আন্ধাৰে আৱৰা
যন্ত্ৰণাময় উদঙ কেঁকুৰিটো পোৱাৰ
ঠিক আগমূহুৰ্তত ৰাস্তাটো সলনি হ’ল৷
যন্ত্ৰণাময় উদঙ কেঁকুৰিটো পোৱাৰ
ঠিক আগমূহুৰ্তত ৰাস্তাটো সলনি হ’ল৷
ছাঁ!
পোৰা নাযায়
আন্ধাৰত মিলি যায়৷
পোহৰত সঙ্গী৷
পোৰা নাযায়
আন্ধাৰত মিলি যায়৷
পোহৰত সঙ্গী৷
নিজক লুকুৱাই থ’ব পৰাকৈ ঠাইৰো অভাব৷
তাতকৈ ৰ’দ- বতাহক সাক্ষী কৰি
পোহৰৰ উপস্থিতত মোকাবিলা কৰাই ভাল৷
পোহৰৰ উপস্থিতত মোকাবিলা কৰাই ভাল৷
এইটোৱেই সহজ পন্থা
দুহাত মেলি দিয়া
ৰ’দজাকে চুই যাওঁক৷
বৰষুণে ধুই নিয়ক৷
খোলাটোৰ আৱৰ্জনা৷
দুহাত মেলি দিয়া
ৰ’দজাকে চুই যাওঁক৷
বৰষুণে ধুই নিয়ক৷
খোলাটোৰ আৱৰ্জনা৷
কবি:-
ණ ইন্দিৰা গোস্বামী ।
No comments:
Post a Comment