Friday, 12 May 2017

পুনৰীক্ষণ (৪৭) : ৮-১৫ এপ্ৰিল ২০১৭ : দ্বিতীয় খণ্ড



আখৰুৱা : literati গোটৰ কবিতাৰ পৰ্যালোচনা
পুনৰীক্ষণ (৪৭) : ৮-১৫ এপ্ৰিল ২০১৭ : দ্বিতীয় খণ্ড :
পৰ্যালোচক-- দুলাল হাজৰিকা
কবিতা হল এক শিল্প। এই শিল্পক এক নিৰ্দিষ্ট সংজ্ঞাত বান্ধি ৰাখিব নোৱাৰি। কোনো সংজ্ঞাৰ আধাৰতো কবিতা ৰচনা কৰা নহয় বা কবিতা এনেকুৱা হবই লাগিব বুলিও কোনো কথা নাই। অৱশ্যে কবিতা বুলি কলেই কিবা নহয় কিবা এটা ধাৰণা সকলোৰে মনলৈ আহে । সেই ধাৰণাও ব্যক্তিভেদে বেলেগ বেলেগ হয়। তদুপৰি সময়ৰ লগে লগে বা সমাজ সলনিৰ লগে লগে কবিতা সম্পৰ্কীয় ধাৰণাও সলনি হৈ আহি আছে। অসমীয়া কবিতাই মৌখিক সাহিত্য, মাধৱ কন্দলি ,শংকৰদেৱ ,মাধৱদেৱৰ পৰা অৰুণোদয় , জোনাকী, জয়ন্তী ,ৰামধেনু আদিৰ মাজেৰে বিৱৰ্তন লাভ কৰি আহি বৰ্তমান অৱস্থা পাইছেহি। এই অাটাইবোৰ কবিতাৰে সুকীয়া সুকীয়া বৈশিষ্ট্য আছে। আজিৰ দৃষ্টিত উৎকৃষ্ট বুলি বিবেচিত কবিতা এটা ভৱিষ্যতত পুৰণি হৈয়ো পৰিব পাৰে। সাম্প্ৰতিক সময়ত কবিতা কেনে হব লাগে সেই সম্পৰ্কেও বিতৰ্কৰ শেষ নাই। আধুনিক কবিতাৰ উদ্ভৱ হোৱাৰে পৰা বিতৰ্কৰ মাত্ৰা বৃদ্ধি পাইছে আৰু নতুন নতুন পৰীক্ষা নিৰীক্ষাৰ আধাৰত বিভিন্ন আংগিকত কবিতা ৰচনা হৈ আছে। গতিকে পাঠকক আনন্দ দিব পৰা ধৰণেৰে কবিতাক এটা শিল্পসন্মত ৰূপ দি যোৱাই বুদ্ধিমান কবিৰ লক্ষ্য হোৱা উচিত। এই পৰ্যালোচনাত কবিতা সম্পৰ্কীয় ধাৰণাৰ আধাৰত বা সমালোচকৰ দৃষ্টিৰে কবিতাসমূহৰ বিচাৰ কৰিবলৈ চেষ্টা কৰা হোৱা নাই। মোৰ সমালোচনা সম্পৰ্কীয় ধাৰণা অতি সীমিত আৰু কবিতাৰ আলোচনা কৰিবলৈ যি অধ্যয়ন লাগে সেই অধ্যয়নো মোৰ নাই। গতিকে প্ৰথমতেই উল্লেখ কৰি লোৱা উচিত হব যে এই আলোচনা এজন পাঠকৰ দৃষ্টিৰে কৰা পৰ্যালোচনা। ইয়াত স্বাভাৱিকতে বহুতো ত্ৰুতি থাকিব আৰু আশা কৰিম যে বিজ্ঞসকলে সেইবোৰ আঙুলিয়াই দি বাধিত কৰিব।
সাম্প্ৰতিক অসমীয়া কবিতালৈ লক্ষ্য কৰিলে বা পাঠক হিচাপে দৃষ্টিলৈ অহা কবিতাৰ আধাৰত এটা কথা উল্লেখ কৰিব পাৰি যে বৰ্তমান অসমীয়া কবিতাৰ দুটা ভাগ বা ধাৰাৰ কথা মনলৈ আহে । প্ৰথমটো ধাৰাত আছে এনে কবিতা যত আমি প্ৰত্যক্ষ কৰো বিষয়ক (কবিতাক) এক কাব্যিক চিত্ৰকল্পৰ সহায়েৰে দিয়া সূক্ষ্ম শিল্পসন্মত ৰূপ য সদায় দেখা ছবিখন অনন্য ৰূপত ধৰা দিয়ে। এনে কবিতাত ভিতৰুৱা অৰ্থ নাথাকে আৰু কবিয়ে যি কয় তাকে পোনপটীয়া ভাবে শিল্প সন্মত ৰূপ দি প্ৰকাশ কৰে। সততে কবিৰ বৰ্ণনা প্ৰতিভা বা সূক্ষ্ম দৃষ্টিকোণৰ প্ৰকাশে কবিতাসমূহক অনন্য কৰি তোলে। আনটো ধাৰাত আছে কবিয়ে আচল অৰ্থক ঢাকি প্ৰকাশ কৰা কবিতাসমূহ। যিটো আধুনিক কবিতাৰ প্ৰ্ধান বৈশিষ্ট্য। এনে কবিতাৰ পোনপটীয়া অৰ্থ কৰিবলৈ গলে বুজি পোৱাত অসুবিধা হয়। কবিয়ে বেলেগ কথাৰে বেলেগ অৰ্থ প্ৰকাশ কৰে।