Friday, 11 December 2015

তৃষ্ণা -- পৰিমল কোঁৱৰ

তৃষ্ণা
০০০০০
আইনাৰ বটলত
লোভ হৈ সোমাই আছিল তৃষ্ণা
সাঁফৰ খন খুলি পিবলৈ
সি বাৰে বাৰে
পকেটটো খেপিয়াই আছিল
যিমানে খেপিয়াই ছিল
সিমানে তাৰ তৃষ্ণা বাঢ়িছিল
বাঢ়িছিল লালসা
হাত ঘড়ীটো খুলি
দোকানীজনক আগবঢ়াই দিছিল
অতৃপ্তিৰ দুঢোক পি
সি এতিয়া অপ্ৰকৃতিস্থ ।
তৃষ্ণা হৈ আয়নাৰ বটলটো এতিয়াও প্ৰকৃতিস্থ।

No comments:

Post a Comment