Tuesday, 9 May 2017

পুনৰীক্ষণ (৪৭) : ১-৭ এপ্ৰিল ২০১৭ : প্ৰথম খণ্ড : পৰ্যালোচক-- অনিতা গগৈ



আখৰুৱা : literati গোটৰ কবিতাৰ পৰ্যালোচনা
পুনৰীক্ষণ (৪৭) : ১-৭ এপ্ৰিল ২০১৭ : প্ৰথম খণ্ড :
পৰ্যালোচক-- অনিতা গগৈ
"কবিতা হ'ল জীৱন-দীক্ষা (poetry is the criticism of life)" ***– মেথিউ আৰ্ণল্ড কথিত এই বক্তব্যৰ আঁত ধৰি আমি কব পাৰোঁ যে জীৱনৰ পাঠশালাত আয়ত্ব কৰা বিভিন্ন অভিজ্ঞতাৰে সমৃদ্ধ সংবেদনশীল হৃদয়ৰ কবিসকলৰ ভাবানুভূতিৰ গাঢ়তাই প্রকাশৰ বাট বিচাৰিয়ে সৃষ্ট হয় কবিতাৰ। পিছে এই ভাবানুভূতি প্রকাশ হ লাগিব শিল্পৰ মাধ্যমেৰে, তেহে ই বিবেচিত হব কবিতা হিচাপে । সেয়ে কবি নীলমণি ফুকনে কবৰ দৰে ‘‘কবিতা জীৱন শিল্প’’।সুকুমাৰ ভাষা আৰু তাৰ স্পন্দিত ৰূপ কবিতাৰ প্রধান সম্পদ ,তাৰ লগে লগে থাকিব পাৰে অলংকাৰৰ প্রয়োগ।কবিতাৰ শ্রেষ্ঠ সম্পদ হল অন্তৰ্লীন ভাৱ।সেই ভাৱ বা অনুভূতিৰ প্রকাশিকা শক্তিয়েই ল কবিতাৰ মূখ্য আকৰ্ষণ।কবিতাৰ ভাষা ব্যঞ্জনাধৰ্মী। এই ব্যঞ্জনাধৰ্মিতা বা ইংগিতময়তাৰ বাবেই কবিতা সাধাৰণ পাঠকৰ বাবে দূৰ্বোধ্য হৈ উঠাৰ অভিযোগ বা অপযশ উত্থাপিত হয় ।আধুনিক কবিতাৰ ক্ষেত্রত এই অপযশ চিৰকালৰ সংগী । কবিতা মুক্ত।খেয়ালী মনৰ কবিসকল নিজৰ ভাৱানুভূতিৰে গঢ়ি লোৱা কল্পনাৰ পৃথিৱীখনৰ একক আৱাসী আনহাতে বাস্তৱৰ পৃথিৱীৰ পাঠকে কবিহৃদয়ৰ সেই কল্পনাৰ তৰংগৰ গাঢ়তাৰ উমান নোপোৱাটোৱে স্বাভাৱিক।সেয়ে কবি আৰু পাঠকৰ মাজত গঢ়ি উঠে ভাৱৰ এক অদৃশ্য প্রাচীৰ।কবিতাৰ ক্ষেত্রত ধৰাবন্ধা নিয়ম ,বাধা নিষেধ বা নীতি নিষ্ঠতাৰ আৰোপ কৰিব পৰা নাযায় ।তথাপিও কবিয়ে যিহেতু কেৱল নিজৰ বাবেই কবিতা নিলিখে , তেনেস্থলত কবিৰ বক্তব্যই যদি পাঠকৰ বোধগম্য নহয় ,কবিতাৰ সফলতাই বা ক? আনহাতে পোনপটীয়া বক্তৱ্যৰে ৰচিত সহজবোধ্য কবিতাই কবি হৃদয়ৰ সৃষ্টিশীলতাক তৃপ্ত নকৰিবও পাৰে তদুপৰি আজিৰ কবিতা কেৱল আনুভূতিক প্রকাশ নহয়, বহুসময়ত বিভিন্ন আংগিকৰ পৰীক্ষা নিৰীক্ষাৰে কবিতাৰ নিৰ্মাণেও কবিতাক পাঠক সমাজৰ বাবে দূৰ্বোধ্য কৰি তোলে ।তদুপৰি সাম্প্রতিক কবিতাৰ ক্ষেত্রখনত সঘণে বিভিন্ন পৰিবৰ্তন সূচিত হৈছে। বাহ্যধৰ্মী প্রকাশৰ প্রৱণতাৰে বিতৰ্কিত হৈ পৰিছে কবি আৰু কবিতা। বাহ্যধৰ্মীসকলে সাহিত্যচৰ্চাৰ বাবে ব্যৱহাৰ কৰা বাক্য আৰু বাক্যাংশবোৰৰ একেসময়তে অনেক অৰ্থ থাকে । এই প্রসংগত ব্রেডলীৰ এষাৰ বক্তব্য প্রণিধানযোগ্য
‘‘
এটা অৰ্থ গ্রহণ কৰিলে এইবোৰ সত্য যেন লাগে , কিন্তু সাধাৰণ শ্রেণীৰ পাঠকে এইবোৰৰ অৰ্থ যেনে ভাবে গ্রহণ কৰে , সেইভাবত গ্রহণ কৰিলে এইবোৰ অসত্য আৰু অনিষ্টকাৰী।’’ যদিও কবি আৰু কবিতা মুক্ত তথাপিও প্রশ্ন হয় কবিসকলো যিহেতু এই সমাজৰে ‘‘বিশেষ প্রতিনিধি’’ ,গতিকে সামাজিক দায়বদ্ধতাৰ অংশীদাৰ নোহোৱাকৈ থকাটো কিদৰে সম্ভৱ ?
