Monday, 21 December 2015

পুনৰীক্ষণ- (২৮ / প্রথম খণ্ড) : ছেপ্টেম্বৰ ২০১৫ : পৰ্যালোচনাঃ পৰ্যালোচক- অনিতা গগৈ

পুনৰীক্ষণ- (২৮ / প্রথম খণ্ড) : আখৰুৱা : literati গোটৰ ছেপ্টেম্বৰ ২০১৫-ৰ কবিতাৰ পৰ্যালোচনাঃ পৰ্যালোচক- অনিতা গগৈ

কবিতাৰ পাঠক হিচাপে অথবা কবিতাৰ অনুৰাগী হিচাপে সদায়ে হৃদয়ত অনুভৱ কৰোঁ কবিতাৰে সহৃদয়তা, নিবিড় আত্মীয়তা। কিন্তু কবিতাৰ পৰ্যালোচনা বা পুনৰীক্ষণ প্রকৃতপক্ষে এক দুৰূহ কাৰ্য। কাৰণ এগৰাকী পৰ্যালোচকৰ দৃষ্টিভংগী হোৱা উচিত নিৰপেক্ষ,.নিৰ্মোহ তথা একে সময়তে অনুভূতিপ্রৱণ। তেওঁৰ মূখ্য ভূমিকা হ’ব লাগিব কবি আৰু পাঠকৰ মাজত সেতুবন্ধন। কবি আৰু পাঠকৰ অনুভৱৰ উমৈহতীয়া সংযোগ সাধনতহে এটি কবিতাই প্রাণ পায়। সেয়ে কবি আৰু কবিতাক পাঠকৰ কাষ চপাই অনাত গুৰুত্বপূৰ্ণ ভূমিকা থাকে পৰ্যালোচকৰ- যিয়ে মানুহৰ হৃদয়ত জাগ্রত কৰিব পাৰে কবিতা-প্রীতি তথা সহৃদয়তা। সেই অনুসাৰে আখৰুৱা গোটৰ ছেপ্টেম্বৰ মাহৰ কবিতাসমূহৰ পুনৰীক্ষকৰ দায়িত্ব হাতত লৈছো পৰম নিষ্ঠাৰে। অৱশ্য আমাৰ জ্ঞানৰ সীমাবদ্ধতাৰ হেতু অনেক ভুল ক্রুটি থাকি যোৱাৰ সম্ভাৱনা থাকিব। কিন্তু যথাসাধ্য দায়বদ্ধতা বাহাল ৰখাৰ চেষ্টা নিশ্চয় অক্ষুণ্ণ ৰাখিম। আখৰুৱাৰ সমূহ পাঠক তথা কবিসকলৰ সহৃদয়তা কামনা কৰিলোঁ।
______________________________________

