অপৈনত:
বাঢ়ি অহা ৰাতিটোৰ
লগে লগে ঠাইডোখৰ নিজান হৈ আহিল। কিছুপৰ আগলৈকে ৰজন-জনাই থকা মানুহ, কুকুৰ, ৰিক্সা আৰু চাইকেলৰ মিশ্রিত কোলাহ’লবোৰ আতঁৰি ঠেক ৰাস্তাটোত এতিয়া মাথো অঘৰী কুকুৰকেইটামানৰ চেগা চোৰোকা ভুক-ভুকনি, আহ-যাহ ।
এটি ভাগৰুৱা দিনৰ
অন্তত বনুৱা বস্তিটোৱে জিৰণি লৈছে, অলপ আগলৈকে তিৰ-বিৰ পোহৰেৰে চিকমিকাই থকা জুপুৰীকেইটা এতিয়া সম্পূর্ণ আন্ধাৰ । সাৰে আছে মাথো লভিতা। তাইৰ টোকোনা পজাটোৰ উৱলি যোৱা বেৰকেইখনৰ সুৰুঙাৰে সোমাই অহা চেঁচা বতাহচাটিয়ে ঢিপ-ঢিপাই থকা চাকিৰ শলিতাডাল থিৰ হৈ
থাকিবলৈ দিয়া নাই । বস্তিটোৰ বাসিন্দা সকলৰ দৰেই এই পাতলীয়া পোহৰখিনিয়েও জীয়াই থাকিবলৈকো যেন অহৰহ কচৰৎ কৰিব ল’গা হৈছে। আধা আন্ধাৰ, আধা পোহৰৰ মাজত মাজ- মজিয়াত পৰি থকা মুখমেলা টিনৰ বাকচটো, কাপোৰৰ টোপোলাটি আৰু লভিতা তেনেকৈয়ে বহি থাকিল বহুপৰ। বাহিৰত তেতিয়া ৰাতি দুপৰৰ সংকেত।
.........................................................................
.........................................................................
চলন্ত গাড়ীৰ তীব্র
শব্দৰে হো হোৱাই থকা হাইৱেটোৰ গাতে ল’গা এইটো এটি সৰু ,আন্ধাৰ বনুৱা বস্তি। এমুঠিমান জুপুৰীৰ
সমষ্টি। প্রতিদিনে সন্ধিয়া নমাৰ লগে লগে বস্তিটো ব্যস্ত হৈ পৰে। ভাগৰুৱা দিন এটা সামৰি মানুহবোৰ ঘৰমুৱা
হয়। কানিমুনি আন্ধাৰৰ লগে লগে কেকজেককৈ ঠিয়
হৈ থকা জুপুৰীকেইটাৰ ভিতৰবোৰ ঢিমিক ঢামাক পোহৰেৰে তিৰবিৰাই উঠে। উৱলি যোৱা বেৰবোৰৰ ফুটাৰে যেন বিন্দু বিন্দু পোহৰৰ স্বাধীনতা। বাহিৰৰ ঘোপমৰা আন্ধাৰৰ লগত সেই পোহৰৰ অবাধ
হলিগলি।
তেনেকুৱা এটা বুঢ়া
জুপুৰীতে থাকে লভিতা আৰু তাইৰ দুটি ল’ৰা ছোৱালী। হাইৱেৰ সিটো পাৰৰ চহৰখনৰ কেইঘৰমান মানুহৰ
ঘৰত লভিতাই সৰা-মোচা কামবোৰ কৰে। বস্তিটোৰ আন বহু তিৰোতাই কৰে। দিনটো ইঘৰ সিঘৰৰ লেঠা-লেঠুলিবোৰ ভাঙি ঘৰ আহি পাওতে লভিতাৰ প্রায়েই সন্ধিয়া ভাগি
ৰাতি হয়। হ’লেও কোনো অভিযোগ নাই। মাহটোৰ অন্তত হাতত আহি জমা হোৱা কেইটামান টকা আৰু ইয়ে সিয়ে দিয়া ফটা চিঙা লাম লাটকুৰে টাক টুককৈ চলি থাকে তিনিটি প্রাণীৰ জীৱন, আপেক্ষিকভাৱে প্রায় সুখী বুলি কব পৰা এটি সাধাৰণ জীৱন।..