এনে প্রসংগতে কবি আৰু পাঠকৰ মাজত ভাবৰ আদান প্রদানৰ বাবে সেতুবন্ধকৰ ভূমিকাত অৱতীৰ্ণ ব পাৰে নিৰ্মোহ , নিৰপেক্ষ তথা গঠনমূলক সমালোচনাৰ পক্ষপাতী সমালোচকসকল ।
আখৰুৱাৰ কবিতাৰ পুনৰীক্ষণে সমালোচনাৰ সমপৰ্যায়ৰ মানদণ্ড দাবী কৰিব পাৰে নে নোৱাৰে সেয়া বিচাৰৰ ভাৰ ৰসজ্ঞ সকলৰ ওপৰত ।তথাপিও কবি আৰু কবিতাৰ প্রতি সততে দায়বদ্ধ এচাম বিশ্লেষকক সাজু কৰি তুলিব পৰাটোৱে হব পাৰে এক কৃতিত্ব। সেই ভৰসাতে আখৰুৱাৰ কবিতাৰ পুনৰীক্ষণ (৪৭)ৰ এপ্রিল মাহৰ ১ম সপ্তাহৰ দায়িত্ব আহি পৰাত দায়বদ্ধতাৰে সেই দায়িত্ব বহণৰ মানস নিতান্তই দুঃসাহৰ নামান্তৰ । কবিতাৰ পৰ্যালোচনাৰ দৰে জটিল ক্ষেত্রখনত আমাৰ দৰে অল্পমতিৰ বিচৰণ "অন্ধৰ হস্তীদৰ্শন"ৰ দৰেই একপ্রকাৰ বাতুলামিহে’ ;সেই কথাও সততে বিবেচ্য । মাথোঁ কবিতাৰ প্রতি থকা অপৰিসীম শ্রদ্ধা , ভালপোৱাৰে এয়া এক বিনম্র প্রয়াসহে । ভুল ত্রুটি মাৰ্জনীয় ।
_____________________________________
আলোচনাৰ বাবে প্রথমে হাতত লোৱা কবিতাটি কবি পলাশ কুমাৰ নাথৰ __
১।ফুল নে ৰঙা নিচান……
সেইবোৰ ফুল নে ৰঙা নিচান
হাতে হাতে লৈ
আওঁহতীয়া জাৰণিখন এৰি
আন্ধাৰৰ দেওঁনা গচকি
সেইবোৰ
হাত নে কঙ্কাল?
মই নুশুনা চিৎকাৰ
সেয়া মই নুবুজা অংগীকাৰ !
উস্
শব্দবোৰে মোৰ বুকুত বঠা মাৰে
দোভাগ ৰাতি
ঘন কুঁৱলী ফালি
কোন সিঁহত,
কিয় মোৰ চোতালত উচুপে!
কবিতাটিৰ প্রথম আকৰ্ষণ গভীৰ ভাবব্যঞ্জক অৰ্থবহ শিৰোনাম। ফুল ইয়াত নান্দনিকতাৰ পৰিৱৰ্তে সমাজচেতনাৰ প্রতীক। মেহনতী জনতাৰ মুষ্টিবদ্ধ ঐক্যৰ উত্তোলিত নিচান ।
‘‘
সেইবোৰ ফুল নে ৰঙা নিচান
হাতে হাতে লৈ
আওঁহতীয়া জাৰণিখন এৰি
আন্ধাৰৰ দেওঁনা গচকি
সেইবোৰ
হাত নে কঙ্কাল?’’
আপাতদৃষ্টিৰে কবিতাটিৰ প্রথমাৰ্দ্ধত প্রতিফলিত হৈছে মাৰ্ক্সবাদী চেতনাৰ ব্যাপ্তি ।সমাজৰ শোষিত, নিস্পেষিত সৰ্বহাৰা শ্রেণীৰ জীৱনৰ ওপৰত এক গভীৰ আলোকপাত এই কবিতাৰ প্রেক্ষাপট ।আওহতীয়া জাৰণি’ ,‘আন্ধাৰৰ দেওঁনাআদি বাক্যাংশই ব্যঞ্জিত কৰিছে হাতে হাতে বিক্ষোভৰ ৰঙা নিচানতুলি নিজৰ স্বাধিকাৰৰ দাবীৰে সোচ্ছাৰ শ্রমিক শ্রেণীৰ ওপৰত পুঁজিবাদী হাতোৰাৰ আগ্রাসনৰ নিদাৰুণ প্রতিচ্ছৱি ৰঙা ফুল বুলি কওঁতে আমাৰ মনলৈ আহে বন বননি জুৰি আকাশ ৰাঙলী কৰি ফুলা পলাশ,শিমলু,মদাৰ, কৃষ্ণচূড়া আদিৰ দৰে তেজৰঙা ফুলৰ ছবি।সুবাসবিহীন এইবোৰ ফুল ফুলিবৰ বাবে কোনো বিশেষ পৰিচৰ্যাৰ প্রয়োজন নহয়।বতৰৰ প্রতিকূলতাকো নেওচি ৰদে বৰষুণে জাৰে জহে ফুলি উঠা এই ফুল ঈশস্তুতিৰ উপাচাৰ অথবা অভিজাত বিলাসৰ সমল নহব পাৰে কিন্তু দেহে মনে উদগ্র জীৱন বাসনা সঞ্জীৱিত কৰি ফুলি উঠা এই ফুল,যেন,সৰ্ব কাঠিন্য নেওচি আগবঢ়া জীৱনৰে অন্য নাম ।
হাত নে কঙ্কাল?
মই নুশুনা চিৎকাৰ
সেয়া মই নুবুজা অংগীকাৰ !
