Sunday, 13 December 2015

আখৰুৱা গোটৰ জুন/২০১৫ ৰ কবিতাসমূহৰ পৰ্যালোচনা *পুনৰীক্ষণ-২৫* (১ম খণ্ড) : মেঘালী দিহিঙ্গীয়া

আখৰুৱা গোটৰ জুন/২০১৫ ৰ কবিতাসমূহৰ পৰ্যালোচনা
*পুনৰীক্ষণ-২৫* 
*১ম খণ্ড*
===============================================
"Poetry should be simple
Sensuous and passionate"
—Milton
.
কবিতা হৈছে সাহিত্যৰ প্ৰাচীনতম উৎস ৷ সাহিত্যই কোনো এটা জাতিৰ পৰিচায়কৰ ভূমিকা পালন কৰে আৰু কবিতাই সাহিত্যৰ ভেঁটি সুদৃঢ় কৰাত আদিৰেপৰা অগ্ৰণী ভূমিকা লৈ আহিছে ৷ আমি যিখিনি মুখেৰে বা শব্দৰে কওঁ বা প্ৰকাশ কৰো সেইখিনি কবিতা নহয়, যিখিনি নোকোৱাকৈ থাকি যায় সেইখিনিহে কবিতা ৷ কবিতা মানেই মাথো ভাৱ বা কল্পনাৰ প্ৰকাশ নহয় ; শব্দ শিল্প, প্ৰকাশ ভঙ্গী, Diction, Structure, সামাজিক ৰীতি-নীতি, ঘটনা, ঐতিহ্য, লোক জীৱন, প্ৰাত্যাহিকতা, কাৰুণ্যতা, ব্যৰ্থতা, আদৰ-ভালপোৱা আদিৰ সমাহাৰেই হৈছে কবিতা ৷ ৰহস্যধৰ্মিতাৰ মাজেৰে পাঠক সমাজলৈ সঠিক ইঙ্গিত প্ৰেৰণ কৰাতহে কবিৰ সাৰ্থকতা লুকাই থাকে ৷ চিলিৰ কবি "নিকানোৰ পাৰবা" ই কৈছে,
"তৰুণ কবিসকল,
তোমালোকৰ যি মন যায়
যি ধৰণে ভাল লাগে লিখি যোৱা
কবিতাত সকলো কথাই চলে
অৱশ্যে এটাই মাথো চৰ্ত
উকা কাগজতকৈ হ'ব লাগিব উৎকৃষ্ট" 
.
কেৱল কল্পনাশক্তিয়েই কবিতাক পূৰ্ণ ৰূপ দিব নোৱাৰে ৷ কবিতাৰ সাৰ্থকতাৰ বাবে কবিৰ বাস্তৱ জ্ঞানৰো অতীব প্ৰয়োজন ৷ দক্ষিণ আমেৰিকাৰ চিলিৰ আন এজন কবি "পাৱলো নেৰুদা" ই তেওঁৰ "Towards an impure peotry" নামৰ ঘোষণাত আন আন কবিসকলক সোঁৱৰাই দিছে- "জগতৰ ঘাম লগা ধূলি বালি লগা বাস্তৱতাক কবিয়ে অৱজ্ঞা কৰিব নোৱাৰে ৷"
বিশিষ্ট সমালোচক হীৰেন গোঁহাইদেৱে কৈছে-" জনসাধাৰণৰ ভাষা আয়ত্ব নকৰাকৈ জনসাধাৰণৰ কবিতা সৃষ্টিৰ প্ৰয়াস ধৃষ্টতা ৷"
.
অসমীয়া কাব্য-সাহিত্যৰ ইতিহাস অতিকে পুৰণি হোৱাৰ লগতে যুগে যুগে বিভিন্ন পাৰ্থক্য পৰিলক্ষিত হৈ আহিছে ৷ বিশেষকৈ বৰ্তমানৰ অসমীয়া কবিতাসমূহত বিস্তৃতভাৱে পৃথকতা দেখা পোৱা যায় ৷
.
