Saturday, 5 December 2015

"উৎকোচ”-ঈশান জ্যোতি বৰা

"উৎকোচ”-ঈশান জ্যোতি বৰা


কঁঠাল তিনিটা সমুখত লৈ বজাৰৰ চুকটোতে
ঘনকান্ত বহি আছে৷ওপৰৰ বেলিটোৰ তাপ
ক্ৰমাৎ বাঢ়ি আহিছে যদিও ৰাইজে তালৈ
সিমান মন-কাণ দিয়া নাই৷অইন দিনাতকৈ
আজি বজাৰত মানুহ অলপ বেছিহে৷কেঁচা
ভীমকলৰ থোক এটা চাইকেলৰ আগফালে
ওলোমাই লোৱা সৌটো ধৰণীয়ে বোজা
কঢ়িয়াব নোৱাৰি শেষত বজাৰৰ মাজেৰে
এতিয়া খোজকাঢ়ি চাইকেলখন টানি
নিছে৷বেহুৱা,মাহৰ গুৰা আদি ঘৰতে প্ৰস্তুত
কৰিবলৈ শিকা আত্মসহায়ক গোটটোৰ
সদস্যা মিনতিয়ে সেইয়া দুহাতে দুটা
মোনা লৈ ভৰতৰ গেলামালৰ দোকানখনৰ
দিশে খৰ খোজেৰে আগুৱাইছে৷নতুন যেন
লগা মোনাটোত কেশৱে ভৰাই নিয়া দীঘল
জিকাৰ ঠাৰিবোৰ মোনাটোৰ বাহিৰলৈকে
ওলাই পৰিছে৷সিহঁতৰ বাৰীত কাজি
নেমুবোৰ লমা-লমে লাগিছে৷আনটো
মোনাত নেমুৱেই হ’ব চাগে৷আজি কলিমাই
বুঢ়ীও বজাৰলৈ আহিছে৷গেঞ্জী আৰু চুটি
পেন্ট এটা পিন্ধি বুঢ়ীৰ পিছে পিছে
সেইয়া নাতি৷বুঢ়ীৰ লগত মোনা-চোনা
নাই৷চাগে নাতিয়েকক বজাৰ দেখুৱাবলৈ
আনিছে! অ’ সৌটো দেখোন
নগেন,তাৰফালেই খোঁজ পোনাইছে৷বজাৰৰ
ইফালৰ
পৰা সিফাললৈ ঘূৰি ফুৰা ঘনৰ চকুহাল মাছৰ
বজাৰৰপৰা ওলাই অহা নগেনৰ ওপৰত
পৰিল৷ঘনকান্তৰ চকুৱে চকুৱে পৰাত
আঁতৰৰপৰাই নগেনে হাঁহি এটা
মাৰিলে৷"পকিছেনে?”-নগেনে কঁঠাল এটা
বুঢ়া আঙুলিটোৰে অলপ হেঁচি ঘনকান্তৰ
চকুলৈ চাই সুধিলে৷
“কাইলৈ নহ’লে পৰহিলৈ খাব পাৰিবি৷”
“কেই টকা ল’বি?”
