*পুনৰীক্ষণ-২৫*
*খণ্ড - ৩*
===============================================
(১০) কবিতা- ছাতি
*কবি- ডঃ বিজিত তালুকদাৰ
.
এটা চাৰিআলিত এদিন মই ৷
.
সন্মুখৰ কেঁচা পথটোত
ডাঙৰ ক’লা ছাতি এটাৰ তলত
সৰু স্কুলবেগটো কান্ধত লৈ
আৰু বগা মোজাৰ ক’লা জোতাযোৰ
বোকাময় নহ'বলৈ
দেউতাৰ ডিঙিত ওলমি
বাৰিষাৰ ৰাতিপুৱাটোত সেয়া মই ৷
দেউতাই নেদেখাকৈ
ছাটিৰ বাহিৰলৈ হাত মেলিছিলোঁ,
বৰষুণৰ টোপালবোৰ আছিল
দেউতাৰ দৰেই সৰল ৷
.
তাৰ কাষৰ ওখোৰা-মোখোৰা পথটোত
দুপৰীয়াৰ মুক্ত আকাশৰ তলত
এজাক লগৰীয়াৰ সৈতে সেয়া মই,
বাৰিষাৰ বন্ধ উদযাপনৰ উৎসাহত
পথাৰলৈ দৌৰা-দৌৰি আৰু আনন্দৰ কিৰীলি ৷
বৰষুণেৰে মই ধুইছিলোঁ পোছাকৰ ধুলি
আৰু ভাগৰুৱা মনৰ হৰা-জিকাৰ ক্লান্তি ৷
.
তৃতীয়টো পকীপথত
নীলা ছাতি এটাৰ তলত
প্ৰেয়সীৰ সৈতে সেয়া মই,
সন্ধিয়াটোৰ বুকুত সিচঁৰতি হৈ পৰিছিল
তাইৰ খিলখিলীয়া হাঁহিৰ টুকুৰাবোৰ ৷
আমি দুয়ো ছাতিৰ তলত থাকিও
আবেগৰ উমাল বৃষ্টিত বৰকৈ তিতিছিলোঁ ৷
.
একেবাৰে শেষৰ মসৃণ পথটোত
নিশা অকলশৰে সেয়া মই
বৃদ্ধ আৰু অৱসাদগ্ৰস্ত,
পিতৃ-মাতৃ, বন্ধু, প্ৰেয়সী
আটাইকে হেৰুৱালোঁ নেকি ?
যদিও আকাশত বৰষুণ নাছিল
মোৰ লগত ছাতিও নাছিল ৷
.
হঠাৎ সম্বিত ঘুৰাই পালোঁ,
তেতিয়া চাৰিআলিটোত
এখন ছাতিৰ দোকানত মই ৷

