Tuesday, 16 May 2017

চানেকি : সাতসৰী, মে, ২০১৭



চানেকি : সাতসৰী, মে, ২০১৭
সাতসৰীআলোচনীৰ কবিতাৰ সমালোচনা
সমালোচক- অনিতা গগৈ
সদস্য, আখৰুৱা: literati
°°°°°°°°°°°°°°°°°°°°°°°°°°°
আখৰুৱাৰ মে', ২০১৭ সংখ্যাৰ চানেকি শিতান :
কবিতাৰ পৰ্যালোচনা
উৎসঃ 'সাতসৰী' কবিতা শিতান
.
‘‘
ছপা মাধ্যমৰ অসমীয়া কবিতাৰ সাম্প্ৰতিক ধাৰা বা চৰ্চাৰ সৈতে গোটৰ সদস্যসকলক চিনাকি কৰি দিয়া বা আভাস দিয়াৰ উদ্দেশ্যে এই শিতানটো আগবঢ়োৱা হয়। ফেচবুকৰ বা আখৰুৱাৰ নতুন কবিসকলে যাতে কিছুসংখ্যক উন্নত মানৰ কবিতা পঢ়িবলৈ পায় আৰু তাৰ আলোচনাৰ জৰিয়তে কবিতাৰ সৈতে প্ৰকৃত অৰ্থত পৰিচিত হ'ব পাৰে- তালৈ লক্ষ্য ৰাখি শিতানটোৰ দিহা কৰা হৈছে৷ অৱশ্যে এই কাম উজু নহয়। তথাপি এতিয়ালৈ আমি যিখিনি কৰিব পাৰিছোঁ, সেয়া এক যোগাত্মক দিশ বুলি বিবেচনা কৰিব পাৰি। কাৰণ, দেখা যায় যে ফেচবুকত বা আখৰুৱাত বহুতে কেৱল লিখিহে যায়, পঢ়াৰ বেলিকা সমূলি উদাসীন। গতিকে এই শিতানে আন নহ'লেও সাম্প্ৰতিক ধাৰাৰ কাব্যৰ বিষয়ে সদস্যসকলক জনাৰ সুযোগ দিয়ে।‘’ আখৰুৱা গোটৰ নিয়মীয়া শিতান চানেকি উদ্দেশ্য সন্দৰ্ভত উল্লেখিত এই কথাখিনিয়ে আমাক উক্ত শিতানটিৰ প্রয়োজনীয়তা তথা পৃষ্ঠপোষকতা সম্পৰ্কে এক পৰিস্কাৰ ধাৰণা দিয়ে। কবি আৰু কবিতাৰ শুভকামনাৰে এচাম ৰুচিবোধসম্পন্ন পাঠক সৃষ্টিৰে কবিতাক জনমুখী কৰাৰ সদিচ্ছাজনিত এই শিতান মূলতঃ পাঠকৰ শিতান । এই আন্তৰিক প্রচেষ্টাৰ নিহিত সততা তথা মহানুভৱতাৰ প্রতি সন্মান জনাই নিতান্তই এজন পাঠকৰ দৃষ্টিৰে চলিত মাহৰ চানেকি শিতানৰ আলোচনাৰ বাবে লৈছোঁ ___
.
মে২০১৭ৰ সাতসৰী আলোচনীৰ কবিতা শিতানত প্রকাশিত এটি কবিতা ---
বাঁহপাত জ্বলাই দিওঁতে
কবি: বিৰিঞ্চি ৰাভা
--------------------------
বাঁহনিৰ বাঁহপাতবোৰ জ্বলাই দি থাকোঁতে
জুইত পোৰা গ
বাঁহৰ মূঢ়াত লুকাই থকা
এটা
খহুলা ভেকুলী আৰু এডাল মৰা মণিকঢ়া সাপ
জুইত
পোৰা গৈ গৈ টান হৈ পৰিল
বাঁহনি মাজৰ
এটা
ঘোঁৰামূৱা উঁইহাফলু
বাঁহনিৰ পৰা ঘূৰি ঘূৰি উৰি গ
এজাক
টেকেলি বৰল
যিজাক বৰলে বাঁহনি তললৈ গলেই
মোক
খেদি ফুৰিছিল
বতাহত
ভাহি আহি মোৰ নাকে মুখে সোমাল
পোৰা বাঁহপাতৰ গোন্ধ
পোৰা ভেকুলীৰ গোন্ধ আৰু পোৰা মণিকঢ়া সাপৰ গোন্ধ
বাঁহনিৰ বাঁহপাতবোৰ জ্বলাই দি দি পিছুৱাই গৈ থাকোঁতে
হঠাৎ এটা
দ খাৱৈত পৰি চিঞৰি উঠিলোঁ
.
-----------------------------------------
‘‘ বাঁহপাতবোৰ জ্বলাই দিওঁতে’’-- কবিতাটিৰ ভাৱব্যঞ্জক শিৰোনামে আমাৰ মনলৈ কঢ়িয়াই আনে দিনতে ঘোপ মৰা অন্ধকাৰ গেজেপনি বাঁহনি এখনৰ ছবি । তলসৰা বাঁহপাতৰ স্তুপীকৃত আৱৰ্জনা নিকা কৰিবৰ বাবে সেইবোৰ জ্বলাই দিয়াটো গ্রাম্যাঞ্চলত সততে দৃষ্টিগোচৰ হোৱা এক সাধাৰণ দৃশ্য । কিন্তু দেখাত তেনেই সাধাৰণ যেন লগা এনে অনেক কাৰ্যৰে দৈনন্দিন আমি নিজৰ অজ্ঞাতে নিজৰে অহিতসাধন কৰি অহাৰ উপৰিও পাৰিপাৰ্শ্বিক ভাৰসাম্য বিনষ্ট হোৱাৰ ক্ষেত্রতো যোগাই আহিছোঁ ইন্ধন । পৰিণতিত ভোগ কৰিব লগা হৈছে গ্লবেল ৱাৰ্মিঙৰ দৰে পৰিবেশতন্ত্রৰ ভাৰসাম্যহীনতাৰ ভয়াবহ কুফলসমূহ । পৰিণতিত প্রাকৃতিক পৰিবেশৰ লগতে জৈৱ বৈচ্যিত্রৰ প্রতিও আহি পৰিছে চৰম ভাবুকি । এনে ভাবাৰ্থ বহণ কৰা কবিতাটিৰ প্রথম স্তৱকটো --
‘‘বাঁহনিৰ বাঁহপাতবোৰ জ্বলাই দি থাকোঁতে
জুইত পোৰা গ
বাঁহৰ মূঢ়াত লুকাই থকা
এটা
খহুলা ভেকুলী আৰু এডাল মৰা মণিকঢ়া সাপ ’’
অনৰ্থক মেদবহুল ভাষা , প্রতীকবাদী শৈলীৰ ধুসৰ অস্পষ্টতাৰ পৰিবৰ্তে কবি বিৰিঞ্চি ৰাভাৰ এই কবিতাত লক্ষণীয়ভাৱে প্রতিফলিত হৈছে কাৰ্য ,কাৰণ আৰু কাৰকৰ সু-সমন্বয়কল্পিত ৰূপকাত্মক শৈলীৰ প্রতীকী প্রকাশ সমৃদ্ধ নান্দনিক উপস্থাপন । কবিৰ ব্যক্তিগত অনুভূতিৰ সংবেদনাই পাঠকৰ হৃদয়ত খোপনি পুতি যেতিয়া কবিতাৰ ৰসাস্বাদনৰ হেতু সুক্ষ্ম অনুভূতিপ্রৱনতাক জগাই তুলিবলৈ সক্ষম হয়, সেয়া কবিতাৰে মাহাত্ম্য ... কবিৰ দক্ষতা।
আলোচিত কবিতাটিত গ্রাম্য জীৱনৰ প্রকৃতিৰ চিত্রকল্পত বাঁহনিৰ ৰূপকৰে বাঁহপাতবোৰ জ্বলাই দিয়া মানুহ হৈ পৰিছে ধ্বংসাত্মক প্রৱনতাৰ প্রতীক। বাঁহপাতৰ জুইত জাহ যোৱা খহুলা ভেকুলী ‘, ‘ মৰা মণিকঢ়া সাপ’ , জুইত পুৰি পুৰি টান হোৱাঘোঁৰামূৱা উঁইহাফলু আদিবোৰ যেন ধ্বংসকামী শক্তিৰ আগ্রাসনত ক্রমাৎ অসন্তুলিত হৈ পৰা প্রাকৃতিক শৃংখলাৰে সূচক ।
