Wednesday, 23 December 2015

ভাষাৰ আঁত ধৰি.......______________মৃণালকান্তি মেধি

ভাষাৰ আঁত ধৰি.......______________মৃণালকান্তি মেধি
"শুনক,শুনাওক; লাইফ মেকাওক“
অসমীয়া ভাষাত ভাত ৰান্ধে, চাউল সিজায়, পাচলি কুটে, মাছ বাছে, চাহ কৰে বা তপতায়, ৰুটি সেকে বা পোৰে, লুচি ভাজে, পিঠা ভাজে বা পোৰে, ৰাষ্টা-পদূলি নিৰ্মাণ কৰে, ঘৰ সাজে, ছবি আঁকে, গীত লিখে, সুৰ কৰে বা সৃষ্টি কৰে, চুলি কটায়, দাড়ি খুৰায়, চিৰা, সান্দহ খুন্দে, ধান বানে, ধান দায়, ঢোল চোৱায়, দহি বাটে, বেণী গোঠে, ফুলনি পাতে বা সাজে, কঠিয়া পাৰে, বৃক্ষ ৰোপণ কৰে বা ৰোৱে, তেল পেৰে, গামোছা বোৱে, জা-জলপান তৈয়াৰ কৰে, জীৱন বা সমাজ গঢ়ে, বোলছবি নিৰ্মাণ কৰে, গল্প-কবিতা লিখে বা সৃষ্টি কৰে ইত্যাদি অতগাল অসমীয়া স্বতন্ত্ৰ ক্ৰিয়া (ধাতুৰূপ/VERB)ক হিন্দি “बन“ (বন, বনা) নামৰ ঘাতক ধাতু বা ক্ৰিয়া (KILLER VERB)টোৱেই হত্যা কৰি আহিছে৷ সেয়ে এই হত্যাকাৰী ক্ৰিয়াৰ প্ৰভাৱত আজিকালি আমি ভাত বনাওঁ, চিকেন বনাওঁ, মাছ বনাওঁ, পুখুৰী বনাওঁ, ফুলনি বনাওঁ, ৰাষ্টা-পদূলি, ঘৰ, দলং, চিনেমা, গান, ৰুটি, চাহ, জীৱন, সমাজ, চুলি, দাড়ি যিমান আছে, সকলো কেৱল বনাওঁহে৷ সকলোতে “বন“ বা “বনা“ ধাতুৰূপটো লগাই দিলেই হ‘ল৷ দুৰ্ভাগ্যজনকভাৱে পঢ়াশলীয়া পুথিতো এই “বনা“ই নাগৰিকত্ব লৈ পেলাইছে কিতাপ যোগানধাৰী ঠিকাদাৰ কিছুমানৰ অনুগ্ৰহত৷
শব্দৰ আমদানি ভাষাত অৱধাৰিত৷ ভাষাৰ পৰিৱৰ্তন, সংৱৰ্ধন নতুবা বিৱৰ্তনে এটা ভাষাৰ পৰা অইন এটা ভাষালৈ হোৱা শব্দৰ আমদানিক স্বীকাৰ কৰি লয়৷ আৰু আমদানিকৃত শব্দৰ প্ৰয়োজন-সাপেক্ষ সুস্থ ব্যৱহাৰে ভাষাক পৰিৱৰ্ধিত কৰে৷ (অৱশ্যে ক্ৰিয়া বা ধাতুৰূপৰ আমদানি ভাষাৰ বাবে নিৰাপদ বা স্বাস্থ্যকৰ নহয়৷ আমদানি হ‘লে বিশেষ্যৰ আমদানি বা গ্ৰহণ হ‘ব পাৰে৷ যেনেঃ কিতাব, কলম, দোৱাত, স্কুল, মাষ্টৰ, দৰখাস্ত আদি আমদানিকৃত বিশেষ্য শব্দ৷ ই ভাষাৰ সৌষ্ঠৱ হানি কৰা নাই) য‘ত আমি বিকল্প ক্ৰিয়া