Monday, 21 December 2015

পুনৰীক্ষণ-(৩০) প্ৰথম খণ্ডঃ নবেম্বৰ ২০১৫ : পৰ্যালোচক- মিনুৰেখা গগৈ

আখৰুৱা : literati গোটৰ কবিতাৰ পৰ্যালোচনাঃ 
পুনৰীক্ষণ-(৩০) প্ৰথম খণ্ডঃ নবেম্বৰ ২০১৫
পৰ্যালোচক- মিনুৰেখা গগৈ
কবিতা হ'ল অনুভূতিশীল মানুহৰ হৃদয় সাগৰত ঢৌ খেলি থকা অনুভূতিবোৰৰ নান্দনিক প্ৰকাশ । মানুহৰ প্ৰকৃতিভেদে স্বভাৱো হয় ভিন্ন । এনে বহুতো মানুহ আছে যি কেৱল বাস্তৱিক জীৱনৰ প্ৰাপ্তি -অপ্ৰাপ্তিৰ খতিয়ান অৰ্থৰ তুলাচনীৰে জুখি অনবৰতে ভাৰাক্ৰান্ত হৈ থাকে । সেইচাম মানুহ বেৰসিক ,তেওঁলোকে কিতাপৰ মাজত আনন্দৰ সন্ধান কৰিব নোৱাৰে । কবিতাতো দূৰৰে কথা । অনুভূতি তেওঁলোকৰো আছে ,কিন্তু প্ৰকাশ নকৰে । সেইচাম মানুহৰ বিষয়ে মই অৱশ্যে আলোচনা কৰিব খোজা নাই ,মই আলোচনা কৰিব খুজিছো আন এচাম মানুহৰ বিষয়ে যিসকলে গতানুগতিক জীৱন এটা কটাই থাকিও অন্তৰেৰে যাপন কৰে অন্য এটা জীৱন । তেওঁলোকেই কবি । হৃদয়ত খেলা কৰা কল্পনাশক্তিক সৃজনীশক্তিলৈ ৰূপান্তৰ কৰি তেওঁলোকে গাঁথি যায় বাচকবনীয়া শব্দৰ মালা আৰু সৃষ্টি হয় এটাৰ পিছত আন এটা কবিতা । কবিসকল হয় শব্দৰ প্ৰেমিক ,এটা যথাৰ্থ শব্দৰ দ্বাৰা তেওঁলোকে বুজাব বিচাৰে হৃদয়ৰ বক্তব্য । 
হিতেশ্বৰ বৰবৰুৱাই তেওঁৰ "কবি" শীৰ্ষক কবিতাত কবিৰ বিষয়ে কৈছিল,
"কি স্বৰগ কি মৰত, কি পাতালপুৰী
কি নগৰ, কি অৰণ্য, তৰি সাগৰৰ 
সকলোকে দেখা তুমি সকলোতে ফুৰি
আঁকা ছবি সকলোৰে তুমি চিত্ৰকৰ।"
তেনে এক উপলব্ধিৰে আখৰুৱা গোটৰ কবিসকলেও যেন নানা বিষয়ৰ ওপৰত সুন্দৰ সুন্দৰ কবিতা লিখি আহিছে। আখৰুৱাৰ মাননীয় প্ৰশাসকদ্বয়ে আখৰুৱাত প্ৰকাশ হোৱা প্ৰতিমাহৰ কবিতাবোৰৰ পৰ্যালোচনাৰ বাবে পুনৰীক্ষণ নামৰ যিটো শিতান ৰাখিছে, সি গোটক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। প্ৰশাসক মনোহৰ দত্তদেৱে এই অভাজনকো গোটত যোগ দিওঁতেই কোনো এমাহৰ পৰ্যালোচনা কৰিবলৈ কৈছিল। কিন্তু তেতিয়া সেই কথাটো মোৰ বাবে অভাৱনীয় আছিল। মই তেতিয়াও নিজকে এই কামৰ উপযুক্ত বুলি ভবা নাছিলো আৰু এতিয়াও ভবা নাই। কিন্তু তেখেতে আখৰুৱাক পৰ্যালোচকৰ এখন মঞ্চ বুলি ভাবি নিজকে প্ৰস্তুত কৰিবলৈ কোৱা বাবেই ধীৰে ধীৰে কিছু পঢ়া-শুনা কৰি নিজকে প্ৰস্তুত কৰি আখৰুৱাৰ নৱেম্বৰ মাহৰ কবিতাৰ পৰ্যালোচনা আগবঢ়াবলৈ লৈছো। সন্মানীয় পাঠকসকলে এয়া মোৰ প্ৰথম প্ৰচেষ্টা বুলি আদৰি লৈ ভুল ভ্ৰান্তি দেখিলে আঙুলিয়াই দিয়ে যেন।
নৱেম্বৰ মাহত বহুতো কবিতা গোটত প্ৰকাশ হৈছে। একেজন কবিৰে চাৰি পাঁচোটাকৈ কবিতা প্ৰকাশ হৈছে, মই সকলোবোৰ সামৰি লোৱা নাই। এগৰাকী কবিৰ এটাকৈহে লৈছো, বহুতো নতুন কবিয়ে আখৰুৱাত ভুমুকি মাৰি সুন্দৰ সুন্দৰ কবিতা আগবঢ়াইছে। সকলোবোৰ কবিতা আলোচনা কৰাটোও মোৰ কাৰণে সম্ভৱপৰ নহয় বাবে, মই অতি কম পৰিমাণৰ কবিতাহে আলোচনাৰ বাবে বাছনি কৰিছো। প্ৰথমতেই তিলক চন্দ্ৰ নাথৰ 'ধৰ্ষিতা পথাৰৰ সপোনবোৰ' শীৰ্ষক কবিতাটো আলোচনাৰ বাবে লৈছো-
ধৰ্ষিতা পথাৰৰ সপোনবোৰঃ কবি.....তিলক চন্দ্ৰ নাথ 
.
বুকুত শাওণৰ চকুলো বাগৰে
ধাৰাসাৰে
মই জীপাল হওঁ আৰু
মোৰ বুকু ফালি চলে তোৰ
হেঁপাহৰ কৰ্ষণ
.
সিঁচি দিয় তোমৰ সঁচ
মোৰ বুকুৰ পথাৰত
সীৰলুত গজি উঠে এবুকু সপোন
পোখা মেলে বুকু ভৰি সেউজীয়া ভ্ৰূণ
.
তোৰ সপোন পূৰাবলে'
তোৰ হেঁপাহৰ ভঁৰাল ভৰাবলে'
মোৰ শাৰদী কোমল লচপচী গাভৰু নাচ
.
তোৰ সুখৰ বাবেই মই
কৰ্ষিতা হওঁ
ধৰ্ষিতা হওঁ
ফালি চিৰি ৰুই দিয় হেঁপাহৰ গজালি
বাৰে পতি থিতাপি লওঁ তোৰ
আগলতি হেঁপাহত
আৰু
ক্ৰমে ভৰুণ হৈ উঠো কাতিৰ কুঁৱলীৰ
ওৰণি লোৱা
নিশাৰ অন্ধকাৰত
.
দুকুল উপচি পাৰ ভাঙি বয় তোৰ হেঁপাহ
তোৰ হেঁপাহৰ বলিয়ালিত
উপৰ্যুপৰি ধৰ্ষিতা হওঁ
দুচকুৰে নামি আহে ঢল
নষ্ট হয় মোৰ উৰ্বৰ উদৰ
আশাবোৰ থান-বান হয় কেতিয়াবা
তথাপি পুনৰ
গজি উঠে বুকুত সোণসেৰীয়া উছাহ
.