কবিতাটিত উল্লেখিত টেকেলি বৰল জাক স্বয়ং প্রাকৃতিক সুৰক্ষাচক্রৰ প্রতীক। জ্বলাই দিয়া বাঁহপাতৰ ধোঁৱাত যি জাক বৰল ‘‘বাঁহনিৰ পৰা ঘূৰি ঘূৰি উৰি গ’’এই মেটাফৰৰ আলমত
কবিতাটিৰ শেষৰ স্তৱকত বতাহৰ ৰূপকে বিনাশৰ দ্যোতনা কঢ়িয়াই আনিছে ধ্বংসৰ অশনি সংকেত। পৰিকল্পনাৰহিত ভাবে সম্পাদিত কাৰ্যৰ সম্ভাৱ্য কু পৰিণামদৰ্শিতাই সৃষ্টি কৰিছে আয়ৰণীৰ । উদঙাই দেখুৱাইছে মূঢ় মানুহৰ অদূৰদৰ্শিতা আৰু দৌৰাত্ম্যৰে আৰ্জিত বুমেৰাং সদৃশ ৰুঢ় বাস্তৱৰ তীৰ্যক প্রতিফলন।
‘‘
বাঁহনিৰ বাঁহপাতবোৰ জ্বলাই দি দি পিছুৱাই গৈ থাকোঁতে
হঠাৎ এটা
দ খাৱৈত পৰি চিঞৰি উঠিলোঁ ’’
এই চিঞৰ সাধাৰণ চিঞৰ নহয়। বৰঞ্চ বিজ্ঞান , তথ্য প্রযুক্তিৰ আশীষপুষ্ট উপাদানেৰে সমৃদ্ধ নগৰ কেন্দ্রিক সভ্যতাৰ আগ্রাসনত পিষ্ট শিপাবিচ্ছিন্ন মানুহৰে আৰ্তি । এনেদৰেই ভাৱৰ গতিশীলতাৰে ভাষ্যৰ উত্তৰণ ঘটিছে ব্যক্তি জীৱনৰ পৰা সামূহিকতালৈ। উচ্ছল আবেগিক বৰ্ণনা বৰ্জিত মিতব্যয়ী বাক্যবিন্যাসেৰে সৰল অথচ মৰ্মস্পৰ্শী আবেদনসমৃদ্ধ এটি সুখপাঠ্য কবিতা ।য অনুৰণিত হৈছে মূলত ধূলি মাটিৰ পৃথিৱীখনৰ প্রতি কবিৰ প্রগাঢ় অনুকম্পাৰ স্বৰ ...
কবিলৈ শুভকামনাৰে কৃতজ্ঞতা জ্ঞাপন কৰি এই আলোচনা সামৰিছোঁ।ভুল ক্ৰটি মাৰ্জনীয়।ধন্যবাদ ।
০০০০০০০০০০
সমালোচক-
অনিতা গগৈ
সদস্য , আখৰুৱা : literati
°°°°°°°°°°°°°°°°°°°°°°°°°°°
ব্যৱস্থাপকৰ টোকা---
'
আখৰুৱা : literati' গোটৰ মাননীয় সদস্যসকলৰ মতামত বিচাৰি অনিতা গগৈ ডাঙৰীয়ানীয়ে যুগুতোৱা সাতসৰীআলোচনীৰ মে, ২০১৭ সংখ্যাৰ এটি কবিতাৰ পৰ্যালোচনাৰে এইবাৰৰ 'চানেকি' শিতান আগবঢ়োৱা হল৷ মাননীয় সকলো সদস্যৰে সহযোগিতা আৰু মতামত বিচাৰিলোঁ। আপোনালোকৰ সহযোগিতাই পৰ্যালোচনাৰ মান উন্নত কৰাত সহায়ক হব। পৰ্যালোচনাটোত কোনো কাৰণত বানানৰ ভুল ৰৈ গৈছে যদি মাননীয় সদস্যসকলে আঙুলিয়াই দিয়ে যেন।
ধন্যবাদ
পাৰ্থ প্ৰতিম কলিতা
অচ্যুত মাধৱ দাস
হীৰকজ্যোতি বৈশ্য
ব্যৱস্থাপক,
চানেকি শিতান
১৬ মে,২০১৭

No comments:

Post a Comment