কবি ডঃ বিজিত তালুকদাৰৰ "ছাতি" শীৰ্ষক কবিতাটো এটা জীৱনধৰ্মী কবিতা ৷ কবিতাটোৰ জৰিয়তে কবিয়ে জীৱনৰ প্ৰতিটো স্তৰত আত্মীয় স্বজনৰ আন্তৰিকতা আৰু স্নেহৰ বান্ধোনৰ কথা বুজাব বিচাৰিছে৷
.
প্ৰথম স্তৱকত কুমলীয়া বয়সৰ বান্ধোনৰ মাজত থাকি শৈশৱ উপভোগ কৰাৰ ছবি এখন ফুটি উঠিছে ৷ দ্বিতীয় স্তৱকত কৈশোৰ কালছোৱাৰ কথা উল্লেখ কৰি আনন্দোল্লাসৰ মাজেৰে এক মুক্ত জীৱন উপভোগ কৰাৰ কথা কোৱা হৈছে ৷ তৃতীয় স্তৱকৰ জৰিয়তে কবিয়ে যৌৱনকালৰ প্ৰেমৰ বিষয়ে উল্লেখ কৰি সংগীৰ সৈতে যৌৱনৰ সুন্দৰ সময় কটোৱাৰ কথা উপস্থাপন কৰিছে ৷ চতুৰ্থতে বৃদ্ধ সময়ৰ নিসংগ়তাৰ কথা ক'বলৈ গৈ কবিয়ে ছাতিটো হেৰাই যোৱাৰ কথা অৱতাৰনা কৰিছে ৷ সকলো আত্মীয়ৰ পৰা বিচ্ছিন্ন হৈ যোৱাৰ বাস্তৱটো কবিয়ে মানি লবলৈ অসুবিধা পাইছে ৷ শেষৰ স্তৱকটোৰে কবিয়ে নিৰ্মোহ বাস্তৱ এটি দাঙি ধৰিছে ৷ বৰ্তমান সময়ত বৃদ্ধাৱস্থাত মৰম স্নেহ যে কিনি লোৱাৰ দৰে হৈ পৰিছে সেই প্ৰসংগ উত্থাপন কৰিবলৈ গৈ দোকানৰ প্ৰতীকেৰে সুন্দৰকৈ কবিয়ে বৃদ্ধাৱস্থাৰ কষ্টখিনি ফুটাই তুলিবলৈ সক্ষম হৈছে ৷
.
জীৱনৰ প্ৰতিটো স্তৰক ইমান সুন্দৰকৈ উপস্থাপন কৰি তোলাৰ ক্ষেত্ৰত ছাতি কবিতাটোত কবিৰ মননশীলতা শলাগিবলগীয়া ৷ কবি ডঃ বিজিত তালুকদাৰলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো ৷

(১১) কবিতা-যৌতুক
*কবি-দীপক ঠাকুৰীয়া
.
সৰা পাত বোৰ মৃত্যু হ'লে
গছডালৰ মৃত্যু নহয় কেতিয়াওঁ
মৃত্যু হয় যদি একোখন গাৱৰ
তেন্তে কিয় মানি লম
ভগৱান নামৰ এটাঅস্তিত্বহীন পৰিচয়
মৃত্যু হয় যদি এটা ভালপোৱাৰ
তেন্তে কিয় জন্ম লয় এটা বিষাদৰ,
মৃত্যু হয় যদি এটা সপোনৰ
তেন্তে কিয় জীপাল কৰি তোলে
মাত্ৰ এটা সময়ক
আজিওঁ মৃত্যু হয় তাতেই
য'ত জন্ম লৈছিল
এটা এটাকৈ নতুন সপোনৰ
অথবা
এটা ফুলৰ
যি ফুলক লৈ এটা সময়ত শোভা হৈছিল
সেই একেটা সময়তেই মৃত্যু হ'ল
কলাৰামৰ জীয়েকৰ জীৱন
যৌতুক নামৰ এটা বান্ধোনত ।

তৰুণ কবি দীপক ঠাকুৰীয়াৰ যৌতুক এটি সামাজিক ইঙ্গিতসূচক কবিতা ৷ আমাৰ সমাজৰ এক জ্বলন্ত সমস্যা যৌতুক প্ৰথাৰ সম্পৰ্কে কবিতাটোত সুন্দৰকৈ উপস্থাপন কৰা হৈছে ৷ ভগৱানৰ অস্তিত্বৰ প্ৰতি তীব্ৰ শ্লেষ প্ৰদান কৰি যৌতুক প্ৰথাৰ বিৰুদ্ধে কবিৰ অন্তৰাত্মাই বিদ্ৰোহ কৰি উঠিছে, যৌতুকৰ নামত কোনো নিষ্পাপ জীৱনৰ আহুতি দিবলগা বাস্তৱত কবি মূক হৈ পৰিছে ৷
.
কবিতাৰ বিষয়বস্তু নিৰ্বাচনত কবিৰ চিন্তাশীলতাৰ পৰিচয় পোৱা যায় যদিও পাঠকৰ সন্মুখত সাৱলীলতাৰে বিষয়বস্তুৰ মননশীল আৰু প্ৰতীকাত্মক উপস্থাপনত কবি কিছু দুৰ্বল হৈ থাকিল যেন দেখা গ'ল ৷ চিত্ৰকল্পৰ প্ৰাসংগিকতালৈ লক্ষ্য ৰাখি সংগতিপূৰ্ণ আৰু নান্দনিক প্ৰতীকধৰ্মী শব্দৰ ব্যৱহাৰে কবিতাটোক নিশ্চয় সফল ৰূপ দিব ৷ কবি দীপক ঠাকুৰীয়াৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিলো ৷

