গংগা পাৰৰ খুচুৰা জীৱন....
আকাশৰ বুকুত মে
মাহৰ তপ্ত সুৰুয,,,তলত স্রোতস্বিনী গংগাৰ হিমশীতল জলধাৰা...। অক্ষয় ত্রিতীয়াৰ পৱিত্র ক্ষণ।..পুৰুষ, মহিলা, বৃদ্ধ, বনিতা, ডেকা, বুঢ়া , কেচুৱাকে ধৰি
পাপহাৰিনী গংগাৰ বুকুলৈ শ শ ভক্তগণৰ অহৰহ সোঁত ,,, ।.. এনে লাগিছিল ভগৱানৰ চৰণ লাভৰ মুখ্য দ্বাৰ বুলি পূজিত পৱিত্র তীর্থভূমি হৰিদ্বাৰৰ ‘হৰ কী পৌৰী, নৈঘাট নহয় যেন এক জনসমূদ্র।.. ভক্তগণৰ ভিৰেৰে নৈ পাৰত বিৰ দি বাট নোপোৱা অৱস্থা। জাক জাক মানুহ আহিছে গৈছে, তাৰ মাজে মাজে হঠাৎ গেৰুৱা বসনধাৰী এজাক সাধুৰ সমাগম ঘটিছে, কেতিয়াবা আকৌ এমুঠি জঁটাধাৰী বাবা। সাধুসকলৰ মুখত শুৱলাকৈ গোৱা ‘হৰ হৰ গংগে.,জয় মা গংগে’ ৰ সুৰ আৰু অহৰহ
ঘন্টাধ্বনিয়ে চৌপাশে যেন এক মায়াবিনী আবেশহে সানি দিছিল। শুনামতে এওলোক একেলগে ‘চাৰধাম’ যাত্রাৰ বাবে আহে, হৰিদ্বাৰত গংগাত স্নান কৰি উঠাৰ পিছত পদযাত্রা কৰি ওপৰলৈ উঠি উঠি গৈ থাকে।..
হৰিদ্বাৰৰ ‘হৰ কী পৌৰী’ৰ এই জনসমুদ্র হেনো নিয়মীয়া ঘটনা, তথাপি সেই দিনটো অক্ষয় ত্রিতীয়া হোৱা বাবে মানুহৰ সমাগমটো আনদিনাতকৈ অলপ বেচি আছিল।..আগতে এবাৰ দুবাৰ হৰিদ্বাৰলৈ গৈছো যদিও হৰ কী
পৌৰীৰ এই গংগাস্নান দেখাৰ সৌভাগ্য হোৱা নাছিল।.সেইদিনা, সেই বিশেষ দিনটোত. পৰিয়ালৰ আনকেইজন সদস্য স্নান কৰি আজৰি হোৱা সময়খিনিত মই ভিৰৰ মাজৰে এজন হৈ খটখটীত বহি থাকিলো
। ওপৰত দেই নিয়া সুৰুয যদিও হিমশীতল গংগাৰ জলধাৰাই পৰিবেশটো যথেষ্ট সুগম কৰি ৰাখিছিল। সেই ভিৰৰ মাজতেই চকু গ’ল এটা প্রায় দহ -বাৰবছৰীয়া ল’ৰালৈ।..ৰ’দে পোৰা গাৰ বৰণ, পিন্ধনত এটি সোলোক-ধোলোক হাফ-পেন্ট, পানীত তিতি গাতে লিপিট খাই আছে। ল’ৰাজনক দেখিলেই বুজিব পাৰি স্নান কৰিবলৈ অহা ভিৰটোৰ মাজৰ এজন যেন নহয় সি।...তেনেতে দেখা পালো তাৰ আশে
পাশে আৰু প্রায় দহ বাৰজন প্রায় একে বয়সৰ তেনেকুৱা চেঙেলীয়া
ল’ৰা। একেই চেহেৰা, একেই ৰ’দে দেই নিয়া শৰীৰৰ বৰণ।... প্রত্যেকৰে হাতৰ মুঠিত এমুঠি খুচুৰা পইচা। পিন্ধি থকা তিতা হাফপেন্টটোৰ খোছনিতে আকৌ একোটাকৈ পলিঠিনৰ টোপোলা, তাতো কেইটামান খুচুৰা পইচা।....যিজনৰ হাতৰ
মুঠি নাইবা খোছনিটো ডাঙৰ তাৰ পিণে আঙুলী টোৱাই আনকেইজনে কিবা কিবি কৈ আছে, ইজনৰ মুখতো যেন বিজয়ৰ গৌৰৱৰ ভাৱ স্পষ্ট।
ল’ৰাকেইজনৰ বিষয়ে বুজিবলৈ মোৰ অলপো সময় নালাগিল। কিছু সময় পিছত সিহঁতকেইজন ভাগ ভাগ হৈ ভিৰৰ পৰা অলপ
আতৰি , নৈৰ পাৰে পাৰে অলপ খালী ঠাই এটুকুৰালৈ যাবলৈ ধৰিলে। হৰিদ্বাৰত
গংগাৰ তীক্ষ্নধাৰ সোত। ইয়াৰ স্নানঘাটসমূহত সেয়েহে ভক্তগনৰ সুবিধার্থে দীঘল আৰু মজবুত শিকলি বন্ধাই থোৱা আছে, যাতে তাৰ সহায়ত
