Wednesday, 10 May 2017

মা ණজাকিৰ হুচেইন



মা

মা বুলিলেই
ভাঁহি উঠে হৃদয়ত
এহালি কপৌৰ চকু
আৰু
কেইডালমান শীৰ্ণ ৰেখা ৷
"
মা " বুলিলেই
আলফুলে সাৱতি ধৰে আকাশৰ বিশালতাই ,
হৃদয়ৰ অলিণ্ডলৈকে কঁপাই বলে
এচাটি শীতল বতাহ ৷
শাঁত পৰি যায় অ'
শাঁতপৰি যায়
জীৱনে দহিনিয়া মৃণ্ময় দেহা ।
দৌৰি ফুৰে অ'
দৌৰি ফুৰে
শিৰাই শিৰাই তেজৰ সতে আকুলতা
অহৰহ সাবতি ৰখা এক সনাতন প্রশান্তি ৷
কবি:-
জাকিৰ হুচেইন

No comments:

Post a Comment