Sunday, 13 December 2015

পুনৰীক্ষণ (২৬) : অন্তিম খন্ড : জুলাই/২০১৫ : জাহ্নু ভৰদ্বাজ

পুনৰীক্ষণ (২৬), দ্বিতীয় / অন্তিম খন্ড : আখৰুৱাৰ জুলাই মাহৰ কবিতাসমূহৰ পৰ্যালোচনা৷
শেহতীয়াকৈ আখৰুৱাত পুনৰীক্ষণ সন্দৰ্ভত বহুতো আলোচনা চলি আছে৷ এনে এক আলোচনাৰ পৰিৱেশ নিশ্চয় কাম্য৷কিন্তু আমাৰ নিজস্ব ধাৰণা যে এই আলোচনা সমূহ গোটৰ মুষ্টিমেয় সদস্যৰ মাজতে আৱদ্ধ আছে৷ অতি কমসংখ্যক লোকৰ অংশগ্ৰহণ এক চিন্তাৰ বিষয়৷ প্ৰশাসক আৰু অন্যান্য সদস্য সকলে মন কৰিছেনে নাই ক'ব নোৱাৰো, কিন্তু আমাৰ মতে বহুসংখ্যক (চিন্তনীয় ভাবে প্ৰায় ৯৫ শতাংশ) সদস্য এইসমূহত অংশগ্ৰহণৰ পৰা বিৰত আছে৷পুনৰীক্ষণৰ আৰম্ভণিতে এই বিষয়ৰ বকলা মেলা উচিত হৈছে নে নাই নাজানো, কিন্তু গুৰুত্বপূৰ্ণ হিচাপে ভাব হোৱাত ক'লো৷ আমাৰ মতে যথোচিত পূৰ্ব পৰিকল্পনা নোহোৱাকৈ আৰু বহুতো নিয়মীয়া শিতান একেলগেই আৰম্ভ হোৱাত পাঠকৰ সংখ্যা, আগ্ৰহ কমিছে আৰু কিছু খেলিমেলিৰ সৃষ্টি হৈছে৷এয়া আমাৰ নিজস্ব অনুভৱ, শ্ৰুতিকটু হোৱাৰ বাবে আৰু ইযাত এনেদৰে অৱতাৰণা কৰাৰ বাবে ক্ষমাপ্ৰাৰ্থী৷
সকলো আৰম্ভণি কিন্তু সৰুৰেপৰাই হয়৷ পুনৰীক্ষণৰ এই ক্ষুদ্ৰ প্ৰচেষ্টায়ো এদিন অধিক সাফল্য পাব, সেয়ে আশা৷
পুনৰীক্ষণৰ জুলাই মাহৰ পৰ্যালোচনাৰ দ্বিতীয় খন্ডটিৰ বাবে বাচনি কৰা প্ৰথম কবিতাটি হৈছে সত্য বি গগৈৰ 'মিলন' শীৰ্ষক কবিতাটো৷এইটো এটা প্ৰেমৰ কবিতা৷কোনোধৰণেই অভিনৱ নহয়- কিন্তু কবিতাটোত দুটা সুন্দৰ দিশৰ প্ৰতিফলন হৈছে৷ এটা হ'ল মিতভাষিতা --কবিতাটোত কবিয়ে বহু কথা নোকোৱাকৈয়ো অতিশয় বাঙ্ময়৷আনটো ভাল লগা দিশ হ'ল শব্দচয়নৰ অপৰূপ দক্ষতা৷
“মিলন”
হঠাতে ৰৈ গ'ল সময়
তোৰ কঁপি থকা দুই ওঠত
মই তোৰ চকুলৈ চালো
তই গুণগুণাই দিলি ভালপোৱাৰ সুৰ ।
শিৰোনামটিয়ে কবিতাটোৰ মিঠা মিঠা বাঙ্ময়তাৰ আৱৰণ খন খহাই বৰ কঠুৱাকৈ মুকলি কৰি দিলে৷ কবিতাটোৰ বিষয়বস্তু অতি গতানুগতিক, কিন্তু মিতভাষিতা, শব্দচয়নৰ কৌশলত মুগ্ধ হ'লো৷ কবিৰ পৰা আগলৈ উন্নত মানৰ সৃষ্টি আশা কৰিলো৷ 
...........................................................................................................