এই বৈশিষ্ট্যই কবিতাক মাধুৰ্য প্ৰদান কৰে আৰু পাঠকৰ কাৰণেও মনোগ্ৰাহী কৰি তোলে। এনে ধাৰাৰ কবিতাত কবিয়ে ব্যঞ্জনাৰ সহায়েৰে আচল কথাক প্ৰকাশ কৰিবলৈ যত্ন কৰে। আমাৰ ভকতীয়া সাঁথৰ বা ফকৰাসমূহৰ মাজত ইয়াৰ উৎকৃষ্ট উদাহৰণ পাব পাৰি। এই দুয়োটা ধাৰাৰ সুসমম্বয় ঘটা কবিতাসমূহেই বৰ্তমান সময়ত উৎকৃষ্ট কবিতা বুলি কব পাৰি। পাঠকভেদে কবিতাৰ ৰস আহৰণো বেলেগ ধৰণৰ আৰু প্ৰতিজন পাঠকে নিজস্ব ধৰণেৰে কবিতা এটা পঢ়ি বুজি লব পাৰে আৰু বহুক্ষেত্ৰত কবিয়ে যি অৰ্থত লেখিছিল পাঠকৰ কাৰণে সেই অৰ্থ নহবও পাৰে। গতিকে কবিতা এটাৰ সৃষ্টি বা নিৰ্মাণৰ লগত কবিৰ শ্ৰম আৰু বুদ্ধি আৰু সময় জড়িত হৈ থাকে। আবেগ, বুদ্ধি আৰু অধ্যৱসায়ৰ সঠিক মিশ্ৰণে একোটা কবিতাক কবিতাৰূপে সফল কৰি তোলে।
এপ্ৰিলৰ দ্বিতীয় সপ্তাহটোত আখৰুৱাত মুঠ ২৬ টা কবিতা প্ৰকাশ হৈছিল। বেছিভাগ কবিতাই কাব্যিক সুষমাৰ ফালৰ পৰা অনন্য বুলি কব পাৰি। এই পৰ্যালোচনাত আখৰুৱাৰ নিয়ম মানি মুঠ ৫ টা কবিতা আলোচনালৈ অনা হৈছে। এই কথাও কব লাগিব যে কেইটামান উৎকৃষ্ট কবিতা আলোচনালৈ আনিব পৰা নগল এই কাৰণেই যে উক্ত কবিসকলৰ অন্য কবিতা ইতিমধ্যে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ পুনৰীক্ষণে সামৰি লৈছে।
আমি এই পৰ্যালোচনাৰ বাবে বাছনি কৰা কবিতাসমূহ হলঃ
আমি এই পৰ্যালোচনাৰ বাবে বাছনি কৰা কবিতাসমূহ হলঃ
১. 'কবিতা নহয়' ~ কবি -চন্দন বেজবৰুৱা
২. জীৱনৰ গান ~ কবি -জাকিৰ হুছেইন
৩. বসন্ত তোৰ সতে আহে..... ~ কবি-নিৰুপমা ডেকা
৪. কাব্যনিনাদ ~ কবি-অনুৰাগ কাশ্যপ
৫. সুপ্ৰভাত ~ কবি--সুভাষ দাস
আলোচনাৰ বাবে লোৱা প্ৰথম কবিতাটো হৈছে চন্দন বেজবৰুৱাৰ এটি কবিতা । কবিতাটোৰ শিৰোনামত ''কবিতা নহয়" বুলি উল্লেখ কৰা হৈছে। পাঠকৰ সুবিধাৰ বাবে কবিতাটো তুলি দিয়া হৈছে।
'কবিতা নহয়'
কবি ----চন্দন বেজবৰুৱা
ক)
সম্পৰ্ক বোৰ জ্বলে
খলা বমা পথত
তাত আছিল
এৰা ধৰাৰ পৰিবৰ্তে
দিয়া লোৱাৰ বান্ধোন
খ)
আধুনিকতাৰ ওৰণিত
নৃত্যৰতা পৃথিৱীৰ
তাণ্ডব
কৃত্ৰিম ফুলে
জীপাল বাগিচা
গ)
উশাহৰ পৰিবৰ্তে আতৰ
আশাৰ পৰিবৰ্তে সামগ্ৰী
মানৱতাৰ মুখাৰে
দানৱৰ দপ দপনি
ঘ)
শ্লীতাৰ পৰিবৰ্তে অশ্লীলতা
চুনামিৰ প্ৰভাৱত প্ৰেমি প্ৰতাৰক
লাঞ্চিত হৃদয়ৰ চকুত তেজীমলা
জয়মতী হ'ল মৰীচিকা ,
ঙ)
অন্ততঃ
উদ্গীৰত বাস্প পিণ্ডত
মহাভাৰতৰ যুদ্ধ
সত্যৰ সন্ধান !
