বিহলঙনি : আখৰুৱাৰ
হাস্য-ব্যংগ শিতান : তৃতীয় খণ্ড : ২৬ ব'হাগ, ১৯৩৯ শক
চুগাৰ লবী : ~ চৈয়দ আহমেদ শ্বাহ
সদৌ অসম
অব্যৱসায়িক চেনি উৎপাদনকাৰী সন্থাৰ সাধাৰণ সদস্য হিচাবে নামটো তালিকাভূক্ত হোৱাৰ দিনাখনৰ পৰা মোৰ
জীৱনলৈ ঘোৰ অমানিশা নামি আহিল। আজিও মনত পৰে সেই বুকু দহি যোৱা ক্ষণটোৰ কথা যেতিয়া পিপি’ত তিনি শতাধিক ৰান সংগ্রহ কৰিলোঁ বুলি মোক স্কৰবোৰ্ডে জনালে। তেজ পৰীক্ষাৰ ফলাফল যদি এ পি এচ চিয়ে ঘোষণা কৰিলেহেঁতেন কিবা এটা কৰিব পৰা গ'লহেঁতেন।
“৩২ টা দাঁত উলিয়াই হাঁহিব নালাগে। আজিৰ
পৰা চেনি বন্ধ।”
“তুমি ভুল কৰিছা; ৩২টা নহয়, ২৮ টা হে আছেগৈ।” --- কথা পাতলাবলৈ ক’লোঁ।
“বাকী চাৰিটা ক'লৈ গ'ল ক’ব লাগিব নেকি? ...
মোৰ উত্তৰলৈ অপেক্ষা নকৰি তেওঁ কৈ গল-
মোৰ উত্তৰলৈ অপেক্ষা নকৰি তেওঁ কৈ গল-
“চেনিয়েই খালে; অত্যাধিক মিঠা বস্তু খাই দাঁত ভালদৰে
ব্রাচ নকৰা কাৰণে দুটা পোকে খালে আৰু বাকী দুটা কলেজত পঢ়ি
থাকোঁতে সেইজনীৰ লগত মিঠা মিঠা চুপতি মাৰি থাকোঁতে তাইৰ ককায়েকে খালে?”
“ভিত্তিহীন উৰাবাতৰিত বিশ্বাস নকৰিবা”- খঙেৰে প্রতিবাদ কৰিলোঁ।
“এৰা, উৰাবাতৰিয়েই...তোমাৰ সম্মুখৰ দুটা দাঁতৰ ‘উৰা’-বাতৰি।”
“সবেই জানে দাঁত দুটা মই ফুটবল ফিল্ডত
হেৰুৱাইছোঁ।”
“আমি জনাত প্রতিপক্ষৰ গলৰক্ষকজন তাইৰ
ককায়েক আছিল।”
“এইটো এটা দুৰ্ঘটনা আছিল মাত্র।”
“বেচ আমোদজনক দুৰ্ঘটনা! এনেকুৱা আৰু এটা
আমোদজনক দুৰ্ঘটনা মোৰ দেউতাৰ সৈতে হ'ব খুজিও কথমপি নোহোৱাকৈ থাকিল।” (এওঁৰ দেউতা ফুটবল প্লেয়াৰ নাছিল।)
ঘটনাটো ভাবিলে
আজিও বুকু কঁপি উঠে। আমাৰ কলেজ হোষ্টেলৰ কাষতে এজন দন্ত চিকিৎসকৰ চেম্বাৰ আছিল। এদিন দাঁত পৰীক্ষা কৰাবলৈ তেখেতৰ
ওচৰলৈ গ'লো।
মুখত কাপোৰ, হাতত একে ৫৭ ৰ দৰে ভয়ংকৰ ড্রিলিং মেচিন।
মোক ৰজাৰ চকীখনত বহিবলৈ দিলে আৰু সুধিলে আমাৰ ক্লাচৰ
বিশেষ ল'ৰা এজনক চিনি পাওঁ নেকি।
বৰ উৎসাহেৰে কলো, “হয় চিনি পাওঁ। বৰ প্রতিভাবান ল'ৰা। পঢ়া-শুনা, খেলা-ধূলা সকলোতে আগবঢ়া।”
“হয় নেকি?”