কবি-সমালোচক ডঃ উদয় কুমাৰ শৰ্মাদেৱে তেখেতৰ স্বসম্পাদিত কাব্য সংকলন "নিৰ্বাচিত অসমীয়া কবিতা" ৰ পাতনিত উল্লেখ কৰিছে… "সৰলীকৰণ নকৰাকৈ, আমাৰ শেহতীয়া আধুনিক কবিতাত কেইটিমান দুৰ্বলতা থকা বুলি ক'ব পাৰি ৷ যেনে- 
(১) কবিতাত ব্যৱহাৰ কৰা চিত্ৰকল্পবোৰ, কবিৰ বুদ্ধিদ্দীপ্ত ব্যৱহাৰিক কৌশলৰ অভাৱত প্ৰায়েই একেঠাইতে ৰৈ থাকে ৷ একোটা চিত্ৰকল্পই নতুন দীপ্তিৰে উদ্ভাষিত হৈয়ো গতি (movement) লৈ অন্য এক নতুন অৰ্থ প্ৰকাশ কৰাটো বিৰল দৃষ্টান্ত ৷ 
(২) বহুক্ষেত্ৰত, চিত্ৰকল্পৰ তাৎক্ষণিক গতিশীলতাৰ (sudden speed) অভাৱত - মূলতঃ একেটা কথাকেই কেন্দ্ৰ কৰি আওৰাই থকাৰ বাবে কবিতাৰ মাধুৰ্যৰ লগতে মহত্ব হানি হোৱা ; আৰু 
(৩) কিছুমান বিমূৰ্ত বা নিস্তেজ চিত্ৰকল্প অথবা নিৰ্জীৱ বাক্যাংশৰে কবিতাক সহজতে কাব্যিক (অতিকাব্যিক ? ) কৰাৰ প্ৰৱণতা ৷ যেনে- জীৱনৰ ৰুটী, মানৱতাৰ গ্ৰন্থমেলা, হৃদয়ৰ জপনা, বিভ্ৰমৰ ছাঁয়া, হালধীয়া ৰাতিৰ অৰণ্য আদি জঠৰ চিত্ৰই পাঠকৰ মনত নিষ্প্ৰাণ সঁহাৰিৰহে ৰূপ লয় ৷ মূলতঃ ভালেসংখ্যক তৰুণ কবিৰ কবিতাত দেখা পোৱা ইও এক মুদ্ৰাদোষ (mannerism) ৷"
.
অৱশ্যে আখৰুৱা গোটৰ জুন মাহৰ কবিতাসমূহত চকু ফুৰাওঁতে ন-কবিসকলক যথেষ্ট অধ্যয়নপ্ৰসু আৰু সচেতন যেন দেখা গ'ল ৷ তেওঁলোকৰ সৃষ্টিসমূহ যথেষ্ট উন্নত মানৰ আৰু ব্যক্তিগতভাৱে মই ভাৱো, এচাম প্ৰতিষ্ঠিত কবি-সাহিত্যিকে ফেচবুক কবিতাৰ মানদণ্ডক লৈ বাৰম্বাৰ প্ৰকাশ কৰা সন্দেহ মাৰ নিয়াবলৈ এই কবিতাসমূহে অপৰিহাৰ্য্য ভূমিকা লব পাৰিব ৷ অৱশ্যে দুই এজনে এইক্ষেত্ৰত আৰু কিছু অধ্যয়নৰ লগতে অনুশীলন কৰাৰ প্ৰয়োজন আছে যেন বোধ হয় ৷ কবিতাত অতিমাত্ৰা আৱেগপ্ৰৱণতাৰ নিয়ন্ত্ৰণ তথা সুসংগত প্ৰতীকৰ ব্যৱহাৰে কবিতাসমূহক আৰু অধিক উন্নত পৰ্য্যায়লৈ নিব পাৰিব বুলি মোৰ বিশ্বাস ৷
.