আলোচ্য কবিতাটি পাচটা স্তৱকত বিভক্ত। প্ৰথম স্তৱকত কোৱা হৈছে সম্পৰ্কৰ পৰিচয় তেতিয়াহে পোৱা যায় যেতিয়া সমস্যাৰ উদ্ভৱ হয় বা জীৱনে কঠিনতাৰ মুখামুখি হলেই মানুহৰ পাৰস্পৰিক সম্পৰ্কবোৰ স্পষ্ট হৈ উঠে। আগতে সম্পৰ্কবোৰ আন্তৰিক আছিল। পৃথিৱীখন যিমানেই জটিল হৈ আহিছে সিমানেই মানুহ পৰস্পৰৰ পৰা আঁতৰি আহিছে। বৰ্তমান সম্পৰ্কৰ আঁৰত লাভ-লোকচানেহে প্ৰাধান্য পায়। সময়ৰ লগে লগে সমাজখনো যেন স্বাভাৱিকতা নোহোৱা হৈ পৰা এখন যান্ত্ৰিক সমাজলৈ ৰূপান্তৰিত হব ধৰিছে ।
দ্বিতীয়ৰ পৰা চতুৰ্থ স্তৱকলৈ কবিয়ে কৃত্ৰিম সমাজখনত দেখা দিয়া যান্ত্ৰিকতা প্ৰত্যক্ষ কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। সকলো কৃত্ৰিমতাৰ মাজত যেন মানুহৰ আসুৰিক শক্তিবোৰে মূৰ দাঙি উঠিছে।
শ্লীতাৰ পৰিবৰ্তে অশ্লীলতা
চুনামিৰ প্ৰভাৱত প্ৰেমি প্ৰতাৰক
লাঞ্চিত হৃদয়ৰ চকুত তেজীমলা
জয়মতী হ'ল মৰীচিকা ,
এইখিনিতে উল্লেখ কৰিব পাৰি যে শ্লীতাৰ সলনি শব্দটো শ্লীলতা হব লাগিছিল। যান্ত্ৰিক পৃথিৱীত মানবীয়তাৰ স্থান নাই।সকলো ফালে যেন লাহে লাহে অৱক্ষয় নামি আহিছে আৰু বিয়পি গৈছে । এনে এক প্ৰেক্ষাপটত নিৰীহ মানুহ অসহায়। মানুহৰ মাজত ত্যাগ, বলিদান আদি প্ৰমূল্যৰ আশা কৰাটো এক মৰীচিকা মাথোন।
অন্ততঃ
উদ্গীৰত বাস্প পিণ্ডত
মহাভাৰতৰ যুদ্ধ
সত্যৰ সন্ধান
ইমান অৱক্ষয় দেখিও অৱশ্যে কবি আশাবাদী। কবিয়ে আশা কৰিছে এই যান্ত্ৰিকতাৰ মাজতো মানুহৰ বিবেক জাগ্ৰত হব আৰু এখন সত্যৰ আধাৰিত সমাজ গঢ়ি উঠিব । কবিৰ সমাজ সচেতন দৃষ্টি ভংগীৰ প্ৰকাশ কবিতাটোৰ উল্লেখযোগ্য দিশ। যি কবিতাত সমাজ বাস্তৱৰ জীয়া ছবি প্ৰতিফলিত হয় তেনে কবিতাই অধিক সংখ্যক পাঠকৰ মনোযোগ লাভ কৰে। সমাজৰ সূক্ষ্ম দিশৰ উন্মোচনে এই কবিতাটোকো গভীৰতা প্ৰদান কৰিছে। কবিতাটোত এই কথাও কব লাগিব যে বক্তৃতাধৰ্মী বক্তব্যই কবিতাৰ মাধুৰ্য হ্ৰাস কৰে। কবিয়ে এই ক্ষেত্ৰত মনোযোগ দিলে আৰু ভাল কবিতা সৃষ্টি কৰিব পাৰিব। কবিতা নহয় বুলি উল্লেখ কৰিছে যদিও কবিতাৰ মূল বক্তব্য পাঠকে বুজি পোৱাত বা কবিতাটোক গভীৰতা প্ৰ্দান কৰাত শিৰোনামৰ ভূমিকা অস্বীকাৰ কৰিব নোৱাৰি । কবিয়ে কবিতা নহয় বুলি কোৱাতকৈ অন্য এটা উপযুক্ত শিৰোনাম ব্যৱহাৰ কৰাৰ বিষয়ে ভাবি চাব পাৰে।
আলোচনা কৰিবলৈ লোৱা দ্বিতীয়টো কবিতা হল জাকিৰ হুছেইনৰ- জীৱনৰ গান
জীৱনৰ গান
কবি--জাকিৰ হুছেইন
কেলৈ নেদেখিবি অ' সপোন পোনাকন ?
এই এখনেইটো নিভৃত জগৎ
তোৰ মোৰ ৷
বেলিৰ সতে তৰা দেখাৰ...
মাছহৈ পাখি লগাই উৰাৰ...
মানুহহৈ গছ হোৱাৰ....
আকাশ হোৱাৰ....
আস পোনাকন......
কোনে কি কয় কওঁক
পোনাকন, আমি কিন্তু সপোন দেখিমেই দেই!!
আৰু মই....