আলোচনাৰ বাবে প্ৰথমতেই হাতত লৈছো কবি মনোহৰ দত্তৰ এটি কবিতা- 

হৃদয় সন্ধুক্ বৰষুণঃ

দূৰণিৰ ৰিণি ৰিণি বতাহ
শব্দ সুমধুৰ
উৰি উৰি আহে শীতলতা।

নিৰিবিলি পৰৰ ধেমালি
ঘনিষ্ঠ সময়
কাষ চাপি আঁতৰি যায়
থিতাপি নলয়।

পাহাৰীয়া সেউজীয়াবোৰ
ভৈয়ামৰ লহপহীয়া ধাননিবোৰত
সিঁচি সিঁচি কিয়যে বিভোৰ হয়।

সুশীতল শব্দবোৰ সেউজীয়া হৈ বাঢ়ে
মচি দিয়ে অৱসাদ।

বুজা নুবুজা কিনো সেই শব্দ
চিকুণ আঙুলিৰ পৰশ
প্ৰবাহ যাৰ অনন্ত।

শব্দবোৰ হৈ পৰে নিৰল নিস্তব্ধ
ৰৈ থাকে দূৰণিত সংগোপনে।

জীৱনৰ চাকনৈয়া কিমান আৰু
নদী দীঘল হয় নতুবা সাগৰ দূৰলৈ যায়।

আহিব খুজিও কিয় জানো থমকি ৰয়
হৃদয় সন্ধুক্ বৰষুণ।

ৰমন্যাসবাদী ধাৰাৰ প্রভাৱপুষ্ট কবিতাটিত কবিমনে বিচৰণ কৰিছে প্রকৃতিৰ নিবিড় সান্নিধ্যত। দূৰণিৰ পৰা ভাহি অহা ৰিণি ৰিণি বতাহৰ সুমধুৰ শব্দত পুলকিত কবি মনে অনুভৱ কৰিছে পৰাণ জুৰুৱা শীতলতা। ‘দূৰণিৰ ৰিণি ৰিণি বতাহ/ শব্দ সুমধুৰ/ উৰি উৰি আহে শীতলতা।‘ ‘ৰিণি ৰিণি বতাহ’ত উৰি উৰি অহা সুমধুৰ শব্দৰ শীতলতাই কবিতাটোৰ বিষয়গত অনুভূতিক নান্দনিকতাৰে সমৃদ্ধ কৰিছে ।

কবিতাটিৰ ২য় স্তৱকটিৰ ছন্দসজ্জা লক্ষণীয়। হাততে পায়ো হেৰুওৱা কিছু অনুভৱে কবিৰ হৃদয়ত দোলাদি গৈছে।‘ নিৰিবিলি পৰৰ ধেমালি/ ঘনিষ্ঠ সময়/কাষ চাপি আঁতৰি যায়/থিতাপি নলয়।‘

গীতিকবিতাধৰ্মী কবিতাটিৰ ভাবপ্রৱাহক ‘সেউজীয়া পাহাৰ’, ‘ভৈয়ামৰ লহপহীয়া ধাননি‘ ৰ দৰ্পণ-চিত্রকল্প, সহজ শব্দচয়ন তথা ভাবৰ সাৱলীল প্রকাশে কবিতাটিক পাঠকৰ কাষলৈ লৈ যোৱাত কবিক সফলতা প্রদান কৰিছে। যাৰ ফলত কবিৰ দৰেই পাঠকেও অনুভৱ কৰে অৱসাদ তথা ক্লান্তিৰে জৰ্জৰিত জীৱনত প্রশান্তিৰ এজাক ৰিম্ জিম্ বৰষুণৰ অনিবৰ্চনীয় পুলক। অথচ জীৱনৰ একা-বেঁকা বাটত সকলো জানো ইমান সহজ? 

জীৱনৰ চাকনৈয়াই যেন বাধা দিয়ে আহোঁ আহোঁ কৈ থমকি ৰোৱা সুপ্ত হৃদয়ক জগাই তোলা সেইজাক বৰষুণ- ‘আহিব খুজিও কিয় জানো থমকি ৰয়/হৃদয় সন্ধুক্ বৰষুণ। কবিতাটিত ‘বৰষুণ’ জীৱনৰ প্রাচুৰ্যৰ দ্যোতক, স্পন্দনৰ দ্যোতক যি জগাই তোলে হৃদয়। যথাৰ্থ শিৰোনামেৰে এটা ভাল কবিতা।
____________________________________________

এইবাৰ আগবঢ়াইছো কবি জগদীশ দাসৰ এটি সুন্দৰ কবিতা-

পদপথৰ স্মৃতি কঢ়িয়াই

সিদিন দুয়ো লগ হৈছিলোঁ
সন্ধিয়াৰ মহানগৰীৰ পদপথত

তুমি আহিছিলা
সময়ৰ অণু-পৰমাণু হৈ
মোৰ স'তে এক্ষন্তেক দেখা হ'বলৈ

সেয়ে মিলনৰ পশ্চাৎ
তুমি এৰি গৈছিলা পদপথত
পদপথৰ এজন অচিনাকী পদযাত্ৰীদৰেই মোক
আৰু মই …
বুটুলি লৈছিলোঁ
তুমি গুচি যোৱাত
অজ্ঞাতে তোমাৰ
আমাৰ মিলনৰ এক মধুৰ স্মৃতি

ব্যক্তিগত সোঁৱৰণৰ অনুষংগৰে ৰচিত কবিতাটিত কবিয়ে মনত পেলাইছে কোনো এক সন্ধ্যা মহানগৰীৰ পদপথত প্রিয়জনেৰে সাক্ষাতৰ মুহুৰ্ত। যি মুহুৰ্তৰ সোঁৱৰণে কবিৰ মনলৈ কঢ়িয়াই মাঁথো অতৃপ্তি। 

