Thursday, 11 May 2017

বৰষুণ



বৰষুণ


এজাক শিল বৰষুণে
চুই গলহি চোতালখন
বৰষুণৰ কোলাত শুই পৰিল
বাগিছাৰ ৰঙা নীলা ফুলবোৰ
হিৰা মুকুটাৰ দৰেই
জিলিকিছে শিলবোৰ,
শেৱালী ফুলৰ দলিচা পৰিছে
ধুলিৰ অাৱৰন ঠেলি
নামিচে বৰষুণ,
নিজম ৰাতিৰ কোলাহল ফালি
মাজৰাতি চিটিকি আহি
দুচকুত বৰষুণ
টুকুৰা -টুকুৰকৈ সপোন বোৰ নামিছে ,
জেওঁৰাখন ফালি সোমালহি
মোৰ চোতালত এজাক শিল বৰষুণ

:- পুতুলী বেজবৰুৱা

No comments:

Post a Comment