কামৰ পৰা উভতি
আহোতে সিদিনা লভিতাৰ বেছ পলম হল। হাইৱেটো বেগাবেগিকৈ পাৰ হৈ তাই সৰু বাটটোৰে বস্তিৰ ভিতৰলৈ সোমাই আহিল । এইখিনি তাইৰ
চিনাকী ঠাই যেতিয়া অলপ আন্ধাৰ হলেও ভয় নাই। লভিতাৰ মনটো আজি বৰ ভাল। ৰৈ ৰৈ আহি থকা মিচিক মাচাক হাঁহিটো মাৰেই যাব খোজা নাই। বহুদিনৰ মুৰত ল’ৰা-ছোৱালীকেইটালৈ আজি তাই এপোৱা বিস্কুট আৰু এটা পাওৰুটী আনিছে। এৰা গুৰৰ স’তে ফিকাচাহবোৰ খাই থকা আজি বহুদিন হ’ল। এনেকুৱা সময়ত
লভিতাই নিজৰ স’তে কথা পাতে, ভাৱি থকা কথা কিছুমান নিজৰ মনতেই আওৰাই থাকে।..
: ল’ৰা-ছোৱালীহালে চাকিটো জ্বলাই ল’লেনে বাৰু? জানোছা আন্ধাৰ হৈয়েই আছে ঘৰখন। ছোৱালীজনী এইখিনি সময়ত ঘৰত
অকলে থকাতো তেনেই ভয়লগা কথা। বিহগুটি ল’ৰাটো খেল সামৰি ঘৰ সোমালেহে আকৌ।
আন্ধাৰ ফঁহিয়াই
চিনাকী ৰাস্তাটোৰে আহি থকা লভিতাৰ ঘৰখনলৈ
বুলি সামান্য চিন্তা হ’ল। তাই জানে ল’ৰাটো দিনটো অলৌ-টলৌকে ঘূৰি-ফুৰি সন্ধিয়া
লাগি নভগালে ঘৰ নোসোমায়, বেচেৰী ছোৱালীজনী নিজান ঘৰটোত অকলশৰে থাকিবলগীয়া হয় প্রায়েই।..আনদিনা হোৱা হ’লে লভিতাই তাক এজাউৰি ভালকৈ দিলেহেতেন, পিছে নাই আজি তাই ল’ৰাটোক একো নকয়। মনটো আজি ভাল তাইৰ। মিছা মিছি পৰিবেশটো বেয়া কৰি নলয়।
ৰাস্তাটো ওখোৰা
মোখোৰা যদিও খোজবোৰ খৰকৈ পৰিছে বাবেই লভিতা ঘৰৰ পৰা একফার্লঙমান আগলৈ থকা পানগুমটিটোৰ ওচৰ আহি পালে। পানগুমটিটো পাৰ হৈয়েই এডোখৰ খালী ঠাই, তাতেই প্রায় দহ,বাৰখনমান ৰিক্সাই দিনটোৰ ভাগৰ মাৰিছে।
পানগুমটিটোৰ
সন্মূখভাগ মাথো অলপ পোহৰ, বাকী লুংলুঙীয়া বাটটোৰ ক’তো এটুকুৰা পোহৰ
দেখিবলৈ নাই।. আন্ধাৰৰ মাজতেই. ৰিক্সাকেইখনৰ ওচৰৰ পৰা কিছুমান হাঁহিৰ টুকুৰা ভাহি আহি আছে, মাজে মাজে দুই এটা অশ্লীল শব্দ আৰু কিৰিলি। বস্তিৰে ধদুৱা কেইটামানে ৰাতি ৰাতি তাত মদ, ভাঙ আৰু জুৱাৰ আড্ডা পাতে। ডিঙিলৈকে অহালৈ মদসোপা গিলি লৈ
ৰিক্সায়ে মাটিয়ে যেনি তেনি পৰি থাকে।
চুচুৰি বাগৰি ঘৰ পোৱাজনে আকৌ ৰাতি ৰাতি ঘৈনিয়েকৰ ওপৰত নিজৰ পুৰুষত্ব জাহিৰ কৰে।
“ছিঃ”,..... শব্দটো কব নোৱাৰাকৈয়ে লভিতাৰ মুখেৰে ওলাই আহিল। ভাৱখিনিৰ লগে লগে লভিতাৰ নাকটো স্বতঃস্ফূর্তভাৱে সামান্য কোচ খাই গ’ল। অসমান খোজবোৰৰ লগে লগে খেলিমেলি চিন্তা কিছুমান আহি মূৰটোত আকৌ বাহ সাজিলেহি....
