আখৰুৱা : literati গোটৰ কবিতাৰ পৰ্যালোচনাঃ
পুনৰীক্ষণ-২৮ঃ দ্বিতীয় খণ্ডঃ ছেপ্টেম্বৰ ২০১৫
পৰ্যালোচক- অনিতা গগৈ
আখৰুৱা গোটৰ পুনৰীক্ষণ (২৮/দ্বিতীয়খণ্ড) যুগুতাবলৈ কবিতাসমূহ নিৰ্বাচনৰ ক্ষেত্রত যথেষ্ট সাৱধানী হোৱাৰ যত্ন কৰিছোঁ। বাছকবনীয়া কবিতা সম্ভাৰৰ পৰা এমুঠিমান কবিতাহে আমি পুণৰীক্ষণৰ বাবে সামৰিব পাৰিছোঁ। আখৰুৱাৰ 'পুণৰীক্ষণ' বুলি ক’লে প্রকৃততে কবিতাবোৰ পুনঃনিৰীক্ষণ কৰি বা হৃদয়ংগম কৰি তাৰ ভিত্তিত কৰা এক আলোকপাত মাথোঁ। সমালোচনা ঠিক নহয়। সাধাৰণ বিশ্লেষণাত্মক আলোচনা। পুণৰীক্ষণত এজন কবিৰ কেৱল নিৰ্দিষ্ট কবিতাটোৰহে অৱলোকন ক’ৰা হয়। পুনৰীক্ষণ কবি প্রতিভাৰ দক্ষতা নিৰ্ণায়ক মাপকাঠি কেতিয়াও নহয়।আমাৰ সামান্য জ্ঞানেৰে আগবঢ়োৱা আলোচনাটিত ৰৈ যাব পৰা সম্ভাৱ্য ভুল ক্রুটিৰ বাবে মাৰ্জনা বিছাৰি আখৰুৱাৰ সমূহ কবি তথা পাঠকৰ সহৃদয়তা বাঞ্চা কৰিছোঁ।
আলোচনাৰ বাবে হাতত লোৱা প্রথমটো কবিতা, কবি দ্ৰিচাং বসুমতাৰী-
‘’আত্মানুসন্ধান
মই মোক বিচাৰি নক্ষত্ৰ ফুলা ৰাতি এটাৰে আগুৱালো
সাউতকৈ
তগৰৰ গোন্ধ এটাই মোক বলিয়া কৰিলে
মোক এৰি মই গোন্ধ বিচাৰি গ'লো
তগৰৰ গছত লমালমে পোহৰ ফুলিছে
চুব খোজোতেই
ৰাতিটো পলাল
নক্ষত্ৰ হেৰাল
তগৰ গছত এন্ধাৰ মলঙিছে ।
সিদিনালৈ মোক বিচৰা কথাটো হেৰাল ..
‘আত্মানুসন্ধান’ নিজক বিচৰাৰ..নিজৰ মনৰ মাজত নিভৃতে বিচৰণ ক’ৰাৰ এক মনণশীল ভাৱ প্রৱাহ। অস্তিত্ববাদী চেতনাৰে মূৰ্ত অভিব্যক্তিৰ প্রকাশ।
-‘’মই মোক বিচাৰি নক্ষত্ৰ ফুলা ৰাতি এটাৰে আগুৱালো/ সাউতকৈ/তগৰৰ গোন্ধ এটাই মোক বলিয়া কৰিলে’’- প্রাত্যহিক অনুষংগৰ জৰিয়তে ব্যঞ্জিত অপাৰ্থিৰ সন্ধান ব্যাহত হৈছে পাৰ্থিব মোহাগ্রস্ততাৰে।
‘তগৰৰ গছত লমালমে পোহৰ ফুলিছে/চুব খোজোতেই/ৰাতিটো পলাল/নক্ষত্ৰ হেৰাল’ ‘পোহৰ আৰু নক্ষত্র’ একাকাৰ হৈছে আৰু পমি গৈছে ৰাতিৰ বুকুত , এন্ধাৰত।কিন্তু ‘ৰাতি’ বা সন্ধানৰ ওৰ পৰিছে বিফলতাৰে।
‘তগৰ গছত এন্ধাৰ মলঙিছে ।‘—ফুলিছিল ‘পোহৰ’ কিন্তু মলঙিছে ‘এন্ধাৰ’- পোহৰ আশাৰ প্রতীক;’আন্ধাৰ’-নিৰাশাৰ প্রতীক। আশাৰ চিকমিকনিত স্ব-অন্বেষাৰ বাটত দৃঢ়তাৰে ধাৱমান বিষয়ীৰ নিৰাশাই বাট ভেটি ৰুদ্ধ কৰিছে পৰমপ্রাপ্তিৰ সকলো পথ। পাৰ্থিৱ মোহগ্রস্ততাৰ বিলুপ্তি ঘটিছে ।সমান্তৰালভাৱে অপাৰ্থিৱ চৈতন্য প্রৱাহৰ অৱলুপ্তিৰে সামৰণি পৰা কবিতাটোত ‘সিদিনালৈ মোক বিচৰা কথাটো হেৰাল ..’ অনুৰণিত হৈছে. কবিৰ আশাহত হুমুনিয়াহৰ ধ্বনি। ৰহস্যবাদী ধাৰাৰ প্রভাৱপুষ্ট কবিতাটোৱে ছাঁ পোহৰৰ কাব্যিক ব্যঞ্জনাৰে পাঠকক বিচৰণ ক’ৰায় এক অলৌকিকতাৰ আৱৰ্তত। ‘ নক্ষত্র ফুলা ৰাতি’ , ‘তগৰৰ গছত লমা লমে পোহৰ ফুলিছে’ – আদি চিত্রকল্প, প্রতীক, ভাৱ, ভাষা, শব্দৰ সমন্বয়েৰে সামগ্রিকভাৱে এটি সুখপাঠ্য আধুনিক কবিতা। কিন্তু কবিতাটোত ভাৱপ্রৱাহৰ দ্বৈৰ্থতা, বৈপৰীত্য তথা নায়কৰ স্ব-অন্বেষাৰ ব্যৰ্থতা ব্যতিৰেকে কবিতাৰ শিৰোনাম হিচাপে ‘আত্মানুসন্ধান’ –যথাৰ্থব্যঞ্জক যেন বোধ নহয়।
এইবাৰ আহিছো আন আখৰুৱাৰ এগৰাকী কবি মনোজ নেওগৰ ‘সিদ্ধান্ত’ শীৰ্ষক কবিতাটিলৈ।
‘সিধান্ত'
মোৰ কোলাত পৰি আছিল অন্তিম যুদ্ধৰ যোদ্ধাজন l
সময় বৰ নিশ্চুপ , নিষ্ঠুৰ l
কাণৰ লটিত চূঙা -বাদূলি; নিদ্ৰা
খবৰ উশাহৰ বুমেৰাং ফিৰি আহিছিল ফুৰি ;
দোভাগ ৰাতি
খুলি ৰাখিছিল নেকি কোনোবাই দক্ষিণৰ দুৱাৰ.... !
