Sunday, 7 May 2017

পাঠকৰ মনৰ কথা : প্ৰথম বছৰ : তৃতীয় খণ্ড : মে', ২০১৭



পাঠকৰ মনৰ কথা : প্ৰথম বছৰ : তৃতীয় খণ্ড : মে', ২০১৭
অৰ্চনা কলিতা : সদস্য, আখৰুৱা।
___________________________________
এইমাহৰ মনৰ কথা কোৱা পাঠক: অৰ্চনা কলিতা
আখৰুৱাৰ সদস্যৰ ভাৱৰ বুৰবুৰনি "পাঠকৰ মনৰ কথা" শিতানত আজি এখন উপন্যাসৰ বিষয়ে ক'বলৈ লৈছোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব।
যোৱা কেইমাহমান মই মোৰ গৱেষণাৰ বিষয়বস্তুৰ লগত জৰিত কিতাপ-পত্ৰ হে বেছিকৈ অধ্যয়ন কৰিব লগা হোৱা হেতুকে যিমান গল্প, কবিতা, উপন্যাসৰ সোঁৱাদ ল' লাগিছিল, সিমান পৰা নাইl তাৰ মাজতেই ছেগা-চোৰোকাকৈ কিছু গল্প, কবিতাৰ জুতি নোলোৱাকৈ থকা নাইl
যোৱা কেইমাহত মই পঢ়া এখন উপন্যাস হ'ল শ্ৰদ্ধাৰ অনুপমা বৰগোহাঁই বাইদেউৰ "শ্যামকানু দুৰৈ হৈ নাযাবা"l আঁক-বাক প্ৰকাশন গোষ্ঠীয়ে প্ৰকাশ কৰা উপন্যাসখনত প্ৰজেৰীয়াত আক্ৰান্ত শ্যাম নামৰ ল'ৰাজন আৰু তেওঁৰ মাতৃ মানৱিকাৰ মনোজগতখনৰ যি সুন্দৰ, সাৱলীল বৰ্ণনা উপন্যাসিকাই উপন্যাসখনত দাঙি ধৰিছে সেয়া পঢ়ি আপ্লুত হৈছোl সমাজৰ এচাম নীচ মনোবৃত্তিৰ মানুহে কেনেদৰে অসূস্থ শিশুৰ মাতৃগৰাকীক মনোকষ্ট দিয়ে তাক সুন্দৰকৈ বৰ্ণনা কৰাত উপন্যাসিকা সফল হৈছে।
বৌদ্ধ দৰ্শনৰ সুন্দৰ বিশ্লেষণে উপন্যাস খনক অনুপম মাত্ৰা দান কৰিছে। প্ৰজেৰীয়া আৰু বৌদ্ধ দৰ্শনৰ ওপৰত গভীৰ অধ্যয়ন কৰি লিখা উপন্যাসখনে সঁচাকৈয়ে মোৰ মনত গভীৰ ৰেখাপাত কৰিছে। জীৱনৰ প্ৰতি উপন্যাসিকাৰ ধনাত্মক দৃষ্টিভংগীয়ে উপন্যাসখনৰ প্ৰতি মোক আকৰ্ষিত কৰিছে। উপন্যাসিকাৰ ভাষাৰেই কওঁ- "জীৱনৰ তিলমান প্ৰাপ্তিকো বুকুত সামৰি তৃপ্ত আৰু সুখী হোৱা কথাষাৰ মানি ল'বলৈ হয়তো সহজl কিন্তু জীৱনত একো নোপোৱাকৈ কোনোবা সুখী হ'ব পাৰে- সেই কথা মানি ল'বলৈ ইমান সহজ নহয়! সহজ যেন নলগা এই কথাবোৰ এক সুকীয়া,সুন্দৰ দৃষ্টিৰে ধাৰণ কৰিলে জীৱন নদীৰ চাকনৈয়াখন বেছি অৰ্থবহ আৰু আবেদনময় হৈ পৰেl" সঁচাকৈয়ে জীৱনৰ প্ৰতি এক সুন্দৰ ধনাত্মক দৃষ্টিভংগীl অসূস্থ হ'লেও শ্যামৰ প্ৰতি উথলি উঠা মাতৃ-হৃদয়ৰ মমতাৰ কাৰণেই মানৱিকাই দ্বিতীয় সন্তান নিবিচাৰিলেl এক প্ৰত্যাহ্বানপূৰ্ণ বিষয়বস্তুক লৈ লিখিত উপন্যাসখনৰ জৰিয়তে উপন্যাসিকাই প্ৰজেৰীয়াক লৈ সমাজৰ মাজত এক সচেতনতা আনিবলৈ যত্ন কৰাৰ লগতে ভ্ৰান্ত ধাৰণাৰে অন্ধবিশ্বাসী মানুহবোৰলৈও এক বাৰ্তা পঠিয়াবলৈ যত্ন কৰিছেl
