Saturday, 6 May 2017

ৰাতিৰ জোন



ৰাতিৰ জোন :


দিনৰ দিনটো
বৰষুণে ধুৱাইছিল নগৰখন।
ধুমুহা, বিজুলী, গাজনিৰ
কাণতাল মৰা শব্দত
স্তব্ধ হৈছিল মানুহৰ খোজ।
সন্ধিয়াৰ আকাশ
মেঘে ঢাকি থৈছিল জোন।
ৰাজপথত
মানুহৰ অহা-যোৱা
সময়ৰ হিচাপ-নিকাচ।
অট্টালিকাৰ ওপৰত থকা
বহুজাতিক বিজ্ঞাপনৰ
ফালি যোৱা কাপোৰখনে
বতাহত ঢৌ খেলিছিল।
পথ-বন্তিৰ ছাঁ-পোহৰত
বিজ্ঞাপনৰ নায়িকাজনীক
আকাশৰ পৰী যেন লাগিছিল।
জীৱনক জীৱন বুলি শিকোৱা
শুকুলা এটি সপোনে
হাত বাউলি মাতিছিল।
এটা পাহাৰীয়া সুৰত
মগ্ন হৈছিল ৰাতিৰ জোন।
~ মনোহৰ দত্ত

No comments:

Post a Comment