আহিন
-মুকুন্দমণি গগৈ
.
তুমি আহিলে
মোৰ বুকু হৈ পৰে
সেউজীয়া ৷
মোৰ শ্ৰমিক পিতাইৰ
সোতোৰা সোতোৰ দুগালত
জীয়াই থকাৰ উদ্দাম বাসনাত ...
গাখিৰতী ধানৰ থোক বোৰে
লাজতে দোঁ খাই
বিলাই দিয়ে
কেঁচা ধানৰ
সুগন্ধিৰ এক বতৰা ৷
-মুকুন্দমণি গগৈ
.
তুমি আহিলে
মোৰ বুকু হৈ পৰে
সেউজীয়া ৷
মোৰ শ্ৰমিক পিতাইৰ
সোতোৰা সোতোৰ দুগালত
জীয়াই থকাৰ উদ্দাম বাসনাত ...
গাখিৰতী ধানৰ থোক বোৰে
লাজতে দোঁ খাই
বিলাই দিয়ে
কেঁচা ধানৰ
সুগন্ধিৰ এক বতৰা ৷
No comments:
Post a Comment