Monday, 8 May 2017

"মিতভাষ"(৬৩)



"মিতভাষ"(৬৩)
সৌ আবেলিৰ পৃথিৱীখন
সৌ আবেলিৰ পৃথিৱীখন ---- মই দুহাত মেলি উৰি ফুৰিব খোজা হাবিয়াস ---- সৰ্বস্ব মায়াভৰা ক্ষণবোৰৰ সতে ৰংচঙীয়া ---- সপোন এটিৰ বাট সামৰি তপত উশাহৰ প্ৰতিটো ঢৌৱে জীৱনৰ বীণ বাই যোৱা ---- সেইয়া মই অচিনাকী হব দিয়া নাই ---- যদিওবা বাটে-পথে বৰণীয়া মেঘ ওপঙি পৰে ---- তথাপি দিনভৰৰ স্মৃতিবোৰ স্বপ্ন মধুৰ হেন ভাৱো ..... সামৰি থওঁ সজল চকুৰে এপৃষ্ঠা ---- ঘৰমুৱা পক্ষী এজাকৰ সেন্দুৰীয়া ওঁঠৰ পদূলিত ---- গুণগুণকৈ ৰাগী লগা বতাহ এজাকৰ কত যে সূদুৰ প্ৰান্তৰ আধৰুৱা কথা ৷
অংকুৰ শইকীয়া ৷

No comments:

Post a Comment