Sunday, 13 December 2015

আখৰুৱাৰ কবিতাৰ পৰ্যালোচনাঃ পুনৰীক্ষণ (২৭, দ্বিতীয় খণ্ড)আগষ্ট,২০১৫ : পৰ্যালোচক - চামচুল হক

পুনৰীক্ষণ (২৭ , দ্বিতীয় খণ্ড)
আগষ্ট, ২০১৫ -ৰ আখৰুৱাৰ কবিতাৰ পৰ্যালোচনা : 
পৰ্যালোচক - চামচুল হক
আখৰুৱালৈ প্ৰতিদিনে ভালেসংখ্যক কবিতা আহে ৷ এই সকলো কবিতা পৰ্যবেক্ষণৰ বাবে পঢ়ি অঁটোৱাটোও ধেমালি নহয় ৷ আমি তাৰে মাজৰ পৰা মাত্ৰ কেইটামান কবিতাহে বুটলি ল'বলৈ সক্ষম হৈছোঁ ৷ বাকীখিনি চুই চাব নোৱৰাৰ বাবে কোনেও দোষ নধৰে যেন ৷ কেতিয়াবা কোনটো এৰোঁ কোনটো ধৰোঁ এনে ভাবো মনলৈ নহা নহয় ৷ সন্দেহ নাই যে নিচেই ক্ষুদ্ৰ জ্ঞানেৰে এনে ধৰণৰ গুৰুতৰ কামত হাত দিছোঁ ৷ গতিকে ভুল হ'লে পাঠকে মাৰ্জনা কৰে যেন ৷ ইয়াতে এষাৰ কথা উনুকিয়াব খোজোঁ যে কবিতাৰ দৰে এবিধ চিৰিয়াচ শিল্প অধিকাংশ কবিয়ে আখৰুৱাত দিয়াৰ সময়ত বানানৰ ফালে পিঠি দি থাকে ৷ ই গ্ৰহণযোগ্য হ'ব নোৱাৰে ৷ কবিতা ভাষাৰ শিল্প হিচাপে ইয়াক শুদ্ধ ৰূপত জীয়াই ৰখাৰ দায়িত্বও কবিসকলৰ থাকে ৷
এয়া আলোচনাৰ বাবে হাতত তুলি লৈছোঁ দিৱ্যজিৎ বণিক্যৰ "বৰষুণৰ অধ্যায়" শীৰ্ষক কবিতাটো -
'বৰষুণৰ অধ্যায়'
এজাক বৰষুণ আহিছিল
মায়ে কোঁচত বহুৱাই লৈ
গুণগুণাইছিল শিয়ালী এ নাহিবি ৰাতি
অবুজ মনত মোৰ সপোনবোৰ
ভাহিছিল নে উৰিছিল
যন্ত্ৰণাবোৰ মাৰ বুকুৰে উজাইছিল
.
এজাক বৰষুণ আহিছিল
সমনীয়াৰ সতে কিৰিলিয়াই তিতি বুৰি
এজাক উতনুৱা হেপাঁহ আত্মহাৰা হৈছিল
মাৰ বুকুত আশংকাবোৰ চাগে
বাঢ়ি আহিছিল
.
এজাক বৰষুণ আহিছিল
বাঢ়িছিল নে গজিছিল
সেউজীয়াৰে দুচকুৰ সীমনা উপচি পৰিছিল
.
এজাক বৰষুণ আহিছিল
নামি আহিছিল নে বৈ আহিছিল
সৰুমাই তোৰ হাঁহিটো টোপনি কাঢ়িছিল
তোৰ ভাৱনাই শেতেলীত ঘৰ সাজিছিল
.
এজাক বৰষুণ আহিছিল
তেতিয়া কোনো নাছিল
মাৰ আশংকাবোৰ
সীমনা উপচা দুচকুৰ সেউজীয়া
সৰুমাই মোৰ শেতেলীত তোৰ ঘৰ
কোনো এটা নাছিল
.
