Saturday, 6 May 2017

মাটিৰ চাকি এটি হ’বলৈ বিচাৰিছিলোঁ



মাটিৰ চাকি এটি হবলৈ বিচাৰিছিলোঁ


মলঙিবলৈ ধৰা ক্ষণবোৰ ৰদাবলৈ
এধানিমান পোহৰৰ সন্ধানত
অৰঙে-দৰঙে মই ঘূৰি ফুৰিছিলোঁ।
নৈ দেখিলেই জাগি উঠা পিয়াহ সামৰিব নোৱাৰি
মাটিৰ চাকি এটি হবলৈ বিচাৰিছিলোঁ।
সুঁহুৰিয়াই থকা চৰাইজাকৰ কথা
পেলাব নোৱাৰি তোমাৰ কাষ পাইছিলো গৈ;
সিহঁতে ধাৰণা কৰিছিল
দোকমোকালিৰ দৰে তুমি নিভাঁজ !
তুমি আছিলা নক্ষত্রৰ দৰে উজ্জ্বল এটি ৰত্ন,
মই সৰি পৰো পৰো এটি গছপাত।
মোৰ ভিক্ষুক হাতত চিৰতৰ ক্ষুধাৰ পাত্র দেখি
চোলাৰ জেপ খুচৰি কিবা এটা উলিয়াই আনিছিলা;
মই বিশ্বাস কৰিছিলো, মোৰ পাত্রত
তোমাৰ সিকিটো আধলিৰ দৰেই জিলিকি উঠিব।
অজানিতে পাহৰি পেলাইছিলো,
আকাশত অযুত তৰা; সুৰুয মাথো এটাই।
মোৰ উৎসাহিত দুচকুৰ আলেখ-লেখ চাই
তুমি আলেঙে আলেঙে ফুৰা হৈছিলা!
সহস্রকোটি আলোকবর্ষ পাৰ হৈ গলেও
যেন আখৰাৰ পুনৰাবৃত্তি নঘটক।
কাহিলি পুৱা আৰু চিকুণ আৱেলিটোৰ দৰে
একেটি চৰাইঘৰৰে
দুটা বিপৰীত দিশৰ বাসিন্দা আমি।
:- ৰৌচন আৰা বেগম

No comments:

Post a Comment