একুৰি দুকুৰিকৈ
সাঁচি যাম তোৰ বাবে বসন্ত ৷
ফাগুণৰ লঠঙা দালত
সন্তৰ্পনে উকমুকুৱা মুকুলৰ দৰে
সপোন দেখিম বাস্তবৰ ৷
পোনাকন দেখোন জীৱনৰ পাতে পাতে
ইতিহাসে সামৰিব নোৱাৰা
নিৰ্ভেজাল সত্য ৷
আলোচ্য কবিতাটোত কবিৰ গভীৰ জীৱনবোধ প্ৰকাশ পাইছে। কবিৰ মতে এই পৃথিৱীখনেই সত্য আৰু জীৱন সুন্দৰ কৰে সপোনে। আধুনিক জীৱনত হতাশাগ্ৰস্থ নতুন প্ৰজন্মই যেন সপোন দেখিবলৈ পাহৰি গৈছে। সপোন দেখিবলৈ পাহৰাৰ কাৰণেই পথভ্ৰষ্ট হৈ পৰিছে। কবিয়ে সেয়ে আশ্বাস আৰু প্ৰেৰণা দিব বিচাৰিছে। জীৱনৰ তিক্ত অভিজ্ঞতাইও কবিৰ আশাবাদী মনোবল হ্ৰাস কৰিব পৰা নাই।
কোনে কি কয় কওঁক
পোনাকন, আমি কিন্তু সপোন দেখিমেই দেই!!
কবিয়ে আশ্বাস দিব বিচাৰে, প্ৰেৰণা হব বিচাৰে। জীৱন যুদ্ধত সহজে ভাগৰুৱা হৈ পৰা নতুন প্ৰজন্মক সঠিক পথ দেখুৱাবলৈ কবিৰ জীৱনৰ অভিজ্ঞতা আৰু ইতিবাচক দৃষ্টিভংগীয়ে নিশ্চয়কৈ সহায় কৰিব।
আৰু মই....
একুৰি দুকুৰিকৈ
সাঁচি যাম তোৰ বাবে বসন্ত ৷
পিতৃয়ে সদায় সন্তানৰ মঙ্গলৰ বাবে নিজকে উছৰ্গা কৰিব বিচাৰে। সন্তান আৰু পিতৃৰ মাজত ব্যৱধান নোহোৱা হৈ গলে এটা সুন্দৰ জীৱন আশা কৰিব পাৰি। কবিয়েও তাকেই কব বিচাৰে। জীৱনৰ মহত্ব কোনো কালেই শেষ নহয় । বাস্তৱ পৃথিৱীখনকে আশ্ৰয় কৰি জীৱনৰ জয় গান গাব পৰাতেই কবিৰ সাৰ্থকতা প্ৰকাশ পাইছে। অৱশ্যে সৰ্বাংগ-সুন্দৰ কবিতা সৃষ্টিৰ ক্ষেত্ৰত কবিৰ আবেগৰ ওপৰত নিয়ন্ত্ৰণ অপৰিহাৰ্য। এনে লাগে কবি যেন আবেগৰ ভৰত উথলি উঠিছে। আবেগৰ মাত্ৰাধিক প্ৰকাশে কবিতাক দুৰ্বল কৰে। আশা কৰোঁ কবিয়ে এই দিশত মনোনিবেশ কৰি ভৱিষ্যতে আৰু গভীৰ জীৱনবোধ সম্পন্ন কবিতা ৰচনা কৰি আমাক আপ্লুত কৰিবলৈ সক্ষম হব । কবিতাটোত ....... চিনৰ অত্যধিক ব্যৱহাৰে কাব্যিকতা হ্ৰাস কৰিছে বুলি ক লাগিব।
আলোচনাৰ বাবে লোৱা তৃতীয়টো কবিতা হল নিৰুপমা ডেকাৰ বসন্ত তোৰ সতে আহে।
বসন্ত তোৰ সতে আহে.....
কবি- নিৰুপমা ডেকা
বসন্ত তোৰ আগমনত
মোৰ বাগিছাৰ বহুদিন
নুফুলা গোলাপ জোপাত
কলিয়াইছে কেইপাহ মান
ৰঙা গোলাপ
মোৰ বুকুত এটা হেঁপাহৰ
কলাডিলীয়া খোপা
এই খোলো এই খোলো
তাৰ আৱেগৰ গাঁঠি
প্ৰতিটো উশাহত লৰে
মনৰ কোঠালিৰ পুৰণি স্মৃতি
বসন্ত তোৰ সতে
বৰদৈচিলা হৈ আহি
গুচি যায় বহু সুখ আৰু দুখ
দি যায় বিষ অসুখ আৰু
বহু মিঠা মিঠা
অনুভূতি.....
বসন্ত মোৰ প্ৰাণৰ ঋতু
বুকু ভৰি সম্ভাৱনাই
নাচি উঠে দেও পাৰি
তোৰ বুকুত যে
জীয়াই থাকে সেউজ
সপোনৰ ভঁৰাল এটি.........