আন্ধাৰ l
সিন্ধুৰ সিপাৰে জোনাকী বিন্দু চমকি আছিল চমকে
দহিকতৰাৰ ফানৰ দৰে অস্থিৰ পলক
বালি - ঘড়ী এটাত সময় পিচলিছিল ঘূৰ্ণীয়মান চকাৰ গতি শূন্য চলন .....
মোৰ কোলাত পৰি আছিল অন্তিম যুদ্ধৰ যোদ্ধাজন....
.
অক্ষৌহিনী সেনানীয়ে দলি আনিছিল শইছৰ দেশ
চলি আহিছিল বুকুৰ গতিৰোধক গৰকি এখন ঘেৰঘেৰি ৰুলাৰ...
পূৰ্বে সুৰক্ষিত দূৰ্গ নাছিল
চাউনি পাতি আছিল
চদ্মবেশী ঘাতক
চেনী - মিঠাই বাকছত বিষ্ফোৰক লৈ...
.
চতুৰঙ্গ যুদ্ধনীতি !
খেদি নিছিল
দৌৰিছিল
উচ্চৰ পৰা উচ্চ শিখৰলৈ
এটোপাল
জিয়া
তেজ.....
যুঁজি আছিল তেওঁ ....
.
মই , আবতৰৰ বতৰা লৈ
বুকুত ফুটাই নিউক্লিয়াৰ বোমা ; চাৰখাৰ কৰিছিলো এখন যুদ্ধৰ ইতিহাস .....
য'ত আজিও সেউজীয়া নাই l’
কোনো এক দুঃসময়ত বিপৰ্যস্ত ক্ষণৰ অনুষংগত ‘যুদ্ধ’ ৰ প্রতীকৰ জৰিয়তে কাব্যিক ব্যঞ্জনাৰে বাংময় হৈছে মৃত্যু চেতনা। ‘মোৰ কোলাত পৰি আছিল অন্তিম যুদ্ধৰ যোদ্ধাজন /সময় বৰ নিশ্চুপ, নিষ্ঠুৰl’ যি নিষ্ঠুৰ সময়ৰ সাক্ষী হ’ব লগা হৈছে বিষয়ী বা কবি স্বয়ং। ‘অন্তিম যুদ্ধৰ যোদ্ধাজন’-হয়তো কবিৰ কোনো আত্মীয় বা সুহৃদৰ জীৱন আৰু মৃত্যুৰ শেষ ৰণ। ‘কাণৰ লটিত চূঙা -বাদূলি; নিদ্ৰা’ – ৰণক্লান্ত সৈনিকজন সাজু হৈছে আত্মসমৰ্পণৰ বাবে। মৃত্যুৰ হাতবাউলিত ওলমি পৰিছে কাণৰ লটি ‘ চুঙা বাদুলি ’ৰ উপমাৰে।
‘ খবৰ উশাহৰ বুমেৰাং ফিৰি আহিছিল ফুৰি ‘ পদানত হৈছে প্রৱল পতাপী মৃত্যুৰ হাতত সাহসী সৈনিক। দোভাগ ৰাতি..খোল খাই গৈছে ‘দক্ষিণৰ দুৱাৰ’-অৱধাৰিত মৃত্যুৰ।
‘সিন্ধুৰ সিপাৰে জোনাকী বিন্দু চমকি আছিল চমকে
দহিকতৰাৰ ফানৰ দৰে অস্থিৰ পলক
বালি - ঘড়ী এটাত সময় পিচলিছিল ঘূৰ্ণীয়মান চকাৰ গতি শূন্য চলন .....
মোৰ কোলাত পৰি আছিল অন্তিম যুদ্ধৰ যোদ্ধাজন....’