কোৱা হয়, কবি-কল্পনা আৰু সমালোচনাত্মক সৃষ্টি আচলতে পৰস্পৰ পৰিপূৰক ৷ এটাই আনটোৰ বিৰোধিতা নকৰে ৷ কিন্তু মোৰ বোধেৰে সমালোচনা হৈছে সাহিত্যৰ জটিলতম অংশ ৷ সমালোচনা সকলোৰেদ্বাৰা সম্ভৱ নহয়, অল্প-পঠনেৰে সমালোচনা কৰাৰ ধৃষ্টতা হাস্যকৰেই নহয়, সাহিত্যৰ অহিতকৰো ৷ অতিকে অধ্যয়নপ্ৰসু, বিজ্ঞ তথা অভিজ্ঞ সুপাঠক/সুলেখকৰ সূক্ষ্মাতিসূক্ষ্ম বিশ্লেষণৰ দ্বাৰাহে সঠিক সমালোচনা সম্ভৱপৰ হৈ উঠে ৷ অন্যথা অনভিজ্ঞ সমালোচনাই ন-কবিসকলক অপকাৰ কৰাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি ৷ সমালোচনা আৰু আলোচনা দুয়োটা সম্পূৰ্ণ পৃথক ব্স্তু ৷ আলোচনাই সমালোচনাৰ দিশে প্ৰথমটো খোজ উন্মোচন কৰে ৷ মই কোনো কবিও নহয় বা সুপাঠিকাও নহয় ৷ সাহিত্য মোৰ জীৱনৰ অপৰিহাৰ্য্য অংগ আৰু কবিতা মোৰ চালিকা শক্তি ৷ কবিতা মোৰ প্ৰাণ, কবিতা মোৰ হেঁপাহ, কবিতা মোৰ উশাহৰ অজুহাত ৷ কবিতাৰ প্ৰতি থকা মোৰ এই অদম্য হাবিয়াসকে সাৰথি কৰিয়েই আখৰুৱা গোটে মোক দিয়া জুন মাহৰ পুনৰীক্ষণ শিতানৰ গুৰুদায়িত্ব পালন কৰিবলৈ আগবাঢ়ি আহিছো ৷ আকৌ এবাৰ কৈছো, "কবিতা" যাক মই যাপন কৰো, উপাসনা কৰো, সেই কবিতাৰ সমালোচনা কৰিবলৈ যোৱাৰ সামান্যতমো ধৃষ্টতা মোৰ নাই ৷ অন্তৰ চুই যোৱা কেইটিমান কবিতাৰ আলোচনা কৰিবলৈ আগবাঢ়িছো মাত্ৰ, ক'ৰবাত দোষ-ত্ৰুটি ৰৈ যোৱাটো অৱশ্যাম্ভাৱী ৷ সেয়ে আখৰুৱা গোটৰ প্ৰশাসকদ্বয় তথা সমূহ সন্মানীয় সদস্যলৈ সেৱা জনাই ৰৈ যোৱা ভুলবোৰৰ বাবে সকলোৰে ক্ষমা বিচাৰি জুন মাহৰ পুনৰীক্ষণৰ কাৰ্যসূচী আৰম্ভ কৰিছো
===============================================
(১) কবিতা- এজন বিখ্যাত লেখকে লেখিছিল
*কবি- নৱাকাশ
.
এজন বিখ্যাত লেখকে লেখিছিল
নাৰী দেখিলেই তেওঁ প্ৰথমে নাৰীৰ শৰীৰটোহে বিনা কাপোৰেৰে দেখা পায়
চুই চাবৰ মন হয় খলাবমা
প্ৰথম শুনাৰ দিনা ভাবিছিলো লেখক ভোগবাদী
আপুনি কি ভাৱে লব সেয়া আপোনাৰ কথা
কিন্তু লিখকৰ সত্য কোৱাৰ সাহসক প্ৰণাম
ক্ষণভংগুৰ ক্ষণভংগুৰ
ৰহস্যময় জীৱন
মনৰ কথাবোৰ বন্ধ কোঠাটো কব পাৰি
ৰাজহুৱাকৈও ক'ব পাৰি
.
এতিয়া আহো নিজৰ কথালৈ
মিছা কলে নৰক পাম
ধুনীয়া নাৰী দেখিলে মন
তপক জলক হয়
নাজানো কিয় হয়
ব্ৰহ্মচৰ্য ব্ৰতৰ কৰা নাই অংগীকাৰ
খুলি খুলি চাবৰ মন হয় দেখা অংশৰ
সংযোগ ৰেখা টানি টানি নেদেখা অংশ
(আত্ম সংযমৰ পাঠ আমাৰ আদিতেই লোৱা আছে অৱশ্যে )
মিলাই চাবৰ মন হয় কি আছে এওঁৰ শৰীৰত যিটো তেওঁৰ শৰীৰত নাই
কিহৰ তাগিদা
কিহৰ তাগিদা
একুৰা জুই
একুৰা জুই

কি থাকে যৌনতাত
কি থাকে নাৰীৰ বক্ষস্থলত
কি থাকে নাৰীৰ দুচকুত
কি থাকে নাৰীৰ শৰীৰত
কিয় হয় মন অস্থিৰ
যেতিয়া হঠাত্ ভিৰৰ মাজত
কোনোবা নাৰীৰ হাতৰ এডাল নোম বা ওখ বুকুত অজানিতে ঘৰ্ষণ হয়
কিয় বাৰে বাৰে চুই চাবৰ মন
তেজ মঙহৰ কোমল শৰীৰ
কিয় নাৰীৰ স্পৰ্শত স্তব্ধ হয় সময়
কিয় চুলেই লেৰেলি যায় পুৰুষৰ অহংকাৰ
.