পুনৰীক্ষণৰ এইটো খন্ডৰ বাবে আমি বাচি লোৱা আনটি কবিতা আমাৰ দৃষ্টিত মানদন্ডৰ ফালৰ পৰা আাচনিত উঠাৰ মুঠেও যোগ্য নহয়৷কিন্তু ক'ব লগা কথা কিছুমান এই কবিতাটোৰ প্ৰসংগত ক'ব পৰা যাব বাবে এই কবিতাটো বাচি লোৱা হৈছে৷'ফেচবুক বাবা' শীৰ্ষক কবিতাটো তলত উল্লেখ কৰা হ'ল৷
“ফেচবুক বাবা”
তোলপাৰ কৰি ফেচবুক ৰাখোঁ মই ফেচবুক বাবা,
নহলেযে মই ফেচবুক ডুবিব তেতিয়া মজাটো পাবা।
ফেচবুকত মই কমেন্ট নিদিলে পৃথিৱী ধ্বংস হ'ব,
জুকাৰবাৰ্গৰ ফেচবুক চাইট ৱেবতে মলঙি যাব।
কমেন্টেৰে মই ইতিহাস ৰচোঁ কতযে মহান কাম,
নিজকে জহাই কমেন্টেৰে মই ইতিহাস ৰচি যাম।
য'তে থাকো মই যেনেকৈয়ে থাকোঁ তোমাক জনাই যাম।
নিজা ঢোল বাই ফেচবুকীয়াৰ মগজু গলাই যাম।
পুৱাই পুৱাই কাম হ'ল মোৰ ফেচবুক বাণী দিয়া,
সেই বাণীৰে জীৱন সজোৱা হগা মুতা এৰি দিয়াঁ।
চক্ৰেটিছৰ দৰে চহা ভাও ধৰি তিৰ্য্যক মন্তব্য কৰি
সবজান্তা হৈ মতামত দিওঁ নিজ ৱাল চাহ কৰি।
লাইকত জীৱন, লাইকত মৰণ, লাইক যে হেৰোৱা ধন,
মইহে কিন্তু লাইক নিদিওঁ কাকো কথাটো কৰিবা মন।
খবৰ কাগজত প্ৰকাশ পোৱা নিজ কবিতাৰ ছবি
ফেচবুক ফালি যশস্যা কৰিম বাধা যে নিদিবা তুমি।
আনফ্ৰেণ্ড কৰাটো ডাঙৰ বতৰা, নিজক জাহিৰ কৰি
গাই যাওঁ মই নিজৰেই গান লাইক কৰিবাদেই তুমি।
ফটোচপ কৰি বৰ ভাল পাওঁ এচ এল আৰ কেমেৰা ধৰি
মোৰ মহিমাৰ অন্ত নেপাবাঁ বোলা জয় জয় হৰি।
ভাবোদ্ধাৰৰ নাইবা সবিশেষ আলোচনাৰ প্ৰচেষ্টা আমাৰ দৃষ্টিত এনেই মিছা কচৰৎ হ'ব৷
হিউমাৰ বা হাস্যৰস এটা অতি কষ্টসাধ্য ক্ষেত্ৰ (genre)৷ উৰুলিপুঙা শিশুসুলভ আৰু প্ৰতিক্ৰিয়াশীল মনোভাব, চৰ্চা লাভৰ আশা আৰু আওঁপকীয়াকৈ কবিৰ নিজৰ আকৰ্ষণকাম্যতা প্ৰকাশ পাইছে কবিতাটোত৷হাস্যৰস সৃষ্টিত পুতৌলগাকৈ ব্যৰ্থ হ'ল কবি৷
কবিৰ পৰা আগতে আমি বহু ভাল সৃষ্টি পঢ়িবলৈ পাইছো৷ কবিৰ প্ৰতি আমাৰ অনুৰোধ যাতে তেওঁ পুনৰ গভীৰভাৱে সৃষ্টিত মনোযোগ দিয়ে৷
..............................................................