কবিতাটিৰ এই চৰণে বহণ কৰিছে অন্যবাৰ্তা । বিষয়ৰ সৈতে বিষয়ীৰ ব্যৱধান ঘণীভূত হৈছে এনেদৰে ‘‘ উস্ /
শব্দবোৰে মোৰ বুকুত বঠা মাৰে ’’
এই শব্দ বা কোলাহলৰ উৎস হয়তো ব পাৰে মাৰ্ক্সবাদৰ সফলতাৰ প্রতি চৰম অনাস্থা অথচ স্থিতাৱস্থাক সহজে মানি লব নোখোজাৰ এক দ্বান্দিক অৱস্থান জনিত ক্ষোভৰ বৰ্হিপ্রকাশ ।
কবি পলাশ কুমাৰ নাথৰ এই কবিতাৰ অন্তৰ্লীন ভাবত অনুৰণিত হৈছে শ্রেণীবিভক্ত সমাজব্যৱস্থাত পদে পদে শোষিত অৱদমিত নিপীড়িত শ্রমিক শ্রেণীৰ প্রতি সহানুভূতিৰ সুৰ । যি সুৰ পাঠকৰ হৃদয়ত অনুৰণিত হৈ বিল্পৱী চেতনাৰে উজ্বীৱিত কৰাৰ সম্ভাৱনাৰে প্রোজ্বল । কিন্তু কবিতাটিৰ সামৰণিলৈ এই সুৰৰ যেন ছন্দপতন ঘটিছে ।বিদ্রোহী গণচেতনাৰ অভ্যুত্থানেৰে কৌটিকলীয়া শোষণ অৱদমনৰ অৱসান ঘটাই সৰ্বহাৰাৰ স্বাধিকাৰৰ পুনঃ উদ্ধাৰৰ সবল দাৱীৰে পুৰণিক ভাঙি নতুনৰ ভেটিত আদৰ্শ সমাজ গঢ়াৰ যি প্ৰৱণতা ,উদাত্ত আহ্বান মাৰ্ক্সবাদৰ মূল চালিকা শক্তি -- সেই ধাৰণাক যেন নস্যাৎ কৰা হৈছে । বৰঞ্চ তাৰ পৰিবৰ্তে ধ্বনিত হৈছে সাম্প্রতিক সমাজজীৱনৰ অৱক্ষয়প্রাপ্ত মূল্যবোধৰ দৌৰাত্ম্যৰে অধঃপতিত তথা অক্ষমতাৰ বেহুত বন্দী এখন হতাশাজৰ্জৰ সমাজৰ নিঃকিন ছবি ।শ্রেণী চেতনাৰ সাৰ্বিক উত্থানৰ সপক্ষে জাগ্রত দীপ্ত প্রত্যাশাৰ বিপৰীতে সহানুভূতিসূচক দৰদহে কবিতাটিৰ মূল নেৰেটিভ । এনে অভিব্যক্তিৰ প্রকাশ কবিতাটিৰ উপস্থাপনৰ এক দূৰ্বল দিশ ৰূপে বিবেচিত হোৱাৰে সম্ভাৱনা
_________________________________
২।সেই হাতখন মই হেৰুৱালো
°°°°°°°°°°°°°°°°°°°°°°°°°°°°
মোৰ শৈশৱ আৰু…………
সাধুকথাৰ ফুট গধূলিবোৰ
চাকিৰ পোহৰেৰে জুমি চাও
তেতিয়াও মূৰৰ ওপৰত
এখন আকাশ
এতিয়াও………………
কোনখন বেছি ভাস্বত
আগৰ…………
নে আজিৰ খন………
তেতিয়া……………
আকাশ আৰু মূৰৰ মাজত
এখন লাৱণী হাত আছিল
আঙুলিৰ ফাঁকেৰে সৰিছিল
প্ৰীতিৰ জোনাক……
টোপটোপকৈ
এতিয়া………
হাতখন নাই
আকাশখন………
তেনেই মুকলি
কবি:প্ৰশান্ত শৰ্মাৰ কবিতা ‘‘সেই হাতখন মই হেৰুৱালোঁ ’’ ত শৈশৱৰ মধুৰ সোঁৱৰণৰ মাজেৰে মূৰ্ত হৈছে ব্যক্তিগত জীৱনৰ ‘‘কালহীন সময় (the timeless moment)’’ আৰু ‘‘সময়ব্যতীত সময়ৰ মুহূৰ্ত (the moment in and out time)’’ অনুষংগ।সুখৰে হওক বা দুখৰে ব্যক্তিগত স্মৃতিক এলিয়টে এটা জাতিৰ অতীত অভিজ্ঞতাৰ অংশ হিচাপে বিবেচনা কৰিছে।এনেদৰেই মানুহে ব্যক্তিগত জগতৰ পৰিসীমা ভাঙি ইতিহাসৰ সামূহিক পেটাৰ্ণৰ অংশ হৈ পৰে।
‘‘
মোৰ শৈশৱ আৰু…………
সাধুকথাৰ ফুট গধূলিবোৰ
চাকিৰ পোহৰেৰে জুমি চাও ’’
এই স্তৱকত বিষয়ীৰ মানসিক জগতখন সাৰ পাই উঠিছে সাধুকথাৰ কল্পলোকত অলীক বিচৰণৰ জৰিয়তে আৰু অতীতক প্রতিনিধিত্ব কৰিছে বিজুলীসংযোগ বিহীন গ্রামীন পৰিবেশৰ দ্যোতক চাকিৰ পোহৰে।আকাশৰ উপমাৰে ব্যঞ্জিত হৈছে প্রিয় নাৰীৰ সান্নিধ্যৰ সুৱাস ।...সেই সুবাসে আনি দিয়া নিৰাপত্তাৰ আশ্বাস। অতীতৰ সেই চেতনাস্রোত বৰ্তমানৰ সৈতে একীভূত হৈছে
‘‘
তেতিয়াও মূৰৰ ওপৰত
এখন আকাশ
এতিয়াও………………’’ এই শাৰীকেইটাৰ মাধ্যমেৰে । অক্টাভিঅপাজে (১৯১৪ --) সময়ে অনুৰূপ মুহূৰ্তবোৰৰ পুনৰাবৃত্তি নকৰে বুলি কোৱাৰ বিপৰীতে এলিয়টে কিন্তু বিশ্বাস কৰে সময়ৰ চক্রাকাৰ আৱৰ্তনত। কবি অজিৎ বৰুৱা কবিতাটো সময়ৰ অনুৰূপ ছবি প্রতিফলিত হয়।
.