এজাক বৰষুণ প্ৰায় আহে এতিয়া
সৰে নে শিপাই
বুকুলৈ সোঁৱৰণি নমাই
তিতি উঠে
বৰষুণৰ প্ৰতিটো অধ্যায় ।
কবিতাটোত কবিয়ে অতি সহজ-সৰল ভাষাৰে মানৱ জীৱনৰ বিভিন্ন পৰ্যায়ত বৰষুণ নামি অহাৰ কথা কৈছে ৷ কবিতাটোত ভাবৰ ঘনত্ব আছে ৷ ভাবৰ এনে সুসংবদ্ধ গাঁথনিয়ে কবিতাটোত ৰহণ চৰাইছে ৷ কবিতাটোৰ নামাকৰণ কৰোঁতে "বৰষুণৰ অধ্যায়" বুলি নিদি "বৰষুণৰ পৰ্যায়" বুলি দিয়াহেঁতেনহে মোৰ বোধেৰে ভাল হ'লহেঁতেন ৷ কবিতাটোত এই অনাসক্ত বিশেষণটো (Hypallage) এবিধ উল্লেখযোগ্য অলংকাৰ : "এজাক উতনুৱা হেঁপাহ" ৷ আচলতে উতনুৱা হেঁপাহ নাথাকে ৷ হ'ব লাগিছিল উতনুৱা ল'ৰাৰ হেঁপাহ, তাৰ ঠাইত উতনুৱা হেঁপাহ - কবিতাৰ এবিধ অলংকাৰৰ ভিতৰত পৰিছে ৷ কবিতাটোৱে ভাষাৰ ক্ষেত্ৰত কেবাঠাইতো উজুটি খাইছে ৷ 'এজাক উতনুৱা হেঁপাহত আত্মহাৰা হোৱাৰ' এনে হ'ব লাগিছিল নেকি ৷ তদুপৰি কবিতাটো পাঠকৰ লগত কথোপকথনেৰে আৰম্ভ হোৱা যেন লাগিলেও শেষলৈ "সৰুমাই"ৰ লগতহে কথোপকথন শেষ হৈছে ৷ ই কবিতাটোৰ এটা দুৰ্বল দিশ ৷ কবিয়ে সাৱধানতাৰে লক্ষ্য কৰিব ৷
একে কবিৰে আন এটা সুপাঠ্য কবিতা পাঠকলৈ আগবঢ়াব খোজোঁ:
'সাময়িকতাত কপিলাবস্তু,সিদ্ধাৰ্থ আৰু অন্যান্য'
নোপোৱাবোৰ জীয়াই থকালৈকে
আমাৰ সপোনবোৰ
নহাবোৰলৈ ৰৈ ৰৈ জীয়াই থাকে
আমাৰ উশাহবোৰ
.
এদিন এইবাবেই ওলাই গৈছিল
কপিলাবস্তুৰ সিদ্ধাৰ্থ
ওলাই গৈছিল নে নিৰ্বাসিত কৰিছিল নিজক
.
দিন বাগৰে
ৰাতি বাগৰে
পোনাকণ ঘৰলৈ উভতি নাহেহে নাহে
.
বোধিদ্ৰমৰ ছাঁত
আত্মহত্যা কৰে সিদ্ধাৰ্থ
.
লৰাজন হেৰাল
গাৱঁৰ মানুহৰ মুখৰ বাতৰিত
পিয়াপি দিয়ে ৰাতি ৰাতি
একোটা অজান আশংকাই
নিদ্ৰাৰত বাট-পথত
.
বোধিদ্ৰুমৰ জ্যোতিৰ্ময় ছাঁৰে
নামি আহে অমল প্ৰশান্তিৰ হাঁহি
.
এতিয়া গাওঁত,চহৰত
সন্যাসীৰ বৰ্ম পিন্ধি
ঘোৰাত উঠি ঘুৰি ফুৰে
যুদ্ধবাদ বুদ্ধ
খট্ খট্ খট্ খট্...
.
সেই ৰাতিৰ
সেই সপোনটো
ৰাণী মায়াদেৱীৰ গৰ্ভত
আশ্ৰয় লোৱা বগা হাতীটো
কোনেও নেদেখে চাগে আজিকালি !