‘সিদিন দুয়ো লগ হৈছিলোঁ/সন্ধিয়াৰ মহানগৰীৰ পদপথত/তুমি আহিছিলা/ সময়ৰ অণু-পৰমাণু হৈ/মোৰ স'তে এক্ষন্তেক দেখা হ'বলৈ’

‘স্মৃতি-চিত্রকল্প’ৰ ৰচনাৰে কবিয়ে কবিতাৰ ভাৱৰ উপস্থাপন কৰিছে। ‘সময়ৰ অণু-পৰমাণু হৈ’-কবিৰ মনত ‘মিলনৰ ক্ষণ’ যেন তেনেই কম সময়ৰ তেনে অনুভৱেৰে বিষাদঘণ কৰি তুলিছে। কিন্তু...তেওঁৰ হৃদয়ৰ অপূৰণ শূন্যতা যেন বিন্দুমাত্র হ’লেও পূৰ্ণ কৰিছে সেই সোঁৱৰণে। ‘সেয়ে মিলনৰ পশ্চাৎ/তুমি এৰি গৈছিলা পদপথত/পদপথৰ এজন অচিনাকী পদযাত্ৰীদৰেই মোক’

সেই এখন্তেক সাক্ষাতৰ পিছত কোনো অচিনাকি লোকৰ দৰে আঁতৰি যোৱা কবিৰ প্রিয়জনৰ বিচ্ছেদেও কিন্তু কবিক ৰিক্ত কৰি যোৱা নাই। বৰঞ্চ প্রেমৰ অমল পৰশেৰে পৰিপূৰ্ণ কৰিছে কবিৰ হৃদয় আত্মাক আলোড়িত কৰি...

‘আৰু মই …/ বুটুলি লৈছিলোঁ/ তুমি গুচি যোৱাত/ অজ্ঞাতে তোমাৰ/আমাৰ মিলনৰ এক মধুৰ স্মৃতি’

অনাড়ম্বৰ শব্দচয়নেৰে, অভিব্যক্তিবাদী কবিতাটিৰ ভাবাৰ্থ পাঠকৰ বাবে সহজবোধ্য আৰু সেয়ে ই এটা ভাল কবিতা।

______________________________________

তৃতীয়টো কবিতা কবি দেবিকা দত্তৰ কবিতা- 

অৰণ্যলৈ যোৱা মানেই

অৰণ্যলৈ যোৱা মানেই
অলপ অলপ
এৰি অহা

নিজক
নিজৰ ভিতৰখনক

অৰণ্যলৈ যোৱা মানেই
ৰাতি -দিন একাকাৰ
এক হেঁপাহ

বুকুজুৰি বিয়পা
খুলি খুলি খোৱা
খুলি খুলি চোৱা

অৰণ্যই ধৰি নাথাকে
আমাক
আমাৰ দুহাত

আৰু এনেদৰে আমি
নিঃস্ব হৈ
আহি থাকো

নিজৰ অগোচৰে
মনে মনে

প্রতীক হিচাপে ব্যৱহৃত “অৰণ্য’’ সেউজীয়াৰ দ্যোতক। সৃষ্টিশীলতাৰ দ্যোতক। য’ৰপৰা পাতনি সভ্যতাৰ,সেই অৰণ্যৰ নিবিড় সান্নিধ্য আমি কেতিয়াবাই এৰি আহিছো যান্ত্রিক আগ্রাসনেৰে বিপৰ্যস্ত আধুনিকতাৰ দৌৰাত্ম্যত। আচলতে আমি এৰি আহিছোঁ নিজক। পাহৰি পেলাইছো মানবীয় আৱেগ অনুভূক্তিৰে সিক্ত জীৱনৰ প্রমূল্যবোধ। 

‘অৰণ্যলৈ যোৱা মানেই/অলপ অলপ/এৰি অহা/নিজক/নিজৰ ভিতৰখনক’
অথচ এতিয়াও আমি সকলোৱে হৃদয়ৰ গভীৰতম কোণত মুৰ্হমুৰ্হু উপলব্ধি ক’ৰোঁ সেই প্রৱল আৰণ্যক অভীপ্সা-- ‘অৰণ্যলৈ যোৱা মানেই /ৰাতি -দিন একাকাৰ/এক হেঁপাহ’