: লাহে লাহে ডাঙৰ হৈ অহা ছোৱালীজনীৰ দেহাটো বাৰুকৈয়ে চকুত ল’গা হৈছে। যোৱাবছৰ কাম কৰা মানুহঘৰৰ পৰা দিয়া ফ্রকটোৰে আৰুনো কিমানদিন যাব । পুৰণি চোলাবোৰ তাইলৈ এতিয়া
তেনেই চুটি হ’ল। আজিকালি ছোৱালীজনীৱেও লাজ পোৱা হৈছে । বহুদিন আব্দাৰ কৰিছে
এটি নতুন ফ্রকৰ বাবে। এখোজ দুখোজকৈ গাভৰু হবলৈ আগবঢ়া
দেহাটো উৱলি যোৱা কাপোৰডোখৰে আৰুনো কিমান ধৰিব? এনেকুৱা অপৈনত যৌৱনৰ ওপৰত কিমান যে
ভোকাতুৰ চকু লিকলিকাই থাকে। সৌ সিদিনা ক’মখন ঘটনা হ’লনে? জানকীৰ ছোৱালীজনীৰ লগত বস্তিৰ এই ধুৰন্ধৰ কেইটাই যি বেয়াকামখন কৰিলে ভাবিলেও গা মন শিয়ঁৰি উঠে। মাক
হৈ চকুৰ আগত সেইবোৰ চাই থকাতো কিমান যন্ত্রনাদায়ক
ভুগোতাজনেহে বুজে। ছোৱালী নহয় যেন নোদোকা পঠা ছাগলীহে।
নিজৰ ছোৱালীজনীক
লৈ লভিতাৰ বৰ চিন্তা। কিমানদিন যে সেই
ফুলকোমোলীয়া ছোৱালীজনীলৈ সিঁহতে লেতেৰা চকু দিছে। সেই ইংগিত জানো তাই নুবুজাকে আছে? ভালেহে ছোৱালীজনীয়ে কথাবোৰ ভালকৈ বুজি
উঠা বয়সৰ হোৱাগৈ নাই। কিন্তু কিমানদিনলৈনো
থাকিব নুবুজা হৈ? অভাৱে যে মানুহক বহুত সোনকালে এই বুজা নুবুজা কথাবোৰ বুজি উঠিবলে বাধ্য কৰে। এতিয়া আৰু এডোখৰ কনমানি কাপোৰে ছোৱালীজনীৰ ভৰি অহা গাভৰু দেহাটো ঢাকি ৰাখিব নোৱাৰে ।
ইমানদিনে ভাৱি থকা
কথাটো লভিতাই শেষবাৰলৈ আকৌ এবাৰ জুকিয়াই ল’লে।
: আজি মালিকনী বাইদেউয়ে দিয়া চাদৰখনেৰে
ছোৱালীজনীক বৰকৈ শুৱাব। ৰঙবোৰ শেতা পৰি গলেও বাকচটোৰ চুকত পৰি থকা নিপিন্ধাকৈ থকা মেখেলা কেইখনমানো ওলাব । আজিৰেপৰা ছোৱালীজনীয়ে আৰু ফটা চুটি চুটি
চোলাবোৰ পিন্ধিব নালাগে। এই পুৰণি শাৰী, মেখেলা চাদৰবোৰেই পিন্ধিব পাৰিব, গাডোখৰ অন্ততঃ ভৰিলৈকে ঢাক খাই পৰিব।
বেগাবেগিকৈ আহি
লভিতা ঘৰ পালেহি। তাই ভবামতেই জুপুৰীতো তেনেই অন্ধকাৰ হৈ আছে। উদঙীয়া ল’ৰাটো আৰু ছোৱালীজনী এটাও নাই ঘৰত।
