বহু পুৰণি কথা।কেইটিমান কণমানি শিশু
দেওবাৰে দুপৰীয়া ভাত খাবলৈ বহে।
দেওবাৰৰ ভাতসাজ আটাইকেইটাৰে খুব
প্ৰিয়,কাৰণ সেইদিনা সিহঁতে সদায়ে
খোৱাৰ দৰে আলু-পিটিকা, আলু ভাজি
নতুবা ডাঙৰ মাছৰ তিনিডাল দীঘল কাঁইট
থকা মচমচীয়া ভাজি, খিচিৰি,গাখীৰ,কল
ভাত খাব নালাগে।মাংস ভাত।কুকাৰত
সিজোৱা পোৱালী কুকুৰা চৰাইৰ
পনীয়া,জ্বলা-মচলাবিহীন আঞ্জা।ঠেং
দুখন কণমানিহঁতৰ পাৰ্চনেল প্ৰপাৰ্টি!কুকুৰ
া চৰাইৰ যে ডিঙিও থাকে,হোষ্টেলত
থাকিবলৈ লোৱাৰ আগতে সিঁহতৰ এটাইয়ো
ভালদৰে জনা নাছিল..!আজিকালি আকৌ
দেওবৰীয়া ভাতসাজত
পোৱালী কুকুৰা চৰাইৰ পনীয়া আঞ্জা ৰন্ধা
হয়,পিছে আজিকালি ঠেং কেইখন আৰু
কোমল মাংসখিনিৰ ভাগ কণমানিকেইটাই
নাপায়,সিঁহত ডাঙৰ হ’ল।জ্বলা-
মছলাবিহীন পোৱালী কুকুৰাৰ
তৰকাৰীখনো সোৱাদহীন লগা হ’ল।সিঁহতে
জানে,আৰু কেইবছৰমান.. তাৰ পিছত
সিঁহতে আকৌ খাব লাগিব পোৱালী কুকুৰাৰ
কোমল মাংস।চক্ৰ এনেকৈয়ে ঘূৰি
থাকিব.... ঘূৰিয়েই থাকিব............
.
.
দেওবাৰে দুপৰীয়া ভাত খাবলৈ বহে।
দেওবাৰৰ ভাতসাজ আটাইকেইটাৰে খুব
প্ৰিয়,কাৰণ সেইদিনা সিহঁতে সদায়ে
খোৱাৰ দৰে আলু-পিটিকা, আলু ভাজি
নতুবা ডাঙৰ মাছৰ তিনিডাল দীঘল কাঁইট
থকা মচমচীয়া ভাজি, খিচিৰি,গাখীৰ,কল
ভাত খাব নালাগে।মাংস ভাত।কুকাৰত
সিজোৱা পোৱালী কুকুৰা চৰাইৰ
পনীয়া,জ্বলা-মচলাবিহীন আঞ্জা।ঠেং
দুখন কণমানিহঁতৰ পাৰ্চনেল প্ৰপাৰ্টি!কুকুৰ
া চৰাইৰ যে ডিঙিও থাকে,হোষ্টেলত
থাকিবলৈ লোৱাৰ আগতে সিঁহতৰ এটাইয়ো
ভালদৰে জনা নাছিল..!আজিকালি আকৌ
দেওবৰীয়া ভাতসাজত
পোৱালী কুকুৰা চৰাইৰ পনীয়া আঞ্জা ৰন্ধা
হয়,পিছে আজিকালি ঠেং কেইখন আৰু
কোমল মাংসখিনিৰ ভাগ কণমানিকেইটাই
নাপায়,সিঁহত ডাঙৰ হ’ল।জ্বলা-
মছলাবিহীন পোৱালী কুকুৰাৰ
তৰকাৰীখনো সোৱাদহীন লগা হ’ল।সিঁহতে
জানে,আৰু কেইবছৰমান.. তাৰ পিছত
সিঁহতে আকৌ খাব লাগিব পোৱালী কুকুৰাৰ
কোমল মাংস।চক্ৰ এনেকৈয়ে ঘূৰি
থাকিব.... ঘূৰিয়েই থাকিব............
.
.
No comments:
Post a Comment