আই এ ৰিচাৰ্ডছ্ , ক্লীয়েন্থ ব্রুকছ্ , ৰবাৰ্ট পেন ৱাৰেণ আদিসকলৰ মতে ভাল কবিতাত আয়ৰণি থাকে।
ফ্রয়েডৰ মনঃস্তাত্বিক বীক্ষণসমৃদ্ধ এক ধাৰণা অনুসৰি পৃথিৱীৰ প্রতিজন পুৰুষেই নিজৰ প্রেয়সী বা পত্নীৰ মাজত সন্ধান কৰে মাতৃ বা মাতৃস্থানীয় প্রিয় নাৰীৰ বাৎসল্যসুলভ সাহচৰ্য আৰু বাস্তৱত সেই সন্ধানৰ বিফলতাত বিমৰ্ষিত হয়।কবি প্রশান্ত শৰ্মাৰ ‘‘সেই হাতখন মই হেৰুৱালোঁ ’’ কবিতাটিতো অতীত আৰু বৰ্তমানৰ ৰিজনিৰে তদ্রুপ নৈৰাশ্য ; প্রাপ্তি হেৰুৱাৰ হাহাকাৰ বা বিচ্ছিন্নতাবোধৰ উপলব্ধিৰে আয়ৰণিৰ অভিঘাত অনুৰণিত হৈছে এনেদৰে
এতিয়া………
হাতখন নাই
সৰল ভাবৰ সহজ প্রকাশেৰে কবিতাটিৰ আবেদন হৃদয়শ্পৰ্শী । কিন্তু কবিতাটিৰ উপস্থাপন শৈলীত বিশেষ চমৎকাৰিত্ব বা কলা কৌশলৰ আকৰ্ষণ অনুপস্থিত ।
_________________________________
৩। আমিয়েই:
বতাহে উজুটি খোৱা দিনত
মন গ'লেই আমি জেওৰা দিছো
বৰঘৰৰ চোতালত
বিহমেটেকাৰে ভৰি পৰা পুখুৰীত
আমিবোৰ মাছ,
গেলা ঘাঁ লগা মাছ
ঈশ্বৰৰ ঔষধ বেচা ফেৰীৱালা আৰু
বুদ্ধ হব খোজা মানুহবোৰ
উলংগ হোৱাৰ লাজ লৈ
গছবোৰ মৰহি গৈছে।
মানুহবোৰ কুন্ধছ,
আপেল খোৱা দিনৰে পৰা
আজিলৈ ।
কবি হিমাংশু ভাগৱতীৰ কবিতাটিত প্রতিভাত হৈছে অধঃপতিত মানৱ সভ্যতাৰ অৱক্ষয়ৰ ছবি।সেই সংশয়ৰ দ্যোতনা কঢ়িয়াইছে
‘‘
বতাহে উজুটি খোৱা দিন ’’ৰ কল্পচিত্রৰে ।
বিজ্ঞান প্রযুক্তিৰ আশীষপুষ্ট আজিৰ মানুহে ক্রমাৎ হেৰুৱাই পেলাইছে মানৱীয় অনুভূতি। সুস্থ প্রমূল্যবোধ। বিচ্ছিন্নতাবোধৰ গ্রাসত পিষ্ট হৈ নিজৰ অন্তৰ্জগততে গঢ়ি তুলিছে এখন কদৰ্য পৃথিৱী ।
‘‘
বিহমেটেকাৰে ভৰি পৰা পুখুৰী’’সেই কদৰ্যতাৰে প্রতীক। মাছপ্রজনন শক্তি বা উৰ্বৰতাৰ প্রতীক ইয়াত সেই প্রতীক ৰূপান্তৰিত হৈ ‘‘গেলা মাছ’’ৰ ৰূপকেৰে মানুহ হৈ পৰিছে সেই পূতিগন্ধময়তাৰ একমাত্র অংশীদাৰ।
.