“বেছি নালাগে৷টকা পঞ্চাছটা দিবি
আৰু৷”নগেনৰ সমুখেৰে এইমাত্ৰ যেন ক’লা
ফেঁটি এডালহে পাৰ হৈ গ’ল;দাম শুনি সি
জাপ মাৰি উঠিল৷
“ধেই মানুহ মাৰিবি দেই! ইমান দাম হয়
নেকি!”-নগেনে অহা বাটেৰে উভতি
গ’ল৷যাওঁতে অস্পষ্ট ভাষাৰে ভোৰভোৰাই
গ’ল৷অইনদিনা হোৱা হ’লে দামৰ অলপ হেৰ-
ফেৰ কৰিব পৰা গ’লহেতেন৷কিন্তু আজিৰ
কথা
সুকীয়া৷চৰকাৰে বোলে বিদেশী খেদিব-
তাৰ বাবে কিবা কাগজ এখন
উলিয়াইছে৷গাঁওবুঢ়াৰপৰা দুদিন আগতে গৈ
ফ'ৰ্মখন বাৰু সি নিজেই লৈ আনিলে৷ফৰ্মখন
পূৰোৱাৰ
সময়ত কেনাটো লাগিল৷অ মানে অমিতা,ক
মানে কল-এইদুটা মনত ৰাখিয়েই সি
পঢ়াশলীয়া শিক্ষা সামৰিছিল৷ঘৈণীয়েক
মালতীয়েও মাৰ খোৱাৰ ভয়ত স্কুলৰ
চৌহদতেই ভৰি নিদিলে৷ মিন্টু আৰু
মাজনীক ওচৰৰে প্ৰাথমিকত নাম লগাই
দিছে যদিও ফ'ৰ্ম পূৰোৱাৰ দৰে ইমান জটিল
কাম এটা সিহঁতে কৰিব পৰা হোৱাগৈ
নাই৷গাঁওবুঢ়াৰ পুতেকে টকা এশটা লৈ
ফ'ৰ্মখন
পূৰাই দিয়া কামটো কৰি আছে-কথাটো
নন্দেশ্বৰেই ক’লে৷পিছে কাৰবাৰটো
বিৰাটেই খৰচী৷ফ'ৰ্মত লগাবলৈ ফ'টো
লাগিব।অঞ্চলৰ একমাত্ৰ ষ্টুডিঅ’ বৃন্দাবনলৈ
গৈ ঘৰৰ চাৰিওটা প্ৰাণী ফ'টো উঠোৱা
মানেই এশ টকা৷অহা-যোৱাৰ
খৰচটো বাদেই৷চৰকাৰে বোলে খুব নিকা আৰু
স্বচ্ছতাৰ মাজেৰে কামবোৰ কৰিব৷বিয়া
পাতি অনাৰ পূৰ্বে ঘৈণী মালতীও যে এইখন
দেশৰে নাগৰিক আছিল-তাকে
প্ৰমাণ কৰিবৰ বাবে ‘লিক্’ চাৰ্টিফিকেট
নে কিবা এখনো লাগিব৷মালতীৰ ঘৰ
ইয়াৰপৰা এশ কিলোমিটাৰ নিলগৰ
কাকমাৰীত৷বাট-পথৰ অৱস্থা
কাহিল৷এদিনতে গৈ ঘূৰি আহিব
নোৱাৰি৷গাঁওখনৰ বাদে আন
ক’লৈকো আজিলৈকে অকলে নোযোৱা
মালতীক ইমান দূৰলৈ অকলে পঠিয়াবও
নোৱাৰি৷অ’ত দিনৰ মূৰত শহুৰেকৰ ঘৰলৈ
খালী হাতেৰে যোৱাটোও তাৰ বাবে
আত্মসন্মান হানি হোৱাৰ দৰে কথা হ’ব৷মনৰ
মাজতে গোটেইবোৰ কথা জুকিয়াই লৈ
ঘনকান্তই প্ৰায় পাঁচশমান টকাৰ ভিতৰত
গোটেই কামখিনি হৈ উঠিব বুলি নিজকে
পতিয়ন নিয়ালে৷বাৰীৰ আমকেইটা চুবুৰীৰ
ধনাইক বেচি ঘনকান্তই ইতিমধ্যে টকা