এই কবিতাটোৰো শিৰোনামটো "ৰূপান্তৰত কপিলাবস্তু ,সিদ্ধাৰ্থ আৰু অন্যান্য " দিব পৰা গ'লহেঁতেন ৷ কবিতাটোত ভাষাৰ দুৰ্বলতাখিনি আওকাণ কৰিলে এটা সুস্থিৰ ভাবৰ সংহতিয়ে বান্ধি ৰখা দেখা যায় ৷ শেষৰ স্তৱকটোৱে সাম্প্ৰতিক সময়ৰ সমাজখনৰ অৱক্ষয় অতি সাৰ্থক ভাষাৰে তুলি ধৰিছে ৷
এইবাৰ আহকচোন হাতত তুলি লওঁ মালবিকা বৰা ব্ৰহ্মৰ " বোধিদ্ৰুম : শব্দ" শীৰ্ষক কবিতাটো ৷
বোধিদ্ৰুম ঃ শব্দ
-----------------
সাগৰ নেদেখাকৈয়ে
তাৰ উচ্ছল লহৰে
যেনেকৈ উদ্বাউল কৰে,
ঠিক তেনেকুৱা শব্দবোৰ,
শব্দৰ পৰশবোৰ।
মন যায়,
কেতিয়াবা মন যায়
তেনেকৈ
প্ৰতিটো শব্দৰ পৰশ
বুজিবলৈ, জানিবলৈ।
শব্দই জীৱন,
শব্দই মৰণ।
শব্দৰ পৰশ কিমান ঘনিষ্ঠ
বুজিব নোৱাৰি, বুজাব নোৱাৰি।
সাগৰ নেদেখাকৈয়ে
অনুভূত শব্দবোৰে লৈ যায়
সাগৰ তীৰলৈ ।
সাগৰৰ উচ্ছল ঢৌবোৰত
ডুব যাবলৈ
জীৱনৰ ৰহস্য বিচাৰি চাবলৈ।
প্ৰতিটো শব্দৰ শাব্দিক স্পৰ্শ
মনৰ গভীৰতাত জীৱন্ত হৈ পৰে
কিয় জানো !
আটোমটোকাৰিকৈ যাক জানিব বিচাৰে
কবিৰ কবিতাই।
শব্দৰ প্ৰেমতেই জন্ম হয়
কবিৰ শব্দ
কবিৰ অপ্ৰমাদী সংগী
জীৱনে-মৰণে, শয়নে-সপোনে।
শব্দ ব্ৰহ্ম শব্দ
কবিৰ প্ৰাণ
কবিৰ জীৱন, প্ৰেম, তীক্ষ্ণতা,
শব্দতেই কবিৰ আত্মানুসন্ধান।
শব্দৰ সৈতে কবিৰ ধেমালি অসম্ভৱ।
শব্দ, কবিতাৰ বোধিদ্ৰুম।
শেষৰ স্তৱকটো বেচ মন কৰিবলগীয়া ৷ কবিতাক বহুতে শব্দৰ খেলা হিচাপে গণ্য কৰে আৰু কোৱা হয় যে বৰ্তমান কবিতাৰ স্থান হৃদয়ৰ পৰা মগজুলৈ পৰ্যবসিত হৈছে ৷ কবিতা হেনো নিৰ্মাণ কৰিব পাৰি ৷ ইয়াত কবিতা অকল মগজুৰ কচৰৎহে বা শব্দৰ খেলাহে ৷ দৰাচলতে কবিতাত কবিৰ আবেগ-অনুভূতিৰ স্থান আছে আৰু আংগিকৰো গুৰুত্ব আছে ৷ শব্দচয়ন আৰু বাচ্যাৰ্থক চেৰাই বক্ৰোক্তিৰ এক লুকাভাকু থাকে ৷ ইয়াত কবিয়ে কিন্তু কবিতাক অকল নিৰ্মাণ বা "শব্দৰ সৈতে ধেমালি" বুলি মানি ল'বলৈ টান পাইছে ৷ শেষৰ শাৰীটো অৱশ্যে যথাৰ্থতেই শব্দ, কবিতাৰ বোধিদ্ৰুম ৷
কবিতাটোত "শব্দ" শব্দটো ৩ বাৰ , শব্দবোৰ ২ বাৰ, শব্দৰ ৬ বাৰ , শব্দই ২ বাৰ, শাব্দিক ১ বাৰ আৰু শব্দতেই ১ বাৰ উচ্চাৰিত হৈছে ৷ এনে পুনৰুচ্চাৰণে পাঠকক কেতিয়াবা বিৰক্ত কৰি তোলাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি ৷
এইবাৰৰ কবিতা পলাশ বৰাৰ " শেষ চিঠি"
# শেষ চিঠি #
শেষ বাটটোত তেওঁ অকলে ৰৈ আছিল
তেতিয়া বতাহ বলা নাছিল, চৰায়ে গোৱা নাছিল গান
সৰি পৰিব খুজিও ৰৈ আছিল নিয়ৰ এটোপাল
ৰৈ ৰৈ কোনে বিনাইছিল সেই দুপৰ ৰাতি
কোনে কাৰ কপালৰ সেন্দুৰ দিছিল মচি
কাৰ বুকুত বৰফ হৈছিল স্বপ্নৰ নিৰবধি নদী
হাতত আত্মহত্যাৰ চিঠি লৈ তেওঁ আহিছিল উভতি!