ঈশ্বৰ, ধৰ্ম আদি মানৱ সভ্যতাৰে সৃষ্ট উপাদান ।সভ্যতাৰ আদিৰে পৰা আদিম মানুহে প্রাকৃতিক শক্তিসমূহৰ অপাৰ সম্ভাৱনীয়তাৰ প্রতি আশ্চৰ্যবোধেৰে সিবোৰৰ ওচৰত বশ্যতা স্বীকাৰ কৰি আহিছে বা সিবোৰক বশীকৰণৰ উপায় অনুসন্ধান কৰি প্রকৃতিৰ ওপৰতে চলাইছে নিৰ্মম অত্যাচাৰ ।ঈশ্বৰ , ধৰ্ম আদিৰ ধাৰণা বাহাল ৰখাৰ অন্তৰালত সাৰ পাই উঠা পশুসুলভ প্রবৃত্তিৰে সংঘটিত হৈছে অনেক ৰক্তক্ষয়ী সংঘাত ,যুদ্ধ বিগ্রহ ইত্যাদি । মানুহৰ ওপৰত মানুহৰ অত্যাচাৰ ,অৱদমনৰ নীচক প্রৱনতাৰে সংঘটিত পৃথিৱীৰ এই জঘন্যতম অপৰাধবোৰৰ প্রায়বোৰেই সংঘটিত হয় ধৰ্ম প্রচাৰকৰ নামধাৰী বিকৃত মানসিকতাৰ এচাম ভণ্ডৰ আঙুলি ইচাৰাত ।এয়াই মালাৰ্মে ,য়েটছ্ ,ৰিল্কে ,পাউণ্ড ,এলিয়ট আদিসকলৰ ৰচনাত ফুটি উঠা পৰিহাসমিশ্রিত কাৰুণ্য সেয়ে কবিতাটিৰ আয়ৰণি। যিটো প্রতিফলিত হৈছে এই স্তৱকৰ জৰিয়তে --
‘‘
ঈশ্বৰৰ ঔষধ বেচা ফেৰীৱালা আৰু
বুদ্ধ হব খোজা মানুহবোৰ
উলংগ হোৱাৰ লাজ লৈ
গছবোৰ মৰহি গৈছে।‘’
শেষত কবিৰ চৰম উপলব্ধিৰে ‘‘ মানুহবোৰ কুন্ধছ,.......আজিলৈ ’’ ব্যঞ্জিত হৈছে আধুনিক মানুহৰ অস্তিত্বৰ পংকিল অসাৰতা ।আৰম্ভনিৰ পৰা সামৰণিলৈ একেটি অন্তৰ্লীন ভাৱৰ আৱহ নিয়ন্ত্রণত পৰিস্ফুত হৈছে কবিৰ দক্ষতা। আংগিকৰ যথাযথ প্রয়োগেৰে কবিতাটিৰ উপস্থাপন সাৱলীল। প্রকাশভংগী তীৰ্যক। শিৰোনাম যথোপযুক্ত যেন বোধ নহয় । কিছু অধিক গভীৰতাত বিচৰণ তথা পুনৰ লিখনেৰে এটি ভাল কবিতা হৈ উঠিব পৰাৰ সম্ভাৱনা দেখা যায় ।
_____________________________________________________
৪। চহৰখনে এটা সপোন দেখিছে
গাঁওকেইখনৰ মাজেৰে পাৰ হৈ যোৱা ঠেক পথটো
বন-বিৰিখ ভাঙি যিটো গঢ় লৈ উঠিছিল
আৰু এদিন পকী আলিবাটলৈ সলনি হৈ পৰিছিল
ক্রমান্বয়ে বহল হবলৈ আৰম্ভ কৰিছে।
চহৰখনে এটা ৰঙীন সপোন দেখিছে,
উন্নয়নে হাত বাউলী মাতিছে।
কিছুমান বাৰী-ঘৰ জহি-পমি নোহোৱা হৈছে;
কিছুমান ঠন ধৰি উঠিছে।
আপোন ঠিকনা হেৰুৱাই বাটৰ দাঁতিত
কাটি হৈ পৰি আছে
বাটৰুৱাক ছাঁ দিয়া গছ-বিৰিখ।
অজান এক শিহৰণ কঢ়িয়াই অতিথি হৈছেহি
এজাক ৰদ এজাক বৰষুণ !
খাটি খোৱা মানুহখিনিয়ে ডাৱৰৰ আঁৰৰ বেলিটো
খেপিয়াবলৈ ৰৈ আছে।
গীত এটা গুণগুণাই উৰি অহা পখিলা এটাই
আয়ামেৰে কুন্দা এটাত বহিছে।
কুন্দাবোৰৰ ইটোৱে-সিটোক আগৰাতিৰ
বনৰীয়া হাতীৰ জাকটোৰ কথাকে কৈ আছিল!
কোনোবা এটাই হেনো
বনৰজাৰ ছাঁ এটাও দেখিছিল।
আপোনভোলা পখিলাটোৱে কথাবোৰলৈ
বৰকৈ মন দিয়া নাই!
দপদপাই জ্বলি থকা জুই একুৰাৰ চাৰিওকাষে
গছকটা মানুহখিনি ভাগৰি শুই পৰিছে।
চহৰখনে এটা সপোন দেখিছে;
উন্নয়নে হাত বাউলী মাতিছে।
বিহুৱতী চৰাই এজনীয়ে বিহু বিহু চিঞৰিছে।
কবি:ৰৌচন আৰা বেগমৰ ‘‘চহৰখনে এটা সপোন দেখিছে’’ কবিতাত উদ্ভাসিত হৈছে আধুনিকতাৰ লক্ষণস্বৰূপ নগৰচেতনাৰ ।গাঁৱৰ পৰা নগৰলৈ ৰূপান্তৰকৰণৰ প্রক্রিয়াৰ অৱলোকনেৰে অতীতৰ পৰা বৰ্তমানৰ পৰিক্রমাৰে কবিয়ে যুকিয়াই চাইছে নগৰীকৰণৰ সম্ভাৱ্য সুফল / কুফলসমূহ।আৰু এই প্রক্রিয়া যেন প্রতিফলিত হৈছে কবিৰ মানসপটত ... চলচিত্রৰ পৰ্দাত প্রতিফলিত হোৱা চেলুলয়ডৰ ৰীলত আৱদ্ধ ছায়া ছবিৰ দৰে ... বিৰামবিহীনভাবে ।
কবিতাটিৰ ২য় স্তৱকৰ ১ম শাৰীত শিৰোনামৰ পুনৰাবৃত্তি ‘‘ চহৰখনে এটা ৰঙীন সপোন দেখিছে, ‘’। সপোন শব্দৰ সৈতে সংযোজন ঘটিছে ৰঙীন শব্দৰ যি কঢ়িয়াই আনিছে অলীক সেই সপোনৰ সম্ভাৱনীয়তাৰ ওপৰত সন্দেহ এই সন্দেহ যেন কবি নৱকান্ত বৰুৱাৰ ‘‘নগৰীত আবিৰ্ভাৱ বিবৰ্ণ বিস্বাদ দিন’’ৰ অনুৰণিত বিতৃষ্ণাৰে প্রতিধ্বনি।সেই অনুৰণনৰ স্বৰ ব্যঞ্জিত হৈছে এনেদৰে __
‘‘ ............
