Friday, 11 December 2015

'মোৰ প্ৰিয় কবিতা' : চামচুল হক : ৩০ মে' ২০১৫ : কবিতা:'একেখন ঘৰতে আছিলোঁ দুঘৰ মানুহ '

মোৰ প্ৰিয় কবিতা' বুলি কওঁতে মোৰ একাধিক কবিৰ একাধিক বা বুজনসংখ্যক কবিতাই প্ৰিয় ৷ একোটা কবিতাৰ অৰ্থবোধ কৰাৰ বহু আগতে বা কেতিয়াবা প্ৰথম পঠনতে কিবা এটা ভাল লাগে ৷ ভাল লগা কবিতা এটাৰ প্ৰথম শাৰীটোতেই কিবা এটা চুম্বকত্ব বা আকৰ্ষণ গুণ থাকে ৷ কবিতা এটাৰ অৰ্থবোধ কৰিবলৈ যাওঁতে তাৰ শিৰোনামাটোৱে যথেষ্ট সহায় কৰে ৷ কবিতাটোৰ আঙ্গিকৰ দ্যোতনাই পাঠকৰ দৃষ্টি আকৰ্ষণ কৰে ৷ ভাবৰ লগত সংগতি ৰাখি শব্দ নিৰ্বাচন আৰু বয়ন, উপস্থাপনৰ ন ন কৌশলে ৰসজ্ঞ পাঠকৰ মন-মগজু আলোড়িত কৰে ৷ কবিতাই চিধাকৈ একো কথা নকয় ৷ চিধাচিধিকৈ অতি সৰলভাৱে ক'বলৈ গ'লেতো সি গল্পৰ ভাষাই হ'ল ৷ কবিতাত বক্ৰোক্তি থাকে আৰু সেয়ে ই জটিল ৷ কবিতাৰ ভাষা ইঙ্গিতময় ৷ এই ইঙ্গিতৰ তাৎপৰ্য ৰসজ্ঞ আৰু সংবেদনশীল পাঠকে নিজ নিজ ভাব সাগৰত বুৰ মাৰি উদ্ধাৰ কৰে ৷ কবিতাৰ পঠন, ভাল লগা, বেয়া লগা সেইকাৰণে একান্তই ব্যক্তিনিষ্ঠ বুলি ভাবোঁ ৷ কবিতা যিহেতু এবিধ কলা; তাৰ পঠনো এবিধ কলা ৷ তাৰবাবেও চৰ্চা লাগে , অনুশীলন লাগে ৷
আলোচ্য কবিতাৰ শিৰোনাম : 
'একেখন ঘৰতে আছিলোঁ দুঘৰ মানুহ ' ৷
কবিতা পুথি: নৃত্যৰতা পৃথিৱী, ১৯৮৫ ৷
কবি: নীলমণি ফুকন ৷
জন্ম : ১৯৩৩, দেৰগাঁও ৷
কবিতাটো যথেষ্ট দীঘল ৷ মুঠ ১১৭ শাৰী ৷ গোটেই কবিতাটো ইয়াত তুলি দিয়া বা আলোচনা কৰা এই কম পৰিসৰত সম্ভৱপৰ নহয় ৷ তাৰ নিৰ্বাচিত অংশ উপস্থাপন কৰি বাকীখিনি নিজ পঠনৰ বাবে শ্ৰদ্ধাৰ পাঠক সমাজলৈ এৰিলোঁ ৷ আমি লক্ষ্য ৰাখিম যে নীলমণি ফুকনৰ কবিতাৰ তলিত বিচৰণ কৰা সহজসাধ্য নহয় ৷ এই পাঠকে নিজ পখা অনুসাৰেহে অৰ্থবোধ আৰু ৰসবোধ কৰিবলৈ চেষ্টা কৰিব ৷