কবি ডেকাৰ এই কবিতাটোত মানুহৰ মন প্ৰাণ উতলা কৰা বসন্তৰ গৰিমা প্ৰকাশ পাইছে। বসন্ত বেছি ভাগ মানুহৰে প্ৰিয় ঋতু। বসন্ত আহিলেই মানুহৰ মনত অজান আবেগে লহৰ উঠে। কবিও ইয়াৰ ব্যতিক্ৰম নহয়। বসন্তই যেন কবিৰ মনত সুপ্ত হৈ থকা আবেগ জাগ্ৰত কৰি দিয়ে। কবিয়ে আশাৰ সপোন দেখে। বসন্তৰ পৰশত সেই সপোনে যেন প্ৰাণ পাই উঠে। বসন্তৰ সতে কবিৰ বহুতো সুখ-দুখৰ স্মৃতি জড়িত হৈ আছে। সেই স্মৃতিক বসন্তৰ পুনৰ আগমনে নতুনকৈ সজীৱ কৰি তোলে। আনহাতে বসন্তৰ অনুষংগ ৰূপে আহে বৰদৈচিলা। মানুহৰ সুখ-দুখ যেন চিৰ লগৰীয়া। কেতিয়াবা সেইবোৰে জুমুৰি দি ধৰে আৰু কেতিয়াবা নিজেই সেইবোৰ স্তিমিত হৈ পৰে। জীৱনৰ এই দিশটোও কবিতাটোত প্ৰকাশ পাইছে।
বসন্ত মোৰ প্ৰাণৰ ঋতু
বুকু ভৰি সম্ভাৱনাই
নাচি উঠে দেও পাৰি
তোৰ বুকুত যে
জীয়াই থাকে সেউজ
সপোনৰ ভঁৰাল এটি.........
বসন্তৰ মাজত কবিয়ে অসীম সম্ভাৱনা দেখা পাইছে। মানুহক দিব পৰা প্ৰেৰণাদায়ক শক্তি বসন্ত ঋতুত নিহিত হৈ আছে। আনহাতে এই কবিতাটোত আমি বসন্তক সময়ৰ প্ৰতীক ৰূপেও লব পাৰো। সময়ে মানুহক প্ৰেৰণা দি উৎসাহী কৰিব পাৰে নাইবা সময়ে মানুহক ভাগৰুৱা কৰিও তুলিব পাৰে। কেতিয়াবা হঠাতে আমাৰ মন কিবা ভাৱনাত উৎফুল্ল হৈ পৰে। সেই সময়ে আমাক মনত পেলাই দিব পাৰে সুখ দুখৰ অলেখ স্মৃতি। তদুপৰি যৌৱন কালতে মানুহৰ সৃষ্টি শক্তিয়ে আটাইতকৈ বেছি ক্ৰিয়াশীল হৈ উঠিব পাৰে । কবিতাটোৰ মাজত নিহিত থকা এই সম্ভাৱনাই সততে পাঠকৰ মনত দোলা দি যায়। অৱশ্যে কবিতাটোত আৰু বেছি ব্যঞ্জনাধৰ্মী গুণ আৰোপ কৰাৰ থল আছে। আশাকৰো কবিয়ে এই দিশত মনোযোগ দি ভৱিষ্যতে আৰু বেছি সুন্দৰ কবিতা আমাক উপহাৰ দিব।
আলোচনা কৰিবলৈ লোৱা চতুৰ্থটো কবিতা হল অনুৰাগ কাশ্যপৰ কাব্যনিনাদ।
কাব্যনিনাদ
কবি---অনুৰাগ কাশ্যপ
প্ৰায়ে
অনুভৱৰ খিৰিকী খুলি
অদুৰত ৰিণি ৰিণি শুনো কাব্যনিনাদ৷
ঢৌ,
ফনা মেলি খেদি আহে
ত্ৰাহি মধুসুদন
এই যে
এন্ধাৰত আমি কচৰৎ কৰো অশ্লীলতাৰ
সেয়া শিল্প নে গল্প??
সুৰা,
ৰাগত ৰাগিয়াল
তোৰ লিকতীয়া উৎকট সুৱাস
চিনো তোৰ বিন্দাচ পৃথিৱী
তেজত উদ্দাম নৈ
বিষাদে কান্দে মোৰ বুকুতে ৰৈ৷
চঁৰাঘৰ,
বাটৰুৱা ইয়াতেই বহ
সৌখন পিতাইৰ চায়াছবি গজালত
হনুত ভোকে পোৰা দিনৰ দিনলিপি লৈ গ'লগৈ---
জোলোঙাত বেলিটো লৈ গৈছিলি কলৈ
হেমন্তৰ শেষত লৈ আনিবি শীতৰ উমঃ পূনঃ৷
তৰাফুল,
গোপনে কিয় ফুল?