পলাশ বৰাৰ "শেষ চিঠি" শীৰ্ষক কবিতাটোত এক অন্তৰ্নিহিত সংগীত (Music) আমি শুনা পাওঁ ৷ আছিল, নাছিল, দিছিল, বিনাইছিল, আহিছিল এনে ধৰণৰ শব্দৰ সাৱলীল গতি, লগতে শব্দ অনুপ্ৰাস "কোনে কাৰ কপালৰ"- এই ক ধ্বনি ৷ শেষ স্তৱকটোলৈ লক্ষ্য কৰিলে দেখা যায়:
"হাতত আত্মহত্যাৰ চিঠি লৈ তেওঁ
আহিছিল উভতি! "
অৰ্থাৎ আত্মহত্যা কৰিবলৈ যোৱা মানুহগৰাকী উভতি আহে ৷ যিহেতু তেওঁ পুনৰ ঘূৰি আহে গতিকে হাতত লৈ যোৱা চিঠিখন চিৰদিনৰ বাবে শেষ চিঠি নহ'বও পাৰে ৷ কবিয়ে মন কৰিবচোন ৷
এইবাৰ আলোকপাত কৰিবলৈ ভাল পাম আন এটা সুখপাঠ্য কবিতা চাৰ্জেন্ট আৰ.মেগোৰ "আত্মব্যথা" :
"আত্মব্যথা"
ৰৈ থাকোঁতেই হওক বা
গৈ থাকোঁতেই হওক
সহজতে হেৰাই যোৱাটো আমাৰ স্বভাৱ
হেৰাই যোৱা নিজকে বিচাৰি থকাটোও
আমাৰ আন এটা স্বভাৱ
পোহৰত হেৰালে আমি
এন্ধাৰক দোষোঁ
এন্ধাৰত হেৰালে দোষোঁ পোহৰক
কোলাহলত হেৰাই নিজানত বিচাৰি থাকোঁ
একেদৰে
নিজানত হেৰাই বিচাৰি থাকোঁ কোলাহলত
হেৰাই যোৱা নিজকে বিচাৰি পাবলৈ
দাপোণৰ আশ্ৰয় লওঁ
দিনটোত অন্ততঃ এবাৰ হ'লেও আমি
দাপোণৰ সন্মুখত থিয় হওঁ
দাপোণত নিজৰ শৰীৰটো বিচাৰি পাওঁ ঠিকেই
কিন্তু হৃদয়খনহে কাহানিও
বিচাৰি নাপাওঁ
নেদেখোঁ মুখাৰ আঁৰৰ নিজৰেই মুখখন ।
ই নিশ্চয়কৈ এটা ভাল কবিতাৰ উদাহৰণ ৷ এনে কবিতা অনুভৱৰ তলিত গৈ উপস্থিত হ'লেহে লিখিব পাৰি ৷ গভীৰ আত্ম-বিশ্লেষণ আৰু শেষত সত্যানুসন্ধান কবিতাটোৰ বৈশিষ্ট্য ৷ কবিতাটোত ক'তো বাহুল্যতা নাই তথা কবিয়ে নিজকে ফাঁকি দিয়া নাই ৷ চাৰ্জেন আৰ. মেগোৰ পৰা এনে উন্নত মানৰ কবিতা ভৱিষ্যতে আৰু পাম বুলি আশা থাকিল ৷
এইবাৰৰ কবিতা দেৱিকা দত্তৰ "উমানন্দৰ আবেলি" :
# উমানন্দৰ আবেলি
নদীৰ পাৰত বহি থাকিলা যে ? মন্দিৰটোতো পাহাৰৰ ওপৰত ।
নাযাও ।
কিয় ?
আজিৰ গধূলি শিলবোৰৰ নামত ।
কি অদ্ভূত কথা ক'লা ! তুমি ঠিকে আছাতো ?
ঠিকেই আছো । সৱ ঠিকে আছে ।
শিলৰ লগত কথা পাতিবা নেকি ? হাঁহি উঠিছে মোৰ ।
হাঁহিবলৈ কিনো হ'ল ? তুমিওতো কথাই পাতিবা
মন্দিৰৰ শালগ্ৰামৰ লগত ।তেওঁ জানো কাণেৰে শুনে ?
