Thursday, 4 May 2017

ৰূপোৱালী মেঘৰ ছায়া: খণ্ড-১৮ණমৌচুমী বৰি



 ৰূপোৱালী মেঘৰ ছায়া:
খণ্ড-১৮


প্ৰাপ্তিৰ হোষ্টেলীয়া জীৱনৰ সুখ-দুখৰ মাজত সোমাই পৰা অৰুন্ধতীয়ে ডায়েৰিখন সামৰি থলে৷কাৰণ চৈধ্যদিনীয়া ডিউটি শেষ কৰি আজি অনুৰাগ আহিব৷শিৱসাগৰৰ পৰা গুৱাহাটী, গুৱাহাটীৰ পৰা ট্ৰেইনেৰে নিউজলপাইগুৰি তাৰপিছত চিকিম……ইমানদূৰ ভ্ৰমণ কৰি ভাগৰি পৰিব অনুৰাগ অৰুন্ধতীয়ে ভাবিলে৷
তাই বেলকনিত থিয় হৈ বাট চাই ৰল অনুৰাগলৈ বুলি৷অলপ দেৰিৰ পিছতে এখন ভেন আহি কোৱাৰ্টাৰৰ সন্মূখত ৰলহি৷ভেনৰ দুৱাৰ খুলি অনুৰাগ ওলাই আহিল৷ভেনৰ ড্ৰাইভাৰ টুকেন্দ্ৰই অনুৰাগৰ বেগটো ধৰি দিলে৷ড্ৰাইভাৰটোৰ সতে অনুৰাগ চিৰিৰে চাৰিমহলাৰ ওপৰত থকা কোৱাৰ্টাৰটোলৈ বুলি আহি থাকিল৷
অৰুন্ধতীয়ে দুৱাৰখন খুলি দিলে৷অনুৰাগ যেন এটি মিঠা সুবাস হৈ সোমাই আহিল অৰুন্ধতীৰ তেনে লাগিল৷টুকেন্দ্ৰই বেগ থৈ অনুৰাগ-অৰুন্ধতীৰ পৰা বিদায় লৈ গলগৈ৷
:
খুউব ভাগৰ লাগিছে নহয়? – অৰুন্ধতীয়ে সুধিলে অনুৰাগক
অনুৰাগে অৰুন্ধতীক কাষলৈ চপাই আনি চকুত চকু থৈ কলে
:
তোমাৰ মুখখন দেখিলে মোৰ যতযিমান ভাগৰ সকলো অন্তৰ্ধান হৈ যায় সোণজনী ৷
কিয় জানো হঠাতে অৰুন্ধতীৰ অনুৰাগৰ সন্মূখত ভীষণ লাজ লাগি গ;বগা মুখখনি সেন্দুৰবুলীয়া হৈ পৰিল৷লাজতে চকু নমাই আনি তাই কলে--
:
তুমি আজৰি হোৱা, মই তোমাৰ বাবে চাহ-জলপান যোগাৰ কৰোঁ৷
অৰুন্ধতীৰ যে লাজ লাগিছে সেইকথা অনুৰাগৰ বুজিবলৈ বাকী নাথাকিল৷
:
হঠাতে লাজুকীলতাজনীৰ দৰে হলা যে?হা: হা: হা:
হাঁহি হাঁহি অনুৰাগে হাতত টাৱেলখন লৈ বাথৰূমত সোমাল৷
০০০০০০০০০
পূজাৰ বতৰ৷অৰুন্ধতী কাপোৰ পেকিং কৰাত ব্যস্ত৷বন্ধৰ দিনকেইটা দাৰ্জিলিঙত কটাব অৰুন্ধতী আৰু অনুৰাগে৷ড্ৰাইভাৰ টুকেন্দ্ৰক কৈ থোৱা আছে পিছদিনা পুৱা আহিবৰ বাবে৷
পিছদিনা পুৱা দহ বজাত টুকেন্দ্ৰৰ ভেনখন আহি অৰুন্ধতীৰ কোৱাৰ্টাৰৰ সন্মূখত ৰলহি৷লৰালৰিকৈ অনুৰাগ-অৰুন্ধতী হাতত বেগলৈ চিৰিৰে নামি ল তললৈ৷টুকেন্দ্ৰই দুয়োকে দেখি ভেনৰ দুৱাৰ খুলি দিলে৷দুয়ো ভেনৰ চিটত বহাৰপিছত ভেনখনে গতি ললে৷বাজি উঠিল কিশোৰ কুমাৰৰ গান --- পল পল ডিল কে পাছ তুম ৰেহতি হ’/জীৱন মিঠি প্যাস য়ে কেহতি হ’”…..এটি ধুনীয়া ৰোমান্টিক গীত,কাষত প্ৰিয়তম অনুৰাগ আৰু ৰাস্তাৰ কাষে কাষে বৈ থকা অৰুন্ধতীৰ প্ৰিয় তিস্তানদীৰ শোভা ইয়াতকৈ ভাল লগা মুহুৰ্ত অৰুন্ধতীক আৰু কি লাগিছে!!
