এই অলপ আগতে এটা
সপোন দেখিলো
এই অলপ আগতে এটা
সপোন দেখিলো
হাঁহিৰ টুকুৰা বিয়পোৱা ছোৱালীজনীয়ে ফোন কৰিছে
অনৰ্গল অনৰ্থক কথা
কি ক'লো হিচাপ নাই
অনেক কথা
"তুমি অনেক কথাই গোপনে ৰাখিলা মোৰ "
পুলক বেনাৰ্জীৰ গান গুণগুণালো
মই গালে তেওঁ বেয়া পায়
গালো তথাপিও মন বন্ধা ইমান জানো সহজ
হাঁহিৰ টুকুৰা বিয়পোৱা ছোৱালীজনীয়ে ফোন কৰিছে
অনৰ্গল অনৰ্থক কথা
কি ক'লো হিচাপ নাই
অনেক কথা
"তুমি অনেক কথাই গোপনে ৰাখিলা মোৰ "
পুলক বেনাৰ্জীৰ গান গুণগুণালো
মই গালে তেওঁ বেয়া পায়
গালো তথাপিও মন বন্ধা ইমান জানো সহজ
নিজকে চিকুটি চালো
গোপনে
না দুখ নাপালো
আচলতে সপোন নে সঁচা
সপোনত হাঁহিৰ টুকুৰাবোৰ বিয়পি পৰিল
বকুলৰ ফুল বকুলৰ ফুল নে খৰিকাজাই
সুবাসিত মোৰ ৰাজমহল
তুমি ৰাজকুমাৰী
আহ! নিজকে ৰাজকুমাৰ বুলি ভাবিলে কিবা খাপ নাখায়
তুমি ৰাজকুমাৰী
না দুখ নাপালো
আচলতে সপোন নে সঁচা
সপোনত হাঁহিৰ টুকুৰাবোৰ বিয়পি পৰিল
বকুলৰ ফুল বকুলৰ ফুল নে খৰিকাজাই
সুবাসিত মোৰ ৰাজমহল
তুমি ৰাজকুমাৰী
আহ! নিজকে ৰাজকুমাৰ বুলি ভাবিলে কিবা খাপ নাখায়
তুমি ৰাজকুমাৰী
এনেয়ে এবাৰ ভয়ে
ভয়ে চুই চালো তোমাৰ হাত
লিহিৰি লিহিৰি চিৰিলি চিৰিলি আঙুলি তোমাৰ
আৰু নখবোৰ একোটা জোন
দিয়ানা মোৰ কলিজা বিন্ধাই
তুমি বিন্দাছ বিন্ধিলা বুকুত
এতিয়া তেজ
আমি দুয়ো এতিয়া তেজৰ বিচনাত
তেজ মানে গোলাপ
তুমি গোলাপ
তুমি ৰঙা তুমি নীলা
তুমি ৰঙ
লিহিৰি লিহিৰি চিৰিলি চিৰিলি আঙুলি তোমাৰ
আৰু নখবোৰ একোটা জোন
দিয়ানা মোৰ কলিজা বিন্ধাই
তুমি বিন্দাছ বিন্ধিলা বুকুত
এতিয়া তেজ
আমি দুয়ো এতিয়া তেজৰ বিচনাত
তেজ মানে গোলাপ
তুমি গোলাপ
তুমি ৰঙা তুমি নীলা
তুমি ৰঙ
তোমাক আলিংগনৰ
বাবে হাজাৰতা বাহানা
মানে অজুহাত
"এটা অজুহাত পালেই মই গুচি যাব পাৰো"
হীৰেন ভট্টৰ কবিতা এনেয়ে গুণগুণালো
তুমি আতঁৰি গ'লা হাঁহিৰ টুকুৰাবোৰ সিচি
না মানে ফোন কাটিলা
আহ !কিযে কাটিল হাঁহি তোমাৰ
মই দিবানা মই মস্তানা
মানে অজুহাত
"এটা অজুহাত পালেই মই গুচি যাব পাৰো"
হীৰেন ভট্টৰ কবিতা এনেয়ে গুণগুণালো
তুমি আতঁৰি গ'লা হাঁহিৰ টুকুৰাবোৰ সিচি
না মানে ফোন কাটিলা
আহ !কিযে কাটিল হাঁহি তোমাৰ
মই দিবানা মই মস্তানা
না না মই ৰাজকুমাৰ
কবি:-
ණ নৱকাশ ।
No comments:
Post a Comment