(১২) কবিতা-জীৱন
*কবি- ছালেকিন হাচান বাপ্পি
.
(নি:সঙ্গতা)
|অতীত|
তুমিতো মোক পাহৰাৰ কথা নাছিল,
অথচ তুমি আজি সবাতোকৈ অচিনাকি ব্যক্তি ।
.
|বৰ্তমান|
তুমি চাগে তেওঁৰ লগত বেচ সুখত আছা,
সুখত ৰাখিবা তেওঁক;
চাবা, সঁচা ভালপোৱাৰ নাটক কৰি তেওঁকো নি:সঙ্গ কৰি নিদিবা ।
|ভবিষ্যত|
.
তুমি দিয়া প্ৰতিশ্ৰুতিবোৰ ডায়েৰীৰ পাতত লিখিম,
আৰু অলপ পিছত___
পুৰণা স্মৃতিবোৰ বুকুত সাবটি টোপনি যাম ৷

কবি চালেকিন হাচান বাপ্পিৰ জীৱন শীৰ্ষক কবিতাটিৰ জৰিয়তে কবিয়ে নিজৰ জীৱন সম্পৰ্কে স্ববিশ্লেষণৰ প্ৰয়াস কৰিছে ৷ জীৱনৰ অতীত, বৰ্তমান আৰু ভৱিষ্যৎ তিনিওটা কালৰ ওপৰত নিজৰ অনুভৱ কবিয়ে চুটিকৈ আৰু সহজ ভাষাত অংকন কৰিছে ৷ প্ৰথম স্তৱকটিত কবিয়ে প্ৰেয়সীৰ সৈতে অতীতৰ মধুৰ স্মৃতিৰ কথা ৰোমন্থন কৰিছে ৷ দ্বিতীয় স্তৱকৰ জৰিয়তে কবিয়ে বৰ্তমানৰ কঠোৰ বাস্তৱ স্বীকাৰ কৰিছে ৷ তৃতীয় স্তৱকত কবিৰ ভৱিষ্যৎ সম্পৰ্কে অনিশ্চিত অথচ সকৰুণ জীৱনৰ কথা প্ৰকাশ পাইছে ৷
.
তিনিওটা স্তৱকৰ জৰিয়তে নিজৰ বিফল প্ৰেমৰ দস্তাবেজ উপস্থাপনত কবি সফল হৈছে ৷ সুসংগত প্ৰতীকৰ ব্যৱহাৰে কবিতাটিক আৰু অলপ উপভোগ্য আৰু মনোগ্রাহী কৰি তুলিব পাৰিলেহেঁতেন যেন ভাৱ হয় ৷ কবি চালেকিন হাচান বাপ্পিলৈ শুভকামনা থাকিল ৷

(১৩) কবিতা- আজি এন্ধাৰত তোমাক বিচাৰি যাম
*কবি- সঞ্জীৱ শৰ্মা
.
আজি এন্ধাৰত…………
তোমাক বিচাৰি যাম
তোমাৰ বুকুৰ সেউজীয়াত
চুমা আকিম……………………!!!
কাঞ্চনজংঘাত……………
সভ্যতা পাহৰি
অসভ্যতাৰ গীত গাম…………!!!
তোমাৰ………………
হৃদয়ৰ হিমালয়ত
মৰিচিকা বিচাৰি
যৌৱনদীপ্ত কাশ্মীৰত
বিজয় পতাকা উৰুৱাম……………!!!!
আকৌ…………………
তোমাৰ হৃদয়ৰ কোণত
মোৰ প্ৰেমৰ লহৰেৰে
প্ৰশান্তৰ জোৱাৰ তুলিম…………………!!!!

