অহিংসা ৰ বাবে
কিছু সময় বিচাৰিছোঁ--
কাৰোৱেই অন্যায়
চিন্তা নকৰাকৈ জীৱন যাপন কৰাতো বৰ্তমান সময়ৰ কঠিনতকৈও কঠিন কাম।আপুনি কাৰোৱেই অন্যায় কৰা নাই,কিন্তু আপোনাৰ সৎ কৰ্ম ও কাৰোৱাৰ বাবে হৈ পৰিব পাৰে প্ৰতিদ্বন্দ্বিতাৰ বিষয় বা হিংসাৰ বিষয়।আনক
অনুকৰণ কৰা আৰু আনক নকল কৰা দুয়োটায়েই হ'ল বেলেগ বেলেগ বিষয়।
পৃথিৱীখন এখন খেলপথাৰ।আমি প্ৰতিজনে এই ধৰালৈ খেলিব
আহিছোঁ,কেতিয়াবা গোল দিছোঁ আৰু গোল খাইছোঁ ।আমি আমাৰ লক্ষ্যত কেতিয়াবা ব্যৰ্থ
হৈছোঁ,পুনৰ প্ৰয়াস কৰিছোঁ,কেতিয়াবা আমি
পলায়নো কৰিছোঁ ।এইয়াই জীৱন ।জীৱনৰ সংগ্ৰাম।
আমাৰ ২৪ ঘণ্টীয়া
প্ৰতিটো দিনৰ ৮ ঘণ্টা শুই,৮ ঘণ্টা চাকৰিত বা কৰ্মক্ষেত্ৰত আৰু বাকী ৮ ঘণ্টা কোনো অনিশ্চিত কাৰ্যত
সময় ব্যতিত কৰোঁ ।এইয়াই আমাৰ ২৪ ঘণ্টা ,এটা এটা দিন।এইয়াই মানৱ জীৱন।৬০ বছৰীয়া জীৱন কালৰ প্ৰায় -১,৭৫,৪৪০ ঘণ্টা বা--৭৩১০ দিন বা ২০ বছৰ আমি শুই কটাও।বাকী থাকিল ৪০ বছৰ।সেই ৪০ বছৰৰ ২০ বছৰ শৈশৱ,কৈশোৰ আৰু বিদ্যা আহৰণতেই শেষ হয়।বাকী থাকে মাত্ৰ ২০ বছৰ।সেই ২০ বছৰটোয়েই হ'ল আমাৰ জীৱনৰ মাৰ্মিক বছৰ।তাৰেই আমি পৰিচিত হওঁ--সৎ,অসৎ,মহান ,সাধু,দুৰ্জন বুলি।এই ২০ বছৰটোৰ ২ বছৰ আপোন
পেটৰ বাবে যুদ্ধ,২ বছৰ সমাজৰ বাবে,৩ বছৰ পৰচৰ্চা ,অভিমান আদিৰে আৰু বাকী যিখিনি সময় পাওঁ,সেই সময়ৰ আটাইতকৈ
ক'ম সময়হে আমি সৎ কৰ্ম , সাহিত্য চৰ্চা,উৎসৱ অনুষ্ঠানত ব্যতিত কৰোঁ।আপোনালোকে নিজেই বিশ্লেষণ কৰি চাব চোন হয়নে নহয়।সেয়ে আপোনালোকৰ ওচৰত ব্যক্ত কৰিব বিচাৰিছোঁ
যে আমাৰ এই মানৱ জীৱণটো উৎযাপনৰ।আনন্দৰ।আমি
কেইদিনমানৰ আলহী এই ধৰাৰ।থকাৰ দিন কেইটা আমি কিয় আন ৰ বাবে অলপ উপকাৰ কৰিব নোৱাৰোঁ,কিয় আমি অহিংসাৰে জীৱন যাপন কৰিব নোৱাৰোঁ ।এদিন আমি সকলো যামগৈ।মাত্ৰ আমাৰ যশস্যা ৰৈ যাব এই ধৰাত।
সেয়ে ভাৱো---
কাৰো প্ৰতিয়েই একো
বেয়া ভাব নলও,যি কৰে কৰক।মোক কোনোৱেই যদি হিংসা কৰে কৰক।মোৰ কি লোকচান।খোজ কঢ়া মানুহৰ ভাগৰ
নে দৌৰাৰ।
আহক আমি সকলোৱে মিলিজুলি আগত দিন বিলাক যাপন কৰোঁ।
আহক আমি সকলোৱে মিলিজুলি আগত দিন বিলাক যাপন কৰোঁ।
সকলোৰে দিনটো শুভ
হওক।মানৱ জাতিৰ জয় হওক।অহিংসাৰ জয় হওক।
:-দিবাকৰ ৰেণু
No comments:
Post a Comment