ইষৎ ভয়মিহলি খঙ এটা লভিতাৰ গায়ে মুৰে সিৰসিৰাই গ’ল। আকৌ এবাৰ তাই মনতে ভোৰভোৰালে,
ইষৎ ভয়মিহলি খঙ এটা লভিতাৰ গায়ে মুৰে সিৰসিৰাই গ’ল। আকৌ এবাৰ তাই মনতে ভোৰভোৰালে,
: ঘোপমৰা আন্ধাৰ হ’লহি। ইমানসময়লৈ বাহিৰত থাকিব পায়নে বাৰু এইহাল? ল’ৰাটো বাৰু যেন তেন এই মৰতীজনীও নাই ঘৰটোত।
জানো ক’ত লিংলিঙাই ফুৰিছে।
ল’ৰাটোতকৈও ছোৱালীজনীলৈ লভিতাৰ বেছি চিন্তা ।
কথাবোৰ ভাবি ভাবি
তাই চাকিটো জ্বলাই ললে। শলিতা দাল কোনোমতেহে তেলত চিপচিপাই আছে। যেনেতেনে ৰাতিতো চলিলেই হ’ল। অকণমানি হ’লেও পোহৰখিনিয়ে কোঠাতো উজ্বলাই তুলিলে। সেই পোহৰতে খাটখনতে দলিয়াই থোৱা
টোপোলাটো খুলি কাপোৰখিনি তাই আকৌ এবাৰ চালে। মালিকনী বাইদেউৱেকে দিয়া
চাদৰকেইখনৰ ল’গত মিলি যোৱা মেখেলা এখন বাছি উলিয়াবলৈ তাই খাটখনৰ তলতে সোমাই
থকা পুৰণি টিনৰ বাকচটো উলিয়াই আনিলে।
মামৰে ধৰি পখৰা
কৰি থোৱা টিনৰ বাকচটো টানি উলিয়াওতে কেৰেককৈ শব্দ এটি হল। আন্ধাৰৰ মাজতো লভিতাৰ এনে লাগিল বাকচটোৰ হেন্দেলডাল যেন কোনোবাই খোলাকৈ এৰি থৈছে।
ভিতৰৰ কাপোৰবোৰো তাই থোৱা ধৰণেৰে নাই। কিবা যেন বহুত খেলি মেলি হৈ আছে। লেমটো আৰু অলপ ওচৰলৈ টানি ললে লভিতাই। হয় তাই সাঁচি থোৱা বহুত বস্তুৱেই
নাই বাকচটোত। ৰঙ গৈ শেতা পৰা মেখেলাবোৰ, মাজে মাজে এয়ে সেয়ে দিয়া অলপ ভাল চাদৰবোৰ, নিপিন্ধাকৈ সাচি থোৱা ব্লাউজ কিছুমান ,এইবোৰ একোৱেই নাই বাকচটোত। তাইৰ বাৰু ভুল হৈছে নেকি? আকৌ এবাৰ গোটেই কাপোৰবোৰ লভিতাই এফালৰ পৰা উলিয়াই চালে । নাই
ভুল হোৱা নাই। অথচ তাইৰ এনে লাগিল আজি যেন তাইৰ ভয়টো ভুল হোৱা হলেই ভাল আছিল!!
................................................
................................................
