Friday, 11 December 2015

পথ-লাইভ ----- লোচন কৌশিক

পথ-লাইভ
-লোচন কৌশিক
.
তাহানিত মানৱতা কঢ়িয়াইছিল পথে
আজিকালি বজাৰ কঢ়িয়ায়
তাহানিত ঘাম চুহিছিল
আজিকালি তেজ চুহে
.
পথবোৰে ৰাজনীতি কৰে
বুকুত পতাকা আঁৰি লয়
বিপ্লৱ আমাৰ কাম্য
চিঞৰি চিঞৰি পথবোৰে মিচিল উলিয়ায়
পথবোৰত আৰু নিষেধ বাহন
কাৰখানা খুলিব পথবোৰৰ অলিয়ে-গলিয়ে
.
পথবোৰে মানুহৰ ইতিহাস কঢ়িয়াইছিল
আজিকালি বিজ্ঞাপন কঢ়িয়ায়
.
হঠাৎ এদিন পথবোৰে অৰণ্য খালে
তাৰ পিছত গাওঁ
তাৰ পিছত চহৰ
পথবোৰে মানুহৰ ভৰিও খালে
এদিন মগজুও কাঢ়ি নিলে
.
আৰু আজি পথবোৰৰ টায়াৰ খোৱা দিন
যত সমস্ত চকাবোৰ বনবাসত
হৰ্ণবোৰ গুফায়ে-গুফায়ে বিকট চিঞৰ মাৰি ৰৈছে
.
পথ

No comments:

Post a Comment