কবি সঞ্জীৱ শৰ্মাৰ আজি আন্ধাৰত তোমাক বিচাৰি যাম শীৰ্ষক কবিতাটিত কবিৰ মনৰ তীব্ৰ আশাবাদ স্পষ্ট ৰূপত প্ৰকাশ পাইছে ৷ কবিয়ে তেওঁৰ হৃদয়ৰ প্ৰেমগাথাঁৰ বহিঃপ্ৰকাশ কৰিবলৈ নিঃসংকোচে আগবাঢ়ি আহিছে ৷ মনৰ অব্যক্ত কথা প্ৰেয়সীক ক'বলৈ যেন কবি দৃঢ়প্রতিজ্ঞ হৈ পৰিছে ৷ আন্ধাৰৰ মাজত পোহৰৰ শিখা বিচৰাৰ দৰে কবিয়ে প্ৰেয়সীৰ সান্নিধ্য বিচাৰি যোৱাৰ কথা কৈছে, প্ৰেয়সীৰ দুওঁঠত চুমা আঁকি নিজকে বিলীন কৰি দিয়াৰ কথা কৈছে ৷ কবিয়ে কৈছে
"সভ্যতা পাহৰি
অসভ্যতাৰ গীত গাম…"
ইয়াৰদ্বাৰাই কবিৰ মনৰ দুৰন্ত প্ৰেম আৰু যৌৱনোদ্দীপ্ত হৃদয়ত উখলমাখল লগাৰ কথা কবিয়ে জনাব বিচাৰিছে ৷ প্ৰেয়সীৰ সান্নিধ্য বিচাৰি কবিৰ মন উদ্বাউল হৈ পৰিছে আৰু হৃদয়ৰ সমস্ত ভাৱাবেগ কবিতাৰ জৰিয়তে প্ৰকাশ কৰিছে ৷
.
কবিতাৰ জৰিয়তে নিজ মনোভাৱ ব্যক্ত কৰাত কবি সফল হৈছে ৷ ৰোমাণ্টিক কবিতাৰ ক্ষেত্ৰত প্ৰতীকাত্মক প্ৰাঞ্জল ভাষা আৰু চিত্ৰকল্পৰ মনোৰম উপস্থাপনৰ অলেখ সুন্দৰ উদাহৰণ অসমীয়া কাব্য সাহিত্যত পোৱা যায় ৷ প্ৰতীকৰ ব্যৱহাৰৰ ক্ষেত্ৰত কবিয়ে আৰু অলপ সৃষ্টিশীলতা অনাৰ প্ৰয়াস কৰিলে নিশ্চিতভাৱে এইটো এটা সুন্দৰ, সুপাঠ্য ৰোমাণ্টিক কবিতা হিচাপে পৰিগণিত হ'ব ৷ কবি সঞ্জীৱ শৰ্মালৈ আমাৰ আন্তৰিক শুভেচ্ছা জনালো ৷

(১৪) কবিতা-আইৰ সপোন
*কবি- সত্য বি গগৈ
.
টিপ চাকিত চফাতেল জ্বলে
ৰাতি দুপৰতো আইৰ টাকুৰী ঘূৰে
মই আওঁৰাওঁ জীৱনৰ নেওঁতা
আইৰ দুচকুত জোনাক ফুলে
পোহৰ হব আগফালৰ চোতাল।