সেই ‘অৰণ্য’ৰ সন্ধান প্রকৃততে আত্মানুসন্ধান। ‘অৰণ্যলৈ যোৱা’- গভীৰ আত্মোপলব্ধি আৰু সচেতনতামূলক প্রতীতিৰ অনুসন্ধান প্রতীকৰ জৰিয়তে মূৰ্ত হৈছে। নিজক জনাৰ..নিজক বিচৰাৰ যি যিজ্ঞাসা উপলদ্ধি হয় জীৱনৰ কোনো এক সুক্ষ্মাতিসুক্ষ্ম পল অনুপলত, অথচ যি আন্দোলিত কৰি যায় মন..আত্মা। চৈতন্যৰ শীৰ্ষবিন্দুত উপনীত হৈ যেতিয়া লোপ পাই সকলো সচেতনতা আৰু ৰিক্ততাৰ অমল অনুভৱেৰে যেতিয়া হৃদয় কৰে পূৰ্ণ, সেই মুহুৰ্ততে আমি উপলদ্ধি কৰোঁ সকলো জাগতিক বন্ধনৰ অসাৰতা.. জীৱনৰ নশ্বৰতা আৰু প্রকৃতিৰ অবিনশ্বৰতা।কবি দেবিকা দত্তৰ কবিতাটি সেই আত্মোপলব্ধিৰে এক মননশীল উপস্থাপন।ব্যক্তিকেন্দ্ৰিক হৈয়ো বিষয়ৰ সাৱলীল উপস্থাপনে কবিতাটিক সাৰ্বজনীনতা প্রদান কৰিছে। 

‘বুকুজুৰি বিয়পা/খুলি খুলি খোৱা/খুলি খুলি চোৱা’
সেই অনিবৰ্চনীয় উপলব্ধিৰে পৰমপ্রাপ্তিৰ ক্ষণত কিন্তু আমি সাজু হওঁ পুনৰ নিজক হেৰুৱাবলৈ আৰু হেৰুওৱাৰ মাজেৰে বিচাৰি পাওঁ নিজক। ভাৰতীয় ৰহস্যবাদী ধাৰণাৰ প্রভাৱপুষ্ট কবিতাটিত ‘‘আৰু এনেদৰে আমি/নিঃস্ব হৈ/আহি থাকো/নিজৰ অগোচৰে/মনে মনে’’ –এই স্তৱকটোৱে কবিতাটিত আত্মোপলব্ধিৰ অভিধাত সুদৃঢ়ভাৱে খোদিত কৰিছে। পৰিমিত অনাড়ম্বৰ শব্দচয়নেৰে এটি সফল আধুনিক কবিতা। কাব্যিক ব্যঞ্জনাৰ ক্ষেত্রত কবি সচেতন হ’লে ভৱিষ্যতে তেখেতৰ পৰা আমি অধিক সাৰ্থক সৃষ্টিৰ আশা কৰিব পাৰি। 

---------------------------------------------------------------

কবি মালবিকা বৰা ব্রহ্মৰ কবিতাঃ -

-: অনুভৱৰ টোপাল : জীৱন :-

কেতিয়াবা প্ৰচণ্ড অভিমান হয়
জীৱনলৈ
১৮০ ডিগ্ৰীত যেন অৱস্থান কৰি ল’ম !

কেতিয়াবা আকৌ বৰ মৰম ওপজে
অভিমান গলি যায়
অমাৱস্যাও তেতিয়া আপোন হয় ৷

এটি কোমল ভাৱৰ কবিতা। ‘‘কেতিয়াবা প্ৰচণ্ড অভিমান হয়/জীৱনলৈ /১৮০ ডিগ্ৰীত যেন অৱস্থান কৰি ল’ম! ’’ দৈনন্দিন প্রাত্যহিকতাৰ একেঘেয়ামী জীৱন যাত্রাই কেতিয়াবা ব্যতিব্যস্ত কৰি তোলে। অনুভৱ হয় যেন জীৱনটো অসাৰ অথচ কেতিয়াবা জীৱনৰ যাত্রাপথত সকলো ৰুক্ষতা, সকলো কাঠিন্যত বিপৰ্যস্ত হৈও আমি প্রেমত পৰো জীৱনৰ। এয়াই জীৱন। ‘কেতিয়াবা আকৌ বৰ মৰম ওপজে/অভিমান গলি যায়/অমাৱস্যাও তেতিয়া আপোন হয় ৷’- শাৰীকেইটাত ব্যাজস্তুতি অলংকাৰেৰে সমৃদ্ধ কাব্যিক দ্যোতনাৰে জীৱনবোধসম্পন্ন উপস্থিতিৰে ই এক আশাবাদী কবিতা।
----------------------------------------------------

