কথা তত্ব
.
কিছুমান কথাৰ আঁত বিচাৰি
মুখ নুগুজিব কোনো নাৰীৰ
শিল্পময় ভূষণৰ আঁৰৰ উন্মুক্ত স্তনত
.
কিছুমান কথা নাৰীৰ বস্ত্ৰৰ আঁৰৰ
শাৰীৰিক সুষমাময় ভূগোলৰ দৰে
.
নাৰীৰ শৰীৰ তত্ব আৰু
প্ৰচলিত প্ৰবাদৰ দৰে কিছুমান কথাৰ আঁত
.
কথা ভৱিষ্যত
কথা ইতিহাস
গান বিচাৰি কবৰ নাখান্দিব তাত
এন্ধাৰৰ বুকুত পোহৰে কটা বাট
.
কিছুমান কথাৰ আঁত বিচাৰি
নাঙঠ নকৰিব কোনো নাৰীদেহ
আঁচোৰি চিৰা-চিৰ্ নকৰিব
বস্ত্ৰৰ আঁৰৰ পূজনীয়া সেই সতেজ ভাস্কৰ্য
নহলে ৰাজপথত,বজাৰত
মোহভংগ ঘটিব কথাৰ প্ৰতি
:-দিব্যজিত বানিক্য
No comments:
Post a Comment