তোৰ দুচকুত সজল অশ্ৰু লৈ
ইমান চকুলো অনাদি অনন্ত জুৰি
পোহৰ অকণ মোৰ বুকুতো সাঁচি থ'
ভালপোৱা,
শব্দৰ উৰ্ধত এখন্তেক ৰ
মই অনুভৱৰ দাঁতিয়েদি বগাওঁ শূন্যতা
সুখৰ বিনিময়ত লও দুখৰ মধুৰ আলিংগন
ভালপোৱা,প্ৰাচীন ৰহস্য মোৰ৷
প্ৰান্তত,
সাৰে আছো মই
এইবাবেই যে
তুমি সুখৰ টোপনিত৷
নিদ্ৰিত দুচকু মেলিলেই শূন্য চৌদিশ৷৷
অনুৰাগ কাশ্যপৰ কাব্যনিনাদ কবিতাটো সাতটা স্তৱকত বিভক্ত। প্ৰথম স্তবকত কবিয়ে কৈছে অনুভৱৰ খিৰিকী খুলিলেই কবিৰ মনত কাব্য-ভাৱনাই ধৰা দিয়েহি, যি অনুভৱত কবিৰ সংবেদনশীল মন সাৰ পাই উঠে। কবিৰ মনত বিভিন্ন ভাৱনাই ঢৌৰ দৰে আহি খেলা কৰে। কেতিয়াবা বিভিন্ন ভাব- চিন্তা ঢৌৰ দৰে আহি সকলোকে কোবাই যায় আৰু তাৰ কবলৰ পৰা কোনোৱে নিস্তাৰ নাপায়। মানুহৰ মনত দুখন জগত থাকে। বাহ্যিক আৰু আভ্যন্তৰীণ। আভ্যন্তৰীণ জগতখন সদায় এন্ধাৰ হৈ থাকে। এইখন জগতৰ বিষয়ে কেবল নিজেহে উমান লব পাৰি আৰু প্ৰতিজন মানুহৰে এই জগতখন একান্ত নিজৰ য মানুহে নিজৰ ইচ্ছা মতেই সকলো কৰে আৰু এই কাম-কাজবোৰ মানুহৰ মগজুৰ দ্বাৰা পৰিচালিত নহয়। কবিয়ে এই জগতত দেখা পোৱা সুখ-দুখ ভাল লগা, বেয়া লগা আদি বিভিন্ন অনুভূতি কাব্যিক ব্যঞ্জনাৰে প্ৰকাশ কৰিছে।
চঁৰাঘৰ,
বাটৰুৱা ইয়াতেই বহ
সৌখন পিতাইৰ চায়াছবি গজালত
হনুত ভোকে পোৰা দিনৰ দিনলিপি লৈ গ'লগৈ---
জোলোঙাত বেলিটো লৈ গৈছিলি কলৈ
হেমন্তৰ শেষত লৈ আনিবি শীতৰ উমঃ পূনঃ৷
এই স্তৱকটোত কবিৰ আশাবাদ প্ৰকাশ পাইছে। বৰ্তমানটো আমাৰ ইমান উদিগ্নতা আৰু সংশয়েৰে ভৰা যা অতীতৰ কৰুণ স্মৃতি সম্বলিত দিনবোৰ তাৰ তুলনাত বহুত শান্তিৰ আছিল। আমাৰ তুলনাত পূৰ্বপুৰুষে আজীৱন দুখকে বহন কৰি থাকিব লগা হোৱা স্বত্বেও মানুহবোৰ সুখী আছিল কিন্তু বৰ্তমান আগৰ দৰে দুখ নথকা আৰামদায়ক জীৱন লাভ কৰিলেও যেন মানুহ সদায় অসুখী হৈয়ে থাকিব লগা হয় । কবিয়ে আশা কৰিছে এদিন পুনৰ শান্তিময় জীৱন ঘূৰি আহিব।
প্ৰান্তত,
সাৰে আছো মই
এইবাবেই যে
তুমি সুখৰ টোপনিত৷
নিদ্ৰিত দুচকু মেলিলেই শূন্য চৌদিশ৷
প্ৰথম স্তবকত যি দৰে বিভিন্ন ভাৱনাই কবিৰ মনত প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ বিষয়ে ব্যক্ত কৰিছিল সেইদৰে শেষৰ স্তৱকত কবিয়ে নিজৰ স্থিতি ব্যক্ত কৰিছে। অনিশ্চয়তাৰে ভৰা বৰ্তমানত যাতে কবিৰ আপোনজন শান্তিত থাকিব পাৰে, সুখত থাকিব পাৰে তাক লৈ কবি সজাগ। আনৰ কাৰণে ত্যাগ কৰিব পৰাতেই মানৱ জীৱনৰ সাৰ্থকতা। কবিতাত প্ৰকাশিত এনে ধৰণৰ জীৱন দৰ্শনে স্বাভাৱিকতে সাৰ্বজনীন ৰূপ লাভ কৰে। যি শিল্পত এনে কল্যাণকামী আদৰ্শৰ প্ৰকাশ ঘটে সেই শিল্পই স্থায়িত্ব লাভ কৰে। আলোচ্য কবিতাটোত পাঠকক এনে অনুপ্ৰেৰণা দিব পৰা বৈশিষ্ট্য নিহিত থকা কাৰণেই এই কবিতাটোৱে উৎকৃষ্ট ৰূপ লাভ কৰিছে বুলি কব পাৰি। বাছকবনীয়া অথচ সৰল শব্দৰ ব্যৱহাৰ কবিতাটোৰ অন্যতম আকৰ্ষণীয় দিশ।
আলোচনা কৰিবলৈ লোৱা পঞ্চমটো কবিতা হৈছে ----সুভাষ দাসৰ সুপ্ৰভাত।
সুপ্ৰভাত
কবি--সুভাষ দাস
কিমান শুনাবা আৰু
বেসুৰা গান
ধ্বংস আৰু বিনাশৰ মন্ত্ৰ ,
নালাগে নাচাওঁ গভীৰ নিশাৰ
হৃদয় বিচুৰ্ণ কৰা
নগ্ন নুপুংশক নৃত্য ।
আন্ধাৰৰ ফাঁকে ফাঁকে
মায়াবী হাতোৰাৰে
কিমান পাতিবা মৰণৰ খেল ,
শিৰৰ সেন্দুৰ মচিবা কিমান
বুকুত মাৰি আগ্নেয় শেল ।
নিশাৰ আন্ধাৰে
গোপনে উচুপে
ভয়াৰ্ত তোমাৰ দুচকুত ,
তেজৰ ফাকুৰে
ৰাঙলী দুহাত
লভিছা জানো শান্তি বুকুত ?
