বিস্ময়
ৰাজ কুমাৰ তামুলী
জনশূন্য বৰলুইত, নিমাতি চৰাইৰ মাত
বতৰা চাগে ব'হাগৰ
পদূলীৰ মূৰত ঢোঁলৰ চাপৰ
নিঃশব্দতাই কঁপাই নাচে যৌৱনৰ
গাভৰু !!
সেই পৰত পৰিভ্ৰমী পক্ষী আহে
বতাহৰ স'তে গধূৰ কৰিবলৈ কেঁচা
মাতিৰ গোন্ধ ।
……ধানৰ সোনালী ৰুপ পেঁপা বাজিল
গাঁৱত
আনন্দত আত্মহাৰা গঁঞা, লখিমী যে
লমালমি,
আহত বট শিমলূৰ তলত ঢোঁল পেঁপাৰ মাত।
সৌৱা, দেখিচেনে… সৌ গোলাপ
জোপাৰ কথা পাহৰিব নোৱাৰি…
তাত থকা চকীখন এতিয়া আৰু নাই ।
আছে মাথো এটা প্ৰকাণ্ড জিয়া
শিল !!
ভোগদৈৰ সিপাৰে ম'হ ৰখীয়াই বেনু
বজাই ……
বেনুধ্বনি, মোৰ ভাইতি নোহোৱা হ'ল
কোনে কৈছিল বাৰু ভাইতি
নোহোৱাৰ কথা
উম……… পাহৰিলোৱে……
কথাবোৰ আজি-কালি ইমান তৎক্ষণাৎ
বিস্মৃতি ঘটে,
……আপোনাৰো চাগে নিশা
হাহাকাৰ কৰে দেশৰ নামত দেহ উচৰ্গা
দিয়া ভাইতিৰ ছিন্ন-বিছিন্ন দেহৰ
দুঃস্বপ্নই !!
"স্বদেশৰ দুৰ্দশা, দেখিও নেদেখা
কিদৰে হওঁ মই, মইতো নহয় গধূলি হ'লে
নেদেখা কুকুৰিকণা"
ভাইতিৰ ফুটো-নুফুটো মৰম বোৰে দুভাগ
কৰে মোৰ হৃদয়।
সংগীত ৰবি নিশ্চয় ভদ্ৰ সভ্য জ্ঞানি
লোক তেখেতে অৰ্থৰো অৰ্থ বুজে
সুৰৰো সুৰ, তেখেতৰ ভাইতিক কোনে
অপমৃত্যু ঘটালে ????
সৰ্থেবৰীয়া মই দোকমোকালিতে
সুনিম হাতুৰিৰ শব্দ,
মই যে অসম মাতৃৰ ৰণামূৱা সন্তান ।
হতাশ আৱেগ আৰু বিচ্ছেদৰ অৰ্থ সুৰৰ মাত
"মোৰ ভাইতি নোহোৱা হ'ল"
লুইতপৰীয়া গছ এনেই থাকে নাচি
তাতে আকৌ পশ্চিমীয়া পছোৱা
বতাহ,
শ্যামল পাতবোৰে সুৰধ্বনি গংগাৰ দৰে
গায় উঠে
মোৰ ভাইটি নোহোৱা হ'ল !
বতৰা চাগে ব'হাগৰ
পদূলীৰ মূৰত ঢোঁলৰ চাপৰ
নিঃশব্দতাই কঁপাই নাচে যৌৱনৰ
গাভৰু !!
সেই পৰত পৰিভ্ৰমী পক্ষী আহে
বতাহৰ স'তে গধূৰ কৰিবলৈ কেঁচা
মাতিৰ গোন্ধ ।
……ধানৰ সোনালী ৰুপ পেঁপা বাজিল
গাঁৱত
আনন্দত আত্মহাৰা গঁঞা, লখিমী যে
লমালমি,
আহত বট শিমলূৰ তলত ঢোঁল পেঁপাৰ মাত।
সৌৱা, দেখিচেনে… সৌ গোলাপ
জোপাৰ কথা পাহৰিব নোৱাৰি…
তাত থকা চকীখন এতিয়া আৰু নাই ।
আছে মাথো এটা প্ৰকাণ্ড জিয়া
শিল !!
ভোগদৈৰ সিপাৰে ম'হ ৰখীয়াই বেনু
বজাই ……
বেনুধ্বনি, মোৰ ভাইতি নোহোৱা হ'ল
কোনে কৈছিল বাৰু ভাইতি
নোহোৱাৰ কথা
উম……… পাহৰিলোৱে……
কথাবোৰ আজি-কালি ইমান তৎক্ষণাৎ
বিস্মৃতি ঘটে,
……আপোনাৰো চাগে নিশা
হাহাকাৰ কৰে দেশৰ নামত দেহ উচৰ্গা
দিয়া ভাইতিৰ ছিন্ন-বিছিন্ন দেহৰ
দুঃস্বপ্নই !!
"স্বদেশৰ দুৰ্দশা, দেখিও নেদেখা
কিদৰে হওঁ মই, মইতো নহয় গধূলি হ'লে
নেদেখা কুকুৰিকণা"
ভাইতিৰ ফুটো-নুফুটো মৰম বোৰে দুভাগ
কৰে মোৰ হৃদয়।
সংগীত ৰবি নিশ্চয় ভদ্ৰ সভ্য জ্ঞানি
লোক তেখেতে অৰ্থৰো অৰ্থ বুজে
সুৰৰো সুৰ, তেখেতৰ ভাইতিক কোনে
অপমৃত্যু ঘটালে ????
সৰ্থেবৰীয়া মই দোকমোকালিতে
সুনিম হাতুৰিৰ শব্দ,
মই যে অসম মাতৃৰ ৰণামূৱা সন্তান ।
হতাশ আৱেগ আৰু বিচ্ছেদৰ অৰ্থ সুৰৰ মাত
"মোৰ ভাইতি নোহোৱা হ'ল"
লুইতপৰীয়া গছ এনেই থাকে নাচি
তাতে আকৌ পশ্চিমীয়া পছোৱা
বতাহ,
শ্যামল পাতবোৰে সুৰধ্বনি গংগাৰ দৰে
গায় উঠে
মোৰ ভাইটি নোহোৱা হ'ল !
No comments:
Post a Comment