:
এই, কি ভাবি আছা?—অনুৰাগে সুধিলে অৰুন্ধতীক
:
গানটো শুনি আছোঁ, ইমান ধুনীয়া ৰোমান্টিক গান!টুকেন্দ্ৰ ভাইয়া, বৰ ধুনীয়া গান লগাইছা দেই৷
অৰুন্ধতীৰ কথা শুনি টুকেন্দ্ৰই হাঁহিলে৷অকোৱা-পকোৱা ৰাস্তা, কাষে কাষে সেউজীয়া বননি---অৰুন্ধতীৰ ভাল লাগে,এনেকুৱা ৰাস্তাত ৰোমাঞ্চ থকা যেন লাগে তাইৰ৷প্ৰকৃতিৰ নীৰৱতাৰ বন্দনাৰে কবিতা কবিতা লগা পৰিৱেশ!দুপৰীয়া এক বজাত অৰুন্ধতীহঁত দাৰ্জিলিং পালেগৈ৷আগৰে পৰাই বুক কৰি থোৱা হোটেল জননী ভিলাত ড্ৰাইভাৰ টুকেন্দ্ৰই অৰুন্ধতী-অনুৰাগক থৈ তেওঁ পুনৰ চিকিমলৈ উভতি গল৷
অসমৰ ডিচেম্বৰ মাহৰ ঠাণ্ডা যেনেকুৱা দাৰ্জিলিঙৰ ঠাণ্ডাও তেনেকুৱাইঅৰুন্ধতীয়ে ভাবিলে৷কোঠাটোত সোমায়েই অৰুন্ধতীৰ কোঠাটোৰ চাৰিওফালে চকু গল--এখন সুধবগা ডানলপৰ বিচনা,শুই শুই চাব পৰাকৈ এটা এল.চি.ডি টিভি, একাষত কাপোৰ থোৱা ৱাৰড্ৰব ইত্যাদি ইত্যাদি৷
ফ্ৰেছ হৈ অৰুন্ধতী বিচনাত আউজি বহিল, লেপখন গালৈ টানি ললে তাই৷অনুৰাগে টিভিটো অন কৰিলে৷
:
ৰাগ, চাহৰ অৰ্ডাৰ দিয়াছোন, মূৰটো টিঙটিঙোৱা যেন লাগিছে৷
অৰুন্ধতীৰ কথামতে অনুৰাগে ইন্টাৰকমত চাহৰ অৰ্ডাৰ দিলে আৰু বিচনালৈ উঠি আহি অৰুন্ধতীৰ গাত গা লগাই বহিল৷অৰুন্ধতীয়ে টিভিটোলৈ মনোযোগেৰে চাই থকা দেখি অনুৰাগে অভিমানৰ সুৰত কলে
:
অৰু, আমি তেন্তে টিভি চাবলৈকে দাৰ্জিলিং আহিলোঁ?
অনুৰাগৰ কথাত অৰুন্ধতীয়ে হাঁহি পেলালে আৰু অনুৰাগৰ গালত টপককৈ চুমা এটা দিলে৷তেনেতে কলিং বেলটো বাজি উঠিল
:
উহ, এই মৰকেলেপটো এতিয়াহে আহিব লাগেনে? – এইবুলি কৈ অনুৰাগ উঠি গৈ দুৱাৰখন খুলি দিলে৷হোটেল বয়টোৱে টেবুলখনত চাহ দুকাপ থৈ আঁতৰি গল৷অনুৰাগে দুৱাৰখন বন্ধ কৰিলে আৰু অৰুন্ধতীৰ ওঁঠত ওঁঠ থলে৷অৰুন্ধতীয়ে অনুৰাগৰ ওঁঠত হাতখন দি দুষ্টামি হাঁহি এটা মাৰি কলে
:
চাহ ঠাণ্ডা হ
০০০০০০০০০০০
পুৱা দুই বজাতে অনুৰাগে অৰুন্ধতীক জগাই দিলে৷সিহঁতে সূৰ্যোদয় চাবৰ বাবে টাইগাৰ হিললৈ যোৱাৰ কথা ৷পুৱা দুই-তিনি বজাৰ পৰাই মানুহৰ লাইন লাগে বোলে৷অৰুন্ধতীৰ মিঠা টোপনিৰ পৰা একেবাৰে উঠিবৰ মন নাছিলেই, উপায়বিহীন হৈ শুৱাৰ পৰা উঠিল তাই৷ অনুৰাগে ফোনত আগদিনা বুক কৰা টেক্সি ড্ৰাইভাৰৰ লগত কথা পাতিলে৷