সময় থাকতেই
ধুই পেলোৱা
তেজেৰে ৰাঙলী হাত ,
বিষাদৰ দিনবোৰ
দলিয়াই চোৱা এবাৰ
সম্মুখত ৰৈ আছে সুপ্ৰভাত ॥
কবি সুভাষ দাসে সাম্প্ৰতিক সমাজ জীৱনৰ এখন বাস্তৱ ছবি আঁকিবলৈ প্ৰয়াস কৰিছে। মানুহ পৰস্পৰে পৰস্পৰৰ প্ৰতি হিংসুক হৈ পৰিছে। বৰ্তমান সময়ত হত্যা, হিংসা যেন সাধাৰণ কথা। মানুহে মানুহক অত্যাচাৰ কৰিছে আৰু এনে অত্যাচাৰৰ বলি হৈ এচাম মানুহ জাহ গৈছে। চাৰিওফালে ঘটি থকা এনে এক পৰিৱেশকে কবিয়ে তুলি ধৰিবলৈ যত্ন কৰিছে। এই পৰিৱেশত মানুহ অতীষ্ঠ হৈছে আৰু কবিয়েও প্ৰশ্ন কৰিছে যে কিমান আৰু এইবোৰকে লৈ থাকিবা। এনে এক শ্বাসৰুদ্ধ পৰিৱেশতো অৱশ্যে কবি হতাশ হোৱা নাই। কবিৰ এই আশাবাদী মনোভাবেই কবিতাটোক মাধুৰ্য প্ৰদান কৰিছে।
সময় থাকতেই
ধুই পেলোৱা
তেজেৰে ৰাঙলী হাত ,
বিষাদৰ দিনবোৰ
দলিয়াই চোৱা এবাৰ
সম্মুখত ৰৈ আছে সুপ্ৰভাত।
সৰল ভাৱৰ এই কবিতাটোত অৱশ্যে প্ৰতীক আৰু চিত্ৰকল্পৰে অভিনৱত্ব প্ৰদান কৰাৰ অৱকাশ আছিল। পোনপটীয়া ভাষাৰে কবলৈ যোৱা কাৰণে কবিতাটো বক্তৃতাধৰ্মী হৈ পৰিছে আৰু কবিতা বক্তৃতাধৰ্মী হলে পাঠকক আকৰ্ষণ কৰাত ব্যৰ্থ হয়। ব্যঞ্জনাৰে মাধুৰ্য প্ৰদান কৰিব পাৰিলে কবিতাটো অধিক আকৰ্ষণীয় হৈ উঠিব। কবিতাটোৰ সুন্দৰ ভাৱৰ লগত ভাষাৰ উপযুক্ত ব্যৱহাৰ আৱশ্যকতা নুই কৰিব নোৱাৰি।
আলোচ্য কবিতাসমূহৰ পৰা এটা কথা কব পাৰি যে আখৰুৱাৰ কবিতাসমূহেও শক্তিশালী ৰূপ লাভ কৰিছে আৰু অনাগত দিনত আখৰুৱাই সৃষ্টিশীল সাহিত্যৰ ক্ষেত্ৰত এটা গতি নিৰ্ধাৰক ভূমিকা পালন কৰিবলৈ সক্ষম হব। কবিতাসমূহত অন্তৰ্নিহিত হৈ থকা জীৱন দৰ্শনে পাঠকক অনুপ্ৰেৰণা দিব পাৰিব। আলোচ্য কবিতাসমূহৰ কবিসকললৈ অভিনন্দন আৰু শুভকামনা থাকিল । গভীৰ সৃষ্টিৰে পাঠকক আগলৈও যাতে আপ্লুত কৰে। সাম্প্ৰতিক অসমীয়া কবিতাই দুৰূহ ৰূপৰ পৰা আঁতৰি যথেষ্ট সৰল ৰূপ পৰিগ্ৰহ কৰা দেখা গৈছে। অৱশ্যে যি কবিতা বুজিবলৈ কষ্টসাধ্য অধ্যয়নৰ দৰকাৰ তেনে কবিতাই সীমিত সংখ্যক পাঠককহে সামৰি লব পাৰে। গতিকে ৰসোতীৰ্ণ হলেও তেনে কবিতাৰ পাঠক যথেষ্ট কম। কিন্তু এনে কবিতাইহে কালজয়ী সাহিত্যৰ মৰ্যাদা লাভ কৰে। সাহিত্যক সমাজ পৰিৱৰ্তনৰ অনুঘটক ৰূপে ব্যৱহাৰ কৰিবলৈ হলে সি চহা জনসাধাৰণৰ কাষ চাপিবই লাগিব। কিন্তু এই কথাও লক্ষ্য ৰাখিব লাগিব যে অতি সৰলীকৰণে বা পাঠক লাভৰ স্বাৰ্থত যাতে কবিতাক স্বকীয় স্থানৰ পৰা নিম্নস্তৰলৈ লৈ নাযায় । আমি কবিতাৰ স্বকীয় সৌন্দৰ্য আৰু মৰ্যাদালৈ লক্ষ্য ৰাখি কাব্য চৰ্চা কৰি গলে অসমীয়া কবিতাকো যথাযোগ্য স্থানত বৰ্তাই ৰাখিব পাৰিম বুলি ক পাৰি। সাম্প্ৰতিক কালত অসমীয়া কবিৰ সংখ্যা অভাবনীয় হাৰত বৃদ্ধি পাইছে বুলিও সমালোচনা হোৱা দেখা যায়। এই ক্ষেত্ৰত এটা কথাই কব পাৰি যে প্ৰচাৰ লাভ বা সস্তীয়া জনপ্ৰিয়তাৰ আশ্ৰয় নলৈ যদিহে কবিতাৰ স্বাৰ্থত বা অন্তৰৰ তাগিদাত কবিসকলে কবিতা সৃষ্টিত অগ্ৰসৰ হলে এদিন নিশ্চয় কবিৰূপে সফলতা লাভ কৰিব পাৰিব আৰু অসমীয়া সাহিত্যও সমৃদ্ধিশালী হব ।
আলোচ্য কবিতাসমূহৰ বৰ্ণাশুদ্ধিঃ
'কবিতা নহয়' ~ কবি : চন্দন বেজবৰুৱা
খলা বমা----খলা-বমা
তাণ্ডব----তাণ্ডৱ
দপ দপনি----- দপ্দপনি
শ্লীতাৰ---শ্লীলতা
বাস্প---বাষ্প
(
উদ্গীৰত---উদ্গীৰ্ণ ?)
