নাৰী স্বাধীনতাৰ
দুশ বছৰ আৰু আমি
১৮৪৮ চনৰ ১৯ আৰু
২০ জুলাই, নিউয়ৰ্ক চহৰৰ ছেনেকা ফলছ...। তিনিশৰো
অধিক মহিলাৰ উপস্থিতিত আয়োজন কৰা হৈছিল বিশ্বৰ
নাৰীবাদী আন্দোলনৰ উল্লেখযোগ্য সন্মিলন "Womens' Right
Convention"। পুৰুষ শাসিত সমাজত জৰ্জৰিত আৰু নিষ্পেষিত মহিলাসকলৰ অসন্তুষ্টিৰ ভিত্তিত
সন্মিলিত এই ঐতিহাসিক সন্মিলনতেই প্ৰথমবাৰৰ বাবে দাঙি ধৰা হৈছিল সম্পত্তিৰ অধিকাৰ, বিবাহ বিচ্ছেদৰ অধিকাৰ, ব্যৱসায়-বাণিজ্য-শিক্ষা-চাকৰি ইত্যাদিৰ
ক্ষেত্ৰত পুৰুষৰ সৈতে সম অধিকাৰ আৰু নাৰী মুক্তি আদি বাৰটা প্ৰস্তাৱ। তাৰ ভিতৰত বাৰ নম্বৰ প্ৰস্তাৱটো সেই সময়ৰ সমাজ ব্যৱস্থাৰ বাবে অভাৱনীয়... আৰু
সেইটো আছিল নাৰীৰ ভোটাধিকাৰ।
আধুনিক নাৰী সমাজৰ বাবে সাধাৰণ যেন লগা এই বাৰটা প্ৰস্তাৱৰ বাবে সেই সময়ৰ মহিলা সকলে ভীষণ ত্যাগ স্বীকাৰ কৰিব লাগিছিল। ঊনৈশ শতিকাৰ নাৰীবাদী আন্দোলনৰ মাতৃ বুলি খ্যাত মেৰী উৱলষ্টোন ক্ৰাফটৰ "A Vindication of the Right of Women" (১৭৯২) নামৰ যুগান্তকাৰী ৰচনাখনে আমেৰিকাত নাৰীবাদী ধ্যান ধাৰণাৰ প্ৰতি এটা শ্ৰেণীৰ মহিলাৰ মাজত সজাগতাৰ সৃষ্টি কৰিছিল। তেতিয়া সমাজত প্ৰচলিত চূড়ান্ত লিংগ বৈষম্যৰ উদাহৰণেৰে মেৰীৰ ৰচনা সমৃদ্ধ আছিল। তেওঁৰ মতে পৰম্পৰাগত বিবাহত স্বামী-স্ত্ৰীৰ মাজত বন্ধুত্ব, শ্ৰদ্ধা আৰু প্ৰেমৰ অভাৱ। তেওঁ কয় যে সৰহভাগ বিবাহৰ যোগেদি পত্নীয়ে অৰ্থনৈতিক নিৰাপত্তাৰ বাবে নিজৰ দেহাৰ ব্যৱসায় কৰে। ইয়াক আইনসংগত বেশ্যাবৃত্তি বুলিব পাৰি। সেয়ে তেওঁ নাৰীৰ অৰ্থনৈতিক স্বাধীনতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।
ঊনৈশ শতিকাৰ প্ৰথমফালে ধৰ্মীয় বিষয়ৰ বিতৰ্কিত যোগ দিব পাৰিছিল যদিও মহিলাসকল ৰাজনৈতিক ক্ষেত্ৰত তেনে স্বাধীনতাৰ পৰা বঞ্চিত আছিল। কিয়নো সেই সময়ত ধাৰণা আছিল ৰাজনীতি মগজুৰ কাম আৰু ধৰ্ম হৃদয়ৰ। অৰ্থাৎ আন কথাত নাৰী মগজুহীন। ১৮৩৮ চনত আমেৰিকাৰ দক্ষিণ অঞ্চলৰ প্ৰতিপত্তিশীল আৰু আভিজাত্য