উন্নয়নে হাত বাউলী মাতিছে।
কিছুমান বাৰী-ঘৰ জহি-পমি নোহোৱা হৈছে;
কিছুমান ঠন ধৰি উঠিছে।’’
আধুনিক মানুহৰ নাগৰিক অস্তিত্বৰ প্রতি নেতিবাচক ধাৰণা ঘণীভূত হৈছে তৃতীয় স্তৱকত।তৃতীয় স্তৱকত মানুহৰ জীৱন আৰু নগৰ একাকাৰ হৈ পৰিছে ৰূপকাত্মক শৈলীৰ প্রকাশেৰে।
‘‘
আপোন ঠিকনা হেৰুৱাই বাটৰ দাঁতিত
কাটি হৈ পৰি আছে
বাটৰুৱাক ছাঁ দিয়া গছ-বিৰিখ। ‘’
নাগৰিক সভ্যতাৰ কুফলসমূহৰ প্রথম তথা মোক্ষম আঘাতৰ বলি হয় ক্রমাৎ গঢ় লৈ উঠা শ্রেণীবিভক্ত সমাজৰ নিম্নশ্রেণীৰ প্রতিভূ খাটিখোৱা শ্রমিক, মেহনতী জনতাৰ সমদল ।যিসকলৰ তেজক পানী কৰা শ্রমৰ বিনিময়ত গঢ়ি উঠে সভ্যতাৰ বুনিয়াদ সেইসকলেই পৰিণত হয় বঞ্চিত লাঞ্চিত জনলৈ। তথাপিও তেওঁলোকে বাট চাই ৰয় শুভ পৰিণামৰ প্রত্যাশাৰে... ‘‘খাটি খোৱা মানুহখিনিয়ে ডাৱৰৰ আঁৰৰ বেলিটো
খেপিয়াবলৈ ৰৈ আছে।‘’
কবিতাটিত ‘‘ গীত এটা গুণগুণাই উৰি অহা পখিলা ’’টি সেই আশাবাদিতাৰে দ্যোতক।এই ৰূপকৰ জৰিয়তে গঢ় লৈ উঠিছে এটি কল্পনা চিত্রকল্পৰ (imagination image)
‘‘
গীত এটা গুণগুণাই উৰি অহা পখিলা এটাই
আয়ামেৰে কুন্দা এটাত বহিছে।
কুন্দাবোৰৰ ইটোৱে-সিটোক আগৰাতিৰ
বনৰীয়া হাতীৰ জাকটোৰ কথাকে কৈ আছিল! ‘’ এই কল্পচিত্রৰ মাধ্যমেৰে কবিতাটিত ব্যঞ্জিত হৈছে অভিঘাত । নগৰীকৰণৰ হেতু চলোৱা বনানী নিৰ্মূলকৰণৰ বিৰূপ প্রভাৱেৰে অৱক্ষয়প্রাপ্ত নাগৰিক সভ্যতা আধুনিক মানুহৰ আত্মবিধ্বংসী প্রৱনতাৰে নামান্তৰ । এয়ে কবিতাৰ আয়ৰণি ।বৌদ্ধিক ,সাংস্কৃতিক চৰ্চাৰ কেন্দ্রবিন্দু হোৱাৰ লগে লগে নগৰৰ জীৱন বহু অসন্তুলনজনিত জটিলতাৰে আক্রান্ত এলিয়টে(১৮৮৮-১৯৬৫) নগৰক বন্ধ্যাত্বৰ প্রতীক হিচাপে অংকন কৰিছে। সৰল উপস্থাপনেৰে সাৰ্বজনীন ভাবৰ এটা সুখপাঠ্য কবিতা । কিছু মিতব্যয়ী হব পৰাৰ থল বিদ্যমান। বিশেষকৈ শেষৰ তিনিটা শাৰীৰ অবিহনেও বোধ হয় কবিতাটিৰ কাব্যিক আবেদন অথবা মাধুৰ্যৰ বিচ্যুতি নঘটিলহেঁতেন ।
___________________________________________________________
৫।কবি জাহ্নু ভৰদ্বাজৰ কবিতা ‘‘উছৱ’’। উছৱ মানৱ পৰম্পৰাৰে প্রতীকী প্রকাশ ব্যস্ত প্রাত্যহিকতাৰে বন্দী আধুনিক মানুহ । আত্মকেন্দ্রিকতা সৰ্বস্ব ক্ষুদ্রস্বাৰ্থ পুৰণৰ বাসনাৰে ঘড়ীৰ কাটাৰ গতিৰে আৱৰ্তিত জীৱন।
"
উছৱ"
আমাৰ ডুখৰীয়া সময়বোৰৰ
তত নাই আজিকালি,
এখন্তেক ইয়াত, এখন্তেক তাত -
দূৰণিৰ ক'ৰবাত মাকোঁ এটাৰ
তাতখনৰ দহতেনিৰে অনৰ্গল গতি,
চিন্তাবোৰে আহ যাহ কৰে একেদৰে-
সৰলৰৈখিক আৰু পৌণঃপৌণিক গতিত;
আমাৰ সীমাবদ্ধতা লিপিবদ্ধ হয়, অবিন্যস্ত৷
ৰাতি একোটাত কথা এসোপাৰে বাগৰি যায়
যাওঁ- নাযাওঁকৈ সংকোচ আৰু কোলাহলৰ বহুতো পাৰস্পৰিক দ্বন্দ্ব;
ৰাঙলী বেলিটো ক্ৰমাত হালধীয়া হোৱালৈকে৷
মূৰ্তমান আমাৰ সংকোচৰ বেৰবোৰ,
চেঁচা কৰি আনে
আৰবেৰ নোহোৱা তাহানিৰ উত্তাপ -