লোকাতীতৰ ব্যঞ্জনাৰে ইহজগতৰ মায়া এৰি, জীৱনৰ সিপাৰৰ অপাৰ্থিৱৰ সন্ধানত জীৱাত্মাৰ পৰিভ্রমণ ৰঞ্জিত হৈছে উল্লিখিত স্তৱকটোত ৰচিত চিত্রকল্পৰ জৰিয়তে। কবিতাংশত মৃত্যু-উপমেয় আৰু ‘ জোনাকী বিন্দু’ , ‘দহিকতৰাৰ ফান’, ‘বালি ঘড়ী’, ‘ঘূৰ্ণীয়মান চকাৰ গতি শূন্য চলন’-আদি ভিন্ন উপমাৰ জৰিয়তে প্রয়োগ ক’ৰা মালোপমা অলংকাৰৰ প্রয়োগ দ্রষ্টব্য।
‘অক্ষৌহিনী সেনানীয়ে দলি আনিছিল শইছৰ দেশ/চলি আহিছিল বুকুৰ গতিৰোধক গৰকি এখন ঘেৰঘেৰি ৰুলাৰ.../পূৰ্বে সুৰক্ষিত দূৰ্গ নাছিল/ চাউনি পাতি আছিল/চদ্মবেশী ঘাতক’- স্তৱটিত স্মৃতিচাৰণ ক’ৰা হৈছে অলপতে যিজনক হেৰুওৱা হৈছে, মৃত্যুৰ পূৰ্বৰ হয়তো ৰোগাক্রান্ত সময়ৰ, সেই বিশেষজনৰ আসন্ন মৃত্যুৰ সম্ভাৱনাই চাৰখাৰ কৰিছিল ‘শইচৰ দেশ’ ‘অক্ষৌহিনী সেনানীয়ে দলি আনিছিল শইচৰ দেশ’ চিত্রকল্পই ৰচনা কৰিছে মৃত্যুৰ আৱহ – চিৰন্তন! মৃত্যুৰ পদশব্দ ধ্বনিত হৈছেঃ- ‘এখন ঘেৰঘেৰি ৰুলাৰ'ৰ কৰ্ণপটহ বিদীৰ্ণ কৰা শব্দৰ উপমাৰে। অজানিতে আহে মৃত্যু ‘ছদ্মবেশী ঘাটক’ ৰ দৰে। ‘চতুৰঙ্গ যুদ্ধনীতি ‘— ৰ বেহুত অৱশ্যাভাৱী ধৰাশায়ী অভিমন্যু। সুন্দৰ আৰু বুদ্ধিদীপ্ত উপমাৰ সুপ্রয়োগেৰে জীৱনৰ বাজি ৰাখি মৃত্যুৰে অন্তিম ৰণৰ উচ্চশিৰ ৰণুৱাৰ ৰূপত অংকন ক’ৰা হৈছে মৃত্যুমুখী মহানায়কক। প্রকৃততে মৃত্যু বৰিছে যিয়ে বীৰৰ দৰে। আত্মসমৰ্পন নহয়। নহয় নতিস্বীকাৰ। বৰঞ্চ যুদ্ধত অৱতীৰ্ণ হৈছে দুৰ্মদ বীৰৰ দৰে, ঘোষণা কৰিছে অনিন্দ্যসুন্দৰ জীৱনৰে মহানতা। ‘চতুৰঙ্গ যুদ্ধনীতি /খেদি নিছিল/দৌৰিছিল/উচ্চৰ পৰা উচ্চ /শিখৰলৈ/এটোপাল/জিয়া/তেজ...../যুঁজি আছিল তেওঁ ....’ ‘মই , আবতৰৰ বতৰা লৈ বুকুত ফুটাই নিউক্লিয়াৰ বোমা; চাৰখাৰ কৰিছিলো এখন যুদ্ধৰ ইতিহাস .....য'ত আজিও সেউজীয়া নাই l’ কবিতাৰ অন্তিম চৰণত বিষয়ী উভটি আহিছে ‘আবতৰৰ বতৰা’
এখন যুদ্ধৰ অনাকাংক্ষিত পৰাজয়ৰ বতৰা লৈ। যেন বিষ্ফোৰণ হৈছে ‘নিউক্লিয়েৰ বোমা’— জাপানৰ হিৰোছিমা আৰু নাগাছাকি --য় বিশ্বযুদ্ধৰ পটভূমিৰ দ্যোতক হিছাপে আহিছে ‘য'ত আজিও সেউজীয়া নাই ‘---বাক্যাংশই সুদৃঢ়ভাৱে তৰান্বিত কৰিছে সেই অনুষংগ যি এখন আকাশ হেৰুৱাৰ বেদনাৰে মূৰ্ত।
আৰম্ভণিৰ পৰা সামৰণিলৈ প্রতিটো শাৰীৰ শব্দৰ মাধূৰ্য, ভাৱপ্রৱাহৰ উদ্দাম সাৱলীলতাই মৃত্যুৰ দৰে এটি কঠিন আৰু বিষাদঘণ বিষয়ো অনুপম কাব্যিক ব্যঞ্জনাৰে, নান্দনিকতাৰে প্রকাশ কৰাত কবিৰ দক্ষতাই পাঠকৰ মনতো জগাই তুলিছে অনিবৰ্চনীয় সুক্ষ্ম অনুভূতি প্রৱণতা, যি কবি হীৰেণ ভট্টাচাৰ্যৰ ‘মৃত্যুওটো এটা শিল্প’ৰ প্রচ্ছন্ন জীৱনবোধৰে সংপৃক্ত জীৱন জিনাৰ প্রতিশ্রুতিৰে ভাস্বৰ। এটি সুন্দৰ মননশীল কবিতা। দুই এটা বানানৰ বিভ্রান্তি, অলংকাৰৰ অত্যধিক প্রয়োগ তথা ভাৱৰ উপস্থাপনত সচেতনতা তথা সংযমে কবিৰ অধিক সাফল্য সুনিশ্চিত কৰিব।
________________________________________________
হাতত লৈছোঁ কবি জ্যোতিষ কুমাৰ দেৱৰ কবিতাঃ
‘গ্রাম্য সাম্যতা’
দস্যুৰ দৰে জপিয়াই অকাল বর্ষণ
যেন চাওডাঙ প্রেমিকৰ অৱহেলাত লেতুসেতু
আধুনিকা নগৰীৰ প্রকাশ্যে ধর্ষণ
কাঢ়ি নিয়ে চিঙি দিয়ে মিছা প্রতিশ্রুতিৰ ৰিহাখনি
বিশ্বৰ আগত নগ্নিকা নগৰী ভাহে বানত
অন্ধ ধৃতৰাষ্ট্রৰ দৰে জীর্ণ শীর্ণ লঠঙা গছবোৰে
পত্রল চকুৰে সৰাই চকুলোৰ টোপাল এই অপমানত
নগৰপালে বাহৰ পাতে ওখ প্রাসাদ-প্রাকাৰৰ নিৰাপদ আশ্রয়ত
অথর্ব প্রৌঢ়ত্বৰ সান্ত্বনা বিচাৰে বিদেশৰ তুলাচনিৰে
সাধাৰণ নাগৰিক অসহায় পণবন্দী
চহৰ গাঁও একাকাৰ বানপানীৰ গৰাহত
বন্যার্ত দেশত গ্রাম্য সাম্যতা আহে এইদৰেই...’