পৰিয়ালৰ দুই কন্যা ছাৰা আৰু এঞ্জেলিনা গ্ৰিমক দাস প্ৰথা আন্দোলনৰ কেন্দ্ৰলৈ আহে। বিৰাট খাট পামত ডাঙৰ দীঘল হোৱা বাবে ক্ৰীতদাসৰ জীৱনৰ সৈতে চিনাকি দুয়ো কম বয়সতে গৃহত্যাগ কৰি আমেৰিকাৰ উত্তৰাঞ্চললৈ দাসপ্ৰথা বিৰোধী আন্দোলনত যোগ দিবলৈ যায়। এই আন্দোলনত দুয়োৰে নিষ্ঠা আৰু কৰ্তব্যবোধে দুয়োকে খ্যাতিৰ শিখৰলৈ তোলে। এওঁলোকেই আছিল সম্ভ্ৰান্ত পৰিয়ালৰ পৰা অহা প্ৰথম মহিলা, যি জনসভাত বক্তৃতা দিব পাৰিছিল। কিন্তু বিশ্বৰ নাৰী ইতিহাস অধ্যয়ন কৰি দুয়োয়ে যেতিয়া ক্ৰীতিদাস নিৰ্যাতন আৰু নাৰী নিৰ্যাতনৰ মাজত সাদৃশ্যৰ প্ৰসংগতো উত্থাপন কৰে তেতিয়াই তেওঁলোক সমালোচনাৰ সন্মুখীন হয়। তেওঁলোকৰ কাৰ্যক সমালোচনা কৰাৰ উপৰি ব্যক্তিগত জীৱনৰ প্ৰতিও বাতৰি কাকতে কটাক্ষ কৰি লিখিছিল। চাৰিওফালৰ পৰা পোৱা বাধাই তেওঁলোকক অধিক শক্তিশালীহে কৰি তুলিছিল।
ঊনৈশ শতিকাৰ মাজভাগৰ আগেয়ে নাৰীৰ অধিকাৰৰ বাবে দলবদ্ধভাৱে কোনো আগবাঢ়ি অহা নাছিল। ১৮৪০ চনত লণ্ডনত অনুষ্ঠিত "World anti Salvery Convention"অত মহিলাসকলক প্ৰতিনিধিত্ব কৰিবলৈ নিদিয়াৰ ফলস্বৰূপে উইলিয়াম লয়েভ গেৰিছন, লুক্ৰেশ্বিয়া মট, এলিজাবেথ কেডি ষ্টেনটন, লুছি ষ্টোন, চুছান বি এন্থনী আদি মহিলাসকলে পিছৰ পঞ্চাশ বছৰজুৰি নাৰীবাদী আন্দোলনৰ নেতৃত্ব দিছিল।
ব্যক্তিগত জীৱনত বাল্যকালতেই নাৰী-পুৰুষৰ বৈষম্যৰ প্ৰতি সচেতন হোৱা এলিজাবেথ কেডি ষ্টেনটনে ছোৱালী হোৱা বাবে কলেজত নামভৰ্তি হোৱাৰ পৰা বঞ্চিত আছিল যদিও ঘৰতেই ৰাজনীতি, সমাজনীতি, অৰ্থনীতি, আইন, দৰ্শন, সংগীত, শিল্প আদি অধ্যয়ন কৰে। পঁচিশ বছৰ বয়সত এলিজাবেথে দাসপ্ৰথা বিৰোধী আন্দোলনৰ নেতা বাগ্মী হেনৰী ষ্টেনটনক বিয়া কৰায়।