তিনিশ গোটাইছে৷তাৰে এশ টকা এতিয়াও
পাবলৈ আছে৷আজি আবেলিকৈ দিয়াৰ
কথা৷ধনাইয়ে লগ দিলেই হয় আজি৷কঁঠাল
তিনিটাৰ ওপৰতে এতিয়া সমস্ত নিৰ্ভৰ
কৰিছে৷তিনিটা কঁঠালত টকা ডেৰশ
নাপালেও এশটকা পালেও তাৰ কামটো হৈ
উঠিবগৈ৷অ’ সৌটো দেখোন মহানন্দ
পুলিচ৷বহুদিনৰ মূৰত দেখা হ’ল।এহাতে
মোনাখন লৈ বজাৰৰ ইজন বেপাৰীৰপৰা
আনজন বেপাৰীৰ কাষে কাষে ঘূৰি ফুৰিছে৷
বলেন বাঁহৰ চাঙখনৰ পৰা জিকা কেইটামান
উঠাই লৈ এইফালে ডিঙিটো বেঁকা কৰি
দিওতেই ঘনৰ চকুৱে চকুৱে
পৰিল৷জিকাকেইটা
মোনাখনত ভৰাই,নোটকেইখিলা বলেনৰ
হাতত চমজাই মহানন্দ পুলিচ অলপ খৰ
খোঁজেৰেই ঘনৰ ফালে আহিব ধৰিছে৷ঘনৰ
কঁপালত ঘাম দুটোপাল জিলিকিল৷ভাওনাত
ভীমে গদা ঘূৰোৱাৰ দৰে মহানন্দ
পুলিচে গদাডাল ঘূৰাই ঘূৰাই,পথৰ দুয়োকাষৰ
বেপাৰীবোৰলৈ তীক্ষ্ণ দৃষ্টি এৰি এৰি
ক্ৰমাৎ মহানন্দই তাৰ ফালে আগুৱাই আহি
আছে৷মহানন্দ পুলিচেনো কোনখন থানাত
কাম কৰে,কোনটো পদত কাম কৰে,সি
প্ৰকৃততেই পুলিচৰ কাম কৰে নে নকৰেই,নে
পুলিচৰ
বেশত অইন কিবাহে কৰে সেই ৰহস্য
আজিলৈকে কোনেও ভাঙিব পৰা নাই৷মনত
পৰাৰ দিনৰেপৰা ঘনকে ধৰি বজাৰৰ
প্ৰায়বোৰ মানুহেই মহানন্দক লাঠিডাল
ঘূৰাই ঘূৰাই বজাৰৰ মাজেৰে পিয়া-পি দি
ফুৰাহে দেখি আহিছে৷এদিন বোলে মাছৰ
বেপাৰী কুমুদে স্থানীয় আৰক্ষী থানাখনত
মহানন্দ নামৰ মানুহ এজন আছে নে
নাই,তাকে সুধিছিল৷কুমুদৰ কথা শুনি
থানাৰ মানুহজনে চকুহাল বহল কৰি মূৰটো
সোঁৱে-বাৱে লৰাই ভিতৰলৈ গুচি
গ’ল৷এতিয়া সেইটো মহানন্দই ঘনকান্তৰ
সমুখত
থিয় হৈ টেলেকা-টেলেক চকুৰে
কঁঠালকেইটালৈ চাই আছে৷“ক’ৰ পৰা
সৰকালি?”-কঁঠালটোৰ গাটো
লাহেকৈ টোকৰ এটা মাৰি মহানন্দই ঘনলৈ
সন্দেহৰ চকুৰে চালে৷“ক’ৰ পৰানো সৰকাম
ছাৰ?নিজৰ ঘৰৰ
বাৰীৰে৷”-সেপটো গিলি ঘনকান্তই কোমল
মাতেৰে কথাটো ক’লে৷
“তহঁতৰ একো বিচ্ছাছ নাই৷ঘৰত কোন কোন
আছে তোৰ?”
“সৰু পৰিয়াল ছাৰ৷ঘৈণী আৰু ল’ৰা-ছোৱালী
এহাল৷ল’ছালিহালক এইবাৰ ইচকুলত দিছোঁ৷”
“ঘৈণীয়েৰৰ নাম কি?”