তেতিয়া ৰাতি দুপৰৰ
সংকেত। আধা আন্ধাৰ, আধা পোহৰৰ মাজত মাজ- মজিয়াত পৰি থকা মুখমেলা টিনৰ বাকচটো, কাপোৰৰ টোপোলাটি আৰু লভিতা তেতিয়াও
তেনেকৈয়ে বহি আছিল। বাহিৰত যদিও তেনেই নিমাখিত যেন লগা এজাক ফুৰফুৰীয়া বতাহ, লভিতাৰ বুকুত
তেতিয়া হাজাৰজাক বা-মাৰলী। এই যেন উশাহৰ বাটেৰে বুকুৰ ভিতৰলৈ কুৰুকি কুৰুকি সোমাই গৈ নিমিষতে
থান-বান কৰি পেলাব তাইৰ অ’তদিনৰ আশা, সপোন, ত্যাগ আৰু সর্বস্য।
ধুমুহাৰ বাটটোৰে
লভিতা পোন্ধৰ বছৰ পিছুৱাই গ’ল। এটি আন্ধাৰ ৰাতি আৰু এটি মাথো ভুল , যিয়ে লভিতাৰ জীৱনলৈ আনি দিছিল হেজাৰটা অমানিশা, টানি আজুৰি দলিয়াই
পেলাইছিল শৈশৱ, কৈশোৰ, সর্বস্য । একো একোটা নির্দয় ৰাতিয়ে তাইক সজাই দিছিল অপৈনত
গাভৰু। বুজা নুবুজাৰ সন্ধিক্ষণত স্থৱিৰ হৈ পৰিছিল
সময়। গাৰ পৰা এখন এখনকৈ খহি পৰা কাপোৰবোৰৰ লগে লগে এটা এটাকৈ সকলো কথা বুজি গৈছিল লভিতাই। মুহুর্তৰ ভিতৰতে পুৰঠ হৈ উঠিছিল তাইৰ আত্মা। আৰু এনেকৈয়ে
আৰম্ভ হৈছিল এটি যাত্রাৰ য’ত বহুবাৰ উপসাহিত
হৈছিল তাইৰ যৌৱন। ক্ষত বিক্ষত যৌৱনে আনি দিয়া জীৱনটো তাইৰ বাবে পংগুত্বৰ বাদেনো কি আছিল? গাভৰু কালৰ থৌকি বাথৌ আবেগ অনুভৱ কৰা নাই লভিতাই কেতিয়াও। তাইৰ বাবে যৌৱন মানেই
লোভ, পীড়া আৰু প্রহসন। প্রটিতো ক্ষণতেই অনুভৱ হয় মুৰৰ ওপৰত শ,শ জাক পাতি ঘুৰি ফুৰা শগুনৰ কোলাহল। যেন বাট চাই আছে কেতিয়া সিহঁতবোৰ মৰাশ হব।
এক মুহুর্তৰ বাবে
তাইৰ এনে লাগিল যেন সময় এটি গোলাকাৰ পথেৰে ঘুৰি
আহি পুণৰ জন্ম দিলে এগৰাকী নতুন লভিতাৰ।....তাই যে বুজিয়েই নাপালে ইমানদিনে ডেউকাৰ তলত আলফুলে লুকুৱাই ৰখা তাইৰ আলসুৱা পোৱালীটি কেতিয়ানো গাভৰু হ’ল। অপৈনত গাভৰু।
......................................................
টিনৰ বাকচটোৰ পৰা নোহোৱা হোৱা লাংখা-লিংখি কাপোৰবোৰ, নিশা গভীৰলৈ উভতি নহা গাভৰু জীয়েকজনী, তাইৰ গাৰ উদং অংশবোৰত বাগৰি ফুৰা লোলপু চকুবোৰ, শুনা নুশুনাকৈ বাগৰি অহা অল্লীশ ইংগিতবোৰ, এই এটি এটি পৰিঘটনা অদৃশ্য এডাল সুতাৰে বান্ধ খাই লাহে লাহে এটি কাহিনীৰ ৰূপ লবলৈ আগবাঢ়ি থাকিল, হুবহু লভিতাৰ দৰেই এটি নতুন কাহিনী, কৰুণ সমাপ্তিৰ এটি জীয়া কাহিনী।.....
......................................................
টিনৰ বাকচটোৰ পৰা নোহোৱা হোৱা লাংখা-লিংখি কাপোৰবোৰ, নিশা গভীৰলৈ উভতি নহা গাভৰু জীয়েকজনী, তাইৰ গাৰ উদং অংশবোৰত বাগৰি ফুৰা লোলপু চকুবোৰ, শুনা নুশুনাকৈ বাগৰি অহা অল্লীশ ইংগিতবোৰ, এই এটি এটি পৰিঘটনা অদৃশ্য এডাল সুতাৰে বান্ধ খাই লাহে লাহে এটি কাহিনীৰ ৰূপ লবলৈ আগবাঢ়ি থাকিল, হুবহু লভিতাৰ দৰেই এটি নতুন কাহিনী, কৰুণ সমাপ্তিৰ এটি জীয়া কাহিনী।.....
কবি:-
ණৰঞ্জু শৰ্মা ।
No comments:
Post a Comment