কবি সত্য বি গগৈয়ে তেখেতৰ আইৰ সপোন নামৰ কবিতাটিত অতি কম শব্দৰ জৰিয়তে প্ৰতিগৰাকী মাতৃৰ একোখন সুন্দৰ চিত্ৰপট দাঙি ধৰিছে ৷ নিজৰ সন্তানৰ সুখৰ বাবে প্ৰতিগৰাকী মাতৃয়ে যি কষ্ট আৰু ত্যাগ স্বীকাৰ কৰে, সেয়া অতুলনীয় ৷ সন্তানৰ সুখী ভৱিষ্যতৰ সপোনত ডুব গৈ সকলো মাতৃয়ে হাঁহিমুখে যিকোনো কষ্ট আদৰি লয় ৷ কবিতাটোৰ প্ৰথম দুটা শাৰীৰ জৰিয়তে কবিয়ে মাতৃ হৃদয়ৰ মমতা আৰু সন্তানৰ সুখৰ বাবে স্বীকাৰ কৰা কষ্টসহিষ্ণুতাৰ কথাই প্ৰকাশ কৰিব বিচাৰিছে ৷ তৃতীয় শাৰীত ফুটি উঠিছে মাতৃৰ এই অপৰিসীম কষ্টৰ প্ৰতি সঁহাৰি জনাই প্ৰতিজন সন্তানে নিজ জীৱনৰ বাট সঠিক দিশে আগুৱাই নিয়াৰ চিন্তাশীলতা ৷ শেষৰ শাৰী দুটাত একোগৰাকী মাতৃয়ে সন্তানৰ ভৱিষ্যৎ তথা উন্নতিৰ চিন্তাত কিদৰে সপোন দেখে, সন্তানৰ কৰণীয়লৈ কেনেদৰে আশা কৰে সেই চিৰন্তন মধুৰ বাস্তৱ সুন্দৰভাবে উপস্থাপন কৰা হৈছে ৷
.
গোটেই কবিতাটোৰ দ্বাৰাই সন্তান আৰু মাতৃৰ যি এক সুমধুৰ সম্পৰ্ক সেয়া সৱলভাৱে ফুটি উঠিছে ৷ চুটি অথচ প্ৰাঞ্জল ভাষাৰে এনে এক স্বৰ্গীয় সম্পৰ্কক কবিতাৰ জৰিয়তে পাঠকৰ সন্মুখত উপস্থাপন কৰাৰ বাবে কবি ধন্যবাদৰ পাত্ৰ ৷ তেওঁলৈ আমাৰ শুভেচ্ছা যাচিলো ৷
==============================================
(১৫) কবিতা- বিষ্ণুৰাভা
*কবি- নয়নমণি শৰ্মা ৰিকু
.
নদী এখনৰ স'তে তেওঁৰ মিল আছিল
চৰাই এজাকৰ দৰে তেওঁ সৰল আছিল
তেওঁৰ দৰে কোনো নদী নাছিল যাৰ ওভোতনি যাত্ৰাৰ প্ৰাচুৰ্য এঘাম দেহ
এটা বেলিৰ দৰে জিলিকি আছিল
স্বাধীনতাৰ প্ৰেমিক বিষ্ণুৰাভা
এটা গান আছিল।

কবি নয়নমণি শৰ্মাৰ বিষ্ণুৰাভা নামৰ কবিতাটোত কবিয়ে অসমৰ প্ৰসিদ্ধ শিল্পী, স্বাধীনতা যুঁজাৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ জীৱনৰ চিত্ৰ অংকন কৰাৰ প্ৰয়াস কৰিছে ৷ কবিয়ে শিল্পীজনাক এখন নদীৰ সৈতে তুলনা কৰি তেখেতৰ সবল আৰু সাহসী তথা নিৰন্তৰ জীৱন যাত্ৰাৰ কথা উল্লেখ কৰিছে ৷ তেখেতৰ সৰলতাক পখীৰ কল্লোলৰ সৈতে তুলনা কৰি কবিয়ে শিল্পীজনাৰ তেজস্বী মনোভাৱৰ কথা প্ৰকাশ কৰিবলৈ সূৰ্যৰ উদ্ধৃতি দিছে ৷ কবিয়ে শিল্পীৰ দেশপ্ৰেমৰ কথাও উল্লেখ কৰিছে আৰু এটা গীতৰ সৈতে বিষ্ণুৰাভাক তুলনা কৰি কবিতাৰ সামৰণি মাৰিছে ৷
.
শিল্পীজনাৰ জীৱন বন্দনাত কবি প্ৰায় সফল হৈছে বুলিব পাৰি ৷ কিন্তু যিহেতু দেশৰ প্ৰতি, জাতিৰ প্ৰতি ৰাভাদেৱে অলেখ অৱদান আগবঢ়াই থৈ গৈছে, তেনেক্ষেত্ৰত বিষ্ণুৰাভা সম্পৰ্কে মাথো কেইটিমান শাৰীৰেই এক কাব্যিক উপস্থাপন কৰাৰ কথাটো কিছু পৰিমাণে গ্ৰহণযোগ্য নহয় যেন লাগে ৷ কবিতাটো আৰু অলপ দীঘলীয়া কৰি বিষ্ণুৰাভা দেৱৰ জীৱন গাঁথা সুন্দৰকৈ প্ৰকাশ কৰাহ'লে কবিতাটো অধিক মনোগ্রাহী হ'লহেঁতেন বুলি আমাৰ বিশ্বাস ৷ কবিয়ে নিশ্চয় এই বিষয়ে উপলব্ধি কৰিব ৷ কবি নয়নমণি শৰ্মালৈ আমাৰ শুভকামনা থাকিল ৷