এইবাৰ হাতত লৈছো কবি লোচন কৌশিকৰ কবিতা- 

অব্যক্ত হেঁপাহ

পদুলীৰ সেই সুদীৰ্ঘ বাট পাৰ কৰি
যেতিয়াই আবিষ্কাৰ হয় নতুন খোজবোৰ
মতলীয়া হয় সেই অলপ-অচৰপ সপোনবোৰ
কিন্তু তেতিয়াই পদুলীৰ সিপাৰে দেখা পাওঁ
ৰক্ত সিঞ্চন
ভাতৃ নিধন
নিৰ্দয় নিৰ্বিচাৰ নিৰ্মম
পথাৰত শগুণৰ বিজয়োল্লাস
চহৰত শৱ কটা মানুহৰ গুন-গান
.
কাৰ শৱ
কেনেকুৱা শৱ
নিৰ্বাক নাঙলৰ শিৰলু
.
বন্ধ কৰা তেজ
আকৌ আহক এবাৰ বসন্ত
অনন্য অনুভূতিৰ নতুন মাদকতা
সিঁচৰতি হওক পোহৰৰ অব্যক্ত আবেদন
কুলিৰ ৰাগৰ তালেতালে
নাচক নিৰ্বোধ নীলত্ব পীপাসু মন
আকৌ ছাঁই হৈ পৰক অভিসপ্ত সন্ত্ৰাস
এবাৰ
অন্ততঃ এবাৰ…………!!!

সাম্প্রতিক দুঃসময়ৰ পটভূমিত ৰচিত কবিতাটিত ‘পদূলিৰ সূদীৰ্ঘ বাট’ পাৰ কৰি অহা এছোৱা সময়ৰ সোঁৱৰণ কৰি ভাৱত বিভোৰ হোৱা কবিতাটি অভিব্যক্তিবাদী শৈলীৰ। 

‘পদূলিৰ সেই সুদীৰ্ঘ বাট পাৰ কৰি/যেতিয়াই আবিষ্কাৰ হয় নতুন খোজবোৰ/মতলীয়া হয় সেই অলপ-অচৰপ সপোনবোৰ’ অতীতৰ দিনবোৰ সোঁৱৰি বৰ্তমানৰ ভয়াবহ সংঘাতময় জীৱনত কবিয়ে প্রত্যক্ষ কৰিছে নিৰ্মম বাস্তৱিকতা।

‘কিন্তু তেতিয়াই পদূলিৰ সিপাৰে দেখা পাওঁ/ৰক্ত সিঞ্চন/ভাতৃ নিধন/নিৰ্দয় নিৰ্বিচাৰ নিৰ্মম/পথাৰত শগুণৰ বিজয়োল্লাস/চহৰত শৱ কটা মানুহৰ গুন-গান’ –স্তৱকটিত ‘পথাৰত শগুনৰ বিজয়োল্লাস’ এই দৰ্পণ-কল্পচিত্রৰ আনুষংগিক স্থিতি প্রৱলতৰ কৰিছে ‘ চহৰত শৱ কটা মানুহৰ গুন-গান’ বাক্যাংশৰ মাধ্যমেৰে। মানবতাৰ বধ্যভূমিত দুঃসময়ৰ ৰণচালিৰ দ্যোতনা প্রকাশত সাৰ্থকতা প্রদান কৰিছে এই শাৰীকেইটাৰ উপস্থাপনে।

‘কাৰ শৱ/কেনেকুৱা শৱ/নিৰ্বাক নাঙলৰ শিৰলু’ পৰি থকা শ’বোৰ কোনো ব্যক্তি বিশেষৰ শ নহয়। সমূহৰ ধাৰণা এটাৰে স্তৱকটোত সাধাৰণীকৰণৰ অভিব্যক্তি ধ্বনিত হৈছে। এনে অৰাজকতাত স্থবিৰ হৈ পৰিছে পৃথিৱীৰ সহজ জীৱন ‘নিৰ্বাক নাঙলৰ শিৰলু’-অনুষংগৰ দ্যোতনাই সেই ভাৱকে উদ্বেলিত কৰিছে। 