সোতে উটুৱাই নিব নোৱাৰাকৈ মানুহে স্নান কৰিব পাৰে। পিছে এইজাক চেঙেলীয়াই আকৌ সেই সোঁতৰ সতে যেন খেলাহে
কৰে। মুখ্য ঘাটৰ পৰা আলপ আতৰলৈ , য’ত পানীৰ সোত অলপ বেছি তীক্ষ্ন, এটা এটাকৈ আটাইকেইজন ল’ৰা পানীলৈ জপিয়াই পৰিল। ঘটনাৰ উৱাদিহ পোৱাৰ আগতেই মুহুর্ততে অথালি পথালিকৈ অহা পানীৰ সোতত ক’ত জানো সিহঁত নোহোৱা হ’ল, কেইমিনিটমানৰ পিছত আকৌ সেই ভিৰৰ পিনেৰে পাৰলৈ উঠি আহিল ।এইবাৰো হাতত এমুঠিকৈ খুচুৰা পইচা, মুখত প্রাপ্তিৰ আনন্দ।... এনেদৰে
একঘন্টামান সময়ৰ ভিতৰত সিহঁতে প্রায় চাৰিবাৰমান সেই একেটা কামৰে পুণৰাবৃত্তি কৰিলে। ল’ৰাকেইটা খালী হাতে কোনোবাৰেই উভতি অহা নেদেখিলো।
গংগাৰ বুকুলৈ
প্রতিদিনে লাখ লাখ ভক্তৰ আগমন ঘটে, এওলোকে নৈপূজাৰ নামত নাইবা বিশ্বাসত
প্রতিদিনে হাজাৰ হাজাৰ খুচুৰা পইচা নৈৰ বুকুলৈ দলিয়াই দিয়ে । দহ-বাৰ বছৰীয়া এই ল’ৰাবোৰে নৈৰ বুকুত দিনটো ডুব মাৰি সেই পইচাবোৰ সংগ্রহ কৰে। গংগাদেৱীয়ে
সিহঁতক নিৰাশ নকৰে, কম- বেচি পৰিমানে প্রত্যেকেই প্রতিদিনে এনেদৰে কেইবামুঠিও খুচুৰাপইচা জমা কৰে। আগতে ক’ৰ’বাত পঢ়িছিলো এই তীর্থভূমিসমূহত এচাম
মানুহৰ ই প্রধান জীৱিকা। নৈৰ বুকুলৈ দলিয়াই দিয়া এই খুচুৰা পইচা সমূহৰ সহায়ত সিহঁতবোৰৰ পেটবোৰ চলি থাকে, ঘৰবোৰ চলি থাকে। বিশেষ কিছুমান উৎসৱ পার্ৱনৰ সময়ত, যেতিয়া ভক্তৰ ভিৰ বেছি হয়, সেইদিনা সিহঁতৰ উপার্জনো বেছি হয়।
গংগাকে ধৰি ভাৰতৰ আৰু আন অলেখ পূজ্য নদী আছে য’ত মানুহে একমাত্র ভক্তিৰ নামতেই দৈনিক হাজাৰ হাজাৰ টকা মূল্যৰ খুচুৰা পইচা পানীলৈ দলিয়াই অপব্যয় কৰে(অপব্যয় বুলিয়েই ক’লো)। অসমত থাকোতে শৰাইঘাট দলঙ পাৰ হওতে ব্রহ্মপুত্রৰ বুকুলৈকেও মানুহে পইচা দলিওৱা দেখিছো। আনকি ৰাজধানী চহৰ
দিল্লীৰ কাষেৰে যোৱা, প্রদুষণে প্রায় নিঃশেষ কৰি অনা যমুনা নদীলৈকেও মানুহে পইচা
দলিয়াই সেৱা কৰে। কলৈ যায় ইমানবোৰ ধন, কেৱল মাথো পানীৰ সোতত উটি-ভাহিয়েই নাযায়নে?...সেই হিচাপে চাৱলৈ গ’লে নৈৰ বুকুত ডুব মাৰি খুচুৰা পইচা সংগ্রহ কৰা এইচাম মানুহে আঘাটপ্রাপ্ত ভাৰতৰ অর্থনৈতিক দিশটোক আওপকীয়াকৈ হলেও মেৰামতিৰ কাম কৰি থকা বুলিবই পাৰি।
শুনি থকা কথাবোৰ, কিতাপৰ পাতত পঢ়ি অহা কথাবোৰ সেইদিনা স্বচক্ষে দেখিলো, দেখি উঠি ভাল লাগিল নে দুখ লাগিল বুজি পোৱাতো এতিয়া মোৰ বাবেই কঠিন। মানো, সিহঁতবোৰ পাকৈত সাতোৰবিদ, নৈয়েই সিহতৰ জীৱন, তথাপি এমুঠি ভাতৰ বাবে সেই সৰু সৰু ল’ৰাবোৰে নিজৰ জীৱনটোক পলে পলে গংগাৰ তীক্ষ্নধাৰলৈ এৰি দিব ল’গা হোৱা কথাবোৰে আজিও মনটোৰ কোনোবাখিনি সেমেকাই ৰাখিছে.. ।
এৰা ই ও এক জীৱন,গংগা পাৰৰ খুচুৰা জীৱন।
- ৰঞ্জু শৰ্মা
No comments:
Post a Comment