নীলাৰ পৃথিৱী
নীলাৰ পৃথিৱীত
নোপজিল বেলি
ফুল আৰু পখিলাবোৰ আঁকিলে তাই আন্ধাৰেৰে,
অন্ধ ভাবনাত সাজি লোৱা শূন্য আকাশখনত
পিন মাৰি থলে আন্ধাৰৰ এটি জোন আৰু এশটা ত'ৰা
গান গুনগুনাই লগালে তাই আন্ধাৰৰ নেইল পলিচ
ওঠত আন্ধাৰৰ লিপষ্টিক,
দুচকুতো সানিলে কাজল বৰণৰ আন্ধাৰ
অন্ধ নিদ্ৰাৰ স্বপ্নবোৰত
সেওঁতালৈ সাঁচিলে আন্ধাৰৰ এচিকুট সেন্দুৰ
নেদেখা পোহৰকো আনকি
আন্ধাৰ সূতাৰে চকুৰ মণিত তাই থলে গুঠি
ফুল আৰু পখিলাবোৰ আঁকিলে তাই আন্ধাৰেৰে,
অন্ধ ভাবনাত সাজি লোৱা শূন্য আকাশখনত
পিন মাৰি থলে আন্ধাৰৰ এটি জোন আৰু এশটা ত'ৰা
গান গুনগুনাই লগালে তাই আন্ধাৰৰ নেইল পলিচ
ওঠত আন্ধাৰৰ লিপষ্টিক,
দুচকুতো সানিলে কাজল বৰণৰ আন্ধাৰ
অন্ধ নিদ্ৰাৰ স্বপ্নবোৰত
সেওঁতালৈ সাঁচিলে আন্ধাৰৰ এচিকুট সেন্দুৰ
নেদেখা পোহৰকো আনকি
আন্ধাৰ সূতাৰে চকুৰ মণিত তাই থলে গুঠি
যদিও নীলাৰ ঘৰলৈ
নাহিল এখনো আৰ্চী
যদিও খিৰিকীৰ কাঁচ আৰু চকচকীয়া বাচনবোৰেও
বুকুত এখন্তেক জিৰাব নিদিলে তাইৰ হাঁহি
তথাপিও নীলা নাছিল অসুখী
প্ৰিয় বুলিবলৈ নেদেখিলেও কোনো ৰঙ
সেউজীয়াৰে সাজিবলৈ ভালপোৱাৰ পৃথিৱীখন
অকলশৰে পাৰ হ'ব খুজিছিল নীলাই
খৰস্ৰোতা আন্ধাৰৰ শেষহীন দলঙ
যদিও খিৰিকীৰ কাঁচ আৰু চকচকীয়া বাচনবোৰেও
বুকুত এখন্তেক জিৰাব নিদিলে তাইৰ হাঁহি
তথাপিও নীলা নাছিল অসুখী
প্ৰিয় বুলিবলৈ নেদেখিলেও কোনো ৰঙ
সেউজীয়াৰে সাজিবলৈ ভালপোৱাৰ পৃথিৱীখন
অকলশৰে পাৰ হ'ব খুজিছিল নীলাই
খৰস্ৰোতা আন্ধাৰৰ শেষহীন দলঙ
তাইৰ কষ্ট দেখি
হোৱা মোৰ কষ্টত
কষ্ট হৈছিল তাইৰ
গোপনে মুখ গুজি এৰি গৈছিল গাৰুত
দুচকুৰ ৰাতিৰ টোপ টোপ আন্ধাৰ
কষ্ট হৈছিল তাইৰ
গোপনে মুখ গুজি এৰি গৈছিল গাৰুত
দুচকুৰ ৰাতিৰ টোপ টোপ আন্ধাৰ
যিহেতু নীলাৰ
পৃথিৱীত নোপজিল বেলি
পোহৰৰ প্ৰতিশ্ৰুতিৰে সময়ে তাইক
জীৱনৰ সিপাৰৰ পৃথিৱীলৈ লৈ গৈছিল বুটলি
বেলি য'ত সঁচাকৈ উঠা নমা কৰে পুৱা - গধুলি
পোহৰৰ প্ৰতিশ্ৰুতিৰে সময়ে তাইক
জীৱনৰ সিপাৰৰ পৃথিৱীলৈ লৈ গৈছিল বুটলি
বেলি য'ত সঁচাকৈ উঠা নমা কৰে পুৱা - গধুলি
মই জানোঁ
খবৰ নিদিয়াকৈ গুচি যোৱা সেই ৰাতিত
মোৰ কথা ভাবিয়েই নীলাই
বহুপৰ টুকিছিল আন্ধাৰৰ চকুপানী...
খবৰ নিদিয়াকৈ গুচি যোৱা সেই ৰাতিত
মোৰ কথা ভাবিয়েই নীলাই
বহুপৰ টুকিছিল আন্ধাৰৰ চকুপানী...
('নীলা'- অতনু ভট্টাচাৰ্যৰ গল্প 'নীলাৰ কাৰণে অলপ ভালপোৱা'ৰ এক অন্ধ নাৰী
চৰিত্ৰ)
:-ৰাজীৱ ডেকা
No comments:
Post a Comment