*সামৰণি- কবিতাৰ পৰ্যালোচনা কৰাতো সহজ নহয় ৷ ইয়াৰ বাবে প্ৰয়োজন হয় ভাষাজ্ঞান, সাহিত্যসুলভ সৃষ্টিশীলতা, ধৈৰ্য্য, অধ্যয়নশীলতা, সূক্ষ্ম আৰু সুগভীৰ মননশীলতা ইত্যাদি ৷ এই সমূহ গুণৰ কোনো এটাৰো গৰাকী বুলি নিজক পৰিচয় দিয়াৰ ধৃষ্টতা আমাৰ নাই ৷ আখৰুৱা গোটৰ জুন মাহৰ পুনৰীক্ষণ শিতানৰ আঁত ধৰিবলৈ কোৱাত সেয়ে যথেষ্ট ভয় লাগিছিল ৷ কিন্তু প্ৰশাসকৰ অনুৰোধ আৰু সাহসতে এই দুঃসাহস কৰিবলৈ বুলি হাতত ললো ৷ এইক্ষেত্ৰত কিমানদূৰ সফল হ'লো, সেই বিচাৰ সুহৃদ পাঠকে কৰিব ৷ অৱশ্যে এই আলোচনা মই পৰ্যালোচনা হিচাপে নহয়, সাধাৰণ পাঠক হিচাপে নিজৰ ব্যক্তিগত মতামত অথবা বাখ্যা হিচাপেহে গ্ৰহণ কৰিম আৰু পাঠকেও তেনেদৰেই গ্ৰহণ কৰিলে সুখী হ'ম ৷
.
এই আলোচনাত মই আগতে পৰ্যালোচনা নোহোৱা অথবা তুলনামূলকভাৱে কমকৈ পৰ্যালোচনা হোৱা কেইজনমান নতুন কবিৰ কবিতা অন্তৰ্ভুক্ত কৰিবলৈ প্ৰয়াস কৰিলো ৷ এইখিনি কৰোতে ন-শিকাৰু হিচাপে ভুল-ত্ৰুটী ৰৈ যোৱাতো স্বাভাৱিক ৷ সুহৃদ পাঠকে সেয়া আঙুলিয়াই দিব বুলি আশা ৰাখিছো ৷
.
আখৰুৱা গোটৰ পুনৰীক্ষণ শিতানৰ দায়িত্ব মোৰ হাতত অৰ্পণ কৰাৰ বাবে শ্ৰদ্ধাৰ প্ৰশাসকদ্বয়ৰ ওচৰত মই কৃতজ্ঞ ৷ এই আপাহতে ময়ো কেইবাজনো কবিৰ কবিতা একেলগে পঢ়াৰ সুবিধা পালো ৷ সৰ্বশেষত আখৰুৱা গোটৰ দীৰ্ঘায়ু কামনা কৰি প্ৰিয় এফাঁকি কবিতাৰে সামৰিছো---
.
কবিৰ ছাঁ
.
তুমি আহিলে
মোৰ মৃত ছাঁটো পুনৰ জী উঠে
তুমি ক'লা-- কিয় !
মই ক'লো-- মৃত্যুনো কাৰ প্ৰিয়
.
তুমি লৈ গ'লা মোৰ মৃত ছাঁটো
আৰু কৈ গ'লা--
-- কবিৰ ছাঁ কবিতা ৷
@ প্ৰশান্ত ৰাভা