এটা বিচাৰি নাপাওঁ বুলি খাটাং হওঁ, তাত হয়তো “বনা“ৰ প্ৰয়োগ গ্ৰহণীয় ,যিহেতু “বনা“ই সকলোকে গ্ৰাস কৰি স্থায়ী পট্টা লৈছেই৷ ভাষাৰ সৰলীকৰণৰ দোহাই দি সকলো থলুৱা ক্ৰিয়াক মৃত্যুদণ্ড দি থকাৰ পৰিণতি(ফলশ্ৰুতি নহয়)ত ভাষাৰ বিকাশ হোৱা নাই, বিনাশ হৈছে৷ ঘন কাঁইটযুক্ত ইলিছ(ইলিশ্ ) মাছৰ খিচখিচিয়া কাঁইটেই ইয়াক বৰালি মাছ, ৰৌ মাছতকৈ পৃথক বৈশিষ্ট্য প্ৰদান কৰাৰ নিচিনাকৈ কৰ্মানুযায়ী থকা সুকীয়া ধাতুৰূপ বা ক্ৰিয়াবোৰেও অসমীয়া ভাষাৰ বিশিষ্টতা আৰু মৌলিকতা প্ৰমাণ কৰে৷ এয়াই ভাষাৰ সবল, সাৰ্থক আৰু সমৃদ্ধিশালী স্বকীয়তা৷ গতিকে এই স্বকীয় বৈশিষ্ট্যক অন্ততঃ সৃজনশীল(সৃজনীশীল নহয়) কৰ্মৰ সতে জড়িত লোকসকলে প্ৰথমেই গুৰুত্ব দিয়া উচিত৷ কাৰণ তেওঁলোকৰ দৈনন্দিন লিখা-মেলাৰ যোগেদিহে ভাষাৰ মান্যৰূপটো ৰক্ষিত হৈ থাকে৷ ইংলিচত আমি এনে ভুলবোৰ নকৰিবলৈ সদাসতৰ্ক থাকোঁ৷ mother makes rice, Ram makes hair, Ram makes a song বুলি আমি জানো কওঁ বা লিখোঁ?
পুনশ্চঃ ধৰি লোৱা হ‘ল হিন্দি “বন“ ধাতুটোৰ সলনি ইংলিচ MAKE ধাতুটো অসমীয়াত সোমাই পৰিল আৰু খাৰখোৱা আমাৰ অসমীয়া জিভাত পৰি ই থলুৱা “মেক“ হৈ গ‘ল৷ তেতিয়া MAKE ৰ ব্যৱহাৰ কেনে হ‘ব এবাৰ চাওঁ, যেনে ঃ মাই ভাত মেকালে, মোৰ ঘৈণীয়়ে তাম্মাম চিকেন মেকায়, জুবিনে নতুন গান এটা মেকাইছে, নগেনৰ লাইফ মেকি(বনি) গ‘ল, দেউতাই কষ্টকৈ ঘৰটো মেকাই থৈ গ‘ল আৰু BIG F.M.ৰ শ্লগানটো হ‘বগৈ “শুনক,শুনাওক; লাইফ মেকাওক“
____________________________________________________
টোকাঃ আমাৰ অনুৰোধক্ৰমে গোটৰ মাননীয় সদস্য মৃণালকান্তি মেধিয়ে তেখেতৰ উল্লিখিত লেখাটো আমালৈ পঠিয়াইছে। কাৰিকৰী অসুবিধাৰ কাৰণে তেখেতে নিজে গোটত প'ষ্ট কৰিব নোৱাৰা বাবে মৃণালকান্তি মেধিৰ এই বিশেষ লেখাটো গোটত উপস্থাপন কৰিলোঁ আৰু লিখকলৈ আন্তৰিক ধন্যবাদ জনালোঁ।
প্ৰশাসকবৃন্দ,
আখৰুৱা : literati গোট
২২ ডিচেম্বৰ ২০১৫

No comments:

Post a Comment