মোৰ ধৰ্ষিতা সপোনেৰে
সোণগুটি আঘোণৰ সেমেকা ৰ'দত
মুঠি মুঠি ডাঙৰিত
ভৰি উঠে তোৰ হেঁপাহৰ ভঁৰাল
খুব সযতনে।
সেয়ে
মোৰো থাকে সপোন নিৰবধি
ধৰ্ষিতা হোৱাৰ
তোৰ ভঁৰাল ভৰাবলে'
ধৰ্ষিতা তোৰ শাওণৰ পথাৰ।
কৃষক আৰু পথাৰৰ নিকট সমন্ধ এটা প্ৰকট হৈ উঠিছে এই কবিতাটোত। পথাৰখন কৃষকৰ বাবে মাতৃৰ দৰে। পথাৰৰ বুকু নাঙলেৰে ফালি চিৰি কৃষকে আশাৰ শইচ সিঁচে। বাৰম্বাৰ চহ কৰা, ৰাসায়নিক সাৰ প্ৰয়োগ কৰি অধিক উৎপাদন কৰা আদি কাৰ্যত পথাৰৰ বুকুখন ক্ষত বিক্ষত হৈ উঠে। কবিয়ে এই কাৰ্যক "ধৰ্ষণ" শব্দৰে ৰিজাইছে। দৰাচলতে এই ৰিজনিয়েই কবিতাটোৰ অলংকাৰ ৰূপে কাম কৰিছে। কবিৰ বক্তব্যক প্ৰাঞ্জলকৈ বুজাত সহায় কৰিছে । পথাৰখনে কৈছে
"তোৰ হেপাহৰ বলিয়ালিত 
উপৰ্যুপৰি ধৰ্ষিতা হওঁ 
দুচকুৰে নামি আহে ঢল
নষ্ট হয় মোৰ উৰ্বৰ উদৰ"
তথাপিতো পথাৰখনে অসহযোগ কৰা নাই। কৃষকৰ ভৰি উঠা ভঁৰালৰ কথা ভাবি পথাৰখনে কৈছে
"মোৰো থাকে সপোন নিৰবধি
ধৰ্ষিতা হোৱাৰ 
তোৰ ভঁৰাল ভৰাবলে'"
আহিনৰ বতাহত সেউজীয়া ধানগছবোৰে নাচি থকা দৃশ্যটো কবিয়ে লচপচী গাভৰুৰ নাচৰ লগত কৰা তুলনা, কবিতাটোত ব্যৱহৃত এটা সুন্দৰ চিত্ৰকল্প। কবিতাটোত পথাৰৰ আত্মাৰ স'তে কবিৰ আত্মা এক হৈ গৈছে। কবি যেন নিজেই এখনি পথাৰ। মাতৃ আৰু পুত্ৰৰ অকৃত্ৰিম সম্পৰ্কৰ জয়গান গোৱা এই কবিতাটো সৰল শব্দপ্ৰয়োগেৰে সৰল অনুভৱৰ সুন্দৰ প্ৰকাশ। কবিৰ পৰা আৰু অধিক উন্নত কবিতাৰ আশা কৰিলো।
ধন্যবাদ,
মিনুৰেখা গগৈ
৪ ডিচেম্বৰ ২০১৫
___________________________ক্ৰমশঃ___________________________
'পুনৰীক্ষণ' শিতানৰ ব্যৱস্থাপকৰ সংযোজন-
মাননীয় সদস্যবৃন্দ,