সেই যুগত স্বামীৰ সকলো কথা মানি চলিবলৈ বিয়াৰ সময়তে শপত গ্ৰহণ কৰিব লাগিছিল। এলিজাবেথে এই শপত লোৱা নাছিল। স্বামীৰ উপাধি গ্ৰহণ কৰিলেও তেওঁ নিজ পৰিয়ালৰ কেডি উপাধি ত্যাগ কৰা নাছিল। ঘৰ-সংসাৰ আৰু মাতৃত্বক লৈ ব্যস্ত থাকিবলগীয়া হ'লেও বুদ্ধিজীৱী জগতখনৰ পৰা এলিজাবেথ ছিন্ন হোৱা নাছিল। আনকি বিবাহিতা নাৰীৰ সম্পত্তিৰ অধিকাৰৰ প্ৰসংগটোও তেওঁৱেই প্ৰথম উত্থাপন কৰিছিল। এতেকে ছেনেকা ফলছলৈ দাস-প্ৰথা বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰিবলৈ অহা লুক্ৰেছিয়া মটৰ সৈতে তেওঁৰ পৰিচয় হয়। আমেৰিকালৈ উভতি আহোঁতে জাহাজত দুয়োৱে নাৰীৰ অধিকাৰৰ বিষয়ে আলোচনা কৰে আৰু পাঁচদিনৰ পাছতেই "Women's Right Convention" পাতিবৰ উদ্দেশ্য বাতৰি কাকতত বিজ্ঞাপন দিয়ে।
পূৰ্বে উল্লেখ কৰাৰ দৰেই নাৰী অধিকাৰৰ বাৰটা প্ৰস্তাৱ দাঙি ধৰি পৰৱৰ্তী যুগৰ পথ পদৰ্শক হিচাপে ছেনেকা ফলছ নামৰ সৈতে প্ৰথমখন "Women Right Convention" ৰ কথা ইতিহাসত জিলিকি আছে। ১৮৩৬ ৰ পৰা বাৰ বছৰ জুৰি এলিজাবেথৰ সৈতে কেইবাগৰাকী মহিলাৰ চেষ্টাৰ ফলত ১৮৪৮ চনত নিউয়ৰ্ক ৰাজ্যত "Married Women's Properity Act" খন সিদ্ধ হৈছিল যদিও তাৰ যোগেদি এটা বিশেষ শ্ৰেণীৰ কম সংখ্যক নাৰীয়েহে সুবিধা পাইছিল। উত্তৰাধিকাৰী সূত্ৰে পোৱা সম্পত্তিৰ ওপৰতে মালিকানা বৰ্তালেও নিজৰ উপাৰ্জনৰ অধিকাৰ এই আইন মতে স্বামীৰ ওপৰতে আছিল।
সাংগাঠনিক কামত পাৰদৰ্শী চুছানে আইন সভাত আবেদন কৰি প্ৰচলিত আইনখন সংশোধন কৰিবলৈ উঠিপৰি লাগে আৰু আৰম্ভ কৰে চহী সংগ্ৰহৰ কাম। নিউয়ৰ্ক ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পৰা ছয় হাজাৰ চহী। কিন্তু আইন সভাৰ সভ্যসকলে "Joint Judiciary Committe"ৰ আগত এলিজাবেথে নাৰীৰ আইনসংগত অধিকাৰৰ বাবে দিয়া বক্তৃতা আৰু চুছানৰ চহী সংগ্ৰহৰ বিষয়টো হাঁহি উৰুৱাই দিয়ে।
নাৰী অধিকাৰৰ প্ৰয়োজনীয়তা সম্পৰ্কত সভ্যসকলে লিখিছিল -- "The ladies always have the best place and choicest tidbits at the table. They have the best seat in the cars and carriage; the warmest place in winter and coolest place in summer. A lad's dress costs three times as much as that of a gentlemn."
