বিতৰ্ক,নঞাত্মক মানসিকতা,পশ্চাদমুখী চিন্তা আৰু ফেচবুক
ক্ষমা প্ৰাৰ্থনাঃ
বিশ্বাস কৰো,ব্যক্তি বিশেষে চিন্তা মতাদৰ্শৰ প্ৰভেদ আছে৷এই লিখাত লিখকৰ মতাদৰ্শৰ লগত বিজ্ঞ
আৰু সুধীজনৰ মতাদৰ্শ নিমিলিব পাৰে৷সেয়ে প্ৰথমতেই সৱাৰে পৰা ক্ষমা প্ৰাৰ্থনা বিচাৰিছো৷
একৈশ শতিকা৷এই শতিকাবোৰৰ বোকোচাত হেজাৰ-লক্ষ
প্ৰাপ্তি,আবিস্কাৰ,অন্বেষণ আৰু সংস্কাৰৰ টোপোলা ওলমি আছে৷চৌদিশ বুৰাই
আছে অপৰিসীম জ্ঞানৰ সমুদ্ৰ৷সেই সমুদ্ৰতীৰৰ মই এটা বলুকাকঁণা৷তথাপি উপলব্ধি আৰু অনুভৱে মগজুত বাৰে বাৰে সকীয়াই যায়৷তৰংগবোৰ ঢৌঁ হৈ গৈছে
এতিয়া৷এতিয়া জ্ঞানে সপ্তম স্বৰ্গ চুইছে৷তথাপিও মনুষ্য বিচিত্ৰ৷বিচিত্ৰ তাৰ আচাৰ-আচৰণ তথা বুদ্ধি বিবেক৷মনুষ্যই নক্ষত্ৰপূঞ্জ বগাবলৈ জখলা
সাজিছে কাৰ্বন নেন'টিউৱ গাঠি৷অন্যজনে সেই একেই জ্ঞানে ইউৰেনিয়াম প্লুট'নিয়ামেৰে সাঁজিছে গোলা বাৰুদ৷ইশ্বৰকণা বিচাৰি হাবাথুৰি খাইছে মনুষ্যই৷16 ডাইমেনচন এতিয়া নহয় কল্পসাধুৰ বিষয়৷এতিয়া সেই সময়,যি সময়ত সময়ো নিৰূপায়৷স্থবিৰ৷এইখিনি বেবেৰিবাং৷এইবাবেই যে উপৰোক্ত শিৰোনামৰ লগত এই বিষয়
সংগতিহীন৷
বিতৰ্কঃ- এইবাবেই
কৰা হয় যে যুক্তি ৰৈ যায়৷এই যে সমুদ্ৰ নেওঁচি ৰাৱণে সীতা হৰিছিল আৰু ৰাম-লক্ষ্মনে বানৰ সেনা লৈ সীতাক উদ্ধাৰ
কৰিছিল৷দুয়োটাই যুক্তিপূৰ্ণ৷অথচ দুয়োটাই মানৱীয়
নহয়৷অন্যহাতে ৰামে এজন প্ৰজাৰ(ধুবী) কথামতে সীতাক কৰিছিল অগ্নিপৰীক্ষা৷এয়াও যুক্তিসংগত কিন্তু মানৱীয় নহয়৷এনে বহু কথা বহু বিষয় আছে য'ত যুক্তি ঠাঁহ খাই আছে৷যুক্তিযুদ্ধই সত্যক আবিস্কাৰ কৰিব নোৱাৰিলে সেই যুক্তিযুদ্ধ ৰক্তাভ সমৰতকৈ
বেছি ভয়াবহ হব পাৰে৷ৰক্তাভ সমৰে নগন্য প্ৰাণৰ বিনিময়ত গৰিষ্ঠ সংখ্যক প্ৰাণ ৰক্ষা কৰে৷অথচ এনে কাৰবাৰে বিনাযুদ্ধে গৰিষ্ঠসংখ্যক প্ৰাণহানি কৰিব
পাৰে৷বিতৰ্কই সত্যক আবিস্কাৰ কৰিলে এই ক্ষুদ্ৰ মস্তিস্কই সেই বিতৰ্কৰ গুণানুকীৰ্তন কৰিব,অন্যথাই কৰিব নিন্দা৷
নঞাত্মক মানসিকতাঃ