ধন্যবাদেৰে,
মেঘালী দিহিঙীয়া
শিৱসাগৰ ৷
Meghaali Dehingia's photo.
Like Comment
Mousumee Bori, সুনীল অমিয়, Anita Gogoi and 14 others like this.
Dr-Bijit Talukdar অশেষ ধন্যবাদ, মেঘালী দিহিঙীয়া ৷ মোৰ "ছাতি" কবিতাটোৰ লগতে আন আটাইবোৰ কবিতাৰ ইমান সুন্দৰ পৰ্যালোচনা পঢ়ি মই আপ্লুত হ'লো ৷
July 25 at 9:41pm · Like · 3
এলিজা তালুকদাৰ সুন্দৰ পর্য্যালোচনা ।
July 25 at 9:47pm · Like · 2
দীপক ঠাকুৰীয়া সুন্দৰকৈ কবিতাবোৰৰ আলোচনা কৰা বাবে আপোনালৈ ধন্যবাদ ।
July 25 at 11:41pm · Like · 1
Dibakar Renu পৰ্যালোচনা কাক কয়, আমি নাজানো।আখৰুৱা গোটৰ পুনৰীক্ষণৰ দায়িত্ব ত থকা মেঘালী দিহিঙীয়াৰ দ্বাৰা শ্ৰদ্ধাৰ কবি সকলৰ কবিতাই যে এক সুন্দৰ মান্যতা পালে সেইয়া ধুৰুপ।আমি কবি মাননীয়া মেঘালী দিহিঙীয়া ৰ লগতে কবি সকলকো শ্ৰদ্ধা আৰু শুভ কামনা জনালো।
Yesterday at 5:31pm · Like · 2
Meghaali Dehingia মতামত জনোৱা সকলোলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো ৷
19 hrs · Like

Manohar Dutta *প্ৰশাসকৰ মন্তব্য*
ধন্যবাদ Meghaali আখৰুৱাৰ 'পুনৰীক্ষণ-২৫' যুগুতোৱা বাবে। তোমাৰ সহযোগিতা আদৰণীয়।
'পুনৰীক্ষণ'ৰ বেছি ভাগ খণ্ডৰ পৰ্যালোচকসকল মেঘালীৰ দৰেই নতুন হোৱা বাবে পৰ্যালোচনাৰ মানদণ্ড হয়তোবা ভবা ধৰণে উৎকৃষ্ট হোৱা নাই। কথা হ'ল পৰ্যালোচনাৰ দৰে এটা জটিল আৰু গুৰুত্বপূৰ্ণ বিষয়ত আখৰুৱাত কৰা পৰ্যালোচনাই, গোটৰ এইসকল সদস্যক উৎসাহিত কৰিলে আমাৰ এই প্ৰয়াস কিছু পৰিমাণে হ'লেও সফল হ'ব বুলি ভবা হৈছে।
আশাকৰোঁ মেঘালী দিহিঙ্গীয়াৰ পৰা আগলৈ ইয়াতকৈ উন্নত মানৰ পৰ্যালোচনা আমি পাম।
_______________________________
@ Malabika Bora Brahma
14 hrs · Like · 1
Samsul Haque মেঘালী দিহিঙীয়াই নিষ্ঠাৰে কৰা পৰ্যালোচনাই সকলোকে চিন্তাৰ খোৰাক যোগাইছে ৷
4 hrs · Like
No comments:
Post a Comment