Sunday, 21 May 2017

কবিতাৰ পৰ্যালোচনা, পুনৰীক্ষণ (৪৮),(১৬-২৩)এপ্ৰিল/২০১৭:পৰ্যালোচক : পলাশ কুমাৰ নাথ



 কবিতাৰ পৰ্যালোচনা, পুনৰীক্ষণ (৪৮),(১৬-২৩)এপ্ৰিল/২০১৭
পৰ্যালোচক : পলাশ কুমাৰ নাথ
কবিতা হৈছে কবিৰ আত্মাৰ স্বৰ।গতিকে এই কবিতাক পৰ্যালোচনা কৰাটো বৰ দূৰূহ কাম।তাৰ পৰিৱৰ্তে কবিতাক অনুভৱ কৰিব পাৰি। কবিতা এটি হৃদয়ঙ্গম কৰিবলৈ,বুজিবলৈ কেতিয়াবা এবাৰ বা কেতিয়াবা বহুবাৰ পঢ়াৰ প্ৰয়োজন হয়। আনহাতে যিমানবাৰ পঢ়া হয় সিমানবাৰেই বেলেগ বেলেগ দৃষ্টিকোণৰ পৰা বেলেগ বেলেগ ভাৱ আহিব পাৰে।সেয়ে কবিতা এটিৰ পৰ্যালোচনা অসম্পুৰ্ণ হৈ থাকে।সন্মানীয় মনোহৰ দত্তদেৱৰ প্ৰস্তাৱত কোনো চিন্তা নকৰাকৈয়ে এপ্ৰিল মাহৰ তৃতীয় সপ্তাহৰ কবিতাৰ পৰ্যালোচনা কৰাৰ সন্মতি দিছিলোঁ‌ যদিও মোৰ বাবে বাওনা হৈ চন্দ্ৰলৈ হাত মেলাৰ দৰে হৈছে।সেয়ে পোন প্ৰথমতে পৰ্যালোচনাত হোৱা ভুল ত্ৰুটিৰ বাবে সকলোৰে ওচৰত ক্ষমা বিচাৰি মোৰ পৰ্যালোচনা আগবঢ়াইছোঁ‌।
পুনৰীক্ষণৰ বাবে লোৱা কবিতাসমূহ হ'……
১) ব'হাগত বৰষুণৰ চিঠি
কবিঃ উৎপল মেধি
২)কিনকিনাই সৰে কৃষ্ণ ত্ৰয়োদশীৰ এন্ধাৰ জোন
কবিঃ জয়ন্ত আকাশ বৰ্মন
৩)স্কাইস্ক্ৰেপাৰ
কবিঃ অনিতা গগৈ
৪) অভিন্ন
কবি ঃ কিশোৰ ঠাকুৰীয়া
……………………………
১)পুনৰীক্ষণৰ বাবে লোৱা প্ৰথম কবিতা
হাগত বৰষুণৰ চিঠি
কবিঃ উৎপল মেধি
হাগত বৰষুণৰ চিঠি
এখন লাগিছিল
পাহৰিলি নেকি ঐ ,ইমান ৰদৰ অভিমানী উত্তাপ
পুৰি ছাই হৈ যাব
দাবৰ কোমল বাওঁধান ডৰা ৷
লাহে লাহে কমিব ধৰিছে
চৰাইৰ অযুত কোলাহল
কোমল কুহিপাত বোৰ
সোতোৰা পৰিছে ক্ৰমশঃ ৷
দেখা নোপোৱা হলো
আকাশত উৰা ডাৱৰৰ চিলা
মধ্যাহ্ন সূৰুযৰ ৰৱ নোৱাৰা তাপত
পাহাৰৰ শিখৰত লুকাইছে নেকি ৷
ইমান সময়ে
হাগত বৰষুণৰ চিঠি এখন লাগিছিল ,নহলে ফাগুনে বিদ্ৰুপ কৰিব ৷
হাগত বৰষুণৰ চিঠি এখন লাগিছিল
