Wednesday, 10 May 2017

শব্দৰ ৰাগী- জ্যোতিষ কুমাৰ দেৱ



শব্দৰ ৰাগী
=======
শব্দৰ ৰাগীৰ অনুৰাগী মই
তাৰ সুষমাৰ সহভাগী
এঢোক এঢোক কৈ উপভোগ কৰোঁ মই
কবিতাৰ মাজেৰে তাৰ ৰৌজাল ভাগি
সুৰীয়া আখৰবোৰে শিপা মেলে
গীতৰ ফুলনীৰ পবিত্রতাত
কেতিয়াবা আখৰ আক্রমণাত্মক হয়
নখ-দন্ত মেলি প্রৰোচনা-বিৰোধী
এটি জ্বলন্ত প্রতিবাদ স্বৰূপে
শোকাকুল একোটি ধ্বনিয়ে মোক
আপোনপাহৰা কৰি দিয়ে
মালিতাৰ মাজেৰে চকুলো টুকে
প্রিয়তমাৰ সৌন্দর্যৰ আগত
বাক্যবোৰ যেন ফেটী নমোৱা ফণী
নীৰৱতাৰ ওচৰত সেওঁ মানি
নিঃশব্দতাৰ মাজেৰেও শুনো
অক্ষৰৰ অনুৰণন
নিচাভগাৰ এঙামুৰিৰে
- জ্যোতিষ কুমাৰ দেৱ

No comments:

Post a Comment