Monday, 1 May 2017

শ্ৰমিক দিৱসණলীনা হাজৰিকা



শ্ৰমিক দিৱস

 
তেজৰ ৰং শেতা
নিমখ মিহলি ঘাম পানীত
গোকাট্ গন্ধ
অসহ্য ! বেদনা
অত্যাচাৰ -উৎপীড়ন !
চিকাগোৰ ঐক্যৰ ওপৰত বৰ্বৰতা
পৃথিৱী গাথা শ্ৰমিকৰ ওপৰত
গৰাকীয়ে আজিও চলাই চাবুক
মাক্সবাদী আগ্নেয়গিৰি যেন পুনৰ উদ্গীৰণ
একত্ৰিত হ'ব শ্ৰমিক গোষ্ঠী
কাৰখানাৰ পৰা নিৰ্গত হ'ব লাভা
কেৱল আঠ ঘণ্টাৰ বাবে
শিল্প বিপ্লৱত দিগভ্ৰান্ত শ্ৰমিকৰ
নিষ্পেষণ , নিৰ্যাতনৰ আট্টনাদ
আজিও শুনো !
আজিও প্ৰসৱ কৰে সদ্যোমৃতই
হাহাঁকাৰ হয় অন্ন-বস্ত্ৰৰ
নিৱনুৱাৰ পাহাৰ গঢ়ি
প্ৰযুক্তিয়ে আদৰিছে
অবাধ বাণিজ্য
বণিক গোষ্ঠীৰ ঘৰিয়ালৰ চকুলো
'
আজিৰ শ্ৰমিক '
লাল পতাকাৰ তলত
সমবেত হোৱা !
হে শ্ৰমিক ! মবাইল এটা লৈ
কেইদিনমান ৰাজপথত
নিষ্কমাহৈ পেপছি খোৱা ।
কবি:-
লীনা হাজৰিকা

No comments:

Post a Comment