অৱশেষত নাৰীবাদী মহিলাসকলৰ প্ৰচেষ্টাত ১৮৬০ চনত নিউয়ৰ্ক ৰাজ্য আইন সভাই বিবাহিতা নাৰীৰ সম্পত্তি আৰু উপাৰ্জনৰ ওপৰত পূৰ্ণ অধিকাৰ মঞ্জুৰ কৰিলে। পিতৃৰ সৈতে মাতৃয়েও পালে সন্তানৰ অভিভাৱকত্ব। এই প্ৰথম স্বামীৰ মৃত্যুৰ পাছত পত্নী তেওঁৰ সম্পত্তিৰ অন্যতম আইনসংগত উত্তৰাধিকাৰী বুলি গণ্য কৰা হয়। কিন্তু ভোটাধিকাৰৰ বাবে তাৰ পাছতো ষাঠি বছৰ অৰ্থাৎ ছেনেকা ফলছৰ অধিৱেশনৰ পৰা বাসত্তৰ বছৰ যুঁজিব লগা হৈছিল। ১৯২০ চনত বহুতৰ অশেষ ত্যাগৰ ফলত ভোটাধিকাৰৰ প্ৰস্তাৱটো বাস্তৱত ৰূপায়িত হৈছিল। কিন্তু অতি দুখৰ কথা আছিল ছেনেকা ফলছত অনুষ্ঠিত হোৱা "Women's Right Convention"-ত উপস্থিত থকা মহিলাসকলৰ ভিতৰত শ্বাৰ্লক উৰ্ডৱাৰ বাহিৰে আন কোনেও এই সুসংবাদটো শুনিবলৈ জীৱিত নাছিল।
স্বাধীনতা এই সৰু শব্দটোৰ অন্তনিৰ্হিত অৰ্থ বুজি পাবলৈ মহিলাসকলে প্ৰায় দুশ বছৰ অপেক্ষা কৰিব লগা হ'ল। কিন্তু আজিৰ আধুনিক নাৰীয়ে স্বাধীনতা বুলিলে বুজি পায় ফেশ্বনৰ নামত যৌন আবেদনমূলক পোছাক, প্ৰেমৰ নামত কোনো ৰেস্তোৰাত ঘন্টাৰ পাছত ঘন্টা প্ৰেমৰ(??) আলাপন তথা বিয়েৰ বাৰত মহিলাৰ অবাধ বিচৰণ। কিন্তু এইবোৰক জানো স্বাধীনতা আখ্যা দিব পাৰি?? অতীতৰ মহিয়সীসকলে আমাক দি যোৱা স্বাধীনতাৰ নামত ৰঙীণ পোছাকেৰে শৰীৰ সজাই আনন্দত মাতাল হৈ থাকিলেই জানো হ'ব? কাৰণ আমি এইটো পাহৰি যোৱা অনুচিত যে ইমান স্বাধীনতা পোৱাৰ পাছত নাৰী আজিও "Second Sex" বা দ্বিতীয় লিংগ। যদিও এফালে আজিৰ নাৰীয়ে মহাকাশ বিচৰণ কৰিব পাৰিছে, আনফালে যৌতুকৰ বাবে নিজ স্বামীৰ হাতত মৃত্যুও বৰণ কৰিছে সেই নাৰীয়েই। আনকি উচ্চতম ন্যায়ালয়ৰ অধিবক্তা সংগীতা শৰ্মাৰ দৰে শিক্ষিতা মহিলাই পুৰুষৰ অতিশয্যাত আত্মহত্যা পৰ্যন্ত কৰিব লগাত পৰিছে। নিশি পাণ্ডেৰ দৰে অধ্যাপিকাও সাৰি যোৱা নাই পুৰুষৰ অত্যাচাৰৰ পৰা।
ইমানবোৰ জনাৰ পাছতো বৰ্তমান শিক্ষিতা মহিলাসকলৰ কি কোনো কৰ্তব্য নাই? কাৰণ ছাৰা, এঞ্জেলিনা, লুচি আদিয়ে তেওঁলোকৰ উত্তৰাধিকাৰী অৰ্থাৎ বৰ্তমান নাৰীক যি অধিকাৰ দি গ'ল, ঠিক তেনেকৈয়ে আজিৰ নাৰীৰো ভৱিষ্যত প্ৰজন্মৰ প্ৰতি কৰ্তব্য আছে। সকলো অধিকাৰ পোৱাৰ পাছতো আজিৰ নাৰী পুৰুষৰ অতিশয্যৰ পৰা মুক্ত নহ'ল আৰু তেনে এখন বৈষম্যহীন সমাজ পাবলৈ বৰ্তমান নাৰীয়ে যুঁজিব লাগিব আৰু কৰিব লাগিব এই যুঁজকেই নাৰী অধিকাৰৰ অন্তিম যুঁজ। হয়তো তেনে এখন লিংগ বৈষম্যহীন সমাজত থিয় দিহে আজিৰ নাৰীয়ে গৌৰৱেৰে ক'ব পাৰিব মেৰী, চুজান আমি প্ৰকৃততেই তোমালোকৰেই উত্তৰাধিকাৰী।
(অগ্ৰদূত কাকতত প্ৰকাশিত)

কবি:-
ණ ৰেখা বৰুৱা ।
No comments:
Post a Comment