শতিকাই আমাক সভ্যতা দিছে৷আৰু সভ্যতাই দিছে আত্মকেন্দ্ৰিকতা৷যেতিয়া মানুহে খাদ্যৰ বাবে জীয়াই আছিল,তেতিয়া সমাজ মানুহৰ বাবে আছিল৷আজিৰ মানৱে জীয়াই থকাৰ বাবে খাদ্য গ্ৰহন কৰে আৰু মানুহৰ সমাজ৷গোলকীকৰণৰ প্ৰভাব পা প্ৰাদুৰ্ভাৱ
যিয়েই নহওক৷গোলকীকৰণে যে সভ্যতাৰ বুকুত হাতোৰাৰে জখম দিছে সি সত্য আৰু নিজৰাৰ পানীৰ দৰেই পৰিস্কাৰ৷নঞাত্মক মানসিকতাই এনে এটা পৰ্যায় পাইছেগৈ যে
সত্য মানেই মই,ভ্ৰম মানেই বাকী সমস্ত যেন হৈছেগৈ৷সত্য মিঠাইৰ দোকানৰ দানা নহয়
যে চিকুটি আমি সোৱাদ লম৷সত্য ৰাজহংসিনীৰ ঠোটত উঠি অহা বোকাত পোত গৈ থকা এটি খুদকণ৷সত্য ধৰা নিদিয়ে,সত্যক আবিস্কাৰ কৰিব লাগে৷বৰ্তমান গোলকীকৰণ এই সত্যক উলাই কৰি সত্যৰ বেনাৰ আঁৰি সমদল উলিয়াব পৰা অসত্য বা ভ্ৰমৰ
অংশবিশেষ৷নঞাত্মকতা একৈশ শতিকাৰ প্ৰতিটো উশাহত বিৰাজমান৷বস্তুবাদী চিন্তাধাৰা আৰু ব্যক্তিকেন্দ্ৰিক মতাদৰ্শই জন্ম দিয়া এই নঞাত্মক মানসিকতা বিতৰ্কত
সোমালেই সেই বিতৰ্ক উল্লেখ কৰাৰ দৰেই হৈ পৰে ৰক্তাভ যুদ্ধসম৷
পশ্চাদমুখী
চিন্তাঃ- যিদৰে এটা গম্বুজ সাজিবলৈ প্ৰথমে আমাক আৰ্হিৰ প্ৰয়োজন তেনেদৰে প্ৰতিটো কথা বুজিবলৈ বা তাক হৃদয়ংগম কৰিবলৈ আমাক প্ৰাথমিক ধাৰণা এটিৰ
প্ৰয়োজন৷কিন্তু এই সময়ত প্ৰতি ব্যক্তি কিম্বা সমাজ এই প্ৰাথমিক আৰ্হি অবিহনেই সকলো বিষয়ৰ বিশেষজ্ঞ?(বিশেষ-অজ্ঞ) হোৱা দেখা যায়৷পশ্চাদমুখী চিন্তাৰ জন্ম হয় আমাৰ উচ্চাভিলাষী,স্বপ্নসৰ্বচ্চ,কল্পনাপ্ৰৱনতা,আৰু অত্যাধিক ব্যক্তিকেন্দ্ৰিকতাৰ পৰা৷আমি বিচাৰো মাথো৷জীৱন ধাৰণৰ
উৎকৃষ্টতকৈ উৎকৃষ্ট সামগ্ৰী৷গান্ধীজীয়ে কৈ গৈছিল,"নৈতিকতাহীন বানিজ্য৷"আৰু আজি আমি
কেৱল বিচাৰিছো৷অহা পথ যে সত্যপ্ৰতিস্থিত
হবই লাগিব আমাৰ তেনে কোনো নীতি নাই৷আমি আমাৰ সক্ষমতাতকৈ বেছি আহৰণ কৰিব বিচাৰিছো৷এইবাবেই যে আমি দেখিছো
স্বাচ্চন্দ্যপূৰ্ণ জীৱন দেখিছো
ৰং-ৰহইছ৷আমি খোজ দিছো,তাৰ মাজতে আমি বেগাই গৈছো,আমি দৌৰিছো৷কিন্তু প্ৰতিটো অগ্ৰগামী খোজ দিওতে এৰি থৈ যোৱা দুভৰিৰ চাঁপ আমি চোৱা নাই৷হয়তো তাত মৃত অনেক পৰুৱা৷এয়াই আমাৰ নঞাত্মক