কবি বলিয়া বিয়লি নৌহওতেই
মুৰৰ বিকৃতি
বিকৃত মানসিকতা
.
একেই মানুহ এইজন
যিয়ে নগ্নতাৰ ছবি আঁকে
যিয়ে কয় নগ্নতাও হব পাৰে কলা
ৰজাৰ ভাটৌৱে চিঞৰিলে
ধৰ ধৰ মাৰ মাৰ
সমাজত বিয়পাইছে ব্যাভিচাৰ
.
শিল্পী নিৰ্বিকাৰ
মাৰিলেও মাৰ
কাটিলেও কাট
কৰিলে কৰ দেশান্তৰ
ক্ষুদ্ৰ এটা জীৱন এদিনটো মৰিমেই
.
জীৱন মানে বন্ধ কুঠৰী নহয়
.
বি.দ্ৰ . নাৰী মাত্ৰেই ধুনীয়া
===============================================
কবি নৱাকাশৰ এই কবিতাটোত কবিৰ স্পষ্টবাদিতাৰ আভাস পোৱা যায় ৷ আদিম কালৰেপৰা চলি অহা নাৰীৰ প্ৰতি পুৰুষৰ সহজাত দৈহিক আকৰ্ষণৰ কথা কবিতাটোৰ মাধ্যমেৰে বুজাবলৈ বিচৰা হৈছে ৷ বিষয়বস্তুৰ বাস্তৱিকতাই কবিতাটোক অধিক সুপাঠ্য কৰি তুলিছে ৷ 
.
যদিও প্ৰেম এক স্বৰ্গীয় আত্মিক অনুভৱ বুলি কোৱা হয়, যৌনতাও কিন্তু প্ৰেমৰ এক অপৰিহাৰ্য্য অংশ ৷ নগ্নতা সকলো সময়তে অশ্লীল নহয়, নগ্নতাৰ সৌন্দৰ্য্যই প্ৰেম আৰু যৌনতাক সুন্দৰতম পৰ্য্যায়লৈ লৈ যায় ৷ কবিতাটিৰ জৰিয়তে কবিয়ে এজন পুৰুষৰ নাৰীৰ দৈহিক সুষমাৰ প্ৰতি থকা স্বভাৱজাত আকৰ্ষণ আৰু অনুসন্ধিৎসুতাৰ কথা অতি স্পষ্টভাৱে প্ৰকাশ কৰিছে ৷ অৱশ্যে আত্মসংযমৰ পাঠ পাহৰি নগৈ কবিয়ে যৌনতাৰ ক্ষেত্রত নিজৰ সামাজিক সীমাবদ্ধতাও অটুট ৰাখিছে ৷ "কিয় নাৰীৰ স্পৰ্শত স্তব্ধ হয় সময়/ কিয় চুলেই লেৰেলি যায় পুৰুষৰ অহংকাৰ" বুলি কৈ কবিয়ে পুৰুষ সমাজৰ আশ্চৰ্যকৰ দুৰ্বলতাৰ বিষয়ে অকপটে স্বীকাৰ কৰিছে ৷ "জীৱন মানে বন্ধ কুঠৰী নহয়" বুলি কৈ কবিয়ে জীৱনৰ মাধুৰ্য্য প্ৰাণভৰি উপভোগ কৰাৰ কথা কৈছে আৰু সামৰণিত "নাৰী মানেই ধুনীয়া" বুলি উল্লেখ কৰি পৃথিৱীৰ সমস্ত নাৰীকূলৰ সৌন্দৰ্য্যৰ প্ৰশংসা কৰিছে ৷ অৱশ্যে "তপক জলক" আৰু "জলক তপক" এই দুই খণ্ডবাক্যৰ সন্দৰ্ভত আমাৰ সামান্য সন্দেহ থাকি গ'ল ৷
.
কবি নৱাকাশৰ স্পষ্টবাদিতাক শলাগিছোঁ ৷ তেওঁলৈ শুভেচ্ছা থাকিল ৷
===============================================
(২)কবিতা- বিশ্বাসঘাত
*কবি- ৰঞ্জন বৰ্মন
.