উলাহৰ খদমদম নিজান পৰিছে,
আমিবোৰ এতিয়া মাথো নিয়মমাফিক কোলাহল৷
তাঁতশালৰ দহতেনি (দোৰ্পতি ?)ৰে মাকোঁ এটাৰ অনৰ্গল গতিৰ ছবিৰে ফুটি উঠিছে ভাবৰ চাকনৈয়াত জৰ্জৰিত জনৰ চিন্তাৰ সঘণ আহন যাহণৰ দ্যোতনা ।মাকোঁ ৰূপকৰ জৰিয়তে এই স্তৱকত প্রতিফলিত হৈছে মানুহৰ জীৱনৰ সীমাবদ্ধতাৰ অনুষংগ।
‘‘
দূৰণিৰ ক'ৰবাত মাকোঁ এটাৰ
তাঁতখনৰ দহতেনিৰে অনৰ্গল গতি,
চিন্তাবোৰে আহ যাহ কৰে একেদৰে-
সৰলৰৈখিক আৰু পৌণঃপৌণিক গতিত;
আমাৰ সীমাবদ্ধতা লিপিবদ্ধ হয়, অবিন্যস্ত৷’’
‘‘
ৰাতি একোটাত কথা এসোপাৰে বাগৰি যায়
যাওঁ- নাযাওঁকৈ সংকোচ আৰু কোলাহলৰ বহুতো পাৰস্পৰিক দ্বন্দ্ব;’’
---
শাৰীকেইটাৰ ভাবৰ ব্যাপ্তিৰে কবিতাটিত ব্যক্তিগত জীৱনৰ নিৰ্লিপ্তি পৰিবৰ্তিত হৈ শেষৰ শাৰীত উল্লেখিত ‘‘আমিবোৰ এতিয়া মাথো নিয়মমাফিক কোলাহল ’’ এই উপলব্ধিৰ জৰিয়তে সঞ্চাৰিত হৈছে সামূহিকতালৈ কবিতাটোত এজৰা পাউণ্ড কথিত ছিৰিয়াচ আৰ্টিষ্টৰ বিজ্ঞানসন্মত মানসিকতাৰ প্রতিফলন ঘটিছে এনেবোৰ বাক্যাংশৰ মাধ্যমেৰে ।তদুপৰি শেষৰ স্তৱকৰ জৰিয়তে ব্যক্তিগত গণ্ডীৰ সীমাৱদ্ধতা নেওচি প্রশস্ত বহুকেন্দ্রিকতা বা পলিফনিৰ সমাহাৰেৰে কবিতাটিৰ ভাবৰ উত্তৰণ ঘটিছে নৈৰ্ব্যক্তিকতালৈ। কথ্যভাষাৰ ব্যৱহাৰেৰে বুদ্ধিদীপ্ত শব্দছয়ন , আংগিকৰ যথাযথ প্রয়োগ , মননক উদ্বেলিত কৰি যোৱা বাক্যবিন্যাস আদিৰ সমাহাৰেৰে পঢ়ি ভাল লগা এটা কবিতা। কিন্তু প্রকাশভংগীৰ দূৰ্বলতাৰ লগতে কাব্যিকতাও যেন কিঞ্চিত স্তিমিত ।
_________________________________________
নিৰন্তৰ অনুশীলন তথা প্রচুৰ অধ্যয়ন লব্ধ প্রতীতিৰে সমৃদ্ধ হৈ উৎকৃষ্টতম সৃষ্টিৰে ভাষা জননীৰ সেৱাৰ বেদীত অৰ্ঘ নিবেদি স্ব -প্রতিভাৰে বিকশিত হৈ উজ্বলি উঠক কবিসকল। প্রতিজন কবিলৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰি এই আলোচনা সামৰিছোঁ । অশেষ ধন্যবাদ।
~ অনিতা গগৈ
সদস্য, আখৰুৱা।
৪ এপ্ৰিল, ২০১৭
______________________________________________
ব্যৱস্থাপকৰ মন্তব্য:
--------------------
১) 'পুনৰীক্ষণ'ত সামৰি লোৱা কবিতাত বা পৰ্যালোচনাত থাকিব পৰা ভুল বানান কোনো সদস্যৰ দৃষ্টিগোচৰ হ'লে মন্তব্যত মুকলিকৈ জনায় যেন।
২) আখৰুৱাৰ 'পুনৰীক্ষণ'ৰ মান সম্বন্ধে গোটৰ সদস্যসকলে গঠনমূলক মতামত, পৰামৰ্শ জনালে আমি আনন্দিত হ'ম। আনকি আমাৰ এই প্ৰয়াসত অসন্তুষ্টি থাকিলেও অৱগত কৰে যেন।
৩) এইবাৰৰ পুনৰীক্ষণত সন্নিৱিষ্ট কবিতা আৰু কবিসকল হ'ল ক্ৰমে-
ক) ফুল নে ৰঙা নিচান…… ~ পলাশ কুমাৰ নাথৰ
খ) সেই হাতখন মই হেৰুৱালো ~ প্ৰশান্ত শৰ্মা
গ) আমিয়েই ~ হিমাংশু ভাগৱতী
ঘ) চহৰখনে এটা সপোন দেখিছে ~ ৰৌচন আৰা বেগম
ঙ) "উছৱ" ~ জাহ্নু ভৰদ্বাজ
৪) পৰ্যালোচনাৰ মূল কবিতাত বৰ্তমানলৈ আমাৰ চকুত পৰা ভুল বানানসমূহ :