এইবাৰ তেওঁ কাষৰ
টেবুলখনত থকা ৰেজিষ্টাৰখন এবাৰ চালে আৰু মুখেৰে একো নামাতি হাতৰ বজ্রাস্ত্রপাত মোৰ মুখত ভৰাই দি চুইচ্টো অন
কৰিলে আৰু খলনায়কৰ ষ্টাইলত কলে, “ প্রতিভাবান ল'ৰা, Stop
bothering my daughter”
পিচৰখিনি আপোনাক
নক'লেও বুজিছে চাগৈ যে যুদ্ধক্ষেত্রত ক্ষত-
বিক্ষত হৈয়ো শেষত মোৰেই জয় হৈছিলগৈ।
থওঁক সেইবিলাক
কথা।
তেওঁক ক'লোঁ—“হেৰা, মনটো বেয়া লাগি আছেহে। ৰহিমলা, দিয়াছোন কলিজা দহি যোৱা চাহ এপিয়লা।”
মোৰ ফতুৱা
বক্রোক্তিক পৰোৱাই নকৰি সাউতকৈ ভিতৰৰ পৰা চাহ এপিয়লা লৈয়েই আহিল ৰহিমলাই।...
চাহ কাপ মুখত
দিয়েই...
মানুহৰ জিভাখন যে
এনেকুৱা অসম্ভৱ কোণত ঘূৰাব পাৰি আজিলৈকে জনা নাছিলো।
“ছেঃ কি দিছা এইবিলাক!”
“এতিয়াৰ পৰা এইয়াই। তোমাৰ জীৱনলৈ ‘আমূল’ পৰিৱৰ্তন আনিব
লাগিব।”
“আমূল নালাগে এভ্ৰিডেইতো দিব পাৰা!”
“Everyday বাদ দিয়া Sunday- তো তোমাক মিঠা চাহ দিয়া নহ'ব।”
“তুমি কেতিয়াবা Hypoglycaemia মানে কি শুনিছানে... হঠাৎ চুগাৰ কমিলে...”
মোৰ কথা শুনিবলৈ
তেওঁৰ ধৈৰ্য নাছিল।
মনৰ বেজাৰ
আঁতৰাবলৈ কেইটিমান গীতকে জুৰিলো...
মিঠা মিঠা ব’হাগৰ...
সেইটো শেষ হ’ল,
মিঠা মিঠা তোমাৰ
কথা..
তাৰ পিচত,
চিনি কম চিনি
কম...
শেষত...এটা
লিমাৰিক ৰচি ডাঙৰ ডাঙৰ কৈ পঢ়িলোঁ-
"চেনিৰামৰ চেনেহীৰ নাম চেনিমাই
তাইয়ো ‘চেনি’ক হেনো বৰ ভাল পায়
তাইয়ো ‘চেনি’ক হেনো বৰ ভাল পায়
সপোনতো দেখে চেনি
দিঠকতো দেখে চেনি
দিঠকতো দেখে চেনি
শেষত গুড়ৰ-বেপাৰীৰ
স'তে গ’লগৈ পলায়..."
...............................
মই চুগাৰমেন হোৱাৰ
বাতৰিটো চহৰখনত এনেকৈ বিয়পি পৰিল যেন এই খবৰটো শুনিবলৈকেহে সকলোৱে অধীৰ আগ্রহেৰে বাট চাই আছিল। কূটিল
সন্তুষ্টিৰ হাঁহি একোটা গালৰ চুকত তামোল লুকুৱাদি লুকুৱাই
মিছা সহানুভূতিৰে বিভিন্নজনে প্রকাশ কৰা প্রতিক্রিয়াসমূহ আছিল এনেধৰণৰ---
--- হেঃ হেঃ, তোমাকো পালেগৈ হ'বলা! (Welcome to the
club).
--- আপোনাৰতো হ'ব নালাগিছিল! (কিয় হ'ব নালাগিছিল আপুনি তথ্য সহকাৰে বুজাই দিবনে ?)
--- নাই, এই সব একো নাই (কিয় একো নাই, কেন্সাৰতকৈ অধিক মানুহে এই ৰোগত সভাকক্ষ ত্যাগ কৰে নাজানে
নেকি )
--- মাত্র ৩০০ ! সেইটো আৰু চুগাৰ হ'লনে ! ( নহ'লে কি তিতাকেৰেলা হ'ল ? আপোনাৰ মতে ১০০০ হ'ব লাগিছিল নেকি ?)
--- নিয়মখিনি মানি চলিলেই হ'ল। মিঠা বস্তু নাখাব বা কম খাব....! ( বৰ ডাঙৰ পৰামৰ্শ এটা দিলে ভাই। মিঠা খাব
নালাগে বুলি আজিহে জানিলোঁ। ধন্যবাদ ।)
--- তালিকা মতে খাব!