প্ৰথমতেই 'নৃত্যৰতা পৃথিৱী ' এই ব্যঞ্জনাটোৰ শব্দযুগল মোৰ অতিকৈ প্ৰিয় ৷ আমিও 'ধুমুহাই তাণ্ডৱ চলোৱা ', 'দেওধনী উঠা' আদি বাক্যাংশ কথা প্ৰসংগত ব্যৱহাৰ কৰোঁ ৷ 'নৃত্যৰতা পৃথিৱী' অৰ্থাৎ পৃথিৱীখনে নাচি থকা ৷ এই নাচ সাধাৰণ নাচ নহয় ৷ ই খেয়ালী পৃথিৱীখনৰ কথাকে কৈছে ৷ জন্ম-মৃত্যু, সৃষ্টি-ধ্বংস, উদয়-অস্ত, ফুল ফুলা-মৰহি যোৱা, সঞ্চয়-অপচয়, জুই-পানী আদিৰে আন্দোলিত কৰি থকা প্ৰকৃতিৰ খেয়ালী অৱস্থানকে সুচাইছে ৷ তেখেতে যেন এটা দূৰত্বৰ পৰা এই সকলোবোৰ পৰ্যবেক্ষণ কৰিছে ৷ যাৰ নিয়ন্ত্ৰণ মানুহৰ হাতত নাই ৷ প্ৰকৃতিৰ লীলা বা বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি এক অন্তহীন ৰহস্য ৷ এই ৰহস্য ভেদ কৰি শেষ বিচাৰত যেন কবিয়ে অনুধাৱন কৰিছে পৃথিৱীৰ এক আনন্দময় কল্যাণময় নৃত্য ছন্দ ৷ পৃথিৱীৰ সকলো তিক্ততা বিড়ম্বনা সহ্য কৰিও তাৰ কল্যাণময় ৰূপটোৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰি কবিয়ে যেন বেঁকা হাঁহি মাৰিছে ৷
হাতত লোৱা কবিতাটোতো এনে এটা ধাৰণাই স্পৰ্শ কৰিছে ৷
'একেখন ঘৰতে আছিলোঁ দুঘৰ মানুহ
উৰুখা চালেৰে কাটে কাল
কাটে ৰাতি কাটে পানী
মাজে মাজে পৰিছিলহি আহি
সপোনতে এটা বালিমাহী'
কবিতাটোৰ প্ৰথম ৫ শাৰী গুণগুনাওঁ আহকচোন ৷ কি এটা আনন্দই মন চুই যায়! প্ৰকৃততে ই এক ব্যাখ্যাতীত আনন্দ ৷ ব্যাখ্যা কৰিবলৈ গ'লেই যেন ইয়াৰ সৌন্দৰ্য হানি হ'ব এনে বোধ হয় ৷ কিয় বাৰু ভাল লাগিছে ? কবি-সমালোচক ভবেন বৰুৱাই কৈছিল - " জনপ্ৰিয় কবিৰ জনপ্ৰিয়তা সাধাৰণতে দুবিধ কথাৰ ওপৰত নিৰ্ভৰ কৰে ৷ এবিধ হ'ল 'ৰেটৰিক', আনবিধ হ'ল 'ছেন্টিমেন্ট' ৷ বহুত মানুহে কবিতা ভাল পায় ছেন্টিমেন্টৰ পথতে "৷ আমি সাৱধানতাৰে লক্ষ্য কৰিছোঁ যে নীলমণি ফুকনৰ এই কবিতাটো কিন্তু এই দুয়োবিধ কবিতাৰ পৰা মুক্ত প্ৰকৃত আধুনিক কবিতা ৷ তাৰপাছতো কবিতাটোত এক প্ৰকাৰৰ যাদুগুণ আছে ৷ অসমীয়া ভাষাৰ কালিকাটো আৰু মাটিৰ সুৰটো কবিতাটোত প্ৰতিধ্বনিত হৈছে ৷