জিকাফুলীয়া কোনোবা এটি সন্ধ্যা
তেওঁ মোলৈ হাতএখন আগবঢ়াই দিলে
ময়ো দিলো তেওঁলৈ
তেওঁ মোৰ হাতত ধৰি আগবঢ়াই নিলে
মই তেওঁৰ পদাঙ্ক অনুসৰণ কৰিলোঁ
.
তেওঁ এবাৰত ক’লে শুৱা
মই চিত হৈ শুই দিলো মৰাশৰ দৰে
তেওঁ মোৰ হাতত জুমুঠি দি ক’লে জ্বলোৱা
মই জ্বলাই চালো নিজকে
.
মই যন্ত্ৰনাত ছটফটাইছো
তেওঁৰ দুওঁঠ ভৰি বিয়পিছে
যুদ্ধত জয়ী হোৱাৰ হাঁহি
.
আৰু ক্ৰমাৎ বিশ্বাসৰ স’তে
জ্বলি জ্বলি ছাঁই হ’ল
মোৰ শৰীৰ
===============================================
কবি ৰঞ্জন বৰ্মনৰ বিশ্বাসঘাত কবিতাটিত কবিৰ অন্তৰৰ কাৰুণ্যতা ফুটি উঠিছে ৷ অতিকে বিশ্বাস কৰা কোনোবাই কবিৰ বিশ্বাস ভংগ কৰাৰ পিছত কবিৰ অন্তৰাত্মাই হাহাকাৰ কৰি উঠিছে ৷ যাৰ সৈতে হাতে হাত ধৰি কবি জিকাফুলীয়া সন্ধ্যাৰ বাটেৰে আগুৱাই গৈছিল সেই হাতে কবিক যাতনাৰ দাবানলত জাহ যাবলৈ ঠেলি দিছে ৷ "তেওঁ মোৰ হাতত জুমুঠি দি ক'লে/জ্বলোৱা/মই জ্বলাই চালো নিজকে"… বিশ্বাসৰ নামত নিজৰ সৰ্বস্ব ত্যাগ কৰিবলৈও কুণ্ঠিত নহৈ কবিয়ে সৰ্বতোপ্ৰকাৰে সংগীক অনুকৰণ কৰিছে যদিও অৱশেষত সেই আস্থাৰ তিলমানো মূল্য পোৱা নাই ৷ 
.
হৃদয়ৰ বিষাদ কবিতাৰ জৰিয়তে প্ৰকাশ কৰাৰ ক্ষেত্ৰত কবিক সফল বুলি ক'ব পাৰিছে ৷ অৱশ্যে ইয়াত সামান্য এটি আঁসোৱাহ আমাৰ চকুত পৰিছে ৷ যিহেতু শ বুলিলেই মৃতদেহৰ কথাই বুজা যায়, "শ" শব্দৰ আগত "মৰা" শব্দৰ ব্যৱহাৰ অপ্ৰয়োজনীয় ৷ সেয়ে মৰাশ শব্দটো অৰ্থগতভাৱে আমি ভুল বুলি ক'ব পাৰো ৷
.
কবি ৰঞ্জন বৰ্মনলৈ শুভকামনা যাচিলো ৷
===============================================
(৩)কবিতা- শামুক
*কবি- ভাস্কৰ জিৎ নাথ
.
লেহেমীয়া গতিৰে
চুব খোজে
যাত্রৰ অসীম আকাশ,
নাই কোনো সুখ দুখ,
আকাশত উৰাৰ
হাবিয়াস...।
===============================================
তৰুণ কবি ভাস্কৰ জিৎ নাথৰ "শামুক" মূলতঃ এটা নেতিবাচক কবিতা ৷ কোনো লক্ষ্য অথবা হাবিয়াসবিহীন গতানুগতিক যাত্ৰাৰ কথা বুজাবলৈ কবিতাটিত শামুকক প্ৰতীকী অৰ্থত ব্যৱহাৰ কৰা হৈছে ৷ চুটি কবিতাৰ ক্ষেত্ৰত সৰল বিষয়বস্তুৰ গভীৰ প্ৰকাশত কবি আগলৈকো সফল হ'ব পাৰিব বুলি আশা ৰাখিলো ৷

কবি ভাস্কৰ জিৎ নাথলৈ আমাৰ শুভ ইচ্ছা জনালো ৷
===============================================
(৪)কবিতা-ৰূপান্তৰৰ মালিতা
*কবি-আলতাফ হুছেইন
.