ঘনকান্তৰ বুকুখন চিৰিঙকৈ মাৰিলে৷
মালতীক চাবলৈ যাওতে এবাৰ নে দুবাৰ
মাকে তাইৰ নামটো সুধিছিল৷ সেইয়াই
আৰম্ভ আৰু সেইয়াই শেষ৷ তাৰ পাছৰেপৰা
পৰিয়ালৰ কোনো মানুহেই তাৰ ঘৈণীয়েকৰ
নাম সুধিবলৈ প্ৰয়োজন অনুভৱ কৰা নাই৷
“মালতী ছাৰ৷”
“বয়স কিমান?”
“ত্ৰিশমান হৈছে চাগে ছাৰ৷”
মহানন্দ পুলিচৰ চকুৰ ভাষা পঢ়িবলৈ বাৰে
বাৰে চেষ্টা কৰিও যেন ঘনকান্ত বিফল
হৈছে৷ তাৰ ঘৈণীয়েকৰ বয়স মহানন্দ
পুলিচকনো কেলৈ লগা হ’ল,তাৰ অৰ্থোদ্ধাৰ
কৰিব পৰা নাই ঘনই৷
“দেখিবলৈ চাগে খুব ধুনীয়া ন'?”-কথাষাৰ
কৈ ক’লা হৈ থকা আগ-দাঁতকেইটা উলিয়াই
মহানন্দই শব্দহীন হাঁহি এটা মাৰিলে৷সেই
হাঁহিয়ে পলকতে এখন ধুমুহাৰ সৃষ্টি কৰিলে
ঘনৰ মনৰ মাজত৷ঘৰ-দুৱাৰ উৰুৱাই নিয়া
এজাক প্ৰচণ্ড ধুমুহা৷ সমস্ত ক’লা ডাৱৰবোৰ
আহি মূৰৰ ওপৰৰ আকাশখন যেন ঘেৰি
পেলাইছে৷চৌদিশে ঘন আন্ধাৰৰ মাজতে
সি দেখা পালে-মহানন্দ পুলিচে এটা
প্ৰকাণ্ড দৈত্যৰ ৰূপ ধাৰণ কৰি সিহঁতক খেদি
ফুৰিছে৷দৈত্যৰূপী মহানন্দই ঘনক বগৰাই
অচেতন কৰি দিছে।ল’ৰা-ছোৱালীকেইটাক
আচাৰি থৈ দৈত্যই তাৰ পিছত চোঁচা লৈছে
মালতীলৈ৷প্ৰাণৰ মমতাত মালতীও
দৌৰিছে৷এসময়ত শিলগুটি এটাত উজুটি খাই
তাই দৈত্যৰ সমুখতে পৰি গৈছে৷দৈত্যই
তাইৰ
ফালে আগুৱাই আহিছে৷এসময়ত দৈত্যই দীঘল
নখবোৰেৰে মালতীৰ
দেহটো...নাই,নাই।ঘনকান্তই আৰু ভাবিব
নোৱাৰে৷
“ছাৰ,এইকেইটা কঁঠাল আপোনাৰ বাবে
আনিছোঁ৷ ঘৰলৈকে লৈ যাৱক৷”-কিবা এটা
অদৃশ্য শক্তিয়ে ঘনকান্তৰ মুখৰ পৰা যেন
শব্দকেইটা আজুৰিহে আনিলে৷
“পইচা নালাগে তোক?”-মহানন্দই আচৰিত
হৈ ঘনকান্তৰ চকুলৈ চালে৷
“নালাগে ছাৰ৷ আপুনি আমাৰ নিজৰ
মানুহ৷পইচানো কেনেকৈ ল’ম?”
মহানন্দৰ মুখলৈ চাবলৈ যেন ঘনকান্তৰ আৰু
শক্তি নাই৷সেয়ে কথাষাৰ কৈয়েই কাষতে
থকা লেৰেলি যোৱা কলপাতখনেৰে
কঁঠালকেইটা মেৰিওৱাত ব্যস্ত হৈ পৰিল
ঘনকান্ত৷

Comme

No comments:

Post a Comment