আপুনি বাৰু সেই ‘তালিকা’ কেতিয়াবা দেখিছেনে? কি যে মৰম লগা ঐ! তাতকৈ কি কি বস্তু খাব পাৰি তালিকা এখন প্রস্তুত কৰা হ'লে হাতৰ বুঢ়া আঙুলিৰ মূৰতে লিখি থ'ব পৰা গলহেঁতেন; যিজন মহান আত্মাই সেইখন বনাইছে তেওঁৰ আগৰ জনমত যে জেৰেঙা পথাৰত ডিউটি দিছিল মই নিশ্চিত। মধুমেহ ৰোগীৰ বেছি ভাগেই বোধহয়
নাখাই নাখাই মৰে। একমাত্র ইৰম শৰ্মিলাৰ বাহিৰে এলা পেচা মানুহে সেইখন তালিকা মতে চলা অসম্ভৱ৷ নহয়, চলিব পাৰিব... হুইল চেয়াৰত উঠি চলিব পাৰিব, ষ্ট্ৰেচাৰত উঠি
চলিব পাৰিব কিম্বা ১০৮ ত উঠি চলিব পাৰিব।
মৰাৰ আগে আগে চেল্ফি
এখন ল'বলৈ নাপাহৰিব। পাৰিলে ফেচবুকত আপলোড কৰি
চাবচোন। কিমানযে লাইক নাপাব!
…..Congratulations…well-done
... তুমি ইমান শ্লিম কেনেকৈ হ'লা? প্লিজ কোৱানা-
(আগতে কোৱা উমনি লোৱা কুকুৰাজনীৰ দৰে
তোমাৰ ৭০ মি মি মুখখন কিয় বিভিন্ন এঙ্গলত প্রতিদিনাই আপলোড কৰা। মোৰ ছোৱালীজনীয়ে দেখিলে ভয় খাই কান্দে। নাপাই নহয় সৰু ল'ৰা-ছোৱালীক কন্দুৱাবলৈ। )
....আপোনাৰ দূৰ সম্পৰ্কীয় মামাৰ ল'ৰা নেকি?
( নহয়। মোৰ চিনাকি প্রেতাত্মা এটা। যোৱা
বছৰ FB ত Friend Request পাইছিলোঁ)
....ৰামদেৱ চাই নেকি? ---(মই আস্থা চাই চাই নাস্তা কৰোঁ)
....চেৰাজেমলৈ যায় নেকি? ---( মই “হেৰা, যম”লৈ যাওঁ)
--- নিউট্রেলাইট খায় নেকি?--- ( নহয়, টিউব লাইট খাওঁ। গিনিজ বুকত যে পাওঁ মাজে মাজে। Very nutritious)
সকলোতকৈ বিপদজনক হ'ল নপতাফুকন বেজ সকল...
অমুকটো খাবা।
তমুকটো খাবা। ভুচুকটো খাবা। মেঠিৰ পৰা জেঠিলৈকে কত কি।
তাতোকৈ ভয়ংকৰ হ'ল স্বয়ম্ভূ গুপ্তচৰ সকল...
প্রতিটো নৈশ ভোজতে
শেষ আইটেমকিটাৰ ওচৰে- পাজৰে তেওঁলোকে চিকাৰ ধৰিবলৈ খাপ পতাদি চোপ লৈ থাকে। আপুনি ৰসগোল্লালৈ ঠিক হাত আগবঢ়াইছে। তেনেতে পিচফালৰ পৰা সকলোৱে শুনাকৈ ক'ব --- বাহ! চুগাৰ ফ্রী ৰসগোল্লা নেকি!!
পাষণ্ডহঁত! মই
তহঁতৰ প্রত্যেকৰে জীৱনৰ গোপন অধ্যায় ফাদিল নকৰোঁ যদি চাই থাক। ল'কেল চেনেল মাতিম।
অৰ্ণৱ গোস্বামীক মাতিম। আৰ টি আই কৰিম। তুঝে য়াদ ৰাখুঙ্গা ঠাকুৰ। মুঝচে দুচমনি বহত মেহেঙ্গী পৰেগী।
জীৱনত সকলো ত্যাগ
কৰিব পাৰিলেও ৰসগোল্লা ত্যাগ কৰাটো হ'ব লাইলাক মজনুৱে পাহৰি যোৱাৰ দৰে।
মোৰ জীৱনৰ স্থায়ী
প্রেম- ৰসগোল্লা!