নহলে ধুলিয়ে গালে মুখে চুমা আঁকিব ৷
আৰু পিয়াহত মৰিব
উত্তাপৰ কোমল ঋতুৰাজ বসন্ত ৷ ৷
পৰ্যালোচনাঃ
ফাগুনে লঠঙা কৰি থৈ যোৱা গছ-বিৰিখ, প্ৰকৃতি, বহাগৰ আগমনত ন সাজেৰে
সজ্জিত হৈ মনোমোহা হৈ পৰে।বহাগৰ আগমনৰ লগে লগে এই ধৰা সজল হৈ পৰে,গছ বিৰিখ,চৰাই চিৰিকতিৰ হৰ্ষোল্লাস শুনিবলৈ পোৱা যায়।সুললিত কন্ঠেৰে সকলোৱে সুমধুৰ গীত গায়।
প্ৰকৃতিৰ এই বিনন্দীয়া সুৰত,সাতোৰঙী সম্ভাৰৰ উঠপঠপ সমলয়ত এখন স্বৰ্গৰ সৃষ্টি হয়।
বহাগক বছৰৰ আন মাহবোৰৰ পৰা পৃথক কৰে বৰষুণে,বসন্তক ঋতুৰ ৰজা কৰে বৰষুণে।বৰষুণৰ আগমনত প্ৰকৃতি বিপুল ঐশ্বৰ্য সম্ভাৰেৰে ভৰুণ হৈ পৰে আৰু এক অমিয়াসনা, মায়াময়, আকুলতাসনা মোহনীয় ৰূপ লাৱন্যৰ সমাহাৰেৰে সজ্জিত হৈ পৰে।
বৰষুণৰ পৰা বিচ্ছিন্ন হৈ বহাগে নিজৰ স্বকীয়তা হেৰুৱাইছে।বৰষুণৰ অভাৱত সকলো ৰুক্ষ,বেৰঙীন,ফাগুনৰ দৰে ধূলি আৰু ধোঁৱাময় হৈ পৰিছে।
কবিৰ বাওঁধানৰ খেতিডৰা ৰ'দত পুৰি গৈছে।বহাগ যেন ফাগুনলৈ পৰিবৰ্তিত হৈছে।
কবিয়ে কামনা কৰিছে এজাক বৰষুণ যি এই ফাগুনৰ দৰে ধূলিময়,শুকান,ৰুক্ষ প্ৰকৃতিক জীপাল কৰি তুলিব।
কবিতাটিৰ অনুভৱ আৰু তাৰ প্ৰকাশ সৰল যদিও কবিতাটিক বেছি মনোগ্ৰাহী আৰু উচ্চ পৰ্যায়ত লৈ যাব পৰাৰ থল থাকি গ'ল।
'দৰ উত্তাপ বা মধ্যাহ্ন সূৰুযৰ তাপ দুয়ো একেই ,কবিতাটিত তিনিবাৰ ব্যৱহাৰ হৈছে। একে অৰ্থ বা শব্দ বুজোৱা শব্দ কবিতাটিত তিনিবাৰ ব্যৱহাৰ হোৱাই কবিতাটিৰ দুৰ্বল দিশ বুলি ভাবিব পাৰি।
কবিতাত সমুদায় দৃষ্টি প্ৰয়োজনীয়।শুভ -অশুভ ,সুন্দৰ- অসুন্দৰ সকলো বস্তুতে নিৰপেক্ষ দৃষ্টিপাত বেছিভাগ পাঠকৰ প্ৰিয় হয়।এই কবিতাটিত ফাগুনৰ ওপৰত দৃষ্টি শুভ নহয় যদিও ফাগুনো বহুতৰ প্ৰেৰণাৰ উৎস।