আখৰুৱাৰ এইটো খন্ডৰ আলোচনাৰ বাবে কবিতাসমূহ পুনৰ এবাৰ পঢ়ি থাকোতে এটি কবিতাই মন চুই নিলে৷ কবি দ্বীপ ৰাজৰ 'দুখৰ ভৰত মই ভীষণ অসুখী' শীৰ্ষক কবিতাটি তলত উল্লেখ কৰা হ'ল:
“দুখৰ ভৰত মই ভীষণ অসুখী”
একে একে শূণ্য
শূণ্যৰ পিঠিত জ্বলি থাকে এটা মৰাশ
কবৰত উৱলি নোযোৱা
ময়দানত শেতা নপৰা!
ৰাতি ৰাতি মই কান্দো
শেতেলীত উচুপি থাকে
সন্মুখৰ এন্ধাৰবোৰ!
দিশ হেৰোৱা পথিকৰ দৰে
কোঠাটোত উকমুকাই থাকো
শুকাই যায় অন্ঠ- কন্ঠ
ভোক- পিয়াহবোৰ নিতালে শুই পৰে
আৰু মই হেৰাই যাও
বাস্তৱৰ পৰা!
উশাহত লাগি আহে শোকাৰ্ত হুমুনিয়াহ !
মই দৌৰ মাৰো সময়ৰ পিছে পিছে
ভৰিৰ খোজত লাগি থাকে
বুকুচেপা উজুটি
খোজ দিবলৈ শুকান ঠাই নাপাওঁ
চবতে শেলুৱৈ গজা পিতনি
জুপি জুপি অহৰহ চেষ্টা কৰো
আগুৱাবলৈ
নাই নাই সেইটো নোৱাৰো
নখ চিঙি যায়
বখলা বখলিকৈ এৰি যায়
ভৰিৰ ছাল
টোপটোপাই বৈ যায়
তেজবোৰ
আৰু হঠাতে মই থমকি ৰওঁ
পুনৰ কান্দি উঠো হাউৰি হাউৰি
তেতিয়া মোৰ সন্মুখত
প্ৰস্তৰ হৈ পৰে গছবোৰ
চৰাইবোৰ আকাশলৈ উৰি যায়
বিষন্ন সুহুৰি এটাৰ সৈতে
কঁপি উঠে ছাঁ
কঁপি উঠে সৰ্বশৰীৰ
জোনটো লুকাই পৰে জোনাকৰ ৰাতি
জিলিৰ মাত হেৰাই যায় দুপৰনিশা
আৰু মই চকুহালিত আৱিষ্কাৰ কৰো লুণীয়া অথচ চেঁচা এখন নৈ
শোকৰ মেহফিলত সংগীহীনতাৰে পাৰ কৰো
দিন ,ৰাতি
শোক আৰু চকুলোৰ ভৰত যে
মই সচাকৈয়ে ভীষণ অসুখী।
শব্দচয়নৰ কিছু দুৰ্বলতা আছে৷ ঠায়ে ঠায়ে কবিয়ে কাব্যসুলভ সুষমতা ধৰি ৰাখিব পৰা নাই৷ কিন্তু এক অপৰূপ বৰ্ণন কুশলতা আছে কবিৰ৷ (গদ্য ৰচনাৰ প্ৰয়াস কৰিবলৈ এইখিনিতে উৎসাহ যোগালো৷) কবিতাটো যেন এটা কাহিনী, কালিকা লগা৷ এইখিনিত কবি সাংঘাটিত ভাবে সফল পাঠকৰ উৎসুকতা ধৰি ৰখাত কবি সফল হৈছে সমগ্ৰ কবিতাটোত৷