:
অৰু, সোনকালে সাজু হোৱা, টেক্সি বাহিৰত ৰৈ আছে৷
দুয়ো গৈ হোটেলৰ বাহিৰত উপস্থিত হল৷বাহিৰত ষ্ট্ৰীট লাইটৰ পোহৰত টুৰিষ্টৰ সমাগম দেখা পালে অৰুন্ধতী-অনুৰাগে৷লানি লানি টেক্সি৷অনুৰাগে সিহঁতৰ টেক্সি ড্ৰাইভাৰটোলৈ আকৌ ফোন লগালে৷অলপ পিছতে টেক্সি এখন আহি অনুৰাগ-অৰুন্ধতীৰ কাষত ৰলহি৷দুয়ো টেক্সিত বহাৰ পিছত টাইগাৰ হিললৈ বুলি টেক্সিখন আগবাঢ়িল৷ৰাস্তাত অৰুন্ধতীয়ে নিজকে অসুস্থ অনুভৱ কৰিলে, বমি বমি ভাব এটা আহি তাইৰ ডিঙিত ৰলহি৷
:
ৰাগ, টেক্সিখন ৰাখিব কোৱা,মোৰ বমি আহিছে
লৰালৰিকৈ অনুৰাগে ড্ৰাইভাৰক টেক্সিখন ৰখাবলৈ দি অৰুন্ধতীক ধৰি বাহিৰলৈ লৈ আহিল৷বাহিৰলৈ ওলাই সলসলকৈ বমি কৰিলে তাই৷অনুৰাগে পানীৰ বটলৰ সাফৰ খুলি পানী খাব দিলে তাইক৷তাৰপিছত টেক্সিত বহি অনুৰাগৰ কান্ধত মূৰটো থৈ কলে ---
:
ৰাগ, গাটো খুব বেয়া লাগিছে
:
অকনমান চকু মুদি দিয়া, ভাল পাবা৷
টেক্সিখন ধীৰে ধীৰে আগবাঢ়িল৷
যেতিয়া অনুৰাগ-অৰুন্ধতী টাইগাৰ হিলত গৈ উপস্থিত হল তেতিয়া সূৰ্যোদয় চাবলৈ লোকে-লোকাৰণ্য হৈ পৰিছিল৷এই সূৰ্যোদয় চাবলৈ বোলে মানুহক ভাগ্য লাগিব৷ভাগ্য ভাল থাকিলেহে সূৰুযে মিচিকি হাঁহি মাৰি ওলাই আহে৷টাইগাৰ হিল পাওঁতে অৰুন্ধতীয়ে অলপ সুস্থ অনুভৱ কৰিলে আৰু দুয়ো টেক্সিৰ পৰা ওলাই সূৰ্যোদয় চাবৰ বাবে মানুহৰ ভীৰৰ মাজত সোমাই পৰিল৷অনুৰাগে কেমেৰাটো কান্ধত লৈ ললে৷লাহে লাহে সূৰুয ওলাবৰ হ, মানুহৰ উৎকন্ঠা বাঢ়ি আহিল৷পিছে সকলোৰে আশাত চেচাঁপানী পৰিল যেতিয়া সকলোৱে আকাশত ডাৱৰ দেখিলে৷যি সৌন্দৰ্যৰে ৰূপৱান হৈ সূৰুয ওলাব লাগিছিল তেনেদৰে সূৰুয নোলাল, ডাৱৰৰ আঁৰত ঠেহ পাতিলে সূৰুযে৷তেনেকৈয়ে সকলোৱে ফটো তুলিলে ঠেহ লগা সূৰুযৰ,ফটো তুলিলে অনুৰাগেও৷অদূৰত দেখা গল পৃথিৱীৰ ভিতৰতে তৃতীয় ওখ শৃংগ বৰফময় কাঞ্চনজংঘাৰ জিলিকনি!নিজ সৌন্দৰ্যৰে মূৰ্তমান হৈ কাঞ্চনজংঘাই যেন সকলো টুৰিষ্টক সুপ্ৰভাত জনালে৷কাঞ্চনজংঘাৰ সৌন্দৰ্যত সুৱগা চৰে যেতিয়া সূৰযৰ সোনালী পোহৰ আহি কাঞ্চনজংঘাৰ ওপৰত পৰে৷তেনে এক বিৰল দৃশ্য দেখাৰ পৰাও অৰুন্ধতী-অনুৰাগৰ লগতে তালৈ অহা সকলো লোক বঞ্চিত হৈ ৰল৷অনুৰাগে কাঞ্চনজংঘাৰো ফটো উঠালে৷ (আগলৈ)
কবি:-
মৌচুমী বৰি

No comments:

Post a Comment