনৰ পৰা সৃষ্টিৰ উন্মেষ
অমৃতকুম্ভ নাইবা গৰল
আখৰা নৰখে
অভীপ্সাৰ নপৰে ওৰ
উপলখণ্ডৰ উপৰেদি
নৃত্যশীলা নিজৰাই
ৰামধেনুক বুকুত আকোৱালে
খন্তেকীয়া তাৎপর্য
নে চিৰকালীন বিভ্রম
সময়ৰ বিচাৰসভাত
বাদী শব্দৰ যোজনা
- জ্যোতিষ

No comments:

Post a Comment