গোলকীয় উষ্ণতাৰ পৰিবৰ্তন, নগৰকেন্দ্রিক সভ্যতাৰ অৱশ্যম্ভাৱী যান্ত্রিক আগ্রাসনৰ দৌৰাত্ম্যত সমান্তৰালভাবে বাঢ়ি অহা অনিয়ন্ত্রিত নগৰ, চহৰৰ অপৰিকল্পিত জন-বসতিৰ হেতু, এজাক আবতৰীয়া বৰষুণতে ‘দস্যুৰ দৰে জপিয়াই অকাল বর্ষণ’- কৃত্রিম বানপানীৰ কবলত পতিত হোৱা নগৰীৰ ফোঁপোলা আভিজাত্যৰ নগ্ন স্বৰূপ লজ্জাজনক ভাবে উদঙাই দি গাওঁ আৰু নগৰৰ প্রভেদ নাইকীয়া কৰে। ‘অন্ধ ধৃতৰাষ্ট্রৰ দৰে জীর্ণ শীর্ণ লঠঙা গছবোৰে’.. ‘দৰে’ তুলনাবাচক শব্দৰে উপমেয় –মহাভাৰতীয় চৰিত্র ‘অন্ধ ধৃতৰাষ্ট্র’ৰ তুলনা কৰা হৈছে উপমা – ‘জীৰ্ণ শীৰ্ণ লঠঙাগছবোৰৰ সৈতে’। ‘যেন চাওডাঙ প্রেমিকৰ অৱহেলাত লেতুসেতু’ শাৰীটোত উৎপ্রেক্ষাৰ ব্যৱহাৰৰ জৰিয়তে কবিতাৰ ভাবাৰ্থক দৃঢ়তাৰে উত্থাপন ক’ৰা হৈছে।কবিতাটোৰ শিৰোনাম যথাৰ্থ নহয়। শব্দলংকাৰ, উপমা, উৎপ্রক্ষাৰ প্রয়োগ ক্রুটিপূৰ্ণ, উপস্থাপনত দূৰ্বলতা তথা ব্যঞ্জনাৰ অভাৱত কবিতাটোত কাব্যিকতাৰ বিলুপ্তি ঘটিছে। কবিতাটোত কবিৰ ভাৱধাৰা উল্লেখযোগ্য।
________________________________
কবি পৰাগ পিংকুৰ এটি কবিতাঃ
‘নাতি দূৰত জোন'
(বগা কোমোৰা ৰূপ যেন দেখা
জোনাকৰ ৰাতি একোটাত
একে লগে জিলিকিছিল
পিতাই পিঠিৰ ভদীয়া ঘামছি
তেতিয়া পিতায়ে কৈছিল-
জোন নাচাবি হতাশ হ'বি
কোমোৰা ডাঙৰ হ'লে চিঙিবি
এতিয়া ভাঙি যা ঘামছি ।
একো বুজা নাছিলো চোন
এতিয়া নাতি দূৰত জোন)
বগা কোমোৰাবোৰ
জোনৰ দৰে নাছিল
হাততে পায়
পোহৰ নাছিল
জোনলৈ যিমান হেপাহ
চাই থকাৰ যি উলাহ
জোন মোৰ
জোন মোৰ
ওঁহো
জোন মোৰহে
তথাপি ইমান দুৰত ।
নাতি দূৰত জোন৷
আইতাৰ সাধুত পোৱা
হাকুটি যেন ওখ
অলিক বাসনাৰে
জোনলৈ চাওঁ
জোন মোৰ কেতিয়া হ'ব
যেতিয়া হ'ব
কেৰাচিনৰ অভাৱত আন্ধাৰ হোৱা
গোটেই গাওঁখনেই চাগে পোহৰ হ'ব ।
এতিয়া নাতি দূৰত জোন ।
আইৰ জোন যেন মুখ
পিতাইৰ তাতেই সুখ
জোনৰ কথা ক'লে পিতায়ে
আইলৈ চাই
আইয়ে কয়
ৰান্ধিবলৈ একোৱেই নাই
পিতায়ে জোন চায় ।
(এতিয়া নাতি দূৰত জোন)
কীৰণ আইতাৰ বৰ পো জোন
আইতাই চোতাল হেন কপালত
বেলি এটা পুহিছিল
ককা ঢুকাল
বেলি লুকাল
জোনৰ সমান ওখ তামোল এজোপাৰ পৰা পৰি
জোন পোনাও হেৰাল
জোন পৰ হ'ল
আমি ভাবো-
সেই জোনেই এই জোন
জোন ইমান ওখলৈ গ'ল ।
(এতিয়া নাতি দূৰত জোন)
হালোৱা পিতায়ে
মহাজনৰ ঘৰত মাটিত বহে
সমানে বহা মোৰ মনে নসহে
পিতায়ে কয়
আমি তল খাপৰ মানুহ
সৌবোৰ ওখ খাপৰ
প্ৰশ্ন এটা বুকুতে আজিও থাকিল
মহাজন দেউতা জোনতকৈও ওখনে
জোন চোন পানীৰ বাটিতো বহে ।
এদিন নিৰুৱে সুধিলে -
মই জানো ধুনীয়া ?