কবিতাটিৰ দ্বিতীয় শাৰীত "পাহৰিলি নেকি ঐ" বুলি প্ৰত্যক্ষভাৱে অনুভৱ প্ৰক্ষেপ কৰা হৈছে যদিও পিচৰফালে পৰোক্ষ উক্তি লক্ষণীয় হৈছে।একে গতিৰ কবিতাত প্ৰক্ষেপনবোৰ একৰৈখিক হ'লে বেছি মধুৰ হয় যদিও এই ক্ষেত্ৰত কবি স্বাধীন।শেষৰ শাৰীৰ "উত্তাপৰ কোমল ঋতুৰাজ বসন্ত"ৰ "উত্তাপ" শব্দটি অপ্ৰাসংগিক যেন ভাৱ হৈছে। কবিয়ে ৰোমান্টিকতা অক্ষুণ্ণ ৰাখি কবিতাটিৰ নামাকৰণ কৰিছে "বহাগত বৰষুণৰ চিঠি"।সঁ‌চাকৈয়ে বৰষুণৰ চিঠি অবিহনে বহাগ যেন বহাগ নহয়।
কবিতাটিত ধৰা পৰা ভুলবোৰ-
চৰাই'ৰ - চৰাইৰ
কুহিপাত - কুঁহিপাত
সোতোৰা - সোতোঁৰা
হলো - হ'লো
ডাবৰৰ - ডাৱৰৰ
নহলে - নহ'লে
২)পুনৰীক্ষণৰ বাবে লোৱা দ্বিতীয় কবিতা
"কিনকিনাই সৰে কৃষ্ণ ত্ৰয়োদশীৰ এন্ধাৰ জোন"
কবি ঃ জয়ন্ত আকাশ বৰ্মন
কিনকিনাই সৰে কৃষ্ণ ত্ৰয়োদশীৰ এন্ধাৰ জোন
দুশাৰী পাহাৰে উপত্যকাত
শিলৰ গাত ঠেকা খাই খাই
ক্ৰমশঃ হেৰাই যায় মোৰ মাত!
এটা ৰাতিৰ চৰাই সাৰ পায়
দূৰণিত কৰবাত
নিয়ৰ জুৰুলা শেৱালি এপাহ সৰি পৰে
শীতল শিলত শিলকুঁ‌ৱৰীয়ে এঙামুৰি কাঢ়ে।
চকুৰ পতাত সেই ৰাতি
দুৱৰিৰ পাতৰ বৰষুণ কনা
কিনকিনাই সৰে।
পৰ্যালোচনাঃ
ইশ্বৰৰ গৰিমাৰে গৌৰৱান্বিত প্ৰকৃতিৰ সৃষ্ট উপাদানসমূহক এক সুন্দৰ চিত্ৰকল্পৰে আলফুলে এডাল মালা গাঁ‌ঠি পাঠকৰ মাজলৈ কবিয়ে সুখপাঠ্য হিচাপে আগবঢ়াই দিছে।নিৰ্জনতাপ্ৰিয় কবিয়ে কল্পনাৰ ব্যাপ্তিৰে নিজকে নিসংগতাৰ মাজত বিলীন কৰি দিছে যাৰ ফলশ্ৰুতিত তেওঁ‌ৰ কল্পনাৰ প্ৰকাশে সুকীয়া মৰ্যাদা পাইছে। মৌলিক কল্পনাক সততা,সৰলতা আৰু সৌন্দৰ্যৰে ৰূপায়ণ কৰাত কবি সফল বুলি কব পাৰি। দুশাৰী পাহাৰৰ মাজত ঠেকা খাই প্ৰতিধ্বনিত হৈ মাত হেৰাই যোৱাৰ দৰেই শেৱালি এপাহ সৰি পৰে নিয়ৰৰ চকুলোৰে,সপোন দেখা চৰাই এটি সাৰ পায় আশাভঙ্গৰ বেদনা লৈ । আৱেগ আৰু চকুলোৰে সেমেকা সেই ৰাতি আনমনা শিলকুঁ‌ৱৰীয়ে এঙামুৰি কাঢ়ে আৰু কবিৰ চকুৰ পৰা দুবৰিৰ পৰা সৰা বৰষুণৰ কণিকাবোৰৰ দৰে চকুপানী কিনকিনাই সৰে। নিৰৱতাৰ মাজেৰে ,প্ৰকৃতিৰ নিৰৱ উৎসবোৰেৰে বহু কথাই কবিয়ে কৈ গৈছে। অৱশ্যে গোটেই কবিতাটিৰ সৃষ্টিৰ আঁ‌ৰত উপৰোক্ত কোনো ভাৱে ক্ৰিয়া নকৰিলেও কবিয়ে এক মালিতা,এক সংযোগৰ জৰী আঁ‌ৰি থৈ গৈছে যাৰ দ্বাৰা আমি বিভিন্ন দিশেৰে বিভিন্ন ভাৱ সৃষ্টি কৰি ল'ব পাৰো।ভাষাৰ প্ৰয়োগৰ ক্ষেত্ৰত কবিয়ে সাধাৰণ কথোপকথনৰ ভাষাৰ পৰা আঁ‌তৰি যোৱা নাই যিয়ে পাঠকক ওচৰ চপাই অনাত সহায় কৰে।নিৰৱতাৰ ভাষা খুব সুন্দৰকৈ প্ৰকাশ্য কৰা হৈছে যদিও আৰু কিছু অনুসঙ্গ সেই পৰিবেশৰ পৰা অলংকাৰ হিচাপে পিন্ধাই দিব পাৰিলেহেতেঁন। ৰহস্যৰ প্ৰয়োগ কবিতাটিৰ আন এটি দিশ।কোনো বিশেষ কাৰণ অবিহনেও কবিতাত কিছু শব্দ প্ৰয়োগৰ কাৰচাজি কবিয়ে কৰে।সেই ৰহস্য কবিৰ একান্তভাৱে নিজৰ বাবে থয় আৰু পাঠকলৈ উৎসুকতা এৰি দিয়ে।"কৃষ্ণ ত্ৰয়োদশীৰ এন্ধাৰ জোন"ৰ "ত্ৰয়োদশী" ৰ ব্যৱহাৰৰ বিশেষ কাৰণ থাকিব পাৰে যদিও নথকাটোও অমূলক নহয়।দুয়ো ক্ষেত্ৰতেই সেয়া প্ৰাসংগিক।আনহাতে "কৃষ্ণ ত্ৰয়োদশীৰ এন্ধাৰ জোন"ৰ পৰিবৰ্তে "কৃষ্ণ ত্ৰয়োদশীৰ জোন" মোৰ বোধেৰে বেছি গ্ৰহণীয় হ'ব।
কবিতাটিত ধৰা পৰা ভুলবোৰ-
দুৱৰি - দুবৰি
কনা - কণা
৩)পুনৰীক্ষণৰ বাবে লোৱা তৃতীয় কবিতাটি
স্কাইস্ক্ৰপাৰ
কবিঃ অনিতা গগৈ
স্কাইস্ক্রেপাৰৰ এই অৰণ্যত
এতিয়া মাজৰাতিৰ মজলিছ
.
শেষবাৰৰ বাবে বাৰু কেতিয়া
টোপনিত ঢলি পৰিছিল
সৌ শেলুৱৈগজা আকাশ.
আঙুলিৰ পাবত গণি গণি
ক্ষয় যোৱা এই পুৰাতন অন্ধঘোপ
উশাহৰ ছন্দত লিফট্ ৰ সঘন উঠানমা
চেঁপা কান্দোন এটাৰ চেপত পিষ্ট চাইৰেণ
ৰহস্যঘণ এই নাটৰ যৱনিকা পৰিব কেতিয়া
মাটিৰ দেহালৈ মানুহবোৰ উভতিবনে তেতিয়া.
কোনেও নাজানে
ৰেলষ্টেশ্যনৰ চিৰিৰ মাজত
কেঁকাই থকা মুণ্ডহীন দেহটো
পংগু ভিক্ষাৰীজনীৰ নে
পানীকাউৰী এজাকৰ ডেউকাত অঙঠা বান্ধি
উৰি যোৱা এই প্লাষ্টিক প্লাবিত মহানগৰৰ
.
আচৰিত ...আচৰিত.