অপ্ৰত্যাশিতভাৱে মাটিবোৰ এদিন শিল হ'ল
শিলৰ পিঠিত গজি উঠিল শিলৰ ঘৰ
শিলৰ ঘৰত মুৰ গুজি মানুহবোৰো ক্ৰমশঃ এচটা শিল হৈ
পৰিল,
এতিয়া বৰষুণত নিতিতে মাটি
নিতিতে ঘৰ
নিতিতে মানুহ
মানুহবোৰ শিল হ'ল
সুমেৰুৰ পৰা কুমেৰুলৈ বিয়পি পৰিল খবৰ
ফুলবোৰ ফুলিল কি নুফুলিল
মৰহি গ'ল
ৰাতিপুৱাৰ মাত এটা সন্ধিয়াৰ এমুঠি ছাই হৈ ঘুৰি আহিল,
ঠিকনাবিহীন চৰাইজাকে ঠিকনা বিচাৰি
উত্তাল কৰিলে ৰাজপথ
বেশ্যাৰ দৰে চহৰখনে খিলখিলাই হাঁহিলে
(পুৰনি চেগুন জোপাত ওৰেটো দিন
বুঢ়া বেলিটো অভিসাৰত ব্যস্ত থাকিল)
মানুহবোৰে শিল হৈয়েই পাহৰি পেলালে
প্ৰিয় ঋতুৰ সকলোবোৰ গান
সুৰুঙা নোহোৱাকৈ বুকুবোৰ চিলাই ললে
উধৰ পৰা মুধলৈ
এতিয়া সময়ৰ নক্সাৰে উজাই আহে
শিলৰ এটা কঠিন বাট
ঈশ্বৰৰ কবৰত চটফটাই থাকে
পোহৰৰ সহস্ৰখন নাঙঠ হাত।
===============================================
কবি আলতাফ হুছেইনৰ "ৰূপান্তৰৰ মালিতা" শীৰ্ষক কবিতাটি নিশ্চিতভাৱে এটি অনুপম প্ৰতীক আৰু উপমা সম্বলিত কবিতা ৷ মানৱ সমাজত ক্ৰমাৎ বাঢ়ি অহা যান্ত্ৰিকতাই কবিতাটিত মূল বিষয়বস্তু হিচাপে ফুটি উঠিছে ৷ ক্ৰমশঃ যান্ত্ৰিক হৈ পৰা পৃথিৱীত বাঢ়ি অহা অসামাজিকতা আৰু ব্যভিচাৰে বৰ্ণিল পৃথিৱীখনৰ সুন্দৰ ৰূপটো যেন ঢাকি পেলাইছে ৷ ঠায়ে ঠায়ে সুন্দৰ তথা অৰ্থবহ প্ৰতীক আৰু চিত্ৰকল্পৰ ব্যৱহাৰে কবিতাটিক এক অনন্য মাত্ৰা দিছে ৷ বাস্তৱিকতাৰ পৰশে কবিতাটিক সাধাৰণ পাঠকৰ বাবে অতিশয় মননশীল আৰু হৃদয়স্পৰ্শী কৰি তুলিছে ৷ কবিতাটিত "এতিয়া বৰষুণত নিতিতে মাটি", "ফুলবোৰ ফুলিল কি নুফুলিল/মৰহি গ'ল", "পুৰণি চেগুন জোপাত ওৰেটো দিন/বুঢ়া বেলিটো অভিসাৰত ব্যস্ত থাকিল" ইত্যাদি বাক্যাংশৰ ব্যৱহাৰ মন কৰিবলগীয়া ৷ সামৰণিত "ঈশ্বৰৰ কবৰত চটফটাই থাকে/পোহৰৰ সহস্ৰখন নাঙঠ হাত" বুলি কৈ কবিয়ে ক্ৰমাৎ ঈশ্বৰবাদেও যান্ত্ৰিকতাৰ পথলৈ ধাৱমান হোৱাৰ ইঙ্গিত দিছে ৷
.
সমগ্ৰ কবিতাটিত প্ৰকাশ পোৱা ব্যঞ্জনা সমূহৰ জৰিয়তে কবিৰ সুকোমল অন্তৰ আৰু মানৱীয় চিন্তাবোধৰ আভাস পোৱা যায় ৷ কবি আলতাফ হুছেইনৰ পৰা পাঠক সমাজে এনেধৰণৰ অধিক কবিতা আশা কৰিব ৷ হুছেইন ডাঙৰীয়ালৈ আমাৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলো ৷
===============================================

No comments:

Post a Comment