~অনুৰাধা~
------মেৰিলীন দত্ত
.
আবেলি / দেখা নাপাওঁ
যদি তোৰ চকুযুৰি /
সেমেকি থাকে বুকুৰ
প্ৰতিটো চুবুৰি !!
.
পোৰা গৰৈ মাছৰ
গোন্ধটো নাকত ভাল
লাগে ! পেট কলমলায় !
ঠিক অনুৰাধা নামটোও
ওঁঠত ফুটাই ভাল লাগে !
কলিজা উকমকায় !
.
এধানি এধানি
কণমানি
মোৰ হিয়াখনি
তুমি এপাহ বকুল
নে খৰিকাজাঁই
নে তুমি শৈশৱৰ
কোনোবা সাধুৰ
ৰাজকুমাৰী
শেতেলীত
থৈ যোৱা তোমাৰ
স্পর্শৰ
বুলনি
.
এধানি এধানি
তোমাৰ
কথা ভাবিবহে পাৰো
চুব পাৰি জানো তোমাক
অস্পৃশ্যা
সুৰুযৰ ৰেঙণি
তুমি চাগে' কাৰোবাৰ
হেঁপাহৰ ফুলনি
নে বাগিছা
নে কিবা সুবাস
বৈ থাকা যে
বৈ বৈ ৰৈ থাকা যে
নে কোনো বিৰহ
প্ৰেমিকৰ মাজনিশাৰ
কেকনি
এধানি এধানি
.
তুমি আছা বাবেই
মই আছো
মই আছো বাবেই
তুমি আছা
ছেঃ
এইয়া নহয়
জানো অকবিৰ
মাজনিশাৰ বিলাপ?
কিবা এটা ভাল
লাগে তোমাক
এধানি এধানি
তোমাক ক'বলৈ সাহ নাই
.জানা
দিনবোৰ গৈ থাকিব
এনেদৰে
আৰু এদিন তুমিও হ'বা
সোঁৱৰণি !!
------মেৰিলীন দত্ত
.
আবেলি / দেখা নাপাওঁ
যদি তোৰ চকুযুৰি /
সেমেকি থাকে বুকুৰ
প্ৰতিটো চুবুৰি !!
.
পোৰা গৰৈ মাছৰ
গোন্ধটো নাকত ভাল
লাগে ! পেট কলমলায় !
ঠিক অনুৰাধা নামটোও
ওঁঠত ফুটাই ভাল লাগে !
কলিজা উকমকায় !
.
এধানি এধানি
কণমানি
মোৰ হিয়াখনি
তুমি এপাহ বকুল
নে খৰিকাজাঁই
নে তুমি শৈশৱৰ
কোনোবা সাধুৰ
ৰাজকুমাৰী
শেতেলীত
থৈ যোৱা তোমাৰ
স্পর্শৰ
বুলনি
.
এধানি এধানি
তোমাৰ
কথা ভাবিবহে পাৰো
চুব পাৰি জানো তোমাক
অস্পৃশ্যা
সুৰুযৰ ৰেঙণি
তুমি চাগে' কাৰোবাৰ
হেঁপাহৰ ফুলনি
নে বাগিছা
নে কিবা সুবাস
বৈ থাকা যে
বৈ বৈ ৰৈ থাকা যে
নে কোনো বিৰহ
প্ৰেমিকৰ মাজনিশাৰ
কেকনি
এধানি এধানি
.
তুমি আছা বাবেই
মই আছো
মই আছো বাবেই
তুমি আছা
ছেঃ
এইয়া নহয়
জানো অকবিৰ
মাজনিশাৰ বিলাপ?
কিবা এটা ভাল
লাগে তোমাক
এধানি এধানি
তোমাক ক'বলৈ সাহ নাই
.জানা
দিনবোৰ গৈ থাকিব
এনেদৰে
আৰু এদিন তুমিও হ'বা
সোঁৱৰণি !!
No comments:
Post a Comment