‘বন্ধ কৰা তেজ/আকৌ আহক এবাৰ বসন্ত/অনন্য অনুভূতিৰ নতুন মাদকতা/ সিঁচৰতি হওক পোহৰৰ অব্যক্ত আবেদন/’-স্তৱকটোৰ জৰিয়তে কবিতাৰ ভাৱপ্রৱাহে প্রগতিবাদী ধাৰাৰে আত্মপ্রকাশ কৰিছে য’ত- ‘কুলিৰ ৰাগৰ তালেতালে/ নাচক নিৰ্বোধ নীলত্ব পীপাসু মন’—‘কুলিৰ ৰাগ’ অশুভ সময়ৰ পৰিবৰ্তন অভিপ্রেত শুভত্বৰে ৰঞ্জিত দ্যোতক যি ৰাগত ‘নাচক নিৰ্বোধ নীলত্ব পীপাসু মন’ বুলি কবিয়ে ব্যক্ত কৰিছে প্রত্যাশা এক আমূল পৰিবৰ্তনৰ। ‘নিৰ্বোধ নীলত্ব পীপাসু মন’-‘বিপৰ্যস্ত বিশেষণ যুক্ত’ এই বাক্যশাৰীয়ে ঘণীভূত কৰিছে দুঃসময়ক প্রশ্রয় দিয়া এচাম অপৰাধপ্রৱণ মানসিকতাৰ অধিকাৰী লোকৰ অভিধাক।

‘আকৌ ছাঁই হৈ পৰক অভিসপ্ত সন্ত্ৰাস/এবাৰ/অন্ততঃ এবাৰ…………!!!’ মানবীয় প্রমূল্যবোধেৰে ৰঞ্জিত অতীতৰ সেই শুভসময়ৰ প্রত্যাগমণৰ প্রত্যাশাৰে সামৰণি পৰা কবিতাটোৰ ভাবাৰ্থই পাঠকৰ চিত্তক আলোড়িত কৰে, কবিৰ বাস্তৱানুৰাগ সমৃদ্ধ উপস্থাপনেৰে।
--------------------------------------------------------------

আখৰুৱাৰ কবি ৰঞ্জন বৰ্মনৰ ছেপ্টেম্বৰ মাহৰ এটি কবিতা- 

।।তাতো এখন গাঁও আছিল।।
.
কুকুৰা চৰাইৰ ডাকত সাৰ পায় পদুমীহঁত
পুৱা উৰালৰ মাতত
গাঁওখনে আবতৰীয়া বিহু পাতে
.
গৰু আৰু গাহৰিৰ মাতত গাঁওখনৰ
জড়তা ভাঙে
আখলৰ জুইত গাঁৱৰ মানুহৰ চকুবোৰ আৰু ৰঙা হৈ জ্বলে
.
স্কুলৰ বাৰাণ্ডাত বহি ৰাজু আৰু পিংকুহঁতে
গাঁওবুঢ়াদেউতাৰ বাৰীত চৰায়ে খোৱা মধুৰিআম
হিচাপ কৰি কৰি ভাগৰি পৰে
.
সন্ধিয়া চাংঘৰবোৰ
ছাঁই মদৰ গোন্ধত ডুব যায়
.
কিন্তু...
.
কাৰ কান্দোনৰ চকুপানীৰে
তিয়ালে চোতাল
.
তাতো এখন গাঁও আছিল
য’ত দুপৰ ৰাতি গৰখীয়াই বজাইছিল বাঁহী