জীৱনৰ গান ~ কবি : জাকিৰ হুছেইন
মাছহৈ----মাছ হৈ
মানুহহৈ----- মানুহ হৈ
কওঁক--কওক
দালত----ডালত
সন্তৰ্পনে----সন্তৰ্পণে
বাস্তবৰ---বাস্তৱৰ
বসন্ত তোৰ সতে আহে.. ~ কবি : নিৰুপমা ডেকা
কলাডিলীয়াকলডিলীয়া
খোলোখোলোঁ
কাব্যনিনাদ ~ কবি : অনুৰাগ কাশ্যপ
অদুৰতঅদূৰত
ফনা---ফণা
মধুসুদন---মধুসূদন
লিকতীয়ালিকটীয়া
চঁৰাঘৰ---চৰাঘৰ
চায়াছবিছায়াছবি
লও---লওঁ
সুপ্ৰভাত ~ কবি : সুভাষ দাস
বিচুৰ্ণবিচূৰ্ণ
নুপুংশকনপুংসক
থাকতেইথাকোতেই
আখৰুৱাৰ পাঠকসকললৈ আগবঢ়োৱা এপ্ৰিল ২০১৭ সংখ্যাৰ 'পুনৰীক্ষণ'ৰ দ্বিতীয় খণ্ডৰ পৰ্যালোচনা ইমানতেই সামৰণি কৰিলোঁ।
~ দুলাল হাজৰিকা
সদস্য, আখৰুৱা।
৬ এপ্ৰিল, ২০১৭
______________________________________________
ব্যৱস্থাপকৰ মন্তব্য:
--------------------
১) 'পুনৰীক্ষণ'ত সামৰি লোৱা কবিতাত বা পৰ্যালোচনাত থাকিব পৰা ভুল বানান কোনো সদস্যৰ দৃষ্টিগোচৰ হ'লে মন্তব্যত মুকলিকৈ জনায় যেন।
২) আখৰুৱাৰ 'পুনৰীক্ষণ'ৰ মান সম্বন্ধে গোটৰ সদস্যসকলে গঠনমূলক মতামত, পৰামৰ্শ জনালে আমি আনন্দিত হ'ম। আনকি আমাৰ এই প্ৰয়াসত অসন্তুষ্টি থাকিলেও অৱগত কৰে যেন।
৩) এইবাৰৰ পুনৰীক্ষণত সন্নিৱিষ্ট কবিতা আৰু কবিসকল হ'ল ক্ৰমে-
ক) 'কবিতা নহয়' ~ চন্দন বেজবৰুৱা
খ) জীৱনৰ গান ~ জাকিৰ হুছেইন
গ) বসন্ত তোৰ সতে আহে..... ~ নিৰুপমা ডেকা
ঘ) কাব্যনিনাদ ~ অনুৰাগ কাশ্যপ
ঙ) সুপ্ৰভাত ~ সুভাষ দাস
৪) উল্লেখ্য যে পৰ্যালোচনাৰ মূল কবিতাত দৃষ্টিগোচৰ হোৱা ভুল বানানসমূহ পৰ্যালোচকে আঙুলিয়াই দিছে। তাৰ কাৰণে তেখেতক আমাৰ ধন্যবাদ জনালোঁ।
শেষত ক'ব বিচাৰিছোঁ যে- 'পুনৰীক্ষণ' শিতানটো অধিক ক্ৰিয়াশীল বা উন্নত মানৰ হৈ উঠাৰ লক্ষ্যত উল্লিখিত কবিসকলে তথা পাঠকসকলে- পৰ্যালোচনাটোৰ বিষয়ে তেখেতসকলৰ মুকলি মতামত আগবঢ়াই যেন।
ধন্যবাদ
প্ৰশান্ত শৰ্মা
জোনমণি গগৈ
ব্যৱস্থাপক, 'পুনৰীক্ষণ' শিতান,
আখৰুৱা:literati
৬ মে২০১৭

No comments:

Post a Comment