মানৱিকাৰ পাপৰ কাৰণেহে শ্যামৰ জন্ম হোৱা বুলি ভবা অভয়ৰ পৰিয়াললৈ যেতিয়া অভয়ৰ দ্বিতীয় পত্নীৰ জৰিয়তে আকৌ প্ৰজেৰীয়াত আক্ৰান্ত অক্ষৰাৰ জন্ম হ'ল আৰু অভয়ৰ জিনৰ সমস্যাৰ কাৰণেহে তেনে এজনী ছোৱালী জন্ম হোৱা কাৰণে যেতিয়া দ্বিতীয় পত্নীয়ে অভয়ক এৰি গ'ল- তেতিয়াহে অভয়ৰ পৰিয়ালৰ চকু মুকলি হ'l অভয়ৰ পৰিয়ালক ক্ষমা কৰি দিব পৰা গুণৰ অধিকাৰী মানৱিকা চৰিত্ৰৰ জৰিয়তে ধন, সম্পদ, ঐশ্বৰ্যতকৈ যে মানৱতা সদায় শ্ৰেষ্ঠ তাক বুজাবলৈ উপন্যাসিকা সফল হৈছেl উপন্যাসখনত উল্লেখিত এটা বাক্য- "সময়তকৈ ভাল শিক্ষক হয়তো কোনো নাই!" -সঁচাকৈয়ে মন চুই যোৱা কথাl সন্তানৰ অধিকাৰ আৰু এখন অন্ধবিশ্বাসী মানৱতাবিহীন সমাজত এগৰাকী নাৰীয়ে সাহস আৰু আত্মবিশ্বাসেৰে জীৱন যুজত জয়ী হ'ব পৰাটোৱে উপন্যাসখনৰ জৰিয়তে এক ইতিবাচক বাৰ্তা কঢ়িয়াইছেl
বৌদ্ধ দৰ্শন যে জীৱনৰ সংঘাতসমূহৰ সৈতে মূখামুখি হোৱাত এক সহায়ক হ'ব পাৰে সেয়াও উপন্যাসখনৰ জৰিয়তে লেখিকাই জনাব বিচাৰিছেl মুঠতে জীৱনক লৈ ধনাত্মক দৃষ্টিভংগীয়ে উপন্যাসখনৰ জৰিয়তে পঢ়ুৱৈৰ মাজলৈ এক বাৰ্তা লৈ যোৱাত উপন্যাসিকা সফল হৈছেl
ধন্যবাদ।
অৰ্চনা কলিতা।
সদস্য, আখৰুৱা।
____________________________________
ব্যৱস্থাপকৰ মন্তব্যঃ
১) লিখনিত সন্নিৱিষ্ট মন্তব্যৰ দায়িত্ব লিখকৰ ওপৰত ন্যস্ত থাকিব।
২) এই শিতানে সামৰি লোৱা বক্তব্যত থকা বানানৰ ভুল দেখিলে, আখৰুৱাৰ মাননীয় সদস্যসকলক সেয়া আঙুলিয়াই দিবলৈ অনুৰোধ কৰিলোঁ।
৩) শিতানটো অধিক ক্ৰিয়াশীল বা উন্নত মানৰ হৈ উঠাৰ লক্ষ্যত পাঠকসকলে তেখেতসকলৰ মুকলি মতামত আগবঢ়াই যেন।
৪) 'পাঠকৰ মনৰ কথা' শিতানলৈ লিখনি পঠিয়াব বিচৰা আগ্ৰহী সদস্যসকলে pathakarmanorkatha@gmail.com এই ইমেইল ঠিকনালৈ নতুবা শিতানৰ ব্যৱস্থাপকৰ বাৰ্তা-বাকচলৈ লিখনি পঠিয়াব পাৰিব।
৫) সিদ্ধান্ত অনুসৰি সদ্যহতে প্ৰতি মাহৰ প্ৰথমটো দেওবাৰে 'পাঠকৰ মনৰ কথা' আখৰুৱাত প্ৰকাশ কৰা হ'ব।
আশা কৰোঁ আখৰুৱাৰ মাননীয় সদস্যসকলে 'পাঠকৰ মনৰ কথা' শিতানৰ সৈতে সহযোগ কৰিৰ আৰু শিতানটো আদৰি ল'ব।
ধন্যবাদ
হিমাংশু ভাগৱতী
ব্যৱস্থাপক, পাঠকৰ মনৰ কথা,
আখৰুৱা : literati
৭ মে', ২০১৭

No comments:

Post a Comment