থিয় পাহাৰটোৰ ওপৰত তথাপিও
চিফুঙৰ মাতত থৰ লাগি ৰয় জোন
পানীযুঁৱলীত খঁহি পৰা পপীয়া তৰাটো যেন
তোমাৰ আঙুলিত গলি পমি যোৱা ৷
পৰ্যালোচনাঃ
আজিৰ কংক্ৰিটৰ যুগত মানুহৰ চাহিদা হৈ পৰিছে আকাশলংঘী। চাহিদা পুৰণৰ বাবে কৰিব পাৰে বহুতো অকৰণীয় কাম, নিষিদ্ধ অন্ধকাৰত আনকি নিজক হেৰুৱাই পেলাবলৈকো কুন্ঠাবোধ নকৰে।
আমিবোৰ ইমানেই যান্ত্ৰিক হৈ পৰিছোঁ যে, ইজনে সিজনক সহায় কৰাৰ বাবে থকা সুহৃদয়খনকো ঢাকি পেলাইছোঁ মিছা অহমিকাৰ এলান্ধুৰ আৱৰণত।
আকাশৰ দৰে বিশাল আমাৰ অনুভূতিপ্ৰৱন মনটোৰ বাবেও আমাক এখন পৃথিৱী লাগে.. 'ত আমি বিচাৰি পাম ডাৱৰৰ দৰে কোমল, জোনৰ দৰে উজ্জ্বল, মেঘৰ দৰে শুভ্ৰ সুন্দৰ মনবোৰ...
মানবীয় প্ৰমূল্যবোধ আৰু ক্ষয়িষ্ণু সামাজিক চিত্ৰ কবিতাটিৰ বিষয়বস্তু।
আকাশলৈ চালে অনুভৱ কৰা যায় আকাশখন কিমান বিশাল।আকাশৰ তুলনাত আমিবোৰ কিমান নগণ্য ৷আকাশখনলৈ চাবলৈ আমাৰ সময় নাই।সেয়ে কবিয়ে "শেলুৱৈগজা আকাশ" উপমা দিছে।
কবিৰ অৱচেতন মনত বহুতো শব্দ,অনুভৱ,চৰিত্ৰই অনবৰত অহা যোৱা কৰি থাকে আৰু সেইবোৰ থপিয়াই নিজৰ সৃষ্টিৰাজিত সজাই পৰাই চিৰস্থায়ী কৰে।ঠিক তেনেদৰেই হয়তো,
"
পানীকাউৰী এজাকৰ ডেউকাত অঙঠা বান্ধি
উৰি যোৱা এই প্লাষ্টিক প্লাবিত মহানগৰৰ"
কবিতাৰ এই পংক্তিটিত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱ "ঢোৰাকাউৰী আৰু টিপচী চৰাই " সাধুটোৰ নিজৰ ডেউকাত জুইৰ অঙঠা বান্ধি ঢোৰাকাউৰীটো মৃত্যু মুখত পৰা চিত্ৰ অংকিত হৈছে। প্লাষ্টিকৰ অত্যন্ত বেছি ব্যৱহাৰেৰে আমিও যেন নিজৰ ধ্বংসৰ কাৰণ নিজে হৈছো।
পৰিবৰ্তিত সময়ৰ বুকুত পৰি আমাৰ পাৰিপাৰ্শ্বিক উপাদানবোৰ জটিলৰ পৰা জটিলতৰ হৈ আহে আৰু ক্ৰমাৎ জটিল হৈ আহে মানুহৰ মন।মূল্যবোধৰ পৰিৱৰ্তনে দৃষ্টিভংগী আৰু ৰুচিৰ পৰিৱৰ্তন ঘটায়।যান্ত্ৰিকতা,নৈৰাশ্যৱাদ,
