আমাৰ কান্ধত
ভেঁজা দি
ৰৈ আছিল
নিৰ্মীয়মাণ জোনাকবোৰে
আমাৰ বুকুৰ গভীৰত
হাত থৈছিল
অস্হিৰতা আৰু স্হিতপ্ৰজ্ঞতাৰ দোমোজাত
বুকুত শ শ ঘোঁৰাৰ পদধ্বনি শুনিছিলো
.
শেৱালীবোৰ শীতত নষ্ট হ'ব
শীতাৰ্ত বতাহজাকে
তাৰে কঁপনি এটা
লৈ আহিছিল
শুষ্কতাৰ বুকুত শ্যামলিমা
খহি পৰিল
.
এনে সময়তে আমি
খোজ দিছিলোঁ
নদীৰ সৈতে
উভটনি খোজ
নদী আৰু বৰষুণৰ কি সম্পৰ্ক
যে
আমাক তিয়াই পেলালে
.
হাত আৰু মুখবোৰ
ক্ৰমান্বয়ে
শূন্যলৈ আতৰি গৈছে ।
ভেঁজা দি
ৰৈ আছিল
নিৰ্মীয়মাণ জোনাকবোৰে
আমাৰ বুকুৰ গভীৰত
হাত থৈছিল
অস্হিৰতা আৰু স্হিতপ্ৰজ্ঞতাৰ দোমোজাত
বুকুত শ শ ঘোঁৰাৰ পদধ্বনি শুনিছিলো
.
শেৱালীবোৰ শীতত নষ্ট হ'ব
শীতাৰ্ত বতাহজাকে
তাৰে কঁপনি এটা
লৈ আহিছিল
শুষ্কতাৰ বুকুত শ্যামলিমা
খহি পৰিল
.
এনে সময়তে আমি
খোজ দিছিলোঁ
নদীৰ সৈতে
উভটনি খোজ
নদী আৰু বৰষুণৰ কি সম্পৰ্ক
যে
আমাক তিয়াই পেলালে
.
হাত আৰু মুখবোৰ
ক্ৰমান্বয়ে
শূন্যলৈ আতৰি গৈছে ।
No comments:
Post a Comment