Sunday, 21 May 2017

কেনভাছ্



@ কেনভাছ্@
.
ৰংবোৰেৰে খেলি থাকোতেই
উকা হৃদয়খনত
অংকিত হৈছিল
এটি প্ৰতিচ্ছবি
সাজি উলিয়াইছিলোঁ
এখন আটোম-টোকাৰীকৈ কেনভাছ..
.
লাজৰ ফ্ৰেমেৰে
স্নেহৰ আৱৰণেৰে
গোপনে গোপনে
কাঁচি জোনৰ দৰেই
আঁৰি থৈছিলোঁ দুচকুত....
.
যিদিনাই তেওঁ
স্পৰ্শ কৰিছিল মোৰ কপাল
ডাৱৰবোৰ ফালি
উজ্জ্বলি উঠিছিল
নিশাৰ পূৰ্ণ জোন...
.
নাজানিলে তেওঁ
নেদেখিলেও কাহানিও
তৃষ্ণাতুৰ হৃদয়ৰ
প্ৰান্তীয় কেনভাছ...
ডুলুমণি ৰয়

No comments:

Post a Comment