মূল্যবোধৰ অৱক্ষয় ,ভোগ বিলাসৰ প্ৰতি আকৰ্ষণ,ক্ষয়িষ্ণু সমাজ আদিৰ প্ৰভাৱত সৃষ্টি হোৱা এৱচাৰডিটি(absurdity) প্ৰভাৱ কবিতাটিৰ প্ৰথম ভাগত পৰিছে।অনুভূতিৰ প্ৰাৱল্য থকা কবি তেওঁ বিচৰণ কৰি থকা পৰিবেশৰ পৰা মুক্ত হ'ব নোৱাৰে।সেয়ে তেওঁলোকৰ সৃষ্টিৰাজিত তাৰ প্ৰভাৱ পৰে। নৈৰাশ্যৱাদ,জীৱনৰ অন্তসাৰশূন্যতা ,সংশয়তা আদিৰ মহাসাগৰত দুবি থাকিলেও আশাবাদৰ জ্যোতিয়ে কবিক হাতবাউলী মাতে।নিৰাশাৰ মাজতো কবিয়ে কৰে প্ৰেমৰ অন্বেষণ।প্ৰেমে,বাঁ‌হীৰ সুৰে আৰু প্ৰকৃতিৰ অমিয়া ৰূপে সকলো জটিলতা,উদ্বিগ্নতা আঁ‌তৰাই আমাৰ দেহ, মন শান্ত, সৰল কৰি তোলে। আশাবাদ কবিতাটিৰ ধনাত্মক দিশ।
সেয়ে কবি সেই নৈৰাশ্যৱাদ,যান্ত্ৰিকতাৰ পৰা মুক্ত হৈ কৈছে,
"চিফুঙৰ মাতত থৰ লাগি ৰয় জোন
পানীযুঁ‌ৱলীত খঁ‌হি পৰা পপীয়া তৰাটো যেন
তোমাৰ আঙুলিত গলি পমি যোৱা।"
"চেপা কান্দোন এটাৰ চেপত পিষ্ট চাইৰেণ"
কবিতাটিৰ প্ৰথম ভাগত ব্যৱহাৰ কৰা ওপৰোক্ত কথাখিনি স্ববিৰোধী হৈ দেখা দিয়া যেন অনুভৱ হৈছে।'চাইৰেণৰ শব্দত পিষ্ট কান্দোন' হলে বেছি খাপ খাব বুলি অনুভৱ হয়। কবিতাটিৰ শিৰোনাম অৰ্থবহ যদিও সেই শব্দ অসমীয়া শব্দ নহয়।দুই এক ইংৰাজী শব্দৰ প্ৰয়োগ ঘটা কবিতাটিত পৰিলক্ষিত হৈছে।
"ৰহস্যঘন নাটৰ যৱনিকা পৰিব কেতিয়া
মাটিৰ মানুহবোৰ মাটিলৈ ওভতিবনে তেতিয়া"
এই পংক্তিটিৰ অনুভৱৰ বিপৰীতে এটা আনটোৰ পৰিপূৰক হিচাপে ভাবিবৰ মন যায়।মাটিৰ মানুহবোৰ মাটিলৈ ওভতিলেই সেই ৰহস্যঘন নাটকৰ যেন যবনিকা পৰিব।সেয়ে এনেকৈয়ো সুধিব পৰা যায়,
"মাটিৰ মানুহবোৰ মাটিলৈ ওভতিব কেতিয়া
ৰহস্যঘন নাটৰ যবনিকা পৰিব কেতিয়া?
৪)পুনৰীক্ষণৰ বাবে লোৱা চতুৰ্থ কবিতাঃ
"অভিন্ন"
কবিঃ কিশোৰ ঠাকুৰীয়া
অনুভৱৰ আধিক্যতাবোৰত নাথাকে
জীৱন মৰুৰ প্ৰকৃত মূৰ্চনা
কলাত্মক সৌন্দৰ্যৰ জটিলতাত
থাকিব পাৰে আকুঁলতা !
বেসুৰীয়া জঞ্জাল লৈ
কিয়নো আকেঁ চকামকা দৃশ্যপট ৷৷
সেউজীয়াৰ দলনিত নুফুলে
জীৱনৰ কাঞ্চনলতা
আক্ষৰিক মৰুদ্যানৰ সজীৱতাত
গজিব পাৰে অনল চন্দামিতা ৷
বেষ্টনীৰ মায়াজালত পৰি
কিয়নো ককবকাই আধালেখা সন্ধ্যা ?
নান্দনিক কলুষতাত নোলাই
জীৱনৰ পুৱতি তৰা
কাচঁলি উদঙাই থকা স্ফুৰণত
উজলিব পাৰে স্মৃতিৰ দীপান্বিতা ৷
চৰম দৈন্যতাৰ টিঙত গৈ
কিয়নো হেৰুৱাই শুভ্ৰ স্বকীয়তা?
