Friday, 5 May 2017

স্মিত হাঁহি এটা মাৰি তুমি ক'লা



স্মিত হাঁহি এটা মাৰি তুমি ক'লা



স্মিত হাঁহি এটা মাৰি তুমি ক'লা
পিছে তোমাৰ আৰু মোৰ মাজত অভেদ্য প্ৰাচীৰ
স্মিত বোলতেই মনত পৰিল
স্মিতা পাতিল অভিনেত্ৰী হিন্দী চিনেমাৰ
এইযে অমিতাভৰ লগত দেহা ভিজাই নাচিছিল
গভীৰ অথচ ক্কাটিল হাঁহি
আটিল শৰীৰ
আটিল শৰীৰ কাক কয় মই নাজানোঁ
ভালেই কিবা হব নিশ্চয়
কৃত্ৰিম প্ৰশংসা নহয় দেই
তুমি মাজে ভুল বুজা
পিছে প্ৰাচীৰ বগাব মই জানো
লাগিলে অভেদ্যই হওঁক
এটা মাথো চকুৰ ইংগিতত পাৰি আনি দিব পাৰো আকাশৰ তৰা তোমাৰ চুলিৰ অৰণ্যত পিন্ধাবলৈ
তুমি 'লা অলপ বেছি হ'ল নেকি
'বও পাৰে প্ৰেমত পৰিলো চাগে
মানুহ বেছি কল্পনাবিলাসী হয়
প্ৰেমত পৰিলে
বিশ্বাস কৰা এইবাৰ সচাকৈয়ে
লাখ লাখ আকাশী তৰা উৰি আহিল
তুমি উৰ্ব্বশীৰ* দৰে গোন্ধাইছা
তৰাবোৰ মোৰ চিনাকী
তোমাৰ চুলিত গুজি দিলো হাজাৰ তৰা
তৰাবোৰ উৰণীয়া ঘোঁৰা
'লানা এপাক আকাশত উৰো
তুমি মিছিকিয়াই হাঁহিলা
তুমি হাঁহিব জানা অকৃত্ৰিম
লাখ লাখ হাঁহিৰ টুকুৰা চৌদিশে এতিয়া
বৰফৰ টুকুৰা
হীৰাৰ টুকুৰা
জোনাকৰ টুকুৰা
উৰিছে হাঁহিৰ টুকুৰাবোৰ
হাঁহিছে হাঁহিৰ টুকুৰাবোৰ
*
(
বেয়া নাপাবা উৰ্ব্বশী মোৰ আগৰজনী প্ৰেয়সী )

No comments:

Post a Comment