পোহৰ
কাবেৰীয়ে থত、মতকৈ সাৰ পাই চকুহাল মেলোতেই পোৰা পোৰা গোন্ধ এটা তাইৰ নাকত লাগিলহি ৷কি গোন্ধাইছে বুলি হঠাৎ ঘুৰি চাই দেখে তাই
পঢ়া প্লাষ্টিকৰ টেবুলখনৰ এটা অংশ প্ৰায় পুৰি শেষেই হ'ল ৷
"ধেৎ তেৰি কিহে পাইছিল মোক ৰাতি ম'ম জ্বলাই পঢ়িবলৈ" মনতে ভোৰভোৰালে তাই ৷
ৰাতি কাৰেণ্টো
যোৱাত কাবেৰীয়ে পঢ়িবলৈ ম'ম এডাল জ্বলাই লৈছিল ৷কাৰণ পিছদিনাৰ পৰা বি.এডৰ ফাইনেল পৰীক্ষা
৷পঢ়াৰ নিচাত তাই কেতিয়া শুই পৰিল গমেই নাপালে ৷
"কি হ'ব এতিয়া ?"" ছেহ、 মালিকে বা ভাৱে তাইক?"
খপজপকৈ বিচনাৰ পৰা
নামি ওচৰতে থকা পানীবাল্টিটোকে তাই টেবুলৰ ওপৰত ঢালি দিলে ৷জুই নোমালে যদিও ইতিমধ্যে গোটেই ৰূমটো ধোৱাত পোত
গ'ল ৷ তাই কোনোমতে উশাহটো ঘুৰাই মজিয়াত বহি পৰিল ৷
"উস、 ভগৱান ৰক্ষা আঠুৱাটোত যে নালাগিল"
নহ'লে তাই একেবাৰে সিজি গ'ল হয় ৷
"কি হ'ল কাবেৰী?পোৰা পোৰা গোন্ধাইছে যে"…মালীকনীৰ মাতটো শুনি কাবেৰীয়ে কোনোমতে থিয় হৈ লাজে ভয়ে উত্তৰ দিলে…
"উস、 ভগৱান ৰক্ষা আঠুৱাটোত যে নালাগিল"
নহ'লে তাই একেবাৰে সিজি গ'ল হয় ৷
"কি হ'ল কাবেৰী?পোৰা পোৰা গোন্ধাইছে যে"…মালীকনীৰ মাতটো শুনি কাবেৰীয়ে কোনোমতে থিয় হৈ লাজে ভয়ে উত্তৰ দিলে…
"টেবুলখন পুৰিল৷ৰাতি ম'মজ্বলাই টেবুলত থৈ কেতিয়া জানো টোপনি গ'লো গমেই নাপালো ৷"
-জুনমণি গগৈ
No comments:
Post a Comment