কিন্তু ৰসগোল্লা
মানে ৰসগোল্লা হ'ব লাগিব । যেনেকৈ হাড়ে হিমজুৱে অসমীয়া বুলি ক'লেহে নিভাঁজ অসমীয়া হয় বুলি বহুতে দাবী কৰে। তেনেকৈ কেঁচুৱাৰ গালৰ দৰে কোমল আৰু ঈষৎ উষ্ম গোলকটোৱে নাক আৰু
জিভাৰ ওপৰত এৰি থৈ যোৱা “গাখীৰৰ চানা আৰু দেশী ঘিঁউৰ পুখুৰীত নিতৌ স্নান কৰা 'ঘোষ বাবু -ঘোষ বাবু” লগা মৃদু বঙ্গীয় গোন্ধটোৰেহে আচল ৰসগোল্লা। অৰ্থাৎ মুখত দিওঁতেই পমি যোৱা আৰু চকু মুদিলেই ‘উৰ্দ্ধাঙ্গ খালি আৰু তলত চুৰীয়া পিন্ধা কিচ কিচ ক’লা পেটুৱা মানুহ’ এজনে ডাঙৰ চচপেনৰ ভাৰখন চোতালত লাহেকৈ
নমাই থোৱাৰ ছবিখন আপোনাৰ চকুৰ আগত ভাহি উঠিব লাগিব।
আহ! কি মধুময় ৰসাল
স্মৃতি!!
মোৰ ৰসগোল্লা শৰাধকৰণৰ কোনো উচ্চ সীমা নাছিল।
প্রতি সন্ধিয়া অফিচ শেষ হোৱাৰ পিচত মোৰ অহা-যোৱাৰ বাটত নপৰিলেও স্কুটাৰখনে কিছু অতিৰিক্ত সময় আৰু ইন্ধন ব্যয় কৰি লাচিত নগৰৰ অশোকাৰ পৰা গৰম গৰম
দহোটা ৰসৰ গোল্লা কঢ়িয়াইহে ঘৰমূৱা হৈছিল। দহোটাৰ তিনিটা ঘৰৰ বাকী সদস্য সকলে খাইছিল। ....হেঃ হেঃ হেঃ---
এবাৰৰ কথা।
কলিকতাত। আত্মীয় এজনৰ চিকিৎসাৰ সংক্রান্তত আছোঁগৈ । বহুদিন কেৱল গেষ্ট হাউচ- হাস্পতাল কৰি আছোঁ। হঠাতে জাগিল নহয়
দুৰ্বাৰ ৰসগোল্লা চিন্দ্রম। নিউ মাৰ্কেটৰ দোকান এখনত সোমাই
সম্পূৰ্ণ ষ্টক চাওঁতে চাওঁতে শেষ কৰি দিলোঁ। (কেচি দাস বা গঙ্গুৰাম নাছিল অৱশ্যে; কিন্তু সেইফেৰী অসাধ্য সাধন কৰাৰ উন্মাদ সপোন এটাইয়ো মাজে মাজে আমনি কৰি যায়। )
লগত যোৱা ডেকা ভাগিনটোৱে কেৱল মুখ মেলি চাই থাকিল। তাক
খাবলৈ কওঁতে সি নিজে নাখাই মই ৰসগোল্লা খোৱা চায়েই মহানন্দ লভিছিল। আকৌ এবাৰৰ কথা- দীঘাৰ বাটত এখন দোকানত চকুৰ পচাৰতে ২৭ টা গিলি উঠাৰ পিচত যেতিয়া
মন কৰিলোঁ যে মানুহ বিলাকে মোক জন্তু চোৱা দি চাই আছে- তেতিয়াহে ক্ষান্ত হ'লোঁ। তেনে এজন মহান ‘ৰসমোল্লা’ক যদি কোনোবাই কয় যে তুমি আজিৰ পৰা নাখাবা
ৰসগোল্লা.... কিমান হৈ হাল্লা হ'ব আপুনিয়েই কল্পনা কৰকচোন।
চাহৰ দোকানত মোৰ
অৰ্ডাৰ দিয়াৰ ষ্টাইল—
‘একাপ চাহ- চেনি নিদিয়া। চাৰিটা ৰসগোল্লা- চেনি দিয়া।‘
‘একাপ চাহ- চেনি নিদিয়া। চাৰিটা ৰসগোল্লা- চেনি দিয়া।‘
কিন্তু যেতিয়াই
শুনা পাওঁ যে চিনাকি কাৰোবাৰ ঘনাই ঘনাই ডায়েলাইচিচ কৰা আৰম্ভ হৈ গৈছে, তেতিয়া মোৰ প্রেম-কাহিনী সাময়িকভাবে স্থগিত ৰখা হয়।
কিন্তু মাত্র
দুদিনলৈ...