মুখলৈ চালো
জোন এটা দেখিলো
অধৰ কামুৰি লৰ মৰা তাইৰ
দুগালত দুফাল পকা থেকেৰা ।
বুকুৰ দেশত
ভালপোৱাই গা ধোৱাৰ দিনত
জোন আছিল আতৰত
তথাপি ইমান নতুন
তৰাবোৰ যেন দেউকন সোনকন লগৰীয়া ।
(এতিয়া নাতি দূৰত জোন)
আবতৰত যেতিয়া দুখ এজাক আহে
বগীপেহীয়ে জোনকে গালি পাৰে
নিলগী কৰি তয়ে নিলি মানুহটো
তয়ে নিলি পোণাটো ।
জোনৰ শপত খাই ভালপোৱা লোৱা দিয়া
এজাক সমাজিক সজা
নিৰুৱে শপত পাহৰিলেও
পাহৰা নাই জোনে পোহৰ দিবলৈ
আজি নাতি দূৰত জোন ।
সকলোৱে কান্দিছে
মই গুছি আহিলো
এইয়া হাত মেলিলে পোৱাতে
নাতি দূৰত জোন
কাক দিওঁ
কাক দিওঁ জোনৰ পোহৰ
জীয়া মানুহৰ দেশত
জিলিকে মোৰে চিতাৰ ক'লীয়া ডাৱৰ
আৰু একো নাই
মোৰ বুলি কোনো নাই
আছে মাঠো
নাতি দূৰত জোন।
কবিতাটোত লোক-জীৱন তথা কথিত ভাষাৰ সমন্বয়েৰে অসমীয়া গ্রাম্য-সমাজৰ এখন চিনাকি ছবি নিটোল ৰূপত তুলি ধৰা হৈছে। ‘নাতি দূৰত জোন’— নিশাৰ আকাশৰ জোন আকাশকুসুম হাতেৰে ঢুকি নোপোৱা , অথচ পাবলৈ প্রৱল হেঁপাহ, প্রকৃতিৰ এক অনুষংগ জোনৰ জৰিয়তে ৰূপকাত্মক উপস্থাপন শৈলীৰে কবিয়ে কল্পনা আৰু দিঠকৰ দোদুল্যমান এখনি চিত্রৰ আৱহ ৰচনা কৰিছে।
‘নাতি দূৰত জোন' (বগা কোমোৰা ৰূপ যেন দেখা/জোনাকৰ ৰাতি একোটাত/একে লগে জিলিকিছিল/পিতাই পিঠিৰ ভদীয়া ঘামছি’- প্রকৃতিৰ অনুষংগ-জোন আৰু ৰূপ যেন দেখা বগা কোমোৰা একেলগে সানমিহলি হৈছে মানসপটত।কল্পনাৰ প্রৱাহত অভিঘাত ৰঞ্জিত কৰিছে বাস্তৱৰ অনুষংগ ‘পিতাইৰ পিঠিৰ ভদীয়া গামছি’য়ে ।কল্পনাৰ ৰেহ লগা শৈশৱৰ দিনবোৰ অতিক্রম কৰি কবিয়ে উপলব্ধি কৰিছে- আকাশৰ ৰূপোৱালী জোন আৰু কোমোৰা প্রকৃততে একে নহয়। জোনটো পোৱাৰ হেঁপাহ অপূৰণ চিৰন্তন। চিঙি অনা কোমোৰাটো জোনাকতহে জ্বলমলায়, পোহৰ নিদিয়ে। ‘জোন মোৰ কেতিয়া হ'ব/যেতিয়া হ'ব/কেৰাচিনৰ অভাৱত আন্ধাৰ হোৱা/গোটেই গাওঁখনেই চাগে পোহৰ হ'ব ।‘—ব্যক্তিগত আকাংক্ষা নৈৰ্ব্যক্তিকতাত বিলীন হৈছে কবিৰ, অভাৱৰ আন্ধাৰত ডুব গৈ থকা গাওঁখন পোহৰাবলৈ জোনটো হাকুটিয়াই আনিবৰ অভীস্পাৰে। জীৱনৰ ঘাত প্রতিঘাতেৰে বাস্তৱ অভিজ্ঞতাপুষ্ট চহা পিতাকৰ বাবে হাততে পোৱা সৰগীয় জোন তেওঁৰ পত্নীৰ মুখ..যি তেওঁক কয় ‘ৰান্ধিবলৈ চোন একোৱে নাই। কবিতাটোত ভিন্ন উপমাৰে ব্যৱহাৰ হৈছে জোনৰ অনুষংগ— ‘জোনৰ সমান ওখ তামোল এজোপাৰ পৰা পৰি/জোন পোনাও হেৰাল/জোন পৰ হ'ল’— গাঁৱৰ বাঁৰী দুখুনী কিৰণ আইতাৰ বৰপো জোন-বাস্তৱৰ অথচ অপঘাত মৃত্যুৱে কৰিলে পৰ। ‘মহাজন দেউতা জোনতকৈও ওখনে/জোন চোন পানীৰ বাটিতো বহে ।‘— অতিশয়োক্তিৰ প্রয়োগেৰে গাঁৱৰ শ্রেণীবিভক্ত সমাজখনৰ এক চিত্র সুন্দৰকৈ পৰিষ্ফুত হৈছে। প্রেমৰ পূৰ্বৰাগ অনুৰাগ ব্যঞ্জিত দ্যোতনাৰে জোন আৰু তৰাৰ অনুষংগ ‘ভালপোৱাই গা ধোৱাৰ দিনত/জোন আছিল আতৰত/তথাপি ইমান নতুন/তৰাবোৰ যেন দেউকন সোনকন লগৰীয়া ।‘ ‘সকলোৱে কান্দিছে/মই গুছি আহিলো।’- স্বপ্নভংগৰ ব্যঞ্জনা স্মৃতি কল্পচিত্রৰ জৰিয়তে প্রকট হৈছে। ‘এইয়া হাত মেলিলে পোৱাতে/নাতি দূৰত জোন/কাক দিওঁ/কাক দিওঁ জোনৰ পোহৰ/জীয়া মানুহৰ দেশত/জিলিকে মোৰে চিতাৰ ক'লীয়া ডাৱৰ’- জীৱনৰ ব্যক্তিগত পৰ্যায়ত কবিয়ে লাভ কৰিছে সাফল্য কিন্তু সেই সাফল্যৰ ভাগ তেওঁ বিলাবই বা কাক? যিখন সমাজত তেওঁৰ ঘাইশিপা সেই সমাজৰ লোকসকলৰ সৰু সৰু আশা-নিৰাশাৰ অৱলোকনেৰে, দুখ দুৰ্দশাৰ কাৰুণ্যমিশ্রিত বিষাদবোধৰ অনুৰণনেৰে সামৰণি পৰা কবিতাটোত কবিৰ সুক্ষ্ম অনুভূতি প্রৱণতা হৃদয়স্পৰ্শী। ভাৱ আৰু ভাষাৰ সংহতিত মূৰ্ত হৈছে মানৱতাবোধ আৰু শ্রেণী-চেতনাৰ নান্দনিক প্রকাশ। মাক্সবাদী ধাৰণাৰ কিঞ্চিত প্রভাৱ কিন্তু প্রকৃতিৰ মোহভংগতাৰ অনুষংগৰে এলিয়টীয় নঞৰ্থকতাৰ ছাপ পৰিষ্ফুত। নিৰাশাবাদী কিন্তু নান্দনিকতাৰে সমৃদ্ধ কবিতা। শব্দ আৰু আৱেগৰ সংযত প্রকাশেৰে কবিতাটো আৰু কিছু আটিল হোৱাৰ অৱকাশ আছিল।
_________________________________________________
আখৰুৱাৰ আন এগৰাকী কবি মৈত্রেয়ী পাটৰৰ কবিতাঃ
ৰজ:স্বলা
‘সভ্যতাৰ প্ৰস্তৰ বেৰৰ প্ৰথমচটা শিল মোৰেই শৰীৰত পেলোৱা হৈছিল
তোমাৰ কল্পনাৰ সুন্দৰতম উপমাৰে বিভূষিত এক ভীষণ ৰোমান্টিক আইডিয়া মই
কষ্টকৰ, ক্লান্ত, তেজ-সমস্ত সময়তো কমনীয়,
তোমাৰ কল্পনাৰ দুৰ্লভ একবস্ত্ৰ নাৰী!