পৰ্যালোচনাঃ
সৌন্দৰ্য্য পিপাসু মানুহৰ মন। মানুহে সদায়েই সুখ, সৌন্দৰ্য, প্ৰাচুৰ্য্যৰে ভৰা এটা জীৱন বিচাৰে। এই সুখ বিচাৰি আমি হাবাথুৰি খাওঁ। কিন্তু আমি পাহৰি যাওঁ ''জীৱন অৰণ্যৰ পাতে পাতে লাগি আছে সুখৰ সন্ধান'' আমি মিছাতে সুখৰ মৰীচিকা খেদি ফুৰো। সুখ-দুখ, হাঁহি-কান্দোন, প্ৰেম, ঘৃণা, বিষাদ, প্ৰাপ্তি, অপ্ৰাপ্তি, জয়, পৰাজয় ইত্যাদিৰ মায়াজালেৰে আবৃত্ত এই জীৱন।
কিন্তু কেৱল যন্ত্ৰৰ দৰে জীয়াই থকাটোৱেই জীৱন নহয়। হয়, জীৱন তৃষ্ণাৰ কেতিয়াও অন্ত নপৰে। গীতাত ভগৱান শ্ৰীকৃষ্ণই অৰ্জ্জুনক কৈছে, ''হে পাৰ্থ যিজন ব্যক্তি সমস্ত মনোগত বিষয়াভিলাষৰ পৰা মুক্ত, তেৱেঁইহে পৰিতুষ্টি লাভ কৰিব পাৰে ৷''
আমি জীৱনত যিখিনি পাইছোঁ, সেইখিনিতে সন্তুষ্ট 'বলৈ চেষ্টা কৰিব লাগে। জীৱনৰ প্ৰতিটো ক্ষণ হাঁহিৰে ভৰাই জীৱনক ৰামধেনুৰ ৰঙেৰে সাতোৰঙী কৰাতহে প্ৰকৃত সুখ।
কবিতাটিত এটি গতি আছে,লয় আছে। ব্যক্তিগত বা সামাজিক বিশৃংখলতা,উদ্বিগ্নতাৰ বিপৰীতে সহজ সৰল জীৱন,আত্মসন্তুষ্টিৰ চাবিকাঠিৰে সুখী জীৱন যাপনৰ এটি আহ্বান পৰিলক্ষিত হৈছে।সামাজিক দায়বদ্ধতাৰে এটি জীৱনবোধৰ কবিতা।
ভাৱৰ ছন্দোময় প্ৰকাশ,শব্দ চয়নৰ নিপুণতাৰে কবিতাটি হৈ পৰিছে উপভোগ্য।
ব্যঞ্জনা বা উপমাৰ প্ৰয়োগে কবিতাটিৰ মান বঢ়াইছে।বেসুৰীয়া জঞ্জাল,জীৱনৰ কাঞ্চনলতা,আক্ষৰিক মৰুদ্যান,বেষ্টনিৰ মায়াজাল,আধালেখা সন্ধ্যা,জীৱনৰ পুৱতি তৰা,দৈন্যতাৰ টিং আদিৰ প্ৰয়োগ কবিতাটিৰ এক গুৰুত্বপূৰ্ণ দিশ।দুখ, কষ্ট,পৰিশ্ৰমৰ মুকুতাবোৰেৰে যে জীৱনৰ প্ৰকৃত সুখ লাভ কৰিব পাৰি কবিয়ে তাকেই ক',কৰিব বিচাৰিছে।সাহিত্য আৰু সমাজৰ সম্বন্ধ জোন বেলিৰ সম্বন্ধৰ দৰে। কবিতাটিয়ে ভাৱৰ ক্ষেত্ৰত কিছু বিভ্ৰান্তিৰ সৃষ্টি কৰিলেও তাৰ ৰসবোধ কমি যোৱা নাই।
কবিতাটি আংশিকভাৱে মেটাফিজিকেল প্ৰকাৰৰ কবিতা বুলি ভাবিব পাৰি য'ত আৱেগতকৈ বৌদ্ধিক চিন্তাক বেছি গুৰুত্ব দিয়া হয়।জীৱনৰ পৰিচিত আভাস(appearance)ৰ প্ৰতি অনুৰাগ সুস্পষ্ট।অচিনা আৰু অদেখাক লৈ কবিৰ অভিযান নাই বৰঞ্চ তেওঁৰ মনোযোগ সীমাবদ্ধ যিখিনি জানে তাৰ ওপৰতহে।