দিশ৷জ্ঞানশ্ৰেষ্ঠ(মোৰ দৃষ্টিত মানুহ জীৱ শ্ৰেষ্ঠ নহয়)মানৱে আহৰণ কৰাৰ ধামখুমীয়াত আৰম্ভ কৰি দিছে পশ্চাদমুখী চিন্তা৷যি চিন্তাৰ পৰোক্ষ বিৰূপ প্ৰভাৱ
পৰে প্ৰত্যেকটো বিতৰ্কত৷যি চিন্তাই বিতৰ্কৰ মাজেৰে আবিস্কাৰ কৰিব নোৱাৰে সত্যক৷
ফেচবুকঃ- জনসংযোগ মাধম্যৰ ভিতৰত একৈশ শতিকাৰ এটা
গুৰুত্বপূৰ্ণ মাধ্যম হল ফেচবুক৷বিশ্বায়নে দি যোৱা আলাদ্দিনৰ চাকি৷আমি ব্যবহাৰ কৰিব পৰা এটি সহজলভ্য আৰু
সুন্দৰ যোগাযোগ ব্যবস্থা৷য'ত নিজৰ চিন্তা,মতাদৰ্শ বিনিময় কৰিবলৈ অত্যন্ত সহজ৷
বিগত কিচু সময় জুৰি অসমৰ ফেচবুকৰ জগতখন যেন বিতৰ্কই বেয়াকৈ গ্ৰাস কৰিছে৷চৌদিশ বুৰাই মাথো বিতৰ্ক৷গীতৰ পৰা গীতা,চৰকাৰৰ পৰা দৰকাৰ প্ৰতিটো বিষয় যেন বিতৰ্কৰ বাবেই হৈ পৰিছে৷এয়া একপ্ৰকাৰ মানুহৰ মনত জমা হৈ ৰোৱা ক্ষুব্ধতাৰ পৰিচয়৷অসমৰ সমাজব্যবস্থা আৰু ৰাজনৈতিক বাতাবৰণ ইমানেই তললৈ গতি কৰিলে যে মানুহে সকলো ক্ষেত্ৰতে এতিয়া মাত্ৰ অনাস্থা দেখুৱায়৷কিন্তু জগৰীয়া কোন?এটা আবেগ সৰ্বোচ্চ জাতিৰ আবেগ খিনিৰ লগত ইমানেই খেলা হল যে এতিয়া ৰণৰ হুংকাৰো খেল যেন লাগে আৰু মৰণৰ পনো খেল যেনেই লাগে৷সমাজ,আইন,সংস্কাৰ,সংস্কৃতি সকলোতে যেন এতিয়া মাথো এক অবিশ্বাস অনাস্থাৰ কলীয়া ডাৱৰ৷আৰু তাৰেই পূৰ্ণ প্ৰতিফলন অসমৰ ফেচবুকৰ জগতখন৷বিতৰ্কৰ নামত এতিয়া যেন সত্যৰ সলনি সকলোতে সকলোৱে (মোক) প্ৰতিস্থা কৰিবলৈ উদ্যত৷অথচ এই চিন্তাই আমাক দিনে দিনে লৈ গৈ আছে এখন মই স জগতলৈ৷য'ত সকলো আছে অথচ শান্তি নাই৷
বিগত কিচু সময় জুৰি অসমৰ ফেচবুকৰ জগতখন যেন বিতৰ্কই বেয়াকৈ গ্ৰাস কৰিছে৷চৌদিশ বুৰাই মাথো বিতৰ্ক৷গীতৰ পৰা গীতা,চৰকাৰৰ পৰা দৰকাৰ প্ৰতিটো বিষয় যেন বিতৰ্কৰ বাবেই হৈ পৰিছে৷এয়া একপ্ৰকাৰ মানুহৰ মনত জমা হৈ ৰোৱা ক্ষুব্ধতাৰ পৰিচয়৷অসমৰ সমাজব্যবস্থা আৰু ৰাজনৈতিক বাতাবৰণ ইমানেই তললৈ গতি কৰিলে যে মানুহে সকলো ক্ষেত্ৰতে এতিয়া মাত্ৰ অনাস্থা দেখুৱায়৷কিন্তু জগৰীয়া কোন?