হেনো মোক ৰক্ষা কৰাৰ আয়োজনতেই শৈল-কঠিন
পৃথিৱীৰ সমস্ত নিয়ম
মোৰ শৰীৰ ঘেৰি ৰক্ষাকৱচৰ নিৰ্ভুল স্থাপত্য তোমাৰ
মোৰ শৰীৰৰূপী তোমাৰ পুৰুষাৰ্থৰ দুৰ্গ,
মোৰেই ৰক্তাক্ত অস্তিত্বৰ পৰা যিয়ে ৰক্ষা কৰে তোমাৰ পৌৰুষক
ময়েইটো তোমাৰ সমস্ত ভীতিৰ চূড়ান্ত কায়া!
এদিন তোমাৰ উপাসনাৰ মজিয়াত উন্মুক্ত হ’ব
মোৰ শৰীৰৰ ইতিহাস
তোমাৰ পৱিত্ৰটাৰ দেৱাল খহাই আতাহ পাৰি উঠিব
মোৰ অপৱিত্ৰ তেজোদ্ভূত হেজাৰ ৰক্তবীজ
সেইদিনা মোৰ পৰিচয় ক’ম তোমাক
তোমাৰ পৌৰুষৰ দুৰ্গতেই মোৰ জন্ম বাৰম্বাৰ
মই তেজীমলা।
বন্য জীৱন যাপনত অভ্যস্ত আদিম নাৰী আছিল মুকলিমুৰীয়া, স্বাধীনচেতীয়া। কিন্তু মানৱ সভ্যতাৰ পাতনিৰে পৰা শৃংখলিত হয় নাৰীৰ জীৱন, কিন্তু- ‘সভ্যতাৰ প্ৰস্তৰ বেৰৰ প্ৰথমচটা শিল মোৰেই শৰীৰত পেলোৱা হৈছিল’ লুন্ঠিত স্বাধীনতাৰে অৱদমিত বিদ্রোহী এই ‘নাৰী’কন্ঠ সাৰ্বজনীন সত্বাৰ সমস্বৰৰ মূৰ্ত প্রকাশ। ‘তোমাৰ কল্পনাৰ সুন্দৰতম উপমাৰে বিভূষিত এক ভীষণ ৰোমান্টিক আইডিয়া মই/ কষ্টকৰ, ক্লান্ত, তেজ-সমস্ত সময়তো কমনীয়,/তোমাৰ কল্পনাৰ দুৰ্লভ একবস্ত্ৰ নাৰী!’-- শ্লেষাত্মক কথ্য ভাষাৰ জৰিয়তে প্রতীকী প্রকাশ কবিতাটোৰ উপস্থাপন শৈলীৰ বৈশিষ্ট। ‘হেনো মোক ৰক্ষা কৰাৰ আয়োজনতেই শৈল-কঠিন/
পৃথিৱীৰ সমস্ত নিয়ম/ মোৰ শৰীৰ ঘেৰি ৰক্ষাকৱচৰ নিৰ্ভুল স্থাপত্য তোমাৰ/ মোৰ শৰীৰৰূপী তোমাৰ পুৰুষাৰ্থৰ দুৰ্গ’—পৃথিৱীৰ সকলো বাদ বিবাদ, যুদ্ধ বিগ্রহৰ মূলতে জগৰীয়া নাৰী। যি পুৰুষৰ জননীও এগৰাকী নাৰী সেই নাৰী সুৰক্ষিত নহয় পুৰুষপ্রধান সমাজত, পদে পদে লাঞ্চিতা, নিৰ্যাতিতা। যাৰ অবিহনে সৃষ্টি অসম্ভৱ. সেই নাৰীক অবলাৰ অভিধাৰে সুৰক্ষাৰ চলেৰে পদে পদে শৃংখলিত ক’ৰা বিড়ম্বনাৰ প্রতিবাদী কন্ঠৰে সোচ্চাৰ কবি--
‘মোৰেই ৰক্তাক্ত অস্তিত্বৰ পৰা যিয়ে ৰক্ষা কৰে তোমাৰ পৌৰুষক/ময়েইটো তোমাৰ সমস্ত ভীতিৰ চূড়ান্ত কায়া!’ সামাজিক অৱদমনেৰে পিষ্ট জীৱনৰ প্রতিবাদত মুখৰ হ’ব খুজিও ব্যৰ্থতাৰ নিৰুপায় ক্ষোভ আৰু মন গহনৰ আশৈশৱ পালিত বিষাদবোধ এই দুয়োৰে সংমিশ্রিত অনুভৱৰ বৰ্হিপ্রকাশ কবিতাটোত উদ্গিৰীত শ্লেষৰ মাধ্যমেৰে শক্তিশালী শব্দেৰে উপস্থাপন ক’ৰা হৈছে। ‘ তোমাৰ পৱিত্ৰটাৰ দেৱাল খহাই আতাহ পাৰি উঠিব /
মোৰ অপৱিত্ৰ তেজোদ্ভূত হেজাৰ ৰক্তবীজ’—সমাজৰ মুখাপিন্ধা ভদ্রসমাজৰ এচাম লোকৰ ভণ্ডামিৰ ফলস্বৰূপে দিনে দিনে বদ্ধি পাইছে নাৰী নিৰ্যাটন. ধৰ্ষণ আদি অপৰাধমূলক কাৰ্যকলাপ তথা শংকাজনকভাৱে বৃদ্ধি পাইছে ‘ৰক্তবীজ’ৰ প্রতীকস্বৰূপ আসুৰিক প্রবৃত্তিৰ মানসিকতাৰ বিষবাষ্প। ‘সেইদিনা মোৰ পৰিচয় ক’ম তোমাক/ তোমাৰ পৌৰুষৰ দুৰ্গতেই মোৰ জন্ম বাৰম্বাৰ/ মই তেজীমলা।