মই স্বগতোক্তি কৰিম ।
যোৱা তুমি । মোকো শিলবোৰৰ লগত থাকিব দিয়া। মই ক'ম, সিঁহতে শুনিব। আজি শিলৰ লগত সহবাস। বহুতো কিবাকিবিৰ আলোচনা হ'ব আজি। ব্ৰাউনিঙৰ Last Ride Together ৰ পৰা নীলিমকুমাৰৰ শেহতীয়া কবিতাটো, স্বাধীনতা দিৱসৰ পৰা নগা চুক্তি আৰু চে গুৱেভাৰা। দেৰি হ'ব। তুমি যোৱাগৈ। ক'ৰবাত পূৰৱী বাজিছে ৷
"উমানন্দৰ আবেলি " এটা মননশীল কবিতা ৷ নদী চলমান, বেগৱতী ৷ আনহাতে শিল টান, অলৰ - অচৰ ৷ নদীৰ দৰে সময়ো গতিশীল , জীৱনো পৰিবৰ্তনশীল ৷ এই দুই প্ৰতীকৰ সহায়ত কবিতাটোৱে এক দ্বান্দিকময় গতিৰে আগবাঢ়িছে ৷ কবিতাটোত দ্বৈত কন্ঠৰ উপস্থিতি দেখা যায় ৷ দুটা কন্ঠস্বৰৰ আলাপৰ যোগেদি কবিতাটোৱে সুন্দৰভাৱে সম্পূৰ্ণতা পাইছে ৷
এইবাৰ এয়া মনোহৰ দত্তৰ কবিতা "কলিজাৰ ঘৰ" :
কলিজাৰ ঘৰঃ
ইমান নিশ্চুপ হৈ যায় সময়
দোপালপিটা বৰষুণো হয় শব্দহীন,
জলপ্ৰপাত হৈ পৰে থৰ।
খিৰিকিখন খুলিলেও
পুৱতিৰ চৰাই জাকৰ মাত নুশুনি,
অবোধ সময়ে আজুৰি আজুৰি
বোবা কৰে সমস্ত স্পন্দন।
ভাঙি দিয়ে কলিজাৰ ঘৰ।
কিমান যন্ত্ৰণাদগ্ধ হ'লে, কিমান বেদনা-বিধূৰ হ'লে এনে কবিতা লিখিব পাৰি ? কলিজাৰ ঘৰভঙা, দিশহাৰা মানুহেহে বুজিব পাৰে এনে কবিতাৰ অনুভৱৰ তলি ৷ কবিতাটো অশিথিল আৰু চুটি ৷ ক'তো এটা শব্দ অপ্ৰয়োজনীয়ভাৱে ব্যৱহাৰ কৰা নাই ৷ প্ৰতীক, চিত্ৰকল্পৰ যথাযথ ব্যৱহাৰে কবিতাটোত সম্পূৰ্ণতা দিছে ৷
এইবাৰ হাতত তুলি লৈছোঁ ভাৰ্গৱ জ্যোতি বৰাৰ কবিতা "এই ৰাতি বৰষুণৰ উদ্দামতাই"

এই ৰাতি বৰষুণৰ উদ্দামতাই মোক কলৈ লৈ যায়
তুমি হস্পিতালৰ বেৰত ছবি আঁকিলা
মই কোলাহলময় নৈশব্দৰ হিচাপ কৰিলো
মোৰ এই দৈন্যতাক কি নাম দিম
কি মৰুময় কি মৰুময় এই চহৰ
কত সূৰ্য্যই ছাঁই কৰি থৈ যায় আমাক
এই পাহাৰৰ সিপাৰত ইমান জুই
তুমি এটি গীত গোঁৱা
মই চহৰৰ পুৰণি পথবোৰত ঘূৰি ফুৰিম
এই উদ্দাম অন্ধকাৰ
আৰু কত পথ বাগৰি বাগৰি এই পথ
কি মৰুময় কি মৰুময়
কবিতাটোত প্ৰবীণ কবি নীলমণি ফুকনৰ কবিতাৰ ৰেশ এটা দেখ-নেদেখকৈ পৰা যেন লাগিছে ৷ ফুকন ছাৰেও কবিতাত পাঠকৰ মুকলি পঠনৰ বাবে কোনো শিৰোনাম ব্যৱহাৰ নকৰে ৷ তেখেতৰ নিৰ্দিষ্ট এটা বাকভংগী আছে, যিটো বৰাৰ কবিতাত ৰিণিকি ৰিণিকি শুনা পোৱা যায় ৷ কত সূৰ্যই ছাই কৰি যোৱা উক্তিটো পাঠকে গ্ৰহণ নকৰিবও পাৰে ৷ ভাৰ্গৱ জ্যোতি বৰাই কবিতাৰ অনুশীলন অটুট ৰাখক ৷ আমাৰ শুভেচ্ছা থাকিল ৷
~ সমাপ্ত ~

No comments:

Post a Comment