'একেখন ঘৰতে আছিলোঁ দুঘৰ মানুহ'_ ই কেনেকৈ সম্ভৱপৰ? এক দ্বন্দ আৰু সংঘাতময় পৰিস্থিতিতহে ই সম্ভৱ ৷ এই সংঘাত হ'ব পাৰে মন আৰু আত্মাৰ মাজত ৷ মন পখীয়ে সদায় উৰা মাৰে ৷ এক অলংঘনীয় আকাংক্ষাৰ বেজাৰ ৷ আনহাতে আত্মাৰ সত্যাগ্ৰহ ৷ এনে পৰস্পৰবিৰোধী অৱস্থানকেই দুঘৰ মানুহৰ দ্বাৰা ৰূপকৰ সহায়ত আগবঢ়াইছে ৷ তদুপৰি অতি কষ্টেৰে 'উৰুখা চালেৰে কাটে কাল ' ৷ 'কাটে ৰাতি কাটে পানী' - অৰ্থাৎ অন্ধকাৰাচ্ছন্ন সময়ৰ মাজেৰেহে জীৱন তৃষাৰ সঞ্জীৱনী 'পানী' প্ৰবাহিত হৈছে ৷ জীৱন মৰুময় বালি ৷ জীৱনৰ অৰ্থশূন্যতাৰ মাজতো কবিয়ে সপোন দেখিছে আৰু চঞ্চল হৈ উঠিছে এটা বালিমাহীৰ দৰে ৷ মানুহে চৰম দুখৰ মাজতো আশা পৰিত্যাগ নকৰা মানৱতাৰ এক অপৰাজেয় সুৰ প্ৰতিধ্বনিত হৈছে ৷ তাতেই কবিৰ কাব্যকৃতিৰ সফলতা ৷
' তুমি হাঁহিলে মই কান্দোঁ
মই হাঁহিলে তুমি কান্দা
সলাওঁ এনেকৈয়ে ইজনে সিজনক
সলাওঁ দিন ৰাতি নিদ্ৰা অনিদ্ৰা
শৈশৱ যৌৱন
বাৰ্দ্ধক্য হুতাশ হুতাশন '
নিজৰ ভিতৰতে সংঘাতময় পৰিস্থিতিত পৰস্পৰবিৰোধী অৱস্থানেৰে, দ্বিধা-সংশয়ৰ মাজেৰে সমগ্ৰ জীৱন শৈশৱ, যৌৱন, বাৰ্দ্ধক্য, লগতে হুতাশ (যন্ত্ৰণা), হুতাশন(অগ্নি) আদান-প্ৰদান কৰে মন আৰু আত্মাৰ মাজত ৷ য'ত জুই-পানী, হঁহা-কন্দা একাকাৰ হৈ যায় ৷ আৰু এইদৰে সহাৱস্থান কৰিবলৈ সকলো বাধ্য ৷
' কিনো স্বপ্ন দুঃস্বপ্ন
দুঃস্বপ্নৰ স্বপ্ন
স্বপ্ন নিৰন্তৰ
কিনো ঘৰ আশ্ৰয় দেশ-বিদেশ পোতাশাল
মুকলি প্ৰান্তৰ
জাৰণি বাঁহনি ভূত ভৱিষ্যত
কেৱল ল'ৰা -ছোৱালীবোৰে
চকুপানী মচি
জ্বলায় সন্ধ্যাৰ জোনাকী
কেৱল ফুলি থকা ফুলটোৱে
বিচাৰে সুগন্ধত তাৰ 
প্ৰাণৰ বিস্তৃতি '
শাশ্বত সময়ৰ এটা সুৰ ৷ এক বিশাল সময়ৰ প্ৰেক্ষাপটত এই সকলো অৰ্থহীনভাৱে ঘূৰি আছে ৷ স্বপ্ন আৰু স্বপ্নভঙ্গ, আশ্ৰয় আৰু আশ্ৰয়হীনতা, পোতাশাল আৰু মুকলি প্ৰান্তৰ, ভূত আৰু ভৱিষ্যত এইবোৰ অনন্ত কালৰ প্ৰেক্ষাপটত তেনেই ক্ষুদ্ৰ নৈমিত্তিক ঘটনা যেন ৷ ইয়াত নতুনত্ব বুলিবলৈ একোতো নাই ৷ নতুনত্ব কেৱল ল'ৰা-ছোৱালীবোৰে জ্বলোৱা সন্ধ্যাৰ জোনাকীতহে বা ফুলি থকা ফুলটোৰ সুগন্ধতহে ৷ ইয়াত কবিৰ আশাবাদ পৰিস্ফুট হৈছে ৷
( বি.দ্ৰ.- আমি আগতেই উল্লেখ কৰিছোঁ যে কবিতাটো যথেষ্ট দীঘল ৷ সেই হেতুকে ইয়াৰ পাছৰ অংশ পাঠকলৈ এৰি সদ্যহতে সামৰণি মাৰিলোঁ ৷)

No comments:

Post a Comment