‘—প্রতিজনী কন্যা শিশু বা নাৰীয়েই অতীজৰে পৰা আজিৰ একবিংশ শতিকাৰ আধুনিক সমাজতো উপেক্ষিত, অৱহেলিত, পদদলিত যেন মাহীআইৰ লাঞ্চনা গঞ্জনাৰ বলি ‘তেজীমলা’ৰহে প্রতীক। কবি মৈত্রেয়ী পাটৰৰ কবিতা- 'ৰজঃস্বলা' এটি সফল প্রতিবাদী কবিতা। সাম্প্রতিক কবিতাৰ বৈশিষ্ট্যৰ অন্যতম- ‘বিদ্রোহ’ আৰু ‘ক্ষোভ’ৰ অন্তৰ্লীন সুৰ এই কবিতাৰো ভাষ্য। উপস্থাপন সপ্রতিভ। ‘ৰজঃস্বলা’ নাৰীৰ স্বকীয় সৃষ্টি সম্ভাৱনীয়তাৰ দ্যোতক.. প্রতীকী বোধক অনুষংগৰ প্রয়োগ শিৰোনাম হিচাপে অৰ্থবহ। কবিতাটিৰ সামগ্রীক আবেদন হৃদয়স্পৰ্শী, কিন্তু আৰম্ভণিৰ সাৱলীলতা সামৰণিৰ পৰ্যায়ত কিছু স্তিমিত হোৱা যেন বোধ হয়।
______________________________________________
কবি আলতাফ হুচেইনৰ কবিতা-
=সাম্প্ৰতিক=
আজিকালি প্ৰায়েই ৰৈ যায় চহৰখন
টায়াৰ জ্বলে
প্ৰতিবাদী কণ্ঠত গৰজি উঠে আকাশ,
.
এক্সক্লুছিভত কোনোবা এজনে আঙুলি টোঁৱাই
ডিঙিৰ সিৰ ফুলাই হিংস্ৰ হোৱাৰ সকীয়নি
দিয়ে
ব্ৰেকিং নিউজত নিৰুদ্বেগ কণ্ঠেৰে
পৰিৱেশিত হয় ভস্মীভূত গাড়ীৰ লেটেষ্ট
ফুটেজ
.
চহৰখন ৰৈ গলে অভিজাত মানুহে
শংকাৰ শিকলিৰে বান্ধি থয়
চহৰমুখী প্ৰতিটো খোজ
.
বাতানুকূল কোঠাত খৰচ কৰে সময়,
ঘনে ঘনে বাজি উঠে চাইৰেণ
কোনে জানে ক'ত কি হয়
চহৰখন বাৰু কিয় বাৰে বাৰে ৰৈ যায়
ৰ'দে পোৰা মানুহজনে সঠিক উত্তৰ টো
আজিও বিচাৰি নাপায়
বন্ধ চহৰেদি বিমুখ হৈ মানুহজন যেতিয়া ঘূৰি
আহে
ভোকৰ চিনাকি ৰাতিটো তেওঁৰ ছাঁ ৰ স'তে
ঢপলিয়াই
.
আজিকালি প্ৰায়েই ৰৈ যায় চহৰখন
টায়াৰ জ্বলে......................... ।‘
‘সাম্প্রতিক’- বৰ্তমান অসমৰ জন-জীৱনক বিপৰ্যস্ত ক’ৰা দুঃসময়ৰ এক দলিলস্বৰূপ কবিতা। ‘আজিকালি প্ৰায়েই ৰৈ যায় চহৰখন/ টায়াৰ জ্বলে/প্ৰতিবাদী কণ্ঠত গৰজি উঠে আকাশ ‘ – যিকোনো সময়তে বিভিন্ন কাৰণবশতঃ গঢ়ি তোলা গণবিক্ষোভ, প্রতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ হয়- বন্ধ ঘোষণাৰে। অথচ সেই বন্ধই প্রকৃততে ক্ষতিগ্রস্ত কৰে সাধাৰণ খাটি খোৱা জনতাৰ। ৰুদ্ধ কৰে আৰ্থিক উন্নয়ন প্রকাৰান্তৰে দেশৰ সামগ্রিক প্রগতি। অথচ চকুত আঙুলি দি কোনে কয় যে- এয়া ভুল? যিসকল গণতন্ত্রৰ চতুৰ্থ স্তম্ভ হিছাপে পৰিগণিত, সেই ‘সংবাদপত্র‘ৰ পৰিপূৰক বৈদ্যুতিন সংবাদ সেৱাৰে জড়িত- তেওঁলোকৰ বাবেও এইবোৰ কোনো চিন্তা বা উদ্বেগৰ বিষয় নহয়। বৰঞ্চ ‘এক্সক্লুছিভত ব্ৰেকিং নিউজ’ৰ ‘ফুটেজ’ মাঁথো। ‘ চহৰখন ৰৈ গলে অভিজাত মানুহে/ শংকাৰ শিকলিৰে বান্ধি থয়/ চহৰমুখী প্ৰতিটো খোজ/বাতানুকূল কোঠাত খৰচ কৰে সময়।‘ স্তৱকটোত প্রকাশিত শ্রেণী চেতনা অধিক তৰান্বিত কৰিছে ‘ৰ'দে পোৰা মানুহজনে‘ যি কোনো নিৰ্দিষ্ট এজন সাধাৰণ শ্রমিক নহয়. তেওঁ সৰ্বসাধাৰণ খাটিখোৱা শ্রমজীৱী জনতাৰে ‘প্রতীক’। ‘বন্ধ চহৰেদি বিমুখ হৈ মানুহজন যেতিয়া ঘূৰি/
