Wednesday, 31 May 2017

শব্দ-সন্ধান-৩০

শব্দ-সন্ধান-৩০


-
অসমীয়া ভাষাৰ জোঁটনি,যুক্তাক্ষৰ আদিৰ ক্ষেত্ৰত আমি প্ৰায়ে বিভ্ৰান্তিত পৰিব লগা হয়। যেনে-সন্মাননে সম্মান;কাৰ্য্য লিখিমনে কাৰ্য অথবা কাৰ্য্যত ''কাৰ নে ''কাৰ প্ৰয়োগ হৈছে ইত্যাদি। তাৰ মাজতে ব্যাকৰণবিদসকলে কিছুমান জোঁটনিৰ সৰলীকৃত ৰূপ একোটাৰ পৰামৰ্শ আগবঢ়ায় অথবা তেনে ৰূপ গ্ৰহণ কৰাৰ সিদ্ধান্ত লয় । কেতিয়াবা এনে পৰামৰ্শ তথা সিদ্ধান্তই বিতৰ্কৰ সূচনাও নকৰা নহয়। তথাপি সময়ৰ গতিত কেতিয়াবা বিতৰ্কৰ অৱসান ঘটে আৰু বিভিন্ন মাধ্যমত প্ৰচলনৰ ফলত নতুন নীতিৰ জোঁটনিয়ে মান্যতা পায়। তেনে এটি সৰলীকৰণৰ উদাহৰণ হ''দ্বিত্ব বৰ্জন নীতি'। শব্দ-সন্ধানৰ আজিৰ খণ্ডটিত, এই দিশটো সামৰি, জোঁটনি বিষয়ক এটি আলোচনা আগবঢ়াইছে আমাৰ নতুন সদস্য তথা 'শব্দ-সন্ধান'ৰ সহযোগী ব্যৱস্থাপক শ্ৰীকন্দৰ্প নাথদেৱে। ৷ আশাকৰোঁ আখৰুৱাৰ সন্মানীয় সদস্যসকলে ভাষা সম্পৰ্কীয় এই লেখাটিৰ প্ৰতি আগ্ৰহ প্ৰদৰ্শন কৰিব।
ধন্যবাদেৰে-
সূৰ্য্য বৰা
সহযোগী ব্যৱস্থাপক, 'শব্দ-সন্ধান', 'আখৰুৱা'
___________________________
'
শব্দ-সন্ধান'ৰ পৰিচালক মণ্ডলী:
উপদেষ্টা : ড° খগেশ সেন ডেকা
মুখ্য ব্যৱস্থাপক : ড° দীপালী বৰা সহযোগী ব্যৱস্থাপক : সূৰ্য্য বৰা আৰু কন্দৰ্প নাথ
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°
০বানান ৰীতি:"দ্বিত্ব বৰ্জন"
-
কন্দৰ্প নাথ
-
অসমীয়া ভাষাত ১৭ টা দ্বিত্ব ব্যঞ্জন(বৰ্ণ) পোৱা যায় । সেইকেইটা হৈছে
ক্ক , চ্চ , চ্ছ , জ্জ , ট্ট , ড্ড , ণ্ণ , ত্ত , ত্থ , দ্দ , দ্ধ , ন্ন , প্প , ব্ব , ম্ম , ল্ল আৰু য্য
এইবোৰৰ চ্ছ , ত্থ , দ্ধ ক্ৰমে ছ , থ আৰু ধ -ৰ দ্বিত্ব ৰূপ । ছ , থ আৰু ধ - এইকেইটা মহাপ্ৰাণ বৰ্ণ আৰু ইহঁতৰ অল্পপ্ৰাণ ৰূপবোৰ যথাক্ৰমে চ , ত আৰু দ । এতেকে
ছ-ৰ দ্বিত্ব
ছ্ছ => চ্ ছ => চ্ছ
থ -ৰ দ্বিত্ব
থ্থ => ত্ থ => ত্থ
ধ -ৰ দ্বিত্ব
ধ্ধ => দ্ ধ => দ্ধ
আগতে কোনো শব্দত ৰেফৰ পিছত ক , , , , , , , , , ল - এই বৰ্ণকেইটা দ্বিত্বকৈ লিখা হৈছিল । আজিকালি বানানৰ দ্বিত্ব বৰ্জন নিয়ম অনুসৰি ৰেফযুক্ত বৰ্ণবোৰক দ্বিত্বকৈ নিলিখিলেও শুদ্ধ।
যেনে :-
মধুপৰ্ক্ক - মধুপৰ্ক
অৰ্চ্চনা - অৰ্চনা
চৰ্চ্চা - চৰ্চা
মূৰ্চ্ছা - মূৰ্ছা
অৰ্জ্জুন - অৰ্জুন
গৰ্জ্জন - গৰ্জন
নিৰ্জ্জীৱ - নিৰ্জীৱ
কৰ্ত্তা - কৰ্তা
কীৰ্ত্তি - কীৰ্তি
দুৰ্দ্দশা - দুৰ্দশা
নিৰ্দ্দিষ্ট - নিৰ্দিষ্ট
অৰ্দ্ধেক - অৰ্ধেক
উৰ্ব্বৰ - উৰ্বৰ
বৰ্ব্বৰ - বৰ্বৰ
পৰ্ব্বত - পৰ্বত
কৰ্ম্ম - কৰ্ম
ধৰ্ম্ম - ধৰ্ম
আৰ্য্য - আৰ্য
কাৰ্য্য - কাৰ্য
দুৰ্ল্লভ - দুৰ্লভ
মন কৰিবলগীয়া যে, ৰেফৰ পিছত দ্বিত্বৰ ব্যৱহাৰ নকৰিলেও হয় যদিও ৰেফ নথকা স্থানত দ্বিত্বৰ ব্যৱহাৰ আৱশ্যিক । অসমীয়া ভাষাত এনেধৰণৰ দ্বিত্ব বৰ্ণযুক্ত ভালেমান শব্দ আছে ।
যেনে :-
মক্কা, উচ্চ, লজ্জা, মত্ত, উদ্দাম , উড্ডয়ন ,অন্ন, নব্বৈ, সম্মান, সাহায্য , উল্লাস ইত্যাদি ।
*
যদি কোনো শব্দৰ অন্ত্যবৰ্ণ '' হয় , তেন্তে তাত '' শ্ৰেণীৰ প্ৰত্যয় যোগ দিলে আগতে সাধিত শব্দটোত ৰ্-অৰ পিছত য্য আহিছিল । আজিকালি দ্বিত্ব বৰ্জন নীতি মতে ''-কাৰডাল নিলিখিলেও ভুল নহয় ।
যেনে :-
সুন্দৰ - সৌন্দৰ্য
গম্ভীৰ - গাম্ভীৰ্য
চতুৰ - চাতুৰ্য
ধীৰ - ধৈৰ্য
----------------------
ব্যৱস্থাপকৰ গোহাৰি :
'
শব্দ-সন্ধান'ত প্ৰকাশিত লিখনিৰ কোনো প্ৰকাৰৰ ভুল দৃষ্টিগোচৰ হ'লে, মাননীয় সদস্যসকলে আঙুলিয়াই দিয়ে যেন, যাতে ভুলৰ শুধৰণি কৰিব পৰা যায়।
কবি:-
সূৰ্য্য বৰা

ৰাতিৰ ৰাণীණ চন্দন বেজবৰুৱা



ৰাতিৰ ৰাণী


আন্ধাৰৰ আঁৰ লৈয়ে
বগাই বগা
অকলেই বিয়পি পেলাই
সুগন্ধি
নিচাত নিচুকনি কবিতাৰ
সুৰত মগ্ন কবি
তুমি মায়াময়
ৰাতিৰ সুৰভি
সুৰীয়া সুৰৰ সৃষ্টি
তুমি ৰাতিৰ ৰাণী
তুমি পাৰিজাত

কবি:-
ন্দন বেজবৰুৱা