জীমনিৰ দেউতাকলৈ
লিখা চিঠি খন .......
মৰমৰ দেউতা ,
মৰম ল'বা ৷
মৰম ল'বা ৷
আশাকৰো কুশলে আছাঁ
৷
মোৰ নো কি ক'ম?
মোৰ নো কি ক'ম?
মাৰ ভালেই,
মাজে মাজে বিষটো উজাই আহে
পিছে আঁচলৰে চকুলো মচি
আমাক দেখুৱাই ঠিকে আছো বুলি হাঁহিটো মাৰে ৷
মাজে মাজে বিষটো উজাই আহে
পিছে আঁচলৰে চকুলো মচি
আমাক দেখুৱাই ঠিকে আছো বুলি হাঁহিটো মাৰে ৷
দাদা, বৌ, ভনীজনীৰো ভালেই
দাদা আজিকালি বৌৰ লগত চহৰত থাকে
হওক, চহৰতো নিজৰ বুলিবলে এখন ঘৰ লাগে ৷
দাদা আজিকালি বৌৰ লগত চহৰত থাকে
হওক, চহৰতো নিজৰ বুলিবলে এখন ঘৰ লাগে ৷
গোহালিটো ভাঙি
পেলালোঁ
তুমি যোৱাৰে পৰা গৰুবোৰো নাইকিয়া হ'ল৷
তুমি যোৱাৰে পৰা গৰুবোৰো নাইকিয়া হ'ল৷
আধিৰ ধানৰ কথা
কিনো ক'ম
পথাৰত পানী নাই
পানীয়ে মাৰিলে বুলি
দুমোনত এমোন দিয়ে
তেনেকৈয়ে চলি আছে ৷
পথাৰত পানী নাই
পানীয়ে মাৰিলে বুলি
দুমোনত এমোন দিয়ে
তেনেকৈয়ে চলি আছে ৷
দেউতা ,
চৰকাৰী পইচাখিনি পালোঁ
নতুনকৈ টিনপাত লগালোঁ
আৰু দাদাকো চহৰত ঘৰ সাজিবলে অলপ দিলোঁ ৷
চৰকাৰী পইচাখিনি পালোঁ
নতুনকৈ টিনপাত লগালোঁ
আৰু দাদাকো চহৰত ঘৰ সাজিবলে অলপ দিলোঁ ৷
জীৱন বীমাত পইচাৰ
সলনি তোমাৰ জীৱনটো পোৱা হ'লে
সুখী হলো হয় কিজানি ৷
সুখী হলো হয় কিজানি ৷
ভনীয়ে মাজে মাজে
তোমাৰ ফটোখন চাই কান্দে
সৰু যে, নুবুজে
আবেলি স্কুলৰ পৰা আহি
চাইকেলখন থৈ 'সৰুমা' বুলি মাতষাৰ দিবা বুলি
আশাৰে বাট চাই থাকে ৷
সৰু যে, নুবুজে
আবেলি স্কুলৰ পৰা আহি
চাইকেলখন থৈ 'সৰুমা' বুলি মাতষাৰ দিবা বুলি
আশাৰে বাট চাই থাকে ৷
অ' দেউতা ......
বৰ মন যায় এবাৰ মাতিবলৈ
সেই দিনটো আজিও মনত পৰিলে
অকলে আনে নেদেখাকৈ এসোঁতা কান্দো
বিহুৰ বজাৰ কৰিম বুলি ওলাই যে গ'লা
আৰু ঘূৰি নাহিলা ৷
বৰ মন যায় এবাৰ মাতিবলৈ
সেই দিনটো আজিও মনত পৰিলে
অকলে আনে নেদেখাকৈ এসোঁতা কান্দো
বিহুৰ বজাৰ কৰিম বুলি ওলাই যে গ'লা
আৰু ঘূৰি নাহিলা ৷
নিয়তি যে ৰৈ আছিল
তোমাৰ বাবে গমকে নাপালা
অকলশৰীয়া আজি তোমাৰ জী মনি
তোমাৰ কলিজা
মোৰ সিৰা-উপসিৰা দি বৈ আছা তুমি
তথাপি মই অকলশৰীয়া ৷
অকলশৰীয়া আজি তোমাৰ জী মনি
তোমাৰ কলিজা
মোৰ সিৰা-উপসিৰা দি বৈ আছা তুমি
তথাপি মই অকলশৰীয়া ৷
মোৰ বিয়াৰ বাবে
তুমি কৰা যোগাৰখিনিতকৈ
তুমিহে বেছি প্ৰয়োজনৰ আছিলা ৷
তুমিহে বেছি প্ৰয়োজনৰ আছিলা ৷
বৌৰ গাত আছে,
তুমিয়েই আহিবা বুলি
আইয়ে আশা কৰি আছে
আহিবানে?
তুমিয়েই আহিবা বুলি
আইয়ে আশা কৰি আছে
আহিবানে?
অ', আৰু এটা কথা
তোমাক আলিবাটত খুন্দিয়াই যোৱা কলেজীয়া ল'ৰাটোক
দেউতাকে বোলে আকৌ এখন নতুন বাহন কিনি দিলে।
তোমাক আলিবাটত খুন্দিয়াই যোৱা কলেজীয়া ল'ৰাটোক
দেউতাকে বোলে আকৌ এখন নতুন বাহন কিনি দিলে।
ভগৱানক ক'বাচোন
তাকো যাতে কোনোবাই মহতিয়াই নিয়ে ৷
নালাগে দিয়া
ঘৰৰ মানুহে কষ্ট পাব ৷
তাকো যাতে কোনোবাই মহতিয়াই নিয়ে ৷
নালাগে দিয়া
ঘৰৰ মানুহে কষ্ট পাব ৷
আজিলৈ আহো
তুমিতো জানাই
তোমালৈ মনত পৰিলেই
কথা পাতিবলৈ মন গ'লেই চিঠি এখন লিখো
দিব হে নোৱাৰো
মৃত্যুৰ সিপাৰৰ ঠিকনাটো যে নাজানো......
তুমিতো জানাই
তোমালৈ মনত পৰিলেই
কথা পাতিবলৈ মন গ'লেই চিঠি এখন লিখো
দিব হে নোৱাৰো
মৃত্যুৰ সিপাৰৰ ঠিকনাটো যে নাজানো......
~ দেৱজিৎ শইকীয়া
No comments:
Post a Comment