আহে/ ভোকৰ চিনাকি ৰাতিটো তেওঁৰ ছাঁ ৰ স'তে/ ঢপলিয়াই ‘—দৰ্পণ চিত্রকল্পৰ ৰচনাৰে ‘ভোকৰ চিনাকি ৰাতিটো ‘— শ্রমিকজনৰ বাবে গতানুগতিক; যি লীন গৈছে ভৱিষ্যতৰ নিৰাশাৰ দোদুল্যমান প্রচ্ছায়াত –‘ তেওঁৰ ছাঁ ‘ৰ অনুষংগৰে। অনাড়ম্বৰ কথিত ভাষাৰ জৰিয়তে কবিতাৰ বক্তব্যৰ প্রকাশ, উপস্থাপন যথাযথ। ______________________________
কবি হাৰুণ অল ৰছিদৰ ‘কবিতা কাননৰ কথাবাৰ্তা’ শীৰ্ষক কবিতালানিৰ অন্তৰ্গত এটি কবিতা
‘অভীপ্সা'
*********
এলেহুৱা শব্দবোৰ
বাগৰি আছিল
ইহাত সিহাত
তুমি আহিলা বুলি
আলফুল হাতেৰে
বুটলি আনিলো
অকাস্মাৎ
শব্দবোৰ মোৰ
টোকোৰাৰ এঠোট তৃণ
এপদ দুপদ প্ৰতিনিয়ত
সজায় কবিতাৰ আলয়
বজাই জীৱনৰ বীণ
এদিন দুদিন অনুদিন
সপোন ভগাৰ নাই সপোন
কায়িক অথবা মানসিক
নিৰবিছিন্ন শ্ৰম মাথোন
টোকোৰাৰ নীড়ত বিজড়িত
যুযুধান পৰাণ
কবিতাৰ ঘৰতেই
সমাহিত
সময়ৰ প্ৰতীকি নিচান
কবিতা হওঁক মোৰ
অভীষ্ট অভিজ্ঞান।।‘
‘অভীপ্সা'- কোমল ভাৱৰ মন চুই যোৱা এটি কবিতা।
‘এলেহুৱা শব্দবোৰ/বাগৰি আছিল/ ইহাত সিহাত’-শব্দ কবিৰ প্রিয় কিন্তু শব্দৰে মিতিৰালি কদাচিতহে হয়।‘তুমি আহিলা বুলি/আলফুল হাতেৰে/বুটলি আনিলো/অকাস্মাৎ’—‘তুমি’ ইয়াত কোনো নিৰ্দিষ্টজন নহয়। নৈৰ্বক্তিক ‘তুমি’ কবিতাৰ সমূহ পাঠক। ‘ শব্দবোৰ মোৰ/টোকোৰাৰ এঠোট তৃণ/এপদ দুপদ প্ৰতিনিয়ত/সজায় কবিতাৰ আলয়’—টোকোৰা চৰাইয়ে কনমাণি ঠোঁটেৰে কঢ়িয়াই অনা এঠোঁট তৃনৰ সৈতে দিয়া হৈছে শব্দৰ উপমা। যিদৰে টোকোৰা চৰাইয়ে অত্যন্ত কায়িক মানসিক শ্রমেৰে সাজি উলিয়াই সপোনৰ নীড়, কাহানিও নাভাবে ধুমুহা বৰষুণে কঢ়িয়াই অনা স্বপ্নভংগৰ কথা, ঠিক তেনেদৰেই কবিৰ বাবে কবিতাৰ চৰ্চাহে মূখ্য। ‘টোকোৰাৰ নীড়ত বিজড়িত/যুযুধান পৰাণ’-টোকোৰাৰ নীড়ৰ অনুষংগৰে জীৱন যুঁজৰ অবিশ্রান্ত ৰণুৱা-যুযুধান পৰাণ। কবিতাৰ প্রতি উৎসৰ্গিত কবিপ্রাণ। কবিতা-‘অভীষ্ট অভিজ্ঞান।।‘ কবিতাটোৰ মূল সুৰ ধ্বনিত হৈছে প্রত্যয় সমৃদ্ধ আত্মোৎকৰ্ষৰ অনুষংগৰে। কিছুক্ষেত্রত কাব্যিক ব্যঞ্জনাৰ অভাৱ অনুভূত হয়। ভাৱ আশাপ্রদ।
আমাৰ এই আলোচনাত সামৰা প্রায়কেইটা কবিতাই উচ্চ প্রমূল্যবোধসম্পন্ন। আখৰুৱাৰ সমূহ কবি উজ্বলি উঠক কৃচ্ছসাধনেৰে। প্রজ্ঞাৰ চৰ্চাৰে। আন্তৰিক শুভকামনাৰে পুনৰীক্ষণ (২৮)-ৰ অন্তৰ্গত দ্বিতীয় খণ্ডটি সামৰিছোঁ। ধন্যবাদ_________ অনিতা গগৈ।। ২৫।১০।১৫।। (আগলৈ)
______________________________________________________
টোকাঃ 'পুনৰীক্ষণ' শিতানত সন্নিৱিষ্ট কবিতাসমূহৰ বানান আদি পৰ্যবেক্ষকৰ দ্বাৰা শুধৰণি কৰা নহয়। সিবোৰ শুধৰোৱাৰ দায়িত্ব কবিসকলৰ ওপৰত ন্যস্ত থাকিব। পৰ্যালোচনাৰ ক্ষেত্ৰত থকা যিকোনো বানানৰ ভুল মাননীয় পাঠকসকলে দেখুৱাই দিলে, সিবোৰৰ শুধৰণি পৰ্যবেক্ষক বা ব্যৱস্থাপকে কৰিব। সেয়ে বানানৰ ভুল সমূহ উনুকিয়াই দিবলৈ মাননীয় পাঠকসকললৈ বিনম্ৰভাৱে অনুৰোধ কৰা হ'ল।
ধন্যবাদ।
মনোহৰ দত্ত
ব্যৱস্থাপক, 'পুনৰীক্ষণ' শিতান।
No comments:
Post a Comment