সোঁৱৰণিৰ অটলৰ পৰা উঠি অহা এচোৱা সময়ে যেন ভিৰ কৰিছে কবিৰ মনঃচক্ষুত।

‘কুকুৰা চৰাইৰ ডাকত সাৰ পায় পদুমীহঁত/পুৱা উৰালৰ মাতত/গাঁওখনে আবতৰীয়া বিহু পাতে।‘ স্মৃতি চিত্রকল্পৰ প্রয়োগেৰে এখন নিৰ্বিশেষ গাঁৱৰ ব্যস্ততাভৰা দৈনন্দিনৰ আৰম্ভনি ‘পুৱা’ৰ সময়ছোৱাৰ আবহ ৰচনা কৰিছে।য’ত ‘গৰু আৰু গাহৰিৰ মাতত গাঁওখনৰ/জড়তা ভাঙে’ সাৰপাই নিদ্রাৰ দুচকু মেলা গাওঁখন। ‘আখলৰ জুইত গাঁৱৰ মানুহৰ চকুবোৰ আৰু ৰঙা হৈ জ্বলে’- এই শাৰীটোত ৰঙা হৈ জ্বলা চকুৰ ব্যঞ্জনাই গাঁৱৰ চহা জীৱনৰ সৰল প্রাত্যহিকতাত মোক্ষম অভিঘাত খোদিত কৰিছে জটিল বাস্তৱৰ।গাঁৱৰ দুখলপীয়া সমাজব্যৱস্থাত বৰ্তি থকা উচ্চ-নীচ, ধনী দুখীয়াৰ পাৰ্থক্যৰে কঠিন জীৱনৰ ৰুঢ় বাস্তৱৰ দ্যোতনাক অধিক তৰান্বিত কৰিছে--

‘স্কুলৰ বাৰাণ্ডাত বহি ৰাজু আৰু পিংকুহঁতে/গাঁওবুঢ়াদেউতাৰ বাৰীত চৰায়ে খোৱা মধুৰিআম/হিচাপ কৰি কৰি ভাগৰি পৰে’ শাৰীকেইটাৰ অংকিত কল্পচিত্রৰ জৰিয়তে।কিন্তু ‘সন্ধিয়া চাংঘৰবোৰ/ছাঁই মদৰ গোন্ধত ডুব যায়’ কবিতাটি দৰ্পন কল্পচিত্র আৰু স্মৃতি কল্পচিত্র সানমিহলি হৈ গভীৰ জীৱনবোধ মূৰ্ত হৈছে ‘ কিন্তু.../কাৰ কান্দোনৰ চকুপানীৰে/ তিয়ালে চোতাল’-বাক্যংশৰ চকুপানী অনুষংগৰ মাধ্যমেৰে।খন্তেকীয়া সুখৰ দৰেই দুখো গ্রাম্যজীৱনৰ সহজ স্বৰূপ য’ত সংপৃক্ত হৈ পৰে গাঁৱৰ প্রতিটো পুৱা গধূলি।‘ তাতো এখন গাঁও আছিল/য’ত দুপৰ ৰাতি গৰখীয়াই বজাইছিল বাঁহী।‘-অথচ সেই সুখে দুখে ভৰা গাঁৱৰ ধুলিয়ৰি বাটতো সুদূৰৰ পৰা ভাঁহি আহে দুপৰ ৰাতি গৰখীয়াৰ বাঁহীৰ সুৰ ৰিণি ৰিণি জীৱনৰ সুন্দৰতাবোধক এষণাৰ দ্যোতক হৈ যি সুৰ শুনি মানুহে পাহৰে দৈনন্দিন জীৱনৰ তিক্ত বাস্তৱৰ যন্ত্রনা আৰু পুনৰ সাজু হয় এটি প্রানপ্রাচুৰ্যময় নতুন আৰম্ভনিৰ বাবে। 

.-----------------------------------------------------------

আখৰুৱা গোটৰ কবিসকলৰ কবিতাৰ মানদণ্ড যথেষ্ট উচ্চ পৰ্যায়ৰ। এইসমূহ কবিতাই পাঠকৰ চিত্তক প্রফুল্লিত কৰি হৃদয় পুলকিত কৰি শ্রৱণক প্রশান্তি দিয়াৰ লগে লগে চিন্তা শক্তিকো আলোড়িত ক’ৰাৰ সক্ষমতাৰে উজ্জীৱিত। আশা ৰাখিছো আখৰুৱাৰ কাব্যচৰ্চাৰ এই ধাৰা প্রৱাহমান হ’ব ন ন আংগিকৰ প্রয়োগ আৰু পৰীক্ষা নিৰীক্ষাৰ সফল ৰূপায়ণেৰে কবিসকল উজ্জ্বলি উঠক। প্রতিগৰাকী কবিলৈ আন্তৰিক শুভকামনাৰে প্রথমখণ্ড সামৰিছোঁ। 

ধন্যবাদেৰে-- অনিতা গগৈ।

No comments:

Post a Comment