ব্যক্তিগত আৰু মনস্তাত্বিক দিশৰ উপস্থাপনৰ কবি সফল হৈছে৷ কবিয়ে নিজৰ কথাকেই কৈছে সমগ্ৰ কবিতাটোত- কিন্তু যেন এক নৈৰ্ব্যক্তিক উদাসীনতা আৰু দূৰত্বও বোজাই ৰাখিছে৷ এই দূৰত্বই বিষয়বস্তুৰ দুৰ্বলতা স্বত্বেও কবিতাটোৰ আকৰ্ষণ অটুত ৰাখিছে- কবিৰ সত্বাক অত্যধিক আৰোপ কৰা নাই৷ কবিতাটি সুখপাঠ্য৷
দুটামান সাধাৰণ ভুল আঙুলিয়াই দিয়াটো উচিত হ'ব: (মৰাশ নহয়) শ, বখলা বখলিকৈ এৰাই যায় (এৰি যায় নহয়), টোপা টোপে (টোপটোপাই নহয়)৷
কবিতাটিৰ এটি অতি মনোমোহা শাৰী হ'ল আৰম্ভণিৰ 'একে একে শূন্য'৷বিসদৃশ যেন লাগিলেও এই শাৰীটোৱে কবিতাটোৰ আঁৰৰ কথাখিনি কৈ গৈছে৷ এয়া যেন কবিৰ জীৱনৰ অংক৷অত্যন্ত চেষ্টা কৰি যোগ কৰিলেও ফলাফল শূন্যই৷এই যে বিষাদ আৰু নিৰাশাৰ ভাবটো এই শাৰীটিয়ে আনি দিছে, সমগ্ৰ কবিতাটিত যেন ইয়াৰ অহৰহ প্ৰতিধ্বনি৷ কবিতাটিৰ প্ৰতিটো শাৰীৰ মাজত সামঞ্জস্যতা কবিয়ে বিচক্ষণতাৰে ৰক্ষা কৰিছে৷
কবিতাটোৰ আন এটি মনোমোহা শাৰী হ'ল- "ভৰিৰ খোজত লাগি থাকে / বুকুচেপা উজুটি"৷ 
শংকা আৰু বিষাদৰ মিশ্ৰিত আৰু অপৰূপ (যথেষ্ট মিতাভাষী) উপস্থাপন৷
এই কবিতাটোৰো শিৰোনাম যথাযথ নহ'ল আমাৰ বিচাৰত৷ অন্যান্য অংশসমূহো বাঙ্ময় নহয়৷ কবিয়ে ঠায়ে ঠায়ে অত্যধিক বৰ্ণনেৰে পাঠকৰ পৰিসৰ কম কৰিছে, আৰু ফলশ্ৰুতিত কবিতাটি কিছু একঘেয়ামী হৈ পৰিছে৷ অলপ মনোযোগেৰে অভ্যাস কৰিলে কবিৰ পৰা আমি অধিক উন্নতমানৰ সৃষ্টি পঢ়িবলৈ পাম বুলি আশা ৰাখিছো৷
..............................................................................................
এইখিনিতে জুলাই মাহৰ পুনৰীক্ষণ সমাপ্ত কৰিবলৈ মন মেলিছো৷ কিছু পলম হ'ল বহুতো কাৰণত, তাৰ বাবে আমি দু:খিত৷অন্যান্য জ্ঞাত- অজ্ঞাত ভুলৰ বাবেও মাৰ্জনা বিচাৰিছো৷কবিতাসমূহৰ আলোচনাত আপোনালোকৰ অংশগ্ৰহণ কাম্য৷
ধন্যবাদেৰে--
জাহ্নু ভৰদ্বাজ
০২ ছেপ্টেম্বৰ ২০১৫

No comments:

Post a Comment