ক) ফুল নে ৰঙা নিচান…… ~ পলাশ কুমাৰ নাথ
সিঁহত>সিহঁত
খ) সেই হাতখন মই হেৰুৱালো ~ প্ৰশান্ত শৰ্মা
হেৰুৱালো>হেৰুৱালোঁ
৫/
ব্যৱস্থাপকৰ বিশেষ টোকা :
অনিতা গগৈৰ মূল পৰ্যালোচনাটিৰ বাক্য "কবিতা জীৱনৰ শিক্ষা" এই বাক্যটো 'আখৰুৱা পৰিচালনা সমিতি'ৰ পৰামৰ্শ মৰ্মে "কবিতা হ'ল জীৱন-দীক্ষা (poetry is the criticism of life)" বুলি সম্পাদনা কৰা হ'ল। এই বিষয়ে 'আখৰুৱা পৰিচালনা সমিতি'ৰ বক্তব্য তলত উল্লেখ কৰা হ'ল-
______________________________
'আখৰুৱা পৰিচালনা সমিতি'ৰ বক্তব্য :
**"অনিতা গগৈৰ মুল পৰ্যালোচনাটিৰ বাক্য "কবিতা জীৱনৰ শিক্ষা"ৰ উদ্ধৃতিৰ উৎস সম্পৰ্কে আখৰুৱাৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা তেখেতৰ লগত যোগাযোগ কৰাত তেখেতে এই উদ্ধৃতিটো তলত উল্লিখিত গ্ৰন্থৰ পৰা সংগ্ৰহ কৰা বুলি জনায়-
"কবিতাৰ ৰূপছায়া --- কৰৱী ডেকা হাজৰিকা"।
কিন্তু সমিতিয়ে উক্ত কিতাপখন অধ্যয়ন কৰাত লক্ষ্য কৰিলে যে অনিতা গগৈৰ বাক্যটো আছিল-
"
কবিতা জীৱনৰ শিক্ষা"
আৰু অনিতা গগৈয়ে জনোৱা প্ৰসংগ পুথি "কবিতাৰ ৰূপছায়া"ত আছে--
" কবিতা হ'ল জীৱন-শিক্ষা"
দুয়োটা বাক্যৰে মাজত পাৰ্থক্য আছে অৰ্থৰ আৰু গাঠনিৰো। যিহেতু তেখেতে এইখন পুথিৰ পৰাই বাক্যটো লৈছে সেয়েহে পুথিত দিয়াৰ দৰেই বাক্যটো যথাযথ হোৱা উচিত আছিল। আনহাতে বাক্যটো যিহেতু এটা উদ্ধৃতি সেই হিচাপেও বাক্যটো যথাযথ ভাবে ব্যৱহাৰ কৰা উচিত আছিল।
সমিতিয়ে এইটোও লক্ষ্য কৰিলে যে "কবিতাৰ ৰূপছায়া" গ্ৰন্থখনতো অনুদিত উদ্ধৃতিটোৰ মূল বাক্যটো উল্লেখ কৰা হোৱা নাই। সেয়ে সমিতিৰ খোকোজা আঁতৰাবলৈ সমিতিয়ে কৰবী ডেকা হাজৰিকা বাইদেউৰ লগত যোগাযোগ কৰে।
"কবিতা হ'ল জীৱন-শিক্ষা" প্ৰসংগত বাইদেউৱে সমিতিক জনাই যে - শিক্ষা নহয়, সেয়া ছপাৰ ভুল। হ'ব লাগে দীক্ষা- অৰ্থাৎ poetry is the criticism of life, 'কবিতা হ'ল জীৱন-দীক্ষা''
এই আলোচনাৰ পৰা সমিতিৰ সম্মুখত আগতে অনুমান নকৰা নতুন দিশ এটা মুকলি হৈ পৰিল আৰু সমিতিৰ খোকোজাও আঁতৰ হ'ল। লগতে ছপাৰ ভুলৰ কাৰণে সাহিত্যত উদ্ভৱ হোৱা বিভ্ৰান্তিৰ বিষয়েও সমিতি অৱগত হ'ল। সেই কাৰণে 'আখৰুৱা পৰিচালনা সমিতি'ৰ সিদ্ধান্ত মৰ্মে আৰ্ণল্ড কথিত 'poetry is the criticism of life' বাক্যটোৰ শুদ্ধ ৰূপটো- "কবিতা হ'ল জীৱন-দীক্ষা" হিচাপে পৰ্যালোচনাটিত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল।
°°°°°°°°°°°
শেষত ক'ব বিচাৰিছোঁ যে- 'পুনৰীক্ষণ' শিতানটো অধিক ক্ৰিয়াশীল বা উন্নত মানৰ হৈ উঠাৰ লক্ষ্যত উল্লিখিত কবিসকলে তথা পাঠকসকলে- পৰ্যালোচনাটোৰ বিষয়ে তেখেতসকলৰ মুকলি মতামত আগবঢ়াই যেন।
ধন্যবাদ
প্ৰশান্ত শৰ্মা
জোনমণি গগৈ
ব্যৱস্থাপক, 'পুনৰীক্ষণ' শিতান,
আখৰুৱা:literati
৬ মে২০১৭

No comments:

Post a Comment