এটা আবেগ সৰ্বোচ্চ জাতিৰ আবেগ খিনিৰ লগত ইমানেই খেলা হল যে এতিয়া ৰণৰ হুংকাৰো খেল যেন লাগে আৰু মৰণৰ পনো খেল যেনেই লাগে৷সমাজ,আইন,সংস্কাৰ,সংস্কৃতি সকলোতে যেন এতিয়া মাথো এক অবিশ্বাস অনাস্থাৰ কলীয়া ডাৱৰ৷আৰু তাৰেই পূৰ্ণ প্ৰতিফলন অসমৰ ফেচবুকৰ জগতখন৷বিতৰ্কৰ নামত এতিয়া যেন সত্যৰ সলনি সকলোতে সকলোৱে (মোক) প্ৰতিস্থা কৰিবলৈ উদ্যত৷অথচ এই চিন্তাই আমাক দিনে দিনে লৈ গৈ আছে এখন মই স জগতলৈ৷য'ত সকলো আছে অথচ শান্তি নাই৷
প্ৰান্তদেশঃ- এই দেশ মোৰ দেশ৷এই মাটি মোৰ মাটি৷এই
সংস্কৃতি মোৰ সংস্কৃতি৷এই পৰিচয় মোৰ পৰিচয়৷এই পৰিচয়ে সুখী মই৷মোৰ দেশৰ প্ৰতিজন নাগৰিক মোৰ ভাই,কঁকাই৷আজি আপুনি জীয়াই আছে আপোনাৰ বাবে মই মোৰবাবে৷এবাৰলৈ আমি আমাৰ বাবে জীয়াই থাকিব শিকা নাই৷আমি হৃদয়ংগম কৰা নাই এই মাটিৰ গোন্ধ,এই সংস্কৃতিৰ ঐক্যতান৷আমি একেলগে আগবঢ়াৰ চিন্তা দলিয়াই মই আগত হোৱাৰ হেপাহেৰে মোৰ আপোনজনকো
গঁচকি আগবাঢ়িব লৈছো৷কিন্তু গৈছো কলৈ৷লক্ষস্থান
প্ৰাপ্তিৰ পিচত আমি পামনে ঘুৰাই আমাৰ গচকত মৃত প্ৰতিজন আপোন মানুহ বুকুতে? আমি প্ৰাপ্তিৰ সুখেৰে মচিব পাৰিমনে আপোনজনক হেৰুৱাৰ বেদনা ? এই সময়ে বিচাৰে আমি প্ৰশ্ন কৰো নিজকে৷আজি
কোনোৱাই আমাক আঁটি-আঁটি বান্ধি নগঢ়ে অসমীয়া জাতি৷আমি
গঢ়িব লাগিব নিজক৷মই মোক,আপুনি আপোনাক৷হয়টো এই লেখাটো প্ৰতিজন অসমীয়াই পঢ়িব নাপায়৷তথাপিও
এটা কথাই কম৷কোনোৱাখিনিত যদি আপুনিও অনুভৱ কৰিছে
যে আমি নিজক গঢ়িম তেন্তে এই লেখাটো প্ৰতিজন অসমীয়াৰ ওচৰলৈ লৈ বলক৷আমি গঢ়ো এটা সৱল জাতি৷যি যুগ-যুগান্তৰ ধৰি থিয় দি আহিছে আপোন পৰিচয়ে৷আমি নকৰো আৰু
আন্দোলন৷আমি নোবোৱাও কলিজাৰ তেজ৷মাত্ৰ নিজেই নিজক গঢ় দিও মোৰ প্ৰিয় অসমী আইৰ সাঁচত৷নকৈ জী উঠো মোৰ প্ৰাণৰ দেশত৷
"জননী জন্মভূমি স্বৰ্গাদপী গৰিয়সী৷"
"জয় আই অসম৷"
©অনুৰাগ
কাশ্যপ"জয় আই অসম৷"
No comments:
Post a Comment