ৰাতি
দিনক ৰাতি কৰিবলৈ বেলি সলনি নহয়
পৃথিৱীয়েহে সাজে দিন-ৰাতিৰ সাধু
আমি মগজু নিলাম কৰি
প্ৰচাৰ কৰো বেলি ডুব যোৱা বুলি
ৰাতিয়ে ভাল পায়
নিৰ্জনতা
দিনক ভয় কৰো কাৰণেই
আমাৰ সংকীৰ্ণ মনেৰে ৰাতিক সজাওঁ
বলিৰ পঠা
দিনক ভয় কৰো কাৰণেই
আমাৰ সংকীৰ্ণ মনেৰে ৰাতিক সজাওঁ
বলিৰ পঠা
নিচাত মাতাল হওঁ
আমি
ৰাতিক আখ্যা দিওঁ মাতাল
বলেৰে প্ৰতিপন্ন কৰো
পোহৰৰ সৰলতা
ঢাল কৰি ৰাতিক দি যাওঁ ৰোগ
ৰাতিক আখ্যা দিওঁ মাতাল
বলেৰে প্ৰতিপন্ন কৰো
পোহৰৰ সৰলতা
ঢাল কৰি ৰাতিক দি যাওঁ ৰোগ
আমি পাহৰি যাওঁ
ৰাতিৰ বুকুৰ জোন আৰু জোনাকীক
পাহৰি যাওঁ
ৰাতিৰ অন্ধকাৰতে জন্ম হৈছিল কৃষ্ণৰ
যাৰ বাঁহীৰ সুৰ ভাহিছিল কেৱল ৰাতি
ৰাতিৰ বুকুৰ জোন আৰু জোনাকীক
পাহৰি যাওঁ
ৰাতিৰ অন্ধকাৰতে জন্ম হৈছিল কৃষ্ণৰ
যাৰ বাঁহীৰ সুৰ ভাহিছিল কেৱল ৰাতি
নিৰীহ ৰাতিক কোনোৱে
নুবুজে
দুখৰ ৰাতি নুপুৱাই বুলি
অহৰহ দি যাওঁ অপযশ
আনৰ অপৰাধত বদনামী হয় ৰাতি
সহস্ৰ অপৰাধৰ সাক্ষী হৈও
নীৰৱে থাকে ৰাতি
তথাপি আমি বদনাম কৰো ৰাতিৰ
দুখৰ ৰাতি নুপুৱাই বুলি
অহৰহ দি যাওঁ অপযশ
আনৰ অপৰাধত বদনামী হয় ৰাতি
সহস্ৰ অপৰাধৰ সাক্ষী হৈও
নীৰৱে থাকে ৰাতি
তথাপি আমি বদনাম কৰো ৰাতিৰ
ৰাতিয়ে চিনি পায়
আমাক
চিনি পায় পোহৰেও চিনিব নোৱৰা
আমাৰ চৰিত্ৰক
পোহৰক ৰেহাই দি দি নিজেই আৰ্জি লওঁ
দুখ-যন্ত্ৰণা
জগৰীয়া কৰোঁ নিৰ্দোষী ৰাতিক
চিনি পায় পোহৰেও চিনিব নোৱৰা
আমাৰ চৰিত্ৰক
পোহৰক ৰেহাই দি দি নিজেই আৰ্জি লওঁ
দুখ-যন্ত্ৰণা
জগৰীয়া কৰোঁ নিৰ্দোষী ৰাতিক
গালিৰে থকা-সৰকা
কৰি কওঁ
ৰাতিয়ে হাতীয়ে বোলে সমান
পক্ষপাতিত্ব কৰো সদায়
পোহৰৰ বাবে
চিনিব নোৱাৰোঁ ৰাতিৰ গভীৰতা
ৰাতিয়ে পিচে ঠিকেই চিনে আমাৰ নগ্ন ৰূপ
ৰাতিয়ে হাতীয়ে বোলে সমান
পক্ষপাতিত্ব কৰো সদায়
পোহৰৰ বাবে
চিনিব নোৱাৰোঁ ৰাতিৰ গভীৰতা
ৰাতিয়ে পিচে ঠিকেই চিনে আমাৰ নগ্ন ৰূপ
:-দুলাল হাজৰিকা
No comments:
Post a Comment