চিত্ৰকল্প আৰু প্ৰতীকৰ ব্যঞ্জনাই কবিতাটি অনুভৱ আৰু উপলব্ধি কৰাত সহায়ক হৈছে।এজৰা পাউণ্ডে চিত্ৰকল্পৰ সম্পৰ্কত কৈছিল যে ই এটা বৌদ্ধিক আৰু আনুভূতিক প্ৰকল্পক মুহুৰ্ততে উপস্থাপন কৰিব পাৰে। এই কবিতাটিৰ ক্ষেত্ৰত সেই উপস্থাপন কিছু সাৰ্থক হোৱা বুলি অনুভৱ কৰিছোঁ‌।
কবিতাটিত ধৰা পৰা ভুল-
আধিকত্যা - আধিকত্য
শেষত প্ৰতিজন কবিকে কবিতাকেইটি আলোচনা কৰোতে হোৱা ভুল -ত্ৰুটিৰ বাবে ক্ষমা বিচাৰিছোঁ‌। লগতে আখৰুৱাৰ প্ৰশাসক তথা ব্যৱস্থাপক সকলৰ ওচৰতো কিছু পলমকৈ পৰ্যালোচনাকেইটি আগবঢ়োৱা বাবে ক্ষমা ভিক্ষা মাগিলোঁ‌ আৰু মোক এইখিনি সুযোগ দিয়া বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ‌।
__পলাশ কুমাৰ নাথ
সদস্য,আখৰুৱা
২১ এপ্ৰিল,২০১৭
--------------------------------------
ব্যৱস্থাপৰ মন্তব্য:-
১)পুনৰীক্ষণত সামৰি লোৱা কবিতাত বা পৰ্যালোচনাত থাকিব লগা ভুল বানানসমুহ কোনো সদস্যৰ দৃষ্টিগোচৰ হ'লে মন্তব্যত মুকলিকৈ জনায় যেন ৷
২)আখৰুৱাৰ পুনৰীক্ষণৰ মান সম্বন্ধে গোটৰ সদস্যসকলে গঠণমূলক মতামত,পৰামৰ্শ জনালে আমি আনন্দিত হ'ম ৷ আনকি আমাৰ প্ৰয়াসত আসন্তুষ্টি থাকিলেও অৱগত কৰে যেন ৷
৩)এইবাৰৰ পুনৰীক্ষণত সন্নিবিষ্ট কবিতা আৰু কবিসকল ক্ৰমে
ক)বহাগত বৰষুণৰ চিঠি-উৎপল মেধি
খ)কিনকিনাই সৰে কৃষ্ণ ত্ৰয়োদশীৰ এন্ধাৰ জোন-জয়ন্ত আকাশ বৰ্মন
গ)স্কাইস্ক্ৰেপাৰ-অনিতা গগৈ
ঘ)অভিন্ন-কিশোৰ ঠাকুৰীয়া
৪)উল্লেখ্য যে পৰ্যালোচকে মূল কবিতাত থকা বানানৰ ভুলবোৰ আঙুলিয়াই দিছে আৰু তালৈ কবিসকলৰ সঁহাৰি বিচাৰিলোঁ ৷
শেষত ক'ব বিচাৰিছো যে পুনৰীক্ষণ শিতানটো অধিক ক্ৰিয়াশীল আৰু উন্নতমানৰ হৈ উঠাৰ লক্ষ্যত উল্লিখিত কবিসকলে তথা পাঠকসকলে পৰ্যালোচনাটোৰ বিষয়ে তেখেতসকলৰ মুকলি মতামত জনাই যেন ৷
ধন্যবাদেৰে
জোনমনি গগৈ
প্ৰশান্ত শৰ্মা
ব্যৱস্থাপক , পুনৰীক্ষণ শিতান
আখৰুৱা:literati
২১ এপ্ৰিল,২০১৭

1 comment:

  1. প্ৰথম কবিতাটোৰ 'হলো-হ'লো' আমাৰ বোধেৰে 'হ'লোঁ' হ'ব লাগে ।

    ReplyDelete