মিনুৰেখা গগৈৰ পৰ্যালোচনাৰে 'পুনৰীক্ষণ-৩০'ৰ প্ৰথম খণ্ডটো প্ৰকাশ কৰা হ'ল। এগৰাকী সুগৃহিণী হিচাপে ঘৰুৱা কামৰ ব্যস্ততাৰ মাজতো তেখেতে তেখেতৰ সাহিত্য চৰ্চা অব্যাহত ৰাখিছে। 'বেলিটো মূৰতে লৈ' শীৰ্ষক গল্পৰ জৰিয়তে তেখেত এগৰাকী গল্প লেখিকা হিচাপে আমাৰ মাজত ইতিমধ্যে পৰিচিত। সম্প্ৰতি তেখেতে প্ৰকাশ কৰিবলৈ লৈছে তেখেতৰ প্ৰথমখন উপন্যাস 'গাঁও ধুনীয়া সেউজবুলীয়া'। এই উপন্যাসখন ফেচবুকত এতিয়ালৈ ৯১টা খণ্ডত প্ৰকাশ হৈছে। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মাননীয় ইমৰাণ শ্বাহদেৱে লিখা পাতনিৰে তেখেতৰ উপন্যাসখন মুদ্ৰণৰ প্ৰায় অন্তিম পৰ্যায়ত উপণীত হৈছে। তেনে এগৰাকী সাহিত্যকৰ্মীক আমাৰ গোটৰ সদস্য হিচাপে পোৱাটো আমাৰ বাবে উৎসাহজনক। সদস্য হোৱাৰে পৰা সক্ৰিয়ভাৱে তেখেতক গোটৰ মজিয়াত আমি লগ পাই আহিছো। তেখেতৰ ভূমিকাই গোটক সজীৱ কৰি ৰখাত প্ৰচুৰ সহায় কৰিছে।
কবিতা যদিও মিনুৰেখা গগৈৰ মূল-চৰ্চাৰ বিষয় নহয়, তথাপি সামগ্ৰিকভাৱে সাহিত্য সমালোচনাৰ গুৰুত্ব উপলব্ধি কৰিয়েই আৰু শিতানটোৰ উদ্দেশ্যৰ প্ৰতি সঁহাৰি জনাই তেখেতে আমাৰ অনুৰোধ গ্ৰহণ কৰিছিল আৰু তেনেকৈয়ে তেখেতে 'পুনৰীক্ষণ-৩০' যুগুতাইছে। এনে এক সাহসী আৰু ধৈৰ্যশীল উদ্যোগৰ বাবে মিনুৰেখা গগৈলৈ আখৰুৱাৰ পৰা আন্তৰিক ধন্যবাদ জনাইছো। লগতে তেখেতৰ সাহিত্য-চৰ্চাৰ উন্নতি কামনা কৰিছো। আশা ৰাখিম মাননীয় সদস্যসকলে মিনুৰেখা গগৈৰ পৰ্যালোচনা আদৰি ল'ব আৰু ৰৈ যোৱা ভুল-ত্ৰুটিসমূহ আঙুলিয়াই দিব।
এইখিনিতে উল্লেখ কৰিব বিচাৰো যে- 'পুনৰীক্ষণ' শিতানত সন্নিৱিষ্ট কবিতাসমূহৰ বানান আদি পৰ্যবেক্ষকৰ দ্বাৰা শুধৰণি কৰা নহয়। সিবোৰ শুধৰোৱাৰ দায়িত্ব কবিসকলৰ ওপৰত ন্যস্ত থাকিব। পৰ্যালোচনাৰ ক্ষেত্ৰত থকা যিকোনো বানানৰ ভুল মাননীয় পাঠকসকলে দেখুৱাই দিলে, সিবোৰৰ শুধৰণি পৰ্যবেক্ষক বা ব্যৱস্থাপকে কৰিব। সেয়ে বানানৰ ভুল সমূহ উনুকিয়াই দিবলৈ মাননীয় পাঠকসকললৈ বিনম্ৰভাৱে অনুৰোধ কৰা হ'ল।
ধন্যবাদ।
মনোহৰ দত্ত
ব্যৱস্থাপক, 'পুনৰীক্ষণ' শিতান।
আখৰুৱা : literati গোট।
৪ ডিচেম্বৰ ২০১৫ ২০১৫

No comments:

Post a Comment