আকৌ যেতিয়াই শুনো যে সেইজনা সিপুৰীলৈ প্রস্থান কৰিলে
তেতিয়া পুনৰ স্থগিত...
কিন্তু এমাহলৈ...
‘এদিন খালে একো নহয়’। কোনোবাই কোনোবাই কোৱা শুনো।
কথাষাৰ ‘এদিন ফেঁটি সাপে কামুৰিলে একো নহয়’ৰ লেখীয়া।
কথাষাৰ ‘এদিন ফেঁটি সাপে কামুৰিলে একো নহয়’ৰ লেখীয়া।
জানি শুনিও
প্রতিশ্রুতি ৰাখিব নোৱাৰোঁ।
এই দৰেই “গুপুতে গুপুতে খেলি আছোঁ...আলিঙ্গনৰ এই খেলা”
মোৰ মিঠা কাহিনীৰ
মিঠা পৰিসমাপ্তি কোন দিনা হ'ব বুজাই দিয়াৰ
প্রয়োজন নাই বোধহয়।
এপিটাফখন পঢ়ি
চাব---
HERE LIES A
SWEET SOUL
WHO THOUGHT ‘SWEET IS ALL’
HE SWEATED SWEET
HE TWITTED SWEET
SWEET CAUSED HIS DOWNFALL
WHO THOUGHT ‘SWEET IS ALL’
HE SWEATED SWEET
HE TWITTED SWEET
SWEET CAUSED HIS DOWNFALL
পিচে অসমীয়াত হে
গুপুত বাইক শাৰী পাব---
ভাল পাইছিল যিয়েই
ৰসগোল্লা
‘মিঠা’ৰ প্রেমিক এইয়া ৰসমোল্লা
জীৱন কটালে খেলি ‘মিঠা’ৰে খেলা
প্রাণে প্রাণে সিঁচি থৈ ‘মিঠা’ৰে মেলা
‘মিঠা’কে বিলালে তেওঁ বিচাৰি আল্লা...
‘মিঠা’ৰ প্রেমিক এইয়া ৰসমোল্লা
জীৱন কটালে খেলি ‘মিঠা’ৰে খেলা
প্রাণে প্রাণে সিঁচি থৈ ‘মিঠা’ৰে মেলা
‘মিঠা’কে বিলালে তেওঁ বিচাৰি আল্লা...
~ চৈয়দ আহমেদ শ্বাহ
সদস্য, আখৰুৱা।
সদস্য, আখৰুৱা।
------------------------------------------------------------------------------
ব্যৱস্থাপকৰ
সংযোজন :
আখৰুৱাৰ
হাস্য-ব্যংগ শিতান 'বিহলঙনি'ক ৰাইজে আদৰি লোৱা কাৰণে আমি উৎসাহিত হৈছোঁ আৰু আজি 'বিহলঙনি'ৰ তৃতীয় খণ্ড আজি
ৰাইজলৈ আগবঢ়ালোঁ।
এইটো খণ্ডত 'চুগাৰ লবী’ শীৰ্ষক মাননীয়
চৈয়দ আহমেদ শ্বাহৰ ৰস-ৰচনাৰ কাৰণে তেখেতলৈ শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ।
আগলৈ ৰাইজে 'বিহলঙনি'লৈ সহযোগ আগবঢ়াব
বুলি আশা কৰিলোঁ আৰু শিতানটোলৈ সদস্যসকলৰ পৰা লিখিনি বিচাৰিলোঁ। উল্লেখ্য যে সময়ে সময়ে ব্যৱস্থাপকে লিখনি বিচাৰি আখৰুৱাৰ সদস্যৰ সৈতে যোগাযোগ
কৰিব। অৱশ্যে কোনো সদস্যই আগ্ৰহ কৰিলে শিতানটোৰ ব্যৱস্থাপকলৈ বাৰ্তাৰ জৰিয়তে তেখেতসকলৰ লিখনি পঠিয়াব পাৰিব নতুবা তলত উল্লেখ কৰা 'আখৰুৱা পৰিচালনা সমিতি'ৰ ইমেইল ঠিকনালৈ লিখনি প্ৰেৰণ কৰিব পাৰিব।
ধন্যবাদ।
পলাশ বৰা,ব্যৱস্থাপক, বিহলঙনি শিতান
আখৰুৱা : literati
২৬ ব'হাগ, ১